Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore roɓo   Aaya.:
مَنْ كَانَ یُرِیْدُ الْعَاجِلَةَ عَجَّلْنَا لَهٗ فِیْهَا مَا نَشَآءُ لِمَنْ نُّرِیْدُ ثُمَّ جَعَلْنَا لَهٗ جَهَنَّمَ ۚ— یَصْلٰىهَا مَذْمُوْمًا مَّدْحُوْرًا ۟
যিয়ে নেক কৰ্মৰ বিনিময়ত পাৰ্থিৱ জীৱন বিচাৰে, আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে তথা ইয়াৰ প্ৰতি ভ্ৰুক্ষেপো নকৰে, তাক আমি আমাৰ ইচ্ছামতে সুখ পৃথিৱীতেই প্ৰদান কৰোঁ, সি বিচৰাটো নহয়। আমি তাৰ বাবে জাহান্নাম প্ৰস্তুত কৰি ৰাখিছোঁ, কিয়ামতৰ দিনা সি তাত প্ৰৱেশ কৰিব আৰু প্ৰচণ্ড গৰম উপভোগ কৰিব। আখিৰাতক অস্বীকাৰ কৰি পাৰ্থিৱ জীৱনক অগ্ৰাধিকাৰ দিয়াৰ ফলত এই দণ্ড প্ৰদান কৰা হ'ব, লগতে আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَمَنْ اَرَادَ الْاٰخِرَةَ وَسَعٰی لَهَا سَعْیَهَا وَهُوَ مُؤْمِنٌ فَاُولٰٓىِٕكَ كَانَ سَعْیُهُمْ مَّشْكُوْرًا ۟
আনহাতে যিয়ে নেক কৰ্মৰ বিনিময়ত আখিৰাত কামনা কৰে, তথা ইয়াৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰে, কিন্তু লোক দেখুৱাবলৈ বা নাম যশস্যা অৰ্জনৰ বাবে নহয়। লগতে সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ কৰে যিবোৰৰ প্ৰতি ঈমান পোষণ কৰা আল্লাহে অনিবাৰ্য কৰিছে। এনেকুৱা লোকৰ প্ৰচেষ্টাই আল্লাহৰ ওচৰত গৃহীত হব। আৰু তেওঁলোকক ইয়াৰ প্ৰতিদান দিব।
Tafsiraaɗe Aarabu ɗen:
كُلًّا نُّمِدُّ هٰۤؤُلَآءِ وَهٰۤؤُلَآءِ مِنْ عَطَآءِ رَبِّكَ ؕ— وَمَا كَانَ عَطَآءُ رَبِّكَ مَحْظُوْرًا ۟
হে ৰাছুল, পাপিষ্ঠ আৰু পূণ্যৱান উভয় দলকে আমি আপোনাৰ প্ৰতিপালকৰ ভঁৰালৰ পৰা নিৰবিচ্ছিন্নভাৱে দান কৰি থাকোঁ। পাৰ্থিৱ জীৱনত আপোনাৰ প্ৰতিপালকৰ ভঁৰালৰ পৰা কোনেও বঞ্চিত নহয়, পূণ্যৱানেই হওঁক অথবা পাপিষ্ঠ।
Tafsiraaɗe Aarabu ɗen:
اُنْظُرْ كَیْفَ فَضَّلْنَا بَعْضَهُمْ عَلٰی بَعْضٍ ؕ— وَلَلْاٰخِرَةُ اَكْبَرُ دَرَجٰتٍ وَّاَكْبَرُ تَفْضِیْلًا ۟
হে ৰাছুল! আপুনি চিন্তা কৰি চাওঁক, কিদৰে আমি সিহঁতৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত ধন-সম্পদ আৰু পদমৰ্যাদাত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো। পাৰ্থিৱ জীৱনৰ তুলনাত আখিৰাতৰ নিয়ামতৰ মৰ্যাদা তথা শ্ৰেষ্ঠত্বৰ মাজত থাকিব অধিক তফাৎ। গতিকে মুমিনসকলে সেইটো পোৱাৰ কামনা কৰা উচিত।
Tafsiraaɗe Aarabu ɗen:
لَا تَجْعَلْ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتَقْعُدَ مَذْمُوْمًا مَّخْذُوْلًا ۟۠
হে মোৰ বান্দা! তুমি আল্লাহৰ লগত আনক অংশীদাৰ কৰি তাৰ উপাসনা নকৰিবা। এনে কৰিলে তুমি আল্লাহৰ ওচৰত লাঞ্ছিত হবা। আৰু তেওঁৰ নেক বান্দাসকলৰ ওচৰত অপ্ৰশংসনীয় হৈ পৰিবা, আৰু তোমাৰ কোনো সহায়ক নাথাকিব।
Tafsiraaɗe Aarabu ɗen:
وَقَضٰی رَبُّكَ اَلَّا تَعْبُدُوْۤا اِلَّاۤ اِیَّاهُ وَبِالْوَالِدَیْنِ اِحْسَانًا ؕ— اِمَّا یَبْلُغَنَّ عِنْدَكَ الْكِبَرَ اَحَدُهُمَاۤ اَوْ كِلٰهُمَا فَلَا تَقُلْ لَّهُمَاۤ اُفٍّ وَّلَا تَنْهَرْهُمَا وَقُلْ لَّهُمَا قَوْلًا كَرِیْمًا ۟
হে মোৰ বান্দাসকল! তোমালোকৰ প্ৰতিপালকে আদেশ দিছে তথা অনিবাৰ্য কৰিছে যে, তেওঁৰ বাহিৰে যাতে আন কাৰো ইবাদত কৰা নহয়। লগতে পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ আদেশ দিছে, বিশেষকৈ বৃদ্ধ বয়সত। যদি পিতৃ-মাতৃৰ কোনোবা এজন অথবা দুয়োজনেই বৃদ্ধ বয়সত উপনীত হয় তেন্তে তেওঁলোকৰ লগত ধেৎ শব্দও ব্যৱহাৰ নকৰিবা। তেওঁলোকৰ ওপৰত খং নেদেখুৱাবা আৰু অন্তৰত আঘাত কৰা শব্দ ব্যৱহাৰ নকৰিবা। বৰং তেওঁলোকৰ সৈতে আদব সহকাৰে কোমল কথা ক'বা।
Tafsiraaɗe Aarabu ɗen:
وَاخْفِضْ لَهُمَا جَنَاحَ الذُّلِّ مِنَ الرَّحْمَةِ وَقُلْ رَّبِّ ارْحَمْهُمَا كَمَا رَبَّیٰنِیْ صَغِیْرًا ۟ؕ
তেওঁলোকৰ লগত দয়া আৰু বিনম্ৰতাৰ সৈতে ব্যৱহাৰ কৰিবা, আৰু প্ৰাৰ্থনা কৰিবাঃ হে মোৰ প্ৰতিপালক! তুমি এওঁলোকৰ প্ৰতি দয়া কৰা, কিয়নো এওঁলোকে মোক শিশু অৱস্থাত লালন-পালন কৰিছে।
Tafsiraaɗe Aarabu ɗen:
رَبُّكُمْ اَعْلَمُ بِمَا فِیْ نُفُوْسِكُمْ ؕ— اِنْ تَكُوْنُوْا صٰلِحِیْنَ فَاِنَّهٗ كَانَ لِلْاَوَّابِیْنَ غَفُوْرًا ۟
হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে তোমালোকৰ অন্তৰত থকা ইবাদতৰ প্ৰতি, নেক কৰ্ম আৰু পিতৃ-মাতৃৰ প্ৰতি যি নিষ্ঠা আছে। ইবাদত আৰু পিতৃ-মাতৃৰ সৈতে কৰা ব্যৱহাৰত যদি তোমালোকৰ নিয়্যত নেক থাকে তেন্তে আল্লাহে সেইসকল লোকক ক্ষমা কৰিব, যিসকলে তাওবা কৰে। এতেকে যিয়ে আল্লাহৰ ইবাদত আৰু পিতৃ-মাতৃৰ সেৱাৰ ক্ষেত্ৰত বিগত দোষ-ত্ৰুটিৰ পৰা তাওবা কৰিব, আল্লাহে তাক ক্ষমা কৰিব দিব।
Tafsiraaɗe Aarabu ɗen:
وَاٰتِ ذَا الْقُرْبٰی حَقَّهٗ وَالْمِسْكِیْنَ وَابْنَ السَّبِیْلِ وَلَا تُبَذِّرْ تَبْذِیْرًا ۟
হে ঈমান্দাৰসকল! তোমালোকে আত্মীয়সকলৰ হক আদায় কৰিবা। লগতে দুখীয়া-দৰিদ্ৰ আৰু ভ্ৰমণ অৱস্থাত থকা বিপাঙত পৰা ব্যক্তিক সহায় কৰিবা। নিজৰ সম্পদক গুনাহৰ কৰ্মত ব্যয় নকৰিবা তথা অপব্যয় নকৰিবা।
Tafsiraaɗe Aarabu ɗen:
اِنَّ الْمُبَذِّرِیْنَ كَانُوْۤا اِخْوَانَ الشَّیٰطِیْنِ ؕ— وَكَانَ الشَّیْطٰنُ لِرَبِّهٖ كَفُوْرًا ۟
নিজৰ সম্পদ গুনাহৰ কামত ব্যয় কৰা ব্যক্তি তথা অপব্যয় কৰা ব্যক্তি প্ৰকৃততে চয়তানৰ ভাই। কিয়নো চয়তানে সিহঁতক যি আদেশ দিয়ে সেইটোৱে সিহঁতে অনুসৰণ কৰে। নিশ্চয় চয়তান নিজ প্ৰতিপালকৰ অকৃতজ্ঞ। সি কেৱল গুনাহৰেই কাম কৰে আৰু সেইটোৰেই আদেশ দিয়ে যিটোত তাৰ প্ৰতিপালক অসন্তুষ্ট হয়।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• ينبغي للإنسان أن يفعل ما يقدر عليه من الخير وينوي فعل ما لم يقدر عليه؛ ليُثاب على ذلك.
মানুহে সক্ষম অনুযায়ী সৎকৰ্ম কৰা উচিত, আৰু যিবোৰ নেক কৰ্ম কৰিবলৈ সক্ষম নহয় সেইবোৰ কৰিবলৈ মনতে আশা পুহি ৰখা উচিত, যাতে ইয়াৰ ছোৱাব পোৱা যায়।

• أن النعم في الدنيا لا ينبغي أن يُسْتَدل بها على رضا الله تعالى؛ لأنها قد تحصل لغير المؤمن، وتكون عاقبته المصير إلى عذاب الله.
পৃথিৱীত লাভ কৰা নিয়ামতবোৰ এই কথাৰ প্ৰমাণ নহয় যে, আল্লাহে সেই ব্যক্তিৰ প্ৰতি সন্তুষ্ট। কিয়নো পাৰ্থিৱ জীৱনৰ এই ধন-সম্পদ অমুছলিমেও লাভ কৰে, অৱশেষত তাৰ পৰিণাম হয় আল্লাহৰ শাস্তি।

• الإحسان إلى الوالدين فرض لازم واجب، وقد قرن الله شكرهما بشكره لعظيم فضلهما.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰা ফৰজ তথা অপৰিহাৰ্য। তেওঁলোকৰ মহা মৰ্যাদা বুজাবলৈ আল্লাহে নিজৰ কৃতজ্ঞতাৰ সৈতে তেওঁলোকৰ কৃতজ্ঞতাৰ কথা সংযুক্ত কৰিছে।

• يحرّم الإسلام التبذير، والتبذير إنفاق المال في غير حقه.
অপব্যয় কৰাক ইছলামে হাৰাম কৰিছে। অপব্যয় হৈছে অনুপযুক্ত ঠাইত ধন ব্যয় কৰা।

 
Firo maanaaji Simoore.: Simoore roɓo
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu