Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore roɓo   Aaya.:
وَاِمَّا تُعْرِضَنَّ عَنْهُمُ ابْتِغَآءَ رَحْمَةٍ مِّنْ رَّبِّكَ تَرْجُوْهَا فَقُلْ لَّهُمْ قَوْلًا مَّیْسُوْرًا ۟
যদি তুমি তেওঁলোকক একো দিব নোৱাৰা, কাৰণ দিব পৰা তোমাৰ ওচৰত যদি একো নাথাকে, আৰু তুমি অপেক্ষাত আছা যে, আল্লাহে তোমাৰ বাবে জীৱিকাৰ কোনো পথ মুকলাই দিব, সেই পৰিস্থিতিতো তুমি তেওঁলোকৰ সৈতে বিনম্ৰভাৱে কথা ক'বা। উদাহৰণস্বৰূপে তেওঁলোকৰ বাবে জীৱিকাৰ প্ৰশস্ততাৰ দুআ কৰা অথবা আল্লাহৰ ফালৰ পৰা জীৱিকাৰ কোনো উপায় পোৱাৰ পিছত প্ৰদান কৰিবা বুলি প্ৰতিশ্ৰুতি দিয়া।
Tafsiraaɗe Aarabu ɗen:
وَلَا تَجْعَلْ یَدَكَ مَغْلُوْلَةً اِلٰی عُنُقِكَ وَلَا تَبْسُطْهَا كُلَّ الْبَسْطِ فَتَقْعُدَ مَلُوْمًا مَّحْسُوْرًا ۟
তোমালোকে ব্যয় কৰাত কৃপণালী নকৰিবা, আৰু অপব্যয়ও নকৰিবা। যদি তুমি কৃপণালী কৰা তেন্তে মানুহে তোমাক কৃপণ বুলি ভৰ্ৎসনা কৰিব, আৰু যদি অপব্যয় কৰা তেন্তে এটা সময়ত তোমাৰ ওচৰত একো নাথাকিব ব্যয় কৰিবলৈ।
Tafsiraaɗe Aarabu ɗen:
اِنَّ رَبَّكَ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ— اِنَّهٗ كَانَ بِعِبَادِهٖ خَبِیْرًا بَصِیْرًا ۟۠
নিশ্চয় আপোনাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে জীৱিকাৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে যাক ইচ্ছা কৰে তেওঁৰ সঠিক হিকমত অনুযায়ী সংকীৰ্ণতা প্ৰদান কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ তথা সৰ্বদ্ৰষ্টা। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। সেয়ে, সিহঁতৰ বিষয়ে যেনেকৈ ইচ্ছা কৰে সেইদৰে সিদ্ধান্ত লয়।
Tafsiraaɗe Aarabu ɗen:
وَلَا تَقْتُلُوْۤا اَوْلَادَكُمْ خَشْیَةَ اِمْلَاقٍ ؕ— نَحْنُ نَرْزُقُهُمْ وَاِیَّاكُمْ ؕ— اِنَّ قَتْلَهُمْ كَانَ خِطْاً كَبِیْرًا ۟
তোমালোকে নিজৰ সন্তান-সন্ততিক এই ভয়ত হত্যা নকৰিবা যে, সিহঁতৰ প্ৰতি ব্যয় কৰিলে তোমালোকে দৰিদ্ৰ হৈ পৰিবা। এনেকুৱা ধাৰণা একেবাৰে ভুল। সিহঁতক জীৱিকা দিয়াৰ দায়িত্ব হৈছে আমাৰ আৰু তোমালোককো আমিয়েই জীৱিকা দিওঁ। নিশ্চয় সিহঁতক হত্যা কৰাটো হৈছে মহাপাপ। কিয়নো সিহঁত অপৰাধীও নহয় আৰু এনেকুৱা কোনো অপৰাধও কৰা নাই, যাৰ ফলত সিহঁতক হত্যা কৰা উচিত হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَلَا تَقْرَبُوا الزِّنٰۤی اِنَّهٗ كَانَ فَاحِشَةً ؕ— وَسَآءَ سَبِیْلًا ۟
আৰু ব্যভিচাৰৰ পৰা দূৰত থাকিবা, লগতে সেইবোৰ মাধ্যমৰ পৰাও আঁতৰি থাকিবা যিবোৰে ব্যভিচাৰৰ কাষ চপায়। নিশ্চয় এইটো চৰম পৰ্যায়ৰ অশ্লীলতা, তথা নিকৃষ্ট পথ, যিটোৱে মানুহৰ বংশ বিনষ্ট কৰে আৰু আল্লাহৰ শাস্তিৰ সন্মুখীন কৰে।
Tafsiraaɗe Aarabu ɗen:
وَلَا تَقْتُلُوا النَّفْسَ الَّتِیْ حَرَّمَ اللّٰهُ اِلَّا بِالْحَقِّ ؕ— وَمَنْ قُتِلَ مَظْلُوْمًا فَقَدْ جَعَلْنَا لِوَلِیِّهٖ سُلْطٰنًا فَلَا یُسْرِفْ فِّی الْقَتْلِ ؕ— اِنَّهٗ كَانَ مَنْصُوْرًا ۟
তোমালোকে সেই প্ৰাণীকো হত্যা নকৰিবা যাক আল্লাহে ঈমান অথবা নিৰাপত্তজনিত কাৰণত সুৰক্ষা প্ৰদান কৰিছে। আনহাতে মুৰতাদ, অথবা বিবাহিত ব্যভিচাৰ-ব্যভিচাৰিণী নাইবা কিচাচৰ ফলত হত্যাৰ বিষয়টো সুকীয়া। কিন্তু অন্যায়ভাৱে হত্যাকৃত ব্যক্তিৰ উত্তৰাধিকাৰীক আমি প্ৰতিশোধ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছো। তেওঁলোকে হত্যাকাৰীৰ মৃত্যদণ্ড দাবী কৰিব পাৰে, নাইবা ৰক্তপণ নোলোৱাকৈ ক্ষমা কৰি দিব পাৰে অথবা ৰক্তপণ গ্ৰহণ কৰিও ক্ষমা কৰিব পাৰে। কিন্তু প্ৰতিশোধৰ বাবে আল্লাহে যি নিয়ম বান্ধি দিছে সেই ক্ষেত্ৰত কোনেও যাতে সীমালঙ্ঘন নকৰে। উদাহৰণস্বৰূপে, হত্যাকাৰীৰ অংগ প্ৰত্যংগ কাটি পেলোৱা, অথবা হত্যাকাৰীয়ে যি অস্ত্ৰৰে হত্যা কৰিছে সেইটোৰ বাহিৰে বেলেগ অস্ত্ৰৰে হত্যা কৰা, নাইবা হত্যাকাৰীৰ বাহিৰে বেলেগক হত্যা কৰা ইত্যাদি। নিশ্চয় তেওঁ আল্লাহৰ সহায়-সহযোগিতা পোৱাৰ যোগ্য।
Tafsiraaɗe Aarabu ɗen:
وَلَا تَقْرَبُوْا مَالَ الْیَتِیْمِ اِلَّا بِالَّتِیْ هِیَ اَحْسَنُ حَتّٰی یَبْلُغَ اَشُدَّهٗ ۪— وَاَوْفُوْا بِالْعَهْدِ ۚ— اِنَّ الْعَهْدَ كَانَ مَسْـُٔوْلًا ۟
এতীম বা মাউৰা ল’ৰা ছোৱালী প্ৰাপ্তবয়স্কত উপনীত নোহোৱালৈকে সিহঁতৰ ধন-সম্পদ সুৰক্ষিত ৰখাৰ উদ্দেশ্যে আৰু বৃদ্ধি কৰাৰ বাহিৰে বেলেগ কামত ব্যৱহাৰ নকৰিবা। আল্লাহ আৰু তোমালোকৰ মাজৰ অঙ্গীকাৰ তথা তোমালোকৰ আৰু বান্দাসকলৰ মাজৰ প্ৰতিশ্ৰুতি পৰিপূৰ্ণৰূপে পূৰণ কৰিবা। নিশ্চয় আল্লাহে কিয়ামতৰ দিনা প্ৰতিশ্ৰুতি দিয়া ব্যক্তিক প্ৰশ্ন কৰিব যে, সি প্ৰতিশ্ৰুতি পালন কৰিছেনে নাই। যদি প্ৰতিশ্ৰুতি পালন কৰি থাকে তেন্তে ছোৱাব পাব আৰু যদি পালন কৰা নাই তেন্তে শাস্তিৰ সন্মুখীন হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَاَوْفُوا الْكَیْلَ اِذَا كِلْتُمْ وَزِنُوْا بِالْقِسْطَاسِ الْمُسْتَقِیْمِ ؕ— ذٰلِكَ خَیْرٌ وَّاَحْسَنُ تَاْوِیْلًا ۟
আনক ওজন কৰি দিওঁতে পৰিপূৰ্ণৰূপে ওজন কৰি দিবা, অলপো কমাই নিদিবা। এনেকুৱা তুলাচনীৰে ওজন কৰিবা যিটোত হ্ৰাস হোৱাৰ সম্ভাৱনা নাথাকে। এনেকৈ পৰিপূৰ্ণ ওজন কৰাটো তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতত কল্যাণকৰ, ইপিনে পৰিণামৰ দৃষ্টিতো ওজনত কম দিয়াতকৈ উত্তম।
Tafsiraaɗe Aarabu ɗen:
وَلَا تَقْفُ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ ؕ— اِنَّ السَّمْعَ وَالْبَصَرَ وَالْفُؤَادَ كُلُّ اُولٰٓىِٕكَ كَانَ عَنْهُ مَسْـُٔوْلًا ۟
হে আদম সন্তান! যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেইটোৰ অনুসৰণ নকৰিবা। অন্যথা তোমালোক অনুমান তথা আন্দাজৰ অনুসাৰী হৈ যাবা। নিশ্চয় মানুহক সিহঁতৰ চকু, কাণ আৰু অন্তৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সেইবোৰক ভাল কামত ব্যৱহাৰ কৰিছে নে বেয়া কামত। যদি ভাল কামত ব্যৱহাৰ কৰিছে তেন্তে ছোৱাব পাব, আনহাতে যদি বেয়া কামত ব্যৱহাৰ কৰিছে তেন্তে শাস্তি ভোগ কৰিব।
Tafsiraaɗe Aarabu ɗen:
وَلَا تَمْشِ فِی الْاَرْضِ مَرَحًا ۚ— اِنَّكَ لَنْ تَخْرِقَ الْاَرْضَ وَلَنْ تَبْلُغَ الْجِبَالَ طُوْلًا ۟
পৃথিৱীত অহংকাৰ আৰু স্বৈৰাচাৰী হৈ চলা ফুৰা নকৰিবা। নিশ্চয় এনেকুৱা গৌৰৱ অহংকাৰ কৰি তোমালোকে ভৰিৰে পৃথিৱীক বিদীৰ্ণ কৰিব নোৱাৰিবা, আৰু তোমালোকৰ উচ্চতাও পৰ্বত সমান হ'ব নোৱাৰে। তেন্তে অহংকাৰ কিহৰ?
Tafsiraaɗe Aarabu ɗen:
كُلُّ ذٰلِكَ كَانَ سَیِّئُهٗ عِنْدَ رَبِّكَ مَكْرُوْهًا ۟
হে মানৱ! উপৰোক্ত বৰ্ণিত সকলো বেয়া কৰ্ম তোমাৰ প্ৰতিপালকৰ ওচৰত নিষিদ্ধ। এইবোৰ কৰ্ম কৰা ব্যক্তিৰ প্ৰতি আল্লাহ সন্তুষ্ট নহয়, বৰং ক্ৰোধান্বিত হয়।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• الأدب الرفيع هو رد ذوي القربى بلطف، ووعدهم وعدًا جميلًا بالصلة عند اليسر، والاعتذار إليهم بما هو مقبول.
উত্তম শিষ্টাচাৰৰ পৰিচয় হৈছে এই যে, আত্মীয়ক কিবা দিব নোৱাৰিলেও ভাল ব্যৱহাৰ কৰা উচিত। উত্তমভাৱে স্বচ্ছল অৱস্থাত প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া উচিত, যাতে বেয়া নাপায় সেই অনুপাতে কথা কোৱা উচিত।

• الله أرحم بالأولاد من والديهم؛ فنهى الوالدين أن يقتلوا أولادهم خوفًا من الفقر والإملاق وتكفل برزق الجميع.
আল্লাহ তাআলা পিতৃ-মাতৃতকৈও অধিক দয়ালু, সেইকাৰণেই তেওঁ সিহঁতক নিৰ্ধনতা তথা দৰিদ্ৰতাৰ ভয়ত নিজৰ সন্তানক হত্যা কৰিবলৈ নিষেধ কৰিছে। আৰু সকলোৰে জীৱিকাৰ দায়িত্ব তেওঁৰ অধীনত লৈছে।

• في الآيات دليل على أن الحق في القتل للولي، فلا يُقْتَص إلا بإذنه، وإن عفا سقط القصاص.
উক্ত আয়াতবোৰত প্ৰমাণ পোৱা গ'ল যে, কিচাচ লোৱাৰ অধিকাৰ হৈছে নিহত ব্যক্তিৰ অভিভাৱকৰ। এতেকে তেওঁৰ অনুমতি নোহোৱাকৈ কিচাচ লোৱা নহ'ব, তথা তেওঁ ক্ষমা কৰি দিলে কিচাচ ক্ষমা হৈ যাব।

• من لطف الله ورحمته باليتيم أن أمر أولياءه بحفظه وحفظ ماله وإصلاحه وتنميته حتى يبلغ أشده.
অনাথৰ প্ৰতি আল্লাহৰ অশেষ দয়া আৰু কৃপা এই যে, তেওঁ অনাথৰ অভিভাৱকক তাৰ সুৰক্ষা আৰু তাৰ সম্পদৰ সুৰক্ষা, চোৱাচিতা আৰু সম্পদ বৃদ্ধি কৰাৰ আদেশ দিছে, যেতিয়ালৈকে অনাথ শিশু প্ৰাপ্তবয়স্ক তথা বুজিব পৰা অৱস্থাত উপনীত নহয়।

 
Firo maanaaji Simoore.: Simoore roɓo
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu