Check out the new design

Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán. * - Índice de traducciones


Traducción de significados Versículo: (3) Capítulo: Ar-Ra'd
وَهُوَ الَّذِیْ مَدَّ الْاَرْضَ وَجَعَلَ فِیْهَا رَوَاسِیَ وَاَنْهٰرًا ؕ— وَمِنْ كُلِّ الثَّمَرٰتِ جَعَلَ فِیْهَا زَوْجَیْنِ اثْنَیْنِ یُغْشِی الَّیْلَ النَّهَارَ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟
তেৱেঁই আল্লাহ, যিয়ে পৃথিৱীক প্ৰসাৰিত কৰিছে। আৰু তাত বনাইছে বিশাল বিশাল মজবুত পৰ্বত, যাতে পৃথিৱীয়ে মানুহক লৈ কপি নাথাকে। আৰু তাত সৃষ্টি কৰিছে নদ-নদী, যাতে মানুহে আৰু জীৱ-জন্তুৱে পানী সেৱন কৰিব পাৰে আৰু খেতি-পথাৰত ব্যৱহাৰ কৰিব পাৰে। আৰু প্ৰত্যেক ফলমূলকে বনাইছে যোৰ যোৰকৈ, যিদৰে জীৱ-জন্তুত আছে মতা আৰু মাইকী। তেওঁ ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে, ফলত পোহৰৰ অন্তত অন্ধকাৰ হৈ পৰে। নিশ্চয় এই বিৱৰণত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা তথা গৱেষণা কৰে। কাৰণ তেওঁলোকেই এইবোৰ প্ৰমাণ আৰু দলিলৰ দ্বাৰা উপকৃত হয়।
Las Exégesis Árabes:
Beneficios de los versículos de esta página:
• إثبات قدرة الله سبحانه وتعالى والتعجب من خلقه للسماوات على غير أعمدة تحملها، وهذا مع عظيم خلقتها واتساعها.
পৱিত্ৰ আৰু মহান আল্লাহৰ ক্ষমতাৰ প্ৰমাণ, তথা তেওঁৰ আকাশমণ্ডল সৃষ্টিক লৈ আশ্চৰ্য প্ৰকাশ যিটোক তেওঁ খুঁটাবিহীন উত্তোলন কৰিছে, অথচ এই আকাশমণ্ডল, সৃষ্টি আৰু প্ৰশস্ততাৰ ক্ষেত্ৰত বহুত ডাঙৰ।

• إثبات قدرة الله وكمال ربوبيته ببرهان الخلق، إذ ينبت النبات الضخم، ويخرجه من البذرة الصغيرة، ثم يسقيه من ماء واحد، ومع هذا تختلف أحجام وألوان ثمراته وطعمها.
সৃষ্টিৰ প্ৰমাণিকতাই আল্লাহৰ ক্ষমতা তথা তেওঁৰ পূৰ্ণ প্ৰভুত্ব প্ৰমাণ কৰে। কাৰণ তেওঁ সুৰু সৰু বীজৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড গছ উৎপন্ন কৰে, আৰু তাক একে পানীৰে জীপাল কৰে। তথাপিও এইবোৰ গছৰ ফলৰ আকাৰ, ৰং আৰু সোৱাদ পৰস্পৰৰ পৰা ভিন্ন।

• أن إخراج الله تعالى للأشجار الضخمة من البذور الصغيرة، بعد أن كانت معدومة، فيه رد على المشركين في إنكارهم للبعث؛ فإن إعادة جمع أجزاء الرفات المتفرقة والمتحللة في الأرض، وبعثها من جديد، بعد أن كانت موجودة، هو بمنزلة أسهل من إخراج المعدوم من البذرة.
সৰু সৰু বীজৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড গছ উলিওৱা আল্লাহৰ এই কাৰ্যই মুশ্বৰিকসকলৰ সেই দাবীক খণ্ডন কৰে, যিসকলে পুনৰুত্থানক অস্বীকাৰ কৰে। কিয়নো বিস্তৃত গেলি-পচি যোৱা আৰু মাটিত মিহলি হোৱা হাড়ক একত্ৰিত কৰি পুনৰ্জীৱিত কৰাটো, বীজৰ পৰা অস্তিত্বহীন গছক অস্তিত্ব প্ৰদান কৰাতকৈ অধিক সহজ।

 
Traducción de significados Versículo: (3) Capítulo: Ar-Ra'd
Índice de Capítulos Número de página
 
Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán. - Índice de traducciones

Emitido por el Centro Tafsir de Estudios Coránicos.

Cerrar