Check out the new design

Translation of the Meanings of the Noble Quran - Assamese translation - Rafiqul Islam Habibur Rahman. * - Index of Translations

PDF XML CSV Excel API
Please review the Terms and Policies

Translation of the Meanings Surah: At-Tawbah   Verse:

আত-তাওবাহ

بَرَآءَةٌ مِّنَ اللّٰهِ وَرَسُوْلِهٖۤ اِلَی الَّذِیْنَ عٰهَدْتُّمْ مِّنَ الْمُشْرِكِیْنَ ۟ؕ
এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা, সেই সকল মুশ্বৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আৱদ্ধ হৈছিলা।
Arabic Tafsirs:
فَسِیْحُوْا فِی الْاَرْضِ اَرْبَعَةَ اَشْهُرٍ وَّاعْلَمُوْۤا اَنَّكُمْ غَیْرُ مُعْجِزِی اللّٰهِ ۙ— وَاَنَّ اللّٰهَ مُخْزِی الْكٰفِرِیْنَ ۟
এতেকে (হে মুশ্বৰিকসকল) তোমালোকে দেশত চাৰি মাহলৈকে (নিৰাপদে) বিচৰণ কৰা আৰু জানি থোৱা, তোমালোকে (কদাপিও) আল্লাহক হীনবল কৰিব নোৱাৰিবা, আৰু নিশ্চয় আল্লাহেই কাফিৰসকলক অপদস্থ কৰিব।
Arabic Tafsirs:
وَاَذَانٌ مِّنَ اللّٰهِ وَرَسُوْلِهٖۤ اِلَی النَّاسِ یَوْمَ الْحَجِّ الْاَكْبَرِ اَنَّ اللّٰهَ بَرِیْٓءٌ مِّنَ الْمُشْرِكِیْنَ ۙ۬— وَرَسُوْلُهٗ ؕ— فَاِنْ تُبْتُمْ فَهُوَ خَیْرٌ لَّكُمْ ۚ— وَاِنْ تَوَلَّیْتُمْ فَاعْلَمُوْۤا اَنَّكُمْ غَیْرُ مُعْجِزِی اللّٰهِ ؕ— وَبَشِّرِ الَّذِیْنَ كَفَرُوْا بِعَذَابٍ اَلِیْمٍ ۟ۙ
মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে, নিশ্চয় আল্লাহৰ সৈতে মুশ্বৰিকসকলৰ কোনো সম্পৰ্ক নাই লগতে তেওঁৰ ৰাছুলৰো (কোনো সম্পৰ্ক) নাই। এতেকে তোমালোকে যদি তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ হ’ব আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে, তোমালোকে (কদাপিও) আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু (হে নবী!) কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
Arabic Tafsirs:
اِلَّا الَّذِیْنَ عٰهَدْتُّمْ مِّنَ الْمُشْرِكِیْنَ ثُمَّ لَمْ یَنْقُصُوْكُمْ شَیْـًٔا وَّلَمْ یُظَاهِرُوْا عَلَیْكُمْ اَحَدًا فَاَتِمُّوْۤا اِلَیْهِمْ عَهْدَهُمْ اِلٰی مُدَّتِهِمْ ؕ— اِنَّ اللّٰهَ یُحِبُّ الْمُتَّقِیْنَ ۟
কিন্তু মুশ্বৰিকসকলৰ মাজৰ যিসকলৰ সৈতে তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ও কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পালন কৰা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
Arabic Tafsirs:
فَاِذَا انْسَلَخَ الْاَشْهُرُ الْحُرُمُ فَاقْتُلُوا الْمُشْرِكِیْنَ حَیْثُ وَجَدْتُّمُوْهُمْ وَخُذُوْهُمْ وَاحْصُرُوْهُمْ وَاقْعُدُوْا لَهُمْ كُلَّ مَرْصَدٍ ۚ— فَاِنْ تَابُوْا وَاَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ فَخَلُّوْا سَبِیْلَهُمْ ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
এতেকে নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যোৱাৰ পিছত তোমালোকে মুশ্বৰিকসকলক য’তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাঁটিয়ে ঘাঁটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা; নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল, পৰম দয়ালু।
Arabic Tafsirs:
وَاِنْ اَحَدٌ مِّنَ الْمُشْرِكِیْنَ اسْتَجَارَكَ فَاَجِرْهُ حَتّٰی یَسْمَعَ كَلٰمَ اللّٰهِ ثُمَّ اَبْلِغْهُ مَاْمَنَهٗ ؕ— ذٰلِكَ بِاَنَّهُمْ قَوْمٌ لَّا یَعْلَمُوْنَ ۟۠
আৰু মুশ্বৰিকসকলৰ মাজৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিয়া, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌঁচাই দিবা; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নাজানে।
Arabic Tafsirs:
كَیْفَ یَكُوْنُ لِلْمُشْرِكِیْنَ عَهْدٌ عِنْدَ اللّٰهِ وَعِنْدَ رَسُوْلِهٖۤ اِلَّا الَّذِیْنَ عٰهَدْتُّمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ ۚ— فَمَا اسْتَقَامُوْا لَكُمْ فَاسْتَقِیْمُوْا لَهُمْ ؕ— اِنَّ اللّٰهَ یُحِبُّ الْمُتَّقِیْنَ ۟
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ চুক্তি কেনেকৈ বলৱৎ থাকিব? কিন্তু যিসকলৰ সৈতে মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পাৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়ালৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব, তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
Arabic Tafsirs:
كَیْفَ وَاِنْ یَّظْهَرُوْا عَلَیْكُمْ لَا یَرْقُبُوْا فِیْكُمْ اِلًّا وَّلَا ذِمَّةً ؕ— یُرْضُوْنَكُمْ بِاَفْوَاهِهِمْ وَتَاْبٰی قُلُوْبُهُمْ ۚ— وَاَكْثَرُهُمْ فٰسِقُوْنَ ۟ۚ
কেনেকৈ চুক্তি বলৱৎ থাকিব? অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ কোনো মৰ্যাদা নিদিব; সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে; কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে; আৰু সিহঁতৰ অধিকাংশই হৈছে ফাছিক্ব।
Arabic Tafsirs:
اِشْتَرَوْا بِاٰیٰتِ اللّٰهِ ثَمَنًا قَلِیْلًا فَصَدُّوْا عَنْ سَبِیْلِهٖ ؕ— اِنَّهُمْ سَآءَ مَا كَانُوْا یَعْمَلُوْنَ ۟
সিহঁতে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে, নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট!
Arabic Tafsirs:
لَا یَرْقُبُوْنَ فِیْ مُؤْمِنٍ اِلًّا وَّلَا ذِمَّةً ؕ— وَاُولٰٓىِٕكَ هُمُ الْمُعْتَدُوْنَ ۟
সিহঁতে কোনো মুমিনৰ সৈতে আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে, আৰু সিহঁতেই হৈছে সীমালংঘনকাৰী।
Arabic Tafsirs:
فَاِنْ تَابُوْا وَاَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ فَاِخْوَانُكُمْ فِی الدِّیْنِ ؕ— وَنُفَصِّلُ الْاٰیٰتِ لِقَوْمٍ یَّعْلَمُوْنَ ۟
এতেকে সিহঁতে যদি তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁত হ’ব তোমালোকৰ দ্বীনি ভাই; আৰু আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰোঁ।
Arabic Tafsirs:
وَاِنْ نَّكَثُوْۤا اَیْمَانَهُمْ مِّنْ بَعْدِ عَهْدِهِمْ وَطَعَنُوْا فِیْ دِیْنِكُمْ فَقَاتِلُوْۤا اَىِٕمَّةَ الْكُفْرِ ۙ— اِنَّهُمْ لَاۤ اَیْمَانَ لَهُمْ لَعَلَّهُمْ یَنْتَهُوْنَ ۟
আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰে আৰু তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে, তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা; নিশ্চয় সিহঁত হৈছে এনেকুৱা লোক, যিসকলৰ কোনো প্ৰতিশ্ৰুতি (বা শপত) নাই; যাতে সিহঁতে বিৰত থাকে।
Arabic Tafsirs:
اَلَا تُقَاتِلُوْنَ قَوْمًا نَّكَثُوْۤا اَیْمَانَهُمْ وَهَمُّوْا بِاِخْرَاجِ الرَّسُوْلِ وَهُمْ بَدَءُوْكُمْ اَوَّلَ مَرَّةٍ ؕ— اَتَخْشَوْنَهُمْ ۚ— فَاللّٰهُ اَحَقُّ اَنْ تَخْشَوْهُ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে, যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু ৰাছুলক বহিষ্কাৰ কৰাৰ সংকল্প কৰিছে? আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত (যুদ্ধ) আৰম্ভ কৰিছে। তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বাবে বেছি সমীচীন, যদি তোমালোকে (প্ৰকৃত) মুমিন হোৱা।
Arabic Tafsirs:
قَاتِلُوْهُمْ یُعَذِّبْهُمُ اللّٰهُ بِاَیْدِیْكُمْ وَیُخْزِهِمْ وَیَنْصُرْكُمْ عَلَیْهِمْ وَیَشْفِ صُدُوْرَ قَوْمٍ مُّؤْمِنِیْنَ ۟ۙ
তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা। তোমালোকৰ হাতেৰে আল্লাহে সিহঁতক শাস্তি দিব, সিহঁতক অপদস্থ কৰিব, সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰসমূহক প্ৰশান্তি দান কৰিব,
Arabic Tafsirs:
وَیُذْهِبْ غَیْظَ قُلُوْبِهِمْ ؕ— وَیَتُوْبُ اللّٰهُ عَلٰی مَنْ یَّشَآءُ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
আৰু তেৱেঁই তেওঁলোকৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাক ইচ্ছা কৰিব তাৰেই তাওবা কবুল কৰিব। কাৰণ আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Arabic Tafsirs:
اَمْ حَسِبْتُمْ اَنْ تُتْرَكُوْا وَلَمَّا یَعْلَمِ اللّٰهُ الَّذِیْنَ جٰهَدُوْا مِنْكُمْ وَلَمْ یَتَّخِذُوْا مِنْ دُوْنِ اللّٰهِ وَلَا رَسُوْلِهٖ وَلَا الْمُؤْمِنِیْنَ وَلِیْجَةً ؕ— وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠
তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে, তোমালোকক এনেই এৰি দিয়া হ’ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে, তোমালোকৰ মাজৰ কোনে জিহাদ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাছুল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰা নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।
Arabic Tafsirs:
مَا كَانَ لِلْمُشْرِكِیْنَ اَنْ یَّعْمُرُوْا مَسٰجِدَ اللّٰهِ شٰهِدِیْنَ عَلٰۤی اَنْفُسِهِمْ بِالْكُفْرِ ؕ— اُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ ۖۚ— وَفِی النَّارِ هُمْ خٰلِدُوْنَ ۟
মুশ্বৰিকসকলৰ কোনো অধিকাৰ নাই যে, সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ’ব, যিহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে। সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব।
Arabic Tafsirs:
اِنَّمَا یَعْمُرُ مَسٰجِدَ اللّٰهِ مَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَاَقَامَ الصَّلٰوةَ وَاٰتَی الزَّكٰوةَ وَلَمْ یَخْشَ اِلَّا اللّٰهَ ۫— فَعَسٰۤی اُولٰٓىِٕكَ اَنْ یَّكُوْنُوْا مِنَ الْمُهْتَدِیْنَ ۟
একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা তত্বাৱধান ল'ব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
Arabic Tafsirs:
اَجَعَلْتُمْ سِقَایَةَ الْحَآجِّ وَعِمَارَةَ الْمَسْجِدِ الْحَرَامِ كَمَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَجٰهَدَ فِیْ سَبِیْلِ اللّٰهِ ؕ— لَا یَسْتَوٗنَ عِنْدَ اللّٰهِ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۘ
হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়। আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
Arabic Tafsirs:
اَلَّذِیْنَ اٰمَنُوْا وَهَاجَرُوْا وَجٰهَدُوْا فِیْ سَبِیْلِ اللّٰهِ بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ ۙ— اَعْظَمُ دَرَجَةً عِنْدَ اللّٰهِ ؕ— وَاُولٰٓىِٕكَ هُمُ الْفَآىِٕزُوْنَ ۟
যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোক হৈছে আল্লাহৰ ওচৰত শ্ৰেষ্ঠ মৰ্যাদাৰ অধিকাৰী, আৰু তেওঁলোকেই সাফল্যমণ্ডিত।
Arabic Tafsirs:
یُبَشِّرُهُمْ رَبُّهُمْ بِرَحْمَةٍ مِّنْهُ وَرِضْوَانٍ وَّجَنّٰتٍ لَّهُمْ فِیْهَا نَعِیْمٌ مُّقِیْمٌ ۟ۙ
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে, তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য’ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত।
Arabic Tafsirs:
خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— اِنَّ اللّٰهَ عِنْدَهٗۤ اَجْرٌ عَظِیْمٌ ۟
তাত তেওঁলোক চিৰস্থায়ী হ’ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰস্কাৰ।
Arabic Tafsirs:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوْۤا اٰبَآءَكُمْ وَاِخْوَانَكُمْ اَوْلِیَآءَ اِنِ اسْتَحَبُّوا الْكُفْرَ عَلَی الْاِیْمَانِ ؕ— وَمَنْ یَّتَوَلَّهُمْ مِّنْكُمْ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟
হে ঈমান্দাৰসকল! তোমলোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দই যদি ঈমানৰ মুকাবিলাত কুফুৰীক পছন্দ কৰে, তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা। তোমালোকৰ মাজৰ যিসকলে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতেই হৈছে যালিম।
Arabic Tafsirs:
قُلْ اِنْ كَانَ اٰبَآؤُكُمْ وَاَبْنَآؤُكُمْ وَاِخْوَانُكُمْ وَاَزْوَاجُكُمْ وَعَشِیْرَتُكُمْ وَاَمْوَالُ ١قْتَرَفْتُمُوْهَا وَتِجَارَةٌ تَخْشَوْنَ كَسَادَهَا وَمَسٰكِنُ تَرْضَوْنَهَاۤ اَحَبَّ اِلَیْكُمْ مِّنَ اللّٰهِ وَرَسُوْلِهٖ وَجِهَادٍ فِیْ سَبِیْلِهٖ فَتَرَبَّصُوْا حَتّٰی یَاْتِیَ اللّٰهُ بِاَمْرِهٖ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟۠
কোৱা, ‘তোমালোকৰ ওচৰত যদি আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ (আল্লাহৰ) পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান-সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায়-বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নহালৈকে’; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Arabic Tafsirs:
لَقَدْ نَصَرَكُمُ اللّٰهُ فِیْ مَوَاطِنَ كَثِیْرَةٍ ۙ— وَّیَوْمَ حُنَیْنٍ ۙ— اِذْ اَعْجَبَتْكُمْ كَثْرَتُكُمْ فَلَمْ تُغْنِ عَنْكُمْ شَیْـًٔا وَّضَاقَتْ عَلَیْكُمُ الْاَرْضُ بِمَا رَحُبَتْ ثُمَّ وَلَّیْتُمْ مُّدْبِرِیْنَ ۟ۚ
নিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনাইনৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকৰ সংখ্যাগৰিষ্ঠতাই তোমালোকক উৎফুল্ল কৰিছিল, কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা।
Arabic Tafsirs:
ثُمَّ اَنْزَلَ اللّٰهُ سَكِیْنَتَهٗ عَلٰی رَسُوْلِهٖ وَعَلَی الْمُؤْمِنِیْنَ وَاَنْزَلَ جُنُوْدًا لَّمْ تَرَوْهَا ۚ— وَعَذَّبَ الَّذِیْنَ كَفَرُوْا ؕ— وَذٰلِكَ جَزَآءُ الْكٰفِرِیْنَ ۟
তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিছিল আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিছিল যিটো তোমালোকে দেখা পোৱা নাছিলা, আৰু তেৱেঁই কাফিৰসকলক শাস্তি দিছিল, এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।
Arabic Tafsirs:
ثُمَّ یَتُوْبُ اللّٰهُ مِنْ بَعْدِ ذٰلِكَ عَلٰی مَنْ یَّشَآءُ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟
ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তাওবা কবুল কৰিব; আৰু আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।
Arabic Tafsirs:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّمَا الْمُشْرِكُوْنَ نَجَسٌ فَلَا یَقْرَبُوا الْمَسْجِدَ الْحَرَامَ بَعْدَ عَامِهِمْ هٰذَا ۚ— وَاِنْ خِفْتُمْ عَیْلَةً فَسَوْفَ یُغْنِیْكُمُ اللّٰهُ مِنْ فَضْلِهٖۤ اِنْ شَآءَ ؕ— اِنَّ اللّٰهَ عَلِیْمٌ حَكِیْمٌ ۟
হে ঈমান্দাৰসকল! নিশ্চয় মুশ্বৰিকসকল হৈছে অপৱিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়; আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
Arabic Tafsirs:
قَاتِلُوا الَّذِیْنَ لَا یُؤْمِنُوْنَ بِاللّٰهِ وَلَا بِالْیَوْمِ الْاٰخِرِ وَلَا یُحَرِّمُوْنَ مَا حَرَّمَ اللّٰهُ وَرَسُوْلُهٗ وَلَا یَدِیْنُوْنَ دِیْنَ الْحَقِّ مِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ حَتّٰی یُعْطُوا الْجِزْیَةَ عَنْ یَّدٍ وَّهُمْ صٰغِرُوْنَ ۟۠
যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ঈমান পোষণ নকৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি হাৰাম কৰিছে তাক হাৰাম বুলি গণ্য নকৰে; আৰু সত্য দ্বীনৰ অনুসৰণ নকৰে; সিহঁতে নত হৈ নিজ হাতে জিযিয়া (কৰ) নিদিয়ালৈকে সিহঁতৰ লগত যুদ্ধ কৰা।
Arabic Tafsirs:
وَقَالَتِ الْیَهُوْدُ عُزَیْرُ ١بْنُ اللّٰهِ وَقَالَتِ النَّصٰرَی الْمَسِیْحُ ابْنُ اللّٰهِ ؕ— ذٰلِكَ قَوْلُهُمْ بِاَفْوَاهِهِمْ ۚ— یُضَاهِـُٔوْنَ قَوْلَ الَّذِیْنَ كَفَرُوْا مِنْ قَبْلُ ؕ— قَاتَلَهُمُ اللّٰهُ ۚ— اَنّٰی یُؤْفَكُوْنَ ۟
আৰু ইয়াহুদীসকলে কয়, ‘উযাইৰ হৈছে আল্লাহৰ পুত্ৰ’, আৰু খ্ৰীষ্টানসকলে কয়, ‘মছীহ হৈছে আল্লাহৰ পুত্ৰ’। এইটো হৈছে কেৱল সিহঁতৰ মুখৰ কথা। পূৰ্বে যিসকলে কুফুৰী কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয়। আল্লাহে ইহঁতক ধ্বংস কৰক। কোন পিনে ইহঁতক ওভতাই নিয়া হৈছে!
Arabic Tafsirs:
اِتَّخَذُوْۤا اَحْبَارَهُمْ وَرُهْبَانَهُمْ اَرْبَابًا مِّنْ دُوْنِ اللّٰهِ وَالْمَسِیْحَ ابْنَ مَرْیَمَ ۚ— وَمَاۤ اُمِرُوْۤا اِلَّا لِیَعْبُدُوْۤا اِلٰهًا وَّاحِدًا ۚ— لَاۤ اِلٰهَ اِلَّا هُوَ ؕ— سُبْحٰنَهٗ عَمَّا یُشْرِكُوْنَ ۟
সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক সিহঁতৰ প্ৰভু বনাই লৈছে আৰু মাৰয়ামৰ পুত্ৰ মছীহকো। অথচ সিহঁতক এক ইলাহৰ ইবাদত কৰাৰ বাবেই আদেশ কৰা হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!
Arabic Tafsirs:
یُرِیْدُوْنَ اَنْ یُّطْفِـُٔوْا نُوْرَ اللّٰهِ بِاَفْوَاهِهِمْ وَیَاْبَی اللّٰهُ اِلَّاۤ اَنْ یُّتِمَّ نُوْرَهٗ وَلَوْ كَرِهَ الْكٰفِرُوْنَ ۟
সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।
Arabic Tafsirs:
هُوَ الَّذِیْۤ اَرْسَلَ رَسُوْلَهٗ بِالْهُدٰی وَدِیْنِ الْحَقِّ لِیُظْهِرَهٗ عَلَی الدِّیْنِ كُلِّهٖ ۙ— وَلَوْ كَرِهَ الْمُشْرِكُوْنَ ۟
তেৱেঁই সেই সত্ত্বা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰিব পাৰে, যদিও মুশ্বৰিকসকলে এইটো অপছন্দ কৰে।
Arabic Tafsirs:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّ كَثِیْرًا مِّنَ الْاَحْبَارِ وَالرُّهْبَانِ لَیَاْكُلُوْنَ اَمْوَالَ النَّاسِ بِالْبَاطِلِ وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ ؕ— وَالَّذِیْنَ یَكْنِزُوْنَ الذَّهَبَ وَالْفِضَّةَ وَلَا یُنْفِقُوْنَهَا فِیْ سَبِیْلِ اللّٰهِ ۙ— فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟ۙ
হে ঈমান্দাৰসকল! পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলৰ মাজৰ বহুতেই জনসাধাৰণৰ ধন-সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
Arabic Tafsirs:
یَّوْمَ یُحْمٰی عَلَیْهَا فِیْ نَارِ جَهَنَّمَ فَتُكْوٰی بِهَا جِبَاهُهُمْ وَجُنُوْبُهُمْ وَظُهُوْرُهُمْ ؕ— هٰذَا مَا كَنَزْتُمْ لِاَنْفُسِكُمْ فَذُوْقُوْا مَا كُنْتُمْ تَكْنِزُوْنَ ۟
যিদিনা সেইবোৰক জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ’ব, (লগতে কোৱা হ’ব), ‘এইবোৰেই হৈছে তোমালোকৰ সেইবোৰ সম্পদ যিবোৰক তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’।
Arabic Tafsirs:
اِنَّ عِدَّةَ الشُّهُوْرِ عِنْدَ اللّٰهِ اثْنَا عَشَرَ شَهْرًا فِیْ كِتٰبِ اللّٰهِ یَوْمَ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ مِنْهَاۤ اَرْبَعَةٌ حُرُمٌ ؕ— ذٰلِكَ الدِّیْنُ الْقَیِّمُ ۙ۬— فَلَا تَظْلِمُوْا فِیْهِنَّ اَنْفُسَكُمْ ۫— وَقَاتِلُوا الْمُشْرِكِیْنَ كَآفَّةً كَمَا یُقَاتِلُوْنَكُمْ كَآفَّةً ؕ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ مَعَ الْمُتَّقِیْنَ ۟
নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা হৈছে বাৰটা। তাৰে চাৰিটা মাহ হৈছে নিষিদ্ধ (পৱিত্ৰ বা সন্মানীয়), এইটোৱে হৈছে প্ৰতিষ্ঠিত দ্বীন। এতেকে এই মাহবোৰত তোমালোকে নিজৰ প্ৰতি যুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।
Arabic Tafsirs:
اِنَّمَا النَّسِیْٓءُ زِیَادَةٌ فِی الْكُفْرِ یُضَلُّ بِهِ الَّذِیْنَ كَفَرُوْا یُحِلُّوْنَهٗ عَامًا وَّیُحَرِّمُوْنَهٗ عَامًا لِّیُوَاطِـُٔوْا عِدَّةَ مَا حَرَّمَ اللّٰهُ فَیُحِلُّوْا مَا حَرَّمَ اللّٰهُ ؕ— زُیِّنَ لَهُمْ سُوْٓءُ اَعْمَالِهِمْ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ۟۠
(এই মাহবোৰৰ পৱিত্ৰতাক) অন্য কোনো মাহলৈ পিছুৱাই দিয়াটো হৈছে কেৱল কুফৰীত বৃদ্ধি সাধন কৰা, ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয়। সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে, যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে; ফলত আল্লাহে যি হাৰাম কৰিছে সেয়া সিহঁতে হালাল কৰে। সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শোভনীয় কৰি দিয়া হৈছে, আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Arabic Tafsirs:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا مَا لَكُمْ اِذَا قِیْلَ لَكُمُ انْفِرُوْا فِیْ سَبِیْلِ اللّٰهِ اثَّاقَلْتُمْ اِلَی الْاَرْضِ ؕ— اَرَضِیْتُمْ بِالْحَیٰوةِ الدُّنْیَا مِنَ الْاٰخِرَةِ ۚ— فَمَا مَتَاعُ الْحَیٰوةِ الدُّنْیَا فِی الْاٰخِرَةِ اِلَّا قَلِیْلٌ ۟
হে ঈমান্দাৰসকল! তোমালোকৰ কি হ’ল, তোমালোকক যেতিয়া আল্লাহৰ পথত কোনো অভিযানত ওলাবলৈ কোৱা হয়, তেতিয়া কিয় তোমালোকে ভাৰাক্ৰান্ত হৈ মাটিক সাৱটি ধৰা? তোমালোকে আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱনত সন্তুষ্ট হৈছা নেকি? আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ ভোগৰ উপকৰণ অতি নগণ্য।
Arabic Tafsirs:
اِلَّا تَنْفِرُوْا یُعَذِّبْكُمْ عَذَابًا اَلِیْمًا ۙ۬— وَّیَسْتَبْدِلْ قَوْمًا غَیْرَكُمْ وَلَا تَضُرُّوْهُ شَیْـًٔا ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
যদি তোমালোকে অভিযানলৈ ওলাই নোযোৱা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিব আৰু অন্য এটা জাতিক তোমালোকৰ পৰিবৰ্তে প্ৰতিষ্ঠিত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰিবা। কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Arabic Tafsirs:
اِلَّا تَنْصُرُوْهُ فَقَدْ نَصَرَهُ اللّٰهُ اِذْ اَخْرَجَهُ الَّذِیْنَ كَفَرُوْا ثَانِیَ اثْنَیْنِ اِذْ هُمَا فِی الْغَارِ اِذْ یَقُوْلُ لِصَاحِبِهٖ لَا تَحْزَنْ اِنَّ اللّٰهَ مَعَنَا ۚ— فَاَنْزَلَ اللّٰهُ سَكِیْنَتَهٗ عَلَیْهِ وَاَیَّدَهٗ بِجُنُوْدٍ لَّمْ تَرَوْهَا وَجَعَلَ كَلِمَةَ الَّذِیْنَ كَفَرُوا السُّفْلٰی ؕ— وَكَلِمَةُ اللّٰهِ هِیَ الْعُلْیَا ؕ— وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟
যদি তোমালোকে তেওঁক (আল্লাহৰ ৰাছুলক) সহায় নকৰা, তেন্তে আল্লাহেই (তেওঁক সহায় কৰিব যিদৰে তেওঁ) তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক (মক্কাৰ পৰা) বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন, যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল, তেতিয়া তেওঁ নিজৰ লগৰজনক কৈছিল, ‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’। তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজৰ প্ৰশান্তি অৱতীৰ্ণ কৰিছিল আৰু তেওঁক শক্তিশালী কৰিছিল এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিসকলক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাই দিছিল; আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Arabic Tafsirs:
اِنْفِرُوْا خِفَافًا وَّثِقَالًا وَّجَاهِدُوْا بِاَمْوَالِكُمْ وَاَنْفُسِكُمْ فِیْ سَبِیْلِ اللّٰهِ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟
অভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে হৈছে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন!
Arabic Tafsirs:
لَوْ كَانَ عَرَضًا قَرِیْبًا وَّسَفَرًا قَاصِدًا لَّاتَّبَعُوْكَ وَلٰكِنْ بَعُدَتْ عَلَیْهِمُ الشُّقَّةُ ؕ— وَسَیَحْلِفُوْنَ بِاللّٰهِ لَوِ اسْتَطَعْنَا لَخَرَجْنَا مَعَكُمْ ۚ— یُهْلِكُوْنَ اَنْفُسَهُمْ ۚ— وَاللّٰهُ یَعْلَمُ اِنَّهُمْ لَكٰذِبُوْنَ ۟۠
যদি সহজতে সম্পদ লাভৰ আশা থাকিলহেঁতেন আৰু ভ্ৰমণ সুগম হ’লহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথক সুদীৰ্ঘ বুলি ভাবিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘আমাৰ সাধ্য থাকিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোঁহেঁতেন’। দৰাচলতে সিহঁতে (মিছা কথা কৈ) নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।
Arabic Tafsirs:
عَفَا اللّٰهُ عَنْكَ ۚ— لِمَ اَذِنْتَ لَهُمْ حَتّٰی یَتَبَیَّنَ لَكَ الَّذِیْنَ صَدَقُوْا وَتَعْلَمَ الْكٰذِبِیْنَ ۟
আল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱালৈকে আৰু কোনসকল লোক মিছলীয়া সেই কথা তুমি নজনালৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?
Arabic Tafsirs:
لَا یَسْتَاْذِنُكَ الَّذِیْنَ یُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ اَنْ یُّجَاهِدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِالْمُتَّقِیْنَ ۟
যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ পৰা অনুমতি নিবিচাৰিব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।
Arabic Tafsirs:
اِنَّمَا یَسْتَاْذِنُكَ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَارْتَابَتْ قُلُوْبُهُمْ فَهُمْ فِیْ رَیْبِهِمْ یَتَرَدَّدُوْنَ ۟
তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজৰ সংশয়ত দ্বিধাগ্ৰস্ত।
Arabic Tafsirs:
وَلَوْ اَرَادُوا الْخُرُوْجَ لَاَعَدُّوْا لَهٗ عُدَّةً وَّلٰكِنْ كَرِهَ اللّٰهُ انْۢبِعَاثَهُمْ فَثَبَّطَهُمْ وَقِیْلَ اقْعُدُوْا مَعَ الْقٰعِدِیْنَ ۟
আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিছে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থাকা (অক্ষম) লোকসকলৰ সৈতে তোমালোকেও বহি থাকা’।
Arabic Tafsirs:
لَوْ خَرَجُوْا فِیْكُمْ مَّا زَادُوْكُمْ اِلَّا خَبَالًا وَّلَاۡاَوْضَعُوْا خِلٰلَكُمْ یَبْغُوْنَكُمُ الْفِتْنَةَ ۚ— وَفِیْكُمْ سَمّٰعُوْنَ لَهُمْ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِالظّٰلِمِیْنَ ۟
যদি সিহঁত তোমালোকৰ সৈতে ওলালহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন। লগতে তোমালোকৰ মাজত সিহঁতৰ কিছুমান অনুগত (গুপ্তচৰ) আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।
Arabic Tafsirs:
لَقَدِ ابْتَغَوُا الْفِتْنَةَ مِنْ قَبْلُ وَقَلَّبُوْا لَكَ الْاُمُوْرَ حَتّٰی جَآءَ الْحَقُّ وَظَهَرَ اَمْرُ اللّٰهِ وَهُمْ كٰرِهُوْنَ ۟
নিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহুতো কাম ওলট-পালট কৰিছিল, অৱশেষত সত্য সমাগত হ’ল আৰু আল্লাহৰ আদেশ জয়যুক্ত হ’ল, যদিও সিহঁতে ইয়াক অপছন্দ কৰিছিল।
Arabic Tafsirs:
وَمِنْهُمْ مَّنْ یَّقُوْلُ ائْذَنْ لِّیْ وَلَا تَفْتِنِّیْ ؕ— اَلَا فِی الْفِتْنَةِ سَقَطُوْا ؕ— وَاِنَّ جَهَنَّمَ لَمُحِیْطَةٌ بِالْكٰفِرِیْنَ ۟
আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘মোক (যুদ্ধত অংশ গ্ৰহণ নকৰিবলৈ) অনুমতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।
Arabic Tafsirs:
اِنْ تُصِبْكَ حَسَنَةٌ تَسُؤْهُمْ ۚ— وَاِنْ تُصِبْكَ مُصِیْبَةٌ یَّقُوْلُوْا قَدْ اَخَذْنَاۤ اَمْرَنَا مِنْ قَبْلُ وَیَتَوَلَّوْا وَّهُمْ فَرِحُوْنَ ۟
যদি তোমাৰ কোনো মঙ্গল হয় তেন্তে এইটোৱে সিহঁতক কষ্ট দিয়ে, আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয়, ‘আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলোঁ’, আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়।
Arabic Tafsirs:
قُلْ لَّنْ یُّصِیْبَنَاۤ اِلَّا مَا كَتَبَ اللّٰهُ لَنَا ۚ— هُوَ مَوْلٰىنَا ۚ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟
কোৱা, ‘আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে; তেৱেঁই আমাৰ অভিভাৱক; আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে নিৰ্ভৰ কৰা উচিত’।
Arabic Tafsirs:
قُلْ هَلْ تَرَبَّصُوْنَ بِنَاۤ اِلَّاۤ اِحْدَی الْحُسْنَیَیْنِ ؕ— وَنَحْنُ نَتَرَبَّصُ بِكُمْ اَنْ یُّصِیْبَكُمُ اللّٰهُ بِعَذَابٍ مِّنْ عِنْدِهٖۤ اَوْ بِاَیْدِیْنَا ۖؗۗ— فَتَرَبَّصُوْۤا اِنَّا مَعَكُمْ مُّتَرَبِّصُوْنَ ۟
কোৱা, ‘তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা, আৰু আমি প্ৰতীক্ষা কৰি আছোঁ যে, আল্লাহে তোমালোকক তেওঁৰ নিজৰ ফালৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ’।
Arabic Tafsirs:
قُلْ اَنْفِقُوْا طَوْعًا اَوْ كَرْهًا لَّنْ یُّتَقَبَّلَ مِنْكُمْ ؕ— اِنَّكُمْ كُنْتُمْ قَوْمًا فٰسِقِیْنَ ۟
কোৱা, ‘তোমালোকে ইচ্ছাকৃতভাৱে দান কৰা অথবা অনিচ্ছাকৃতভাৱে, তোমালোকৰ পৰা সেই দান কেতিয়াও গ্ৰহণ কৰা নহ’ব, নিশ্চয় তোমালোক হৈছা ফাছিক্ব সম্প্ৰদায়’।
Arabic Tafsirs:
وَمَا مَنَعَهُمْ اَنْ تُقْبَلَ مِنْهُمْ نَفَقٰتُهُمْ اِلَّاۤ اَنَّهُمْ كَفَرُوْا بِاللّٰهِ وَبِرَسُوْلِهٖ وَلَا یَاْتُوْنَ الصَّلٰوةَ اِلَّا وَهُمْ كُسَالٰی وَلَا یُنْفِقُوْنَ اِلَّا وَهُمْ كٰرِهُوْنَ ۟
আৰু সিহঁতৰ অৰ্থসাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে লগতে সিহঁতে ছালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে, আৰু দান কৰে কেৱল অনিচ্ছাকৃতভাৱে।
Arabic Tafsirs:
فَلَا تُعْجِبْكَ اَمْوَالُهُمْ وَلَاۤ اَوْلَادُهُمْ ؕ— اِنَّمَا یُرِیْدُ اللّٰهُ لِیُعَذِّبَهُمْ بِهَا فِی الْحَیٰوةِ الدُّنْیَا وَتَزْهَقَ اَنْفُسُهُمْ وَهُمْ كٰفِرُوْنَ ۟
এতেকে সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু কাফিৰ অৱস্থাতেই সিহঁতৰ আত্মাই দেহ ত্যাগ কৰিব।
Arabic Tafsirs:
وَیَحْلِفُوْنَ بِاللّٰهِ اِنَّهُمْ لَمِنْكُمْ ؕ— وَمَا هُمْ مِّنْكُمْ وَلٰكِنَّهُمْ قَوْمٌ یَّفْرَقُوْنَ ۟
আৰু সিহঁতে আল্লাহৰ নামত শপত খাই কয় যে, সিহঁত তোমালোকৰেই অন্তৰ্ভুক্ত, অথচ সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত নহয়; প্ৰকৃততে সিহঁত হৈছে এটা ভীতু সম্প্ৰদায়।
Arabic Tafsirs:
لَوْ یَجِدُوْنَ مَلْجَاً اَوْ مَغٰرٰتٍ اَوْ مُدَّخَلًا لَّوَلَّوْا اِلَیْهِ وَهُمْ یَجْمَحُوْنَ ۟
যদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰি-গুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায় তেন্তে সিহঁতে সেইফালেই দ্ৰুত গতিত দৌৰি লুকাব।
Arabic Tafsirs:
وَمِنْهُمْ مَّنْ یَّلْمِزُكَ فِی الصَّدَقٰتِ ۚ— فَاِنْ اُعْطُوْا مِنْهَا رَضُوْا وَاِنْ لَّمْ یُعْطَوْا مِنْهَاۤ اِذَا هُمْ یَسْخَطُوْنَ ۟
আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যিয়ে ছাদাক্বা বন্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে, এতেকে যদি সিহঁতক ইয়াৰ পৰা কিছু দিয়া হয় তেন্তে সিহঁত সন্তুষ্ট হয়, আৰু যদি ইয়াৰ পৰা কিবা দিয়া নহয় তেন্তে লগে লগে বিক্ষুব্ধ হয়।
Arabic Tafsirs:
وَلَوْ اَنَّهُمْ رَضُوْا مَاۤ اٰتٰىهُمُ اللّٰهُ وَرَسُوْلُهٗ ۙ— وَقَالُوْا حَسْبُنَا اللّٰهُ سَیُؤْتِیْنَا اللّٰهُ مِنْ فَضْلِهٖ وَرَسُوْلُهٗۤ ۙ— اِنَّاۤ اِلَی اللّٰهِ رٰغِبُوْنَ ۟۠
ভাল হ’লহেঁতেন আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাত যদি সিহঁতে সন্তুষ্ট থাকিলহেঁতেন আৰু যদি ক’লেহেঁতেন, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও (দান কৰিব); নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত’।
Arabic Tafsirs:
اِنَّمَا الصَّدَقٰتُ لِلْفُقَرَآءِ وَالْمَسٰكِیْنِ وَالْعٰمِلِیْنَ عَلَیْهَا وَالْمُؤَلَّفَةِ قُلُوْبُهُمْ وَفِی الرِّقَابِ وَالْغٰرِمِیْنَ وَفِیْ سَبِیْلِ اللّٰهِ وَابْنِ السَّبِیْلِ ؕ— فَرِیْضَةً مِّنَ اللّٰهِ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
(ফৰজ) ছাদাক্বা হৈছে কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে (বিপদগ্ৰস্ত) মুছাফিৰসকলৰ বাবে। এইটো হৈছে আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত (ফৰজ বিধান)। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Arabic Tafsirs:
وَمِنْهُمُ الَّذِیْنَ یُؤْذُوْنَ النَّبِیَّ وَیَقُوْلُوْنَ هُوَ اُذُنٌ ؕ— قُلْ اُذُنُ خَیْرٍ لَّكُمْ یُؤْمِنُ بِاللّٰهِ وَیُؤْمِنُ لِلْمُؤْمِنِیْنَ وَرَحْمَةٌ لِّلَّذِیْنَ اٰمَنُوْا مِنْكُمْ ؕ— وَالَّذِیْنَ یُؤْذُوْنَ رَسُوْلَ اللّٰهِ لَهُمْ عَذَابٌ اَلِیْمٌ ۟
আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয়, ‘এওঁ দেখোন প্ৰত্যেক কথাতে কৰ্ণপাত কৰে’। কোৱা, ‘তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেইটোৱে শুনে’। তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে; আৰু তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে তেওঁ হৈছে ৰহমত। যিসকলে আল্লাহৰ ৰাছুলক কষ্ট দিয়ে, সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Arabic Tafsirs:
یَحْلِفُوْنَ بِاللّٰهِ لَكُمْ لِیُرْضُوْكُمْ ۚ— وَاللّٰهُ وَرَسُوْلُهٗۤ اَحَقُّ اَنْ یُّرْضُوْهُ اِنْ كَانُوْا مُؤْمِنِیْنَ ۟
সিহঁতে তোমালোকক সন্তুষ্ট কৰিবলৈহে তোমালোকৰ ওচৰত আল্লাহৰ শপত লয়। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত, যদিহে সিহঁত প্ৰকৃত মুমিন।
Arabic Tafsirs:
اَلَمْ یَعْلَمُوْۤا اَنَّهٗ مَنْ یُّحَادِدِ اللّٰهَ وَرَسُوْلَهٗ فَاَنَّ لَهٗ نَارَ جَهَنَّمَ خَالِدًا فِیْهَا ؕ— ذٰلِكَ الْخِزْیُ الْعَظِیْمُ ۟
সিহঁতে নাজানে নেকি যে, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, য’ত সি চিৰকাল থাকিব? এইটোৱেই হৈছে চৰম লাঞ্ছনা।
Arabic Tafsirs:
یَحْذَرُ الْمُنٰفِقُوْنَ اَنْ تُنَزَّلَ عَلَیْهِمْ سُوْرَةٌ تُنَبِّئُهُمْ بِمَا فِیْ قُلُوْبِهِمْ ؕ— قُلِ اسْتَهْزِءُوْا ۚ— اِنَّ اللّٰهَ مُخْرِجٌ مَّا تَحْذَرُوْنَ ۟
মুনাফিকসকলে (সদায়) আশংকা কৰে যে, জানোচা সিহঁতৰ বিষয়ে এনে কোনো ছুৰা অৱতীৰ্ণ হয়েই নেকি, যিটোৱে সিহঁতৰ অন্তৰৰ কথাবোৰ প্ৰকাশ কৰি দিব! কোৱা, ‘তোমালোকে বিদ্ৰূপ কৰি থাকা; তোমালোকে যিটো বিষয়ক ভয় কৰি আছা নিশ্চয় আল্লাহে সেইটো প্ৰকাশ কৰি দিব’।
Arabic Tafsirs:
وَلَىِٕنْ سَاَلْتَهُمْ لَیَقُوْلُنَّ اِنَّمَا كُنَّا نَخُوْضُ وَنَلْعَبُ ؕ— قُلْ اَبِاللّٰهِ وَاٰیٰتِهٖ وَرَسُوْلِهٖ كُنْتُمْ تَسْتَهْزِءُوْنَ ۟
আৰু যদি তুমি সিহঁতক সোধা তেন্তে নিশ্চয় সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলোঁ’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাছুলকেই বিদ্ৰূপ কৰিবলৈ পালানে’?
Arabic Tafsirs:
لَا تَعْتَذِرُوْا قَدْ كَفَرْتُمْ بَعْدَ اِیْمَانِكُمْ ؕ— اِنْ نَّعْفُ عَنْ طَآىِٕفَةٍ مِّنْكُمْ نُعَذِّبْ طَآىِٕفَةًۢ بِاَنَّهُمْ كَانُوْا مُجْرِمِیْنَ ۟۠
‘তোমালোকে এতিয়া ওজৰ-আপত্তি নকৰিবা। (কাৰণ) নিশ্চয় তোমালোকে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছা। আমি তোমালোকৰ মাজৰ কিছুমানক ক্ষমা কৰিলেও আন কিছুমানক শাস্তি প্ৰদান কৰিমেই—কাৰণ নিশ্চিতভাৱে সিহঁত হৈছে অপৰাধী’।
Arabic Tafsirs:
اَلْمُنٰفِقُوْنَ وَالْمُنٰفِقٰتُ بَعْضُهُمْ مِّنْ بَعْضٍ ۘ— یَاْمُرُوْنَ بِالْمُنْكَرِ وَیَنْهَوْنَ عَنِ الْمَعْرُوْفِ وَیَقْبِضُوْنَ اَیْدِیَهُمْ ؕ— نَسُوا اللّٰهَ فَنَسِیَهُمْ ؕ— اِنَّ الْمُنٰفِقِیْنَ هُمُ الْفٰسِقُوْنَ ۟
মুনাফিক পুৰুষ আৰু মুনাফিক নাৰীসকল ইজনে সিজনৰ অনুৰূপ, সিহঁতে অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মৰ পৰা বিৰত ৰাখে, লগতে সিহঁতে (আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত) নিজৰ হাত সংকুচিত কৰি ৰাখে, দৰাচলতে সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে; নিশ্চয় মুনাফিকসকল হৈছে ফাছিক্ব (অতি অবাধ্য)।
Arabic Tafsirs:
وَعَدَ اللّٰهُ الْمُنٰفِقِیْنَ وَالْمُنٰفِقٰتِ وَالْكُفَّارَ نَارَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ؕ— هِیَ حَسْبُهُمْ ۚ— وَلَعَنَهُمُ اللّٰهُ ۚ— وَلَهُمْ عَذَابٌ مُّقِیْمٌ ۟ۙ
আল্লাহে মুনাফিক পুৰুষ, মুনাফিক নাৰী আৰু কাফিৰসকলক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে। য’ত সিহঁতে চিৰকাল থাকিব, এইটোৱে সিহঁতৰ বাবে যথেষ্ট; আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি;
Arabic Tafsirs:
كَالَّذِیْنَ مِنْ قَبْلِكُمْ كَانُوْۤا اَشَدَّ مِنْكُمْ قُوَّةً وَّاَكْثَرَ اَمْوَالًا وَّاَوْلَادًا ؕ— فَاسْتَمْتَعُوْا بِخَلَاقِهِمْ فَاسْتَمْتَعْتُمْ بِخَلَاقِكُمْ كَمَا اسْتَمْتَعَ الَّذِیْنَ مِنْ قَبْلِكُمْ بِخَلَاقِهِمْ وَخُضْتُمْ كَالَّذِیْ خَاضُوْا ؕ— اُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ— وَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟
(তোমালোকেও) সিহঁতৰ দৰেই, যিসকল তোমালোকৰ পূৰ্বে আছিল, সিহঁত শক্তি-সামৰ্থত তোমালোকতকৈও অধিক প্ৰবল আছিল আৰু সিহঁতৰ ধন-সম্পদ তথা সন্তান-সন্ততি আছিল তোমালোকতকৈও বেছি। এতেকে সিহঁতৰ ভাগ্যত যি আছিল সেইটো সিহঁতে ভোগ কৰিছে; আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেইটো উপভোগ কৰিলা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল ভোগ কৰিছে। তোমালোকেও সেইদৰেই অনৰ্থক আলাপ-আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ-আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ (নেক) আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈ গৈছে, আৰু সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।
Arabic Tafsirs:
اَلَمْ یَاْتِهِمْ نَبَاُ الَّذِیْنَ مِنْ قَبْلِهِمْ قَوْمِ نُوْحٍ وَّعَادٍ وَّثَمُوْدَ ۙ۬— وَقَوْمِ اِبْرٰهِیْمَ وَاَصْحٰبِ مَدْیَنَ وَالْمُؤْتَفِكٰتِ ؕ— اَتَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ ۚ— فَمَا كَانَ اللّٰهُ لِیَظْلِمَهُمْ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟
সিহঁতৰ ওচৰলৈ সিহঁতৰ পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহ যেনে নূহ, আদ আৰু ছামূদ সম্প্ৰদায়, লগতে ইব্ৰাহীমৰ সম্প্ৰদায় আৰু মাদয়ানৰ অধিবাসীসকলৰ লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ অহা নাইনে? সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আহিছিল। এতেকে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
Arabic Tafsirs:
وَالْمُؤْمِنُوْنَ وَالْمُؤْمِنٰتُ بَعْضُهُمْ اَوْلِیَآءُ بَعْضٍ ۘ— یَاْمُرُوْنَ بِالْمَعْرُوْفِ وَیَنْهَوْنَ عَنِ الْمُنْكَرِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَیُؤْتُوْنَ الزَّكٰوةَ وَیُطِیْعُوْنَ اللّٰهَ وَرَسُوْلَهٗ ؕ— اُولٰٓىِٕكَ سَیَرْحَمُهُمُ اللّٰهُ ؕ— اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟
মুমিন পুৰুষ আৰু মুমিনা নাৰী হৈছে ইজনে সিজনৰ অভিভাৱক, তেওঁলোকে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা বাধা প্ৰদান কৰে, ছালাত কায়েম কৰে, যাকাত প্ৰদান কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে; এওঁলোকৰ ওপৰতেই আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Arabic Tafsirs:
وَعَدَ اللّٰهُ الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا وَمَسٰكِنَ طَیِّبَةً فِیْ جَنّٰتِ عَدْنٍ ؕ— وَرِضْوَانٌ مِّنَ اللّٰهِ اَكْبَرُ ؕ— ذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟۠
আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক এনেকুৱা জান্নাতৰ প্ৰতিশ্ৰুতি দিছে—যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু (প্ৰতিশ্ৰুতি দিছে) স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়েই হৈছে সৰ্বশ্ৰেষ্ঠ। এইটোৱেই হৈছে মহাসফলতা।
Arabic Tafsirs:
یٰۤاَیُّهَا النَّبِیُّ جَاهِدِ الْكُفَّارَ وَالْمُنٰفِقِیْنَ وَاغْلُظْ عَلَیْهِمْ ؕ— وَمَاْوٰىهُمْ جَهَنَّمُ ؕ— وَبِئْسَ الْمَصِیْرُ ۟
হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে তুমি জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; সিহঁতৰ আবাসস্থল হৈছে জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!
Arabic Tafsirs:
یَحْلِفُوْنَ بِاللّٰهِ مَا قَالُوْا ؕ— وَلَقَدْ قَالُوْا كَلِمَةَ الْكُفْرِ وَكَفَرُوْا بَعْدَ اِسْلَامِهِمْ وَهَمُّوْا بِمَا لَمْ یَنَالُوْا ۚ— وَمَا نَقَمُوْۤا اِلَّاۤ اَنْ اَغْنٰىهُمُ اللّٰهُ وَرَسُوْلُهٗ مِنْ فَضْلِهٖ ۚ— فَاِنْ یَّتُوْبُوْا یَكُ خَیْرًا لَّهُمْ ۚ— وَاِنْ یَّتَوَلَّوْا یُعَذِّبْهُمُ اللّٰهُ عَذَابًا اَلِیْمًا فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ— وَمَا لَهُمْ فِی الْاَرْضِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟
সিহঁতে আল্লাহৰ শপত খাই কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফুৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফুৰী কৰিছে; সিহঁতে এনেকুৱা বিষয়ৰ সংকল্প কৰিছিল যিটো সিহঁতে কাৰ্যকৰী কৰিব পৰা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত তেওঁলোকক (মুছলিমসকলক) অভাৱমুক্ত কৰিছিল বুলিয়ে সিহঁতে (কাফিৰ-মুনাফিকসকলে) বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তাওবা কৰে তেন্তে সিহঁতৰ বাবে কল্যাণকৰ হ’ব, আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে আল্লাহে পৃথিৱী আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব; ভূ-পৃষ্ঠত সিহঁতৰ কোনো অভিভাৱক নাই, আৰু কোনো সাহায্যকাৰীও নাই।
Arabic Tafsirs:
وَمِنْهُمْ مَّنْ عٰهَدَ اللّٰهَ لَىِٕنْ اٰتٰىنَا مِنْ فَضْلِهٖ لَنَصَّدَّقَنَّ وَلَنَكُوْنَنَّ مِنَ الصّٰلِحِیْنَ ۟
আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অঙ্গীকাৰ কৰিছিল যে, ‘আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় ছাদাক্বা কৰিম তথা সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হম’।
Arabic Tafsirs:
فَلَمَّاۤ اٰتٰىهُمْ مِّنْ فَضْلِهٖ بَخِلُوْا بِهٖ وَتَوَلَّوْا وَّهُمْ مُّعْرِضُوْنَ ۟
তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ পৰা দান কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল।
Arabic Tafsirs:
فَاَعْقَبَهُمْ نِفَاقًا فِیْ قُلُوْبِهِمْ اِلٰی یَوْمِ یَلْقَوْنَهٗ بِمَاۤ اَخْلَفُوا اللّٰهَ مَا وَعَدُوْهُ وَبِمَا كَانُوْا یَكْذِبُوْنَ ۟
পৰিণামস্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক্ব ৰাখি দিলে সেই দিৱসলৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব। কাৰণ সিহঁতে আল্লাহৰ সৈতে কৰা অঙ্গীকাৰ ভংগ কৰিছিল, লগতে মিছা কৈছিল।
Arabic Tafsirs:
اَلَمْ یَعْلَمُوْۤا اَنَّ اللّٰهَ یَعْلَمُ سِرَّهُمْ وَنَجْوٰىهُمْ وَاَنَّ اللّٰهَ عَلَّامُ الْغُیُوْبِ ۟ۚ
সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে সিহঁতৰ অন্তৰৰ গোপন কথা আৰু সিহঁতৰ গোপন পৰামৰ্শৰ বিষয়ে জানে? আৰু নিশ্চয় আল্লাহ গায়েব সম্পৰ্কে সম্যক অৱগত।
Arabic Tafsirs:
اَلَّذِیْنَ یَلْمِزُوْنَ الْمُطَّوِّعِیْنَ مِنَ الْمُؤْمِنِیْنَ فِی الصَّدَقٰتِ وَالَّذِیْنَ لَا یَجِدُوْنَ اِلَّا جُهْدَهُمْ فَیَسْخَرُوْنَ مِنْهُمْ ؕ— سَخِرَ اللّٰهُ مِنْهُمْ ؗ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟
মুমিনসকলৰ মাজৰ যিসকলে স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে। তাৰ পিছত সিহঁতক লৈ উপহাস কৰে, (এনে প্ৰকৃতিৰ লোকক) আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
Arabic Tafsirs:
اِسْتَغْفِرْ لَهُمْ اَوْ لَا تَسْتَغْفِرْ لَهُمْ ؕ— اِنْ تَسْتَغْفِرْ لَهُمْ سَبْعِیْنَ مَرَّةً فَلَنْ یَّغْفِرَ اللّٰهُ لَهُمْ ؕ— ذٰلِكَ بِاَنَّهُمْ كَفَرُوْا بِاللّٰهِ وَرَسُوْلِهٖ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟۠
তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা; তুমি যদি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰা তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Arabic Tafsirs:
فَرِحَ الْمُخَلَّفُوْنَ بِمَقْعَدِهِمْ خِلٰفَ رَسُوْلِ اللّٰهِ وَكَرِهُوْۤا اَنْ یُّجَاهِدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ فِیْ سَبِیْلِ اللّٰهِ وَقَالُوْا لَا تَنْفِرُوْا فِی الْحَرِّ ؕ— قُلْ نَارُ جَهَنَّمَ اَشَدُّ حَرًّا ؕ— لَوْ كَانُوْا یَفْقَهُوْنَ ۟
(তাবুকৰ অভিযানত) পিছত ৰৈ যোৱা লোকসকলে আল্লাহৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দবোধ কৰিলে আৰু সিহঁতৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে। ইয়াৰ ওপৰিও সিহঁতে ক’লে, ‘গৰমৰ মাজত তোমালোকে অভিযানলৈ ওলাই নাযাবা’। কোৱা, ‘জাহান্নামৰ জুই ইয়াতকৈও বেছি উত্তপ্ত’, যদি সিহঁতে বুজিলেহেঁতেন!
Arabic Tafsirs:
فَلْیَضْحَكُوْا قَلِیْلًا وَّلْیَبْكُوْا كَثِیْرًا ۚ— جَزَآءً بِمَا كَانُوْا یَكْسِبُوْنَ ۟
দৰাচলতে সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হঁহা উচিত আৰু বেছিকৈ কান্দা উচিত।
Arabic Tafsirs:
فَاِنْ رَّجَعَكَ اللّٰهُ اِلٰی طَآىِٕفَةٍ مِّنْهُمْ فَاسْتَاْذَنُوْكَ لِلْخُرُوْجِ فَقُلْ لَّنْ تَخْرُجُوْا مَعِیَ اَبَدًا وَّلَنْ تُقَاتِلُوْا مَعِیَ عَدُوًّا ؕ— اِنَّكُمْ رَضِیْتُمْ بِالْقُعُوْدِ اَوَّلَ مَرَّةٍ فَاقْعُدُوْا مَعَ الْخٰلِفِیْنَ ۟
এতেকে যদি আল্লাহে তোমাক (মাদীনালৈ) সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে (কোনো অভিযানত) ওলাবলৈ তোমাৰ ওচৰত অনুমতি বিচাৰে, তেতিয়া তুমি (সিহঁতক) ক’বা, ‘তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সংগী হৈও কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰিবা। তোমালোকে প্ৰথমেই বহি থকাক পছন্দ কৰিছিলা; সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা’।
Arabic Tafsirs:
وَلَا تُصَلِّ عَلٰۤی اَحَدٍ مِّنْهُمْ مَّاتَ اَبَدًا وَّلَا تَقُمْ عَلٰی قَبْرِهٖ ؕ— اِنَّهُمْ كَفَرُوْا بِاللّٰهِ وَرَسُوْلِهٖ وَمَاتُوْا وَهُمْ فٰسِقُوْنَ ۟
আৰু সিহঁতৰ মাজৰ কাৰোবাৰ মৃত্যু হ’লেও তুমি কেতিয়াও তাৰ জানাযাৰ ছালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ’বা; নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক্ব অৱস্থাতেই সিহঁতৰ মৃত্যু হৈছে।
Arabic Tafsirs:
وَلَا تُعْجِبْكَ اَمْوَالُهُمْ وَاَوْلَادُهُمْ ؕ— اِنَّمَا یُرِیْدُ اللّٰهُ اَنْ یُّعَذِّبَهُمْ بِهَا فِی الدُّنْیَا وَتَزْهَقَ اَنْفُسُهُمْ وَهُمْ كٰفِرُوْنَ ۟
সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।
Arabic Tafsirs:
وَاِذَاۤ اُنْزِلَتْ سُوْرَةٌ اَنْ اٰمِنُوْا بِاللّٰهِ وَجَاهِدُوْا مَعَ رَسُوْلِهِ اسْتَاْذَنَكَ اُولُوا الطَّوْلِ مِنْهُمْ وَقَالُوْا ذَرْنَا نَكُنْ مَّعَ الْقٰعِدِیْنَ ۟
আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু ৰাছুলৰ সংগী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজৰ যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰি কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’।
Arabic Tafsirs:
رَضُوْا بِاَنْ یَّكُوْنُوْا مَعَ الْخَوَالِفِ وَطُبِعَ عَلٰی قُلُوْبِهِمْ فَهُمْ لَا یَفْقَهُوْنَ ۟
সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়।
Arabic Tafsirs:
لٰكِنِ الرَّسُوْلُ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ جٰهَدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ ؕ— وَاُولٰٓىِٕكَ لَهُمُ الْخَیْرٰتُ ؗ— وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
কিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে; তেওঁলোকৰ বাবেই আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।
Arabic Tafsirs:
اَعَدَّ اللّٰهُ لَهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟۠
আল্লাহে তেওঁলোকৰ বাবে জান্নাত প্ৰস্তুত কৰি ৰাখিছে, যাৰ তলত প্ৰবাহিত আছে নদীসমূহ, তেওঁলোকে তাত (সেই জান্নাতত) চিৰকাল থাকিব; এইটোৱেই হৈছে মহাসফলতা।
Arabic Tafsirs:
وَجَآءَ الْمُعَذِّرُوْنَ مِنَ الْاَعْرَابِ لِیُؤْذَنَ لَهُمْ وَقَعَدَ الَّذِیْنَ كَذَبُوا اللّٰهَ وَرَسُوْلَهٗ ؕ— سَیُصِیْبُ الَّذِیْنَ كَفَرُوْا مِنْهُمْ عَذَابٌ اَلِیْمٌ ۟
আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজৰ যিসকলে কুফুৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।
Arabic Tafsirs:
لَیْسَ عَلَی الضُّعَفَآءِ وَلَا عَلَی الْمَرْضٰی وَلَا عَلَی الَّذِیْنَ لَا یَجِدُوْنَ مَا یُنْفِقُوْنَ حَرَجٌ اِذَا نَصَحُوْا لِلّٰهِ وَرَسُوْلِهٖ ؕ— مَا عَلَی الْمُحْسِنِیْنَ مِنْ سَبِیْلٍ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟ۙ
কোনো দোষ নাই দুৰ্বলসকলৰ, অসুস্থসকলৰ আৰু যিসকল অৰ্থ ব্যয় কৰিবলৈ অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Arabic Tafsirs:
وَّلَا عَلَی الَّذِیْنَ اِذَا مَاۤ اَتَوْكَ لِتَحْمِلَهُمْ قُلْتَ لَاۤ اَجِدُ مَاۤ اَحْمِلُكُمْ عَلَیْهِ ۪— تَوَلَّوْا وَّاَعْیُنُهُمْ تَفِیْضُ مِنَ الدَّمْعِ حَزَنًا اَلَّا یَجِدُوْا مَا یُنْفِقُوْنَ ۟ؕ
আৰু সেইসকল লোকৰো কোনো দোষ নাই, যিসকলে তোমাৰ ওচৰলৈ বাহন পোৱাৰ আশাত আহিছিল, তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই’; তেতিয়া তেওঁলোকে বাধ্য হৈ চকুলো টুকি উভতি গৈছিল এই দুখত যে, তেওঁলোকৰ ওচৰত ব্যয় কৰিব পৰা একো নাই।
Arabic Tafsirs:
اِنَّمَا السَّبِیْلُ عَلَی الَّذِیْنَ یَسْتَاْذِنُوْنَكَ وَهُمْ اَغْنِیَآءُ ۚ— رَضُوْا بِاَنْ یَّكُوْنُوْا مَعَ الْخَوَالِفِ ۙ— وَطَبَعَ اللّٰهُ عَلٰی قُلُوْبِهِمْ فَهُمْ لَا یَعْلَمُوْنَ ۟
কিন্তু যিসকল লোকে অভাৱমুক্ত হৈও (যুদ্ধত নোযোৱাৰ) অনুমতি বিচাৰিছিল, নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল। সেয়ে আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে জ্ঞান লাভ কৰিব নোৱাৰে।
Arabic Tafsirs:
یَعْتَذِرُوْنَ اِلَیْكُمْ اِذَا رَجَعْتُمْ اِلَیْهِمْ ؕ— قُلْ لَّا تَعْتَذِرُوْا لَنْ نُّؤْمِنَ لَكُمْ قَدْ نَبَّاَنَا اللّٰهُ مِنْ اَخْبَارِكُمْ ؕ— وَسَیَرَی اللّٰهُ عَمَلَكُمْ وَرَسُوْلُهٗ ثُمَّ تُرَدُّوْنَ اِلٰی عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
যেতিয়া তোমালোকে সিহঁতৰ ওচৰলৈ উভতি যাবা, তেতিয়া সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব। কোৱা, ‘তোমালোকে অজুহাত নেদেখুৱাবা, আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰোঁ; নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে আৰু (ভৱিষ্যতেও) আল্লাহে তোমালোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব আৰু তেওঁৰ ৰাছুলেও। তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত মহাজ্ঞানীৰ ওচৰলৈকে ওভতাই নিয়া হ’ব, তেতিয়া তেৱেঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা’।
Arabic Tafsirs:
سَیَحْلِفُوْنَ بِاللّٰهِ لَكُمْ اِذَا انْقَلَبْتُمْ اِلَیْهِمْ لِتُعْرِضُوْا عَنْهُمْ ؕ— فَاَعْرِضُوْا عَنْهُمْ ؕ— اِنَّهُمْ رِجْسٌ ؗ— وَّمَاْوٰىهُمْ جَهَنَّمُ ۚ— جَزَآءً بِمَا كَانُوْا یَكْسِبُوْنَ ۟
তোমালোকে যেতিয়া সিহঁতৰ ওচৰলৈ উভতি যাবা, অচিৰেই সিহঁতে তোমালোকৰ সন্মুখত আল্লাহৰ শপত খাব, যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা; নিশ্চয় সিহঁত অপৱিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামেই হৈছে সিহঁতৰ আবাসস্থল।
Arabic Tafsirs:
یَحْلِفُوْنَ لَكُمْ لِتَرْضَوْا عَنْهُمْ ۚ— فَاِنْ تَرْضَوْا عَنْهُمْ فَاِنَّ اللّٰهَ لَا یَرْضٰی عَنِ الْقَوْمِ الْفٰسِقِیْنَ ۟
সিহঁতে তোমালোকৰ সন্মুখত শপত কৰিব, যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা। এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হ’লেও আল্লাহে ফাছিক্ব সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়।
Arabic Tafsirs:
اَلْاَعْرَابُ اَشَدُّ كُفْرًا وَّنِفَاقًا وَّاَجْدَرُ اَلَّا یَعْلَمُوْا حُدُوْدَ مَاۤ اَنْزَلَ اللّٰهُ عَلٰی رَسُوْلِهٖ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
আ’ৰাব বা মৰুবাসীসকল কুফুৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ সিহঁতে অধিক উপযুক্ত; আৰু (জানি থোৱা) আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Arabic Tafsirs:
وَمِنَ الْاَعْرَابِ مَنْ یَّتَّخِذُ مَا یُنْفِقُ مَغْرَمًا وَّیَتَرَبَّصُ بِكُمُ الدَّوَآىِٕرَ ؕ— عَلَیْهِمْ دَآىِٕرَةُ السَّوْءِ ؕ— وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟
আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে আল্লাহৰ পথত ব্যয় কৰা দানক জৰিমনা বুলি গণ্য কৰে, লগতে তোমালোকৰ প্ৰতি (কালৰ) আৱৰ্তন (দুঃসময়)ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতেই হওক নিকৃষ্ট বিপৰ্যয়; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
Arabic Tafsirs:
وَمِنَ الْاَعْرَابِ مَنْ یُّؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَیَتَّخِذُ مَا یُنْفِقُ قُرُبٰتٍ عِنْدَ اللّٰهِ وَصَلَوٰتِ الرَّسُوْلِ ؕ— اَلَاۤ اِنَّهَا قُرْبَةٌ لَّهُمْ ؕ— سَیُدْخِلُهُمُ اللّٰهُ فِیْ رَحْمَتِهٖ ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠
আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে লগতে যি ব্যয় কৰে তাক আল্লাহৰ সান্নিধ্য আৰু ৰাছুলৰ দুআ লাভৰ উপায় বুলি গণ্য কৰে। জানি থোৱা, নিঃসন্দেহে তেওঁলোকৰ এই দান হৈছে (আল্লাহৰ) সান্নিধ্য লাভৰ উপায়; অচিৰেই আল্লাহে তেওঁলোকক নিজৰ ৰহমতত প্ৰৱেশ কৰাব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Arabic Tafsirs:
وَالسّٰبِقُوْنَ الْاَوَّلُوْنَ مِنَ الْمُهٰجِرِیْنَ وَالْاَنْصَارِ وَالَّذِیْنَ اتَّبَعُوْهُمْ بِاِحْسَانٍ ۙ— رَّضِیَ اللّٰهُ عَنْهُمْ وَرَضُوْا عَنْهُ وَاَعَدَّ لَهُمْ جَنّٰتٍ تَجْرِیْ تَحْتَهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟
মুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকল (ঈমান পোষণ কৰাৰ ক্ষেত্ৰত) প্ৰথম অগ্ৰগামী, লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকক অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে হৈছে মহাসফলতা।
Arabic Tafsirs:
وَمِمَّنْ حَوْلَكُمْ مِّنَ الْاَعْرَابِ مُنٰفِقُوْنَ ۛؕ— وَمِنْ اَهْلِ الْمَدِیْنَةِ ؔۛ۫— مَرَدُوْا عَلَی النِّفَاقِ ۫— لَا تَعْلَمُهُمْ ؕ— نَحْنُ نَعْلَمُهُمْ ؕ— سَنُعَذِّبُهُمْ مَّرَّتَیْنِ ثُمَّ یُرَدُّوْنَ اِلٰی عَذَابٍ عَظِیْمٍ ۟ۚ
মৰুবাসীসকলৰ মাজৰ যিসকলে তোমালোকৰ ওচৰে পাঁজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক, লগতে মদীনাবাসীৰ মাজতো আছে (কিছুমান মুনাফিক), সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
Arabic Tafsirs:
وَاٰخَرُوْنَ اعْتَرَفُوْا بِذُنُوْبِهِمْ خَلَطُوْا عَمَلًا صَالِحًا وَّاٰخَرَ سَیِّئًا ؕ— عَسَی اللّٰهُ اَنْ یَّتُوْبَ عَلَیْهِمْ ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
আৰু আন কিছুমান লোকে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিছে, সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে; সম্ভৱতঃ আল্লাহে সিহঁতক ক্ষমা কৰিব, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Arabic Tafsirs:
خُذْ مِنْ اَمْوَالِهِمْ صَدَقَةً تُطَهِّرُهُمْ وَتُزَكِّیْهِمْ بِهَا وَصَلِّ عَلَیْهِمْ ؕ— اِنَّ صَلٰوتَكَ سَكَنٌ لَّهُمْ ؕ— وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟
তুমি সিহঁতৰ সম্পদৰ পৰা চাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। নিঃসন্দেহে তোমাৰ দুআ হৈছে সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
Arabic Tafsirs:
اَلَمْ یَعْلَمُوْۤا اَنَّ اللّٰهَ هُوَ یَقْبَلُ التَّوْبَةَ عَنْ عِبَادِهٖ وَیَاْخُذُ الصَّدَقٰتِ وَاَنَّ اللّٰهَ هُوَ التَّوَّابُ الرَّحِیْمُ ۟
সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু চাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।
Arabic Tafsirs:
وَقُلِ اعْمَلُوْا فَسَیَرَی اللّٰهُ عَمَلَكُمْ وَرَسُوْلُهٗ وَالْمُؤْمِنُوْنَ ؕ— وَسَتُرَدُّوْنَ اِلٰی عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَیُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟ۚ
আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও (দেখিব)। অনতিপলমে তোমালোকক ওভতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ সত্ত্বা (আল্লাহ)ৰ ওচৰলৈ; অৱশেষত তেৱেঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা’।
Arabic Tafsirs:
وَاٰخَرُوْنَ مُرْجَوْنَ لِاَمْرِ اللّٰهِ اِمَّا یُعَذِّبُهُمْ وَاِمَّا یَتُوْبُ عَلَیْهِمْ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
আৰু আন কিছুমান লোকৰ বিষয়ে সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ’ল --- তেৱেঁই সিহঁতক শাস্তি দিব নহ’লে ক্ষমা কৰিব। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Arabic Tafsirs:
وَالَّذِیْنَ اتَّخَذُوْا مَسْجِدًا ضِرَارًا وَّكُفْرًا وَّتَفْرِیْقًا بَیْنَ الْمُؤْمِنِیْنَ وَاِرْصَادًا لِّمَنْ حَارَبَ اللّٰهَ وَرَسُوْلَهٗ مِنْ قَبْلُ ؕ— وَلَیَحْلِفُنَّ اِنْ اَرَدْنَاۤ اِلَّا الْحُسْنٰی ؕ— وَاللّٰهُ یَشْهَدُ اِنَّهُمْ لَكٰذِبُوْنَ ۟
আৰু (কিছুমান আছে) যিসকলে ক্ষতিসাধন কৰাৰ উদ্দেশ্যে, কুফুৰী কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে, লগতে ইতিপূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে (এখন নতুন) মছজিদ নিৰ্মাণ কৰিছে । সিহঁতে নিশ্চয় শপত খাই ক’ব, ‘আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিঃসন্দেহে সিহঁত মিছলীয়া।
Arabic Tafsirs:
لَا تَقُمْ فِیْهِ اَبَدًا ؕ— لَمَسْجِدٌ اُسِّسَ عَلَی التَّقْوٰی مِنْ اَوَّلِ یَوْمٍ اَحَقُّ اَنْ تَقُوْمَ فِیْهِ ؕ— فِیْهِ رِجَالٌ یُّحِبُّوْنَ اَنْ یَّتَطَهَّرُوْا ؕ— وَاللّٰهُ یُحِبُّ الْمُطَّهِّرِیْنَ ۟
তুমি তাত কেতিয়াও (ছালাতৰ বাবে) থিয় নহ’বা; (আনহাতে) যি মছজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাক্বৱাৰ ওপৰত, সেইখনতহে ছালাতৰ বাবে থিয় হোৱা তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পৱিত্ৰতা অৰ্জন কৰিবলৈ ভালপায়, আৰু পৱিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভালপায়।
Arabic Tafsirs:
اَفَمَنْ اَسَّسَ بُنْیَانَهٗ عَلٰی تَقْوٰی مِنَ اللّٰهِ وَرِضْوَانٍ خَیْرٌ اَمْ مَّنْ اَسَّسَ بُنْیَانَهٗ عَلٰی شَفَا جُرُفٍ هَارٍ فَانْهَارَ بِهٖ فِیْ نَارِ جَهَنَّمَ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟
এতেকে যি ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰিছে সি উত্তম নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰিছে খহি পৰিব ধৰা গৰাৰ কাষত? ফলত ই তাকলৈ জাহান্নামৰ অগ্নিত খহি পৰিল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Arabic Tafsirs:
لَا یَزَالُ بُنْیَانُهُمُ الَّذِیْ بَنَوْا رِیْبَةً فِیْ قُلُوْبِهِمْ اِلَّاۤ اَنْ تَقَطَّعَ قُلُوْبُهُمْ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟۠
সিহঁতৰ নিৰ্মিত গৃহ, সিহঁতৰ অন্তৰত সদায় সন্দেহৰ কাৰণ হৈ থাকিব, যেতিয়ালৈকে সিহঁতৰ অন্তৰ ছিন্ন-বিছিন্ন হৈ নাযায়। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Arabic Tafsirs:
اِنَّ اللّٰهَ اشْتَرٰی مِنَ الْمُؤْمِنِیْنَ اَنْفُسَهُمْ وَاَمْوَالَهُمْ بِاَنَّ لَهُمُ الْجَنَّةَ ؕ— یُقَاتِلُوْنَ فِیْ سَبِیْلِ اللّٰهِ فَیَقْتُلُوْنَ وَیُقْتَلُوْنَ ۫— وَعْدًا عَلَیْهِ حَقًّا فِی التَّوْرٰىةِ وَالْاِنْجِیْلِ وَالْقُرْاٰنِ ؕ— وَمَنْ اَوْفٰی بِعَهْدِهٖ مِنَ اللّٰهِ فَاسْتَبْشِرُوْا بِبَیْعِكُمُ الَّذِیْ بَایَعْتُمْ بِهٖ ؕ— وَذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟
নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা তেওঁলোকৰ জীৱন আৰু সম্পদ জান্নাতৰ বিনিময়ত কিনি লৈছে। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, ফলত তেওঁলোকে (শত্ৰুক) হত্যা কৰে আৰু নিজেও নিহত হয়। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সত্য প্ৰতিশ্ৰুতি আছে; প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে সুসংবাদ গ্ৰহণ কৰা; কিয়নো এইটোৱেই হৈছে মহাসফলতা।
Arabic Tafsirs:
اَلتَّآىِٕبُوْنَ الْعٰبِدُوْنَ الْحٰمِدُوْنَ السَّآىِٕحُوْنَ الرّٰكِعُوْنَ السّٰجِدُوْنَ الْاٰمِرُوْنَ بِالْمَعْرُوْفِ وَالنَّاهُوْنَ عَنِ الْمُنْكَرِ وَالْحٰفِظُوْنَ لِحُدُوْدِ اللّٰهِ ؕ— وَبَشِّرِ الْمُؤْمِنِیْنَ ۟
তেওঁলোক হৈছে তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।
Arabic Tafsirs:
مَا كَانَ لِلنَّبِیِّ وَالَّذِیْنَ اٰمَنُوْۤا اَنْ یَّسْتَغْفِرُوْا لِلْمُشْرِكِیْنَ وَلَوْ كَانُوْۤا اُولِیْ قُرْبٰی مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمْ اَنَّهُمْ اَصْحٰبُ الْجَحِیْمِ ۟
নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী।
Arabic Tafsirs:
وَمَا كَانَ اسْتِغْفَارُ اِبْرٰهِیْمَ لِاَبِیْهِ اِلَّا عَنْ مَّوْعِدَةٍ وَّعَدَهَاۤ اِیَّاهُ ۚ— فَلَمَّا تَبَیَّنَ لَهٗۤ اَنَّهٗ عَدُوٌّ لِّلّٰهِ تَبَرَّاَ مِنْهُ ؕ— اِنَّ اِبْرٰهِیْمَ لَاَوَّاهٌ حَلِیْمٌ ۟
আৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, তেওঁ (ৰ পিতা হৈছে) আল্লাহৰ শত্ৰু, তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিছিল। নিশ্চয় ইব্ৰাহীম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।
Arabic Tafsirs:
وَمَا كَانَ اللّٰهُ لِیُضِلَّ قَوْمًا بَعْدَ اِذْ هَدٰىهُمْ حَتّٰی یُبَیِّنَ لَهُمْ مَّا یَتَّقُوْنَ ؕ— اِنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
আৰু আল্লাহ এনেকুৱা নহয় যে, তেওঁ কোনো সম্প্ৰদায়ক হিদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
Arabic Tafsirs:
اِنَّ اللّٰهَ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— یُحْیٖ وَیُمِیْتُ ؕ— وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟
নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই আৰু কোনো সহায়কাৰীও নাই।
Arabic Tafsirs:
لَقَدْ تَّابَ اللّٰهُ عَلَی النَّبِیِّ وَالْمُهٰجِرِیْنَ وَالْاَنْصَارِ الَّذِیْنَ اتَّبَعُوْهُ فِیْ سَاعَةِ الْعُسْرَةِ مِنْ بَعْدِ مَا كَادَ یَزِیْغُ قُلُوْبُ فَرِیْقٍ مِّنْهُمْ ثُمَّ تَابَ عَلَیْهِمْ ؕ— اِنَّهٗ بِهِمْ رَءُوْفٌ رَّحِیْمٌ ۟ۙ
নিশ্চয় আল্লাহে নবীৰ, মুহাজিৰ আৰু আনছাৰসকলৰ তাওবা কবুল কৰিছে, যিসকলে সংকটময় মুহূৰ্তত তেওঁৰ অনুসৰণ কৰিছিল– আনকি তেওঁলোকৰ মাজৰ এটা দলৰ হৃদয় সত্যচুত হোৱাৰ উপক্ৰম হৈছিল। তাৰ পিছত আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰিছে; নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু।
Arabic Tafsirs:
وَّعَلَی الثَّلٰثَةِ الَّذِیْنَ خُلِّفُوْا ؕ— حَتّٰۤی اِذَا ضَاقَتْ عَلَیْهِمُ الْاَرْضُ بِمَا رَحُبَتْ وَضَاقَتْ عَلَیْهِمْ اَنْفُسُهُمْ وَظَنُّوْۤا اَنْ لَّا مَلْجَاَ مِنَ اللّٰهِ اِلَّاۤ اِلَیْهِ ؕ— ثُمَّ تَابَ عَلَیْهِمْ لِیَتُوْبُوْا ؕ— اِنَّ اللّٰهَ هُوَ التَّوَّابُ الرَّحِیْمُ ۟۠
আৰু সেই তিনিজন ব্যক্তিৰো তেওঁ তাওবা কবুল কৰিলে, যিসকলৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তেওঁলোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু তেওঁলোকৰ জীৱন তেওঁলোকৰ বাবে দুৰ্বিষহ হৈ পৰিছিল আৰু তেওঁলোকে নিশ্চিত উপলব্ধি কৰিছিল যে, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰ পিছত তেওঁ তেওঁলোকৰ তাওবা কবুল কৰিলে যাতে তেওঁলোকে তাওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।
Arabic Tafsirs:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَكُوْنُوْا مَعَ الصّٰدِقِیْنَ ۟
হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সংগী হোৱা।
Arabic Tafsirs:
مَا كَانَ لِاَهْلِ الْمَدِیْنَةِ وَمَنْ حَوْلَهُمْ مِّنَ الْاَعْرَابِ اَنْ یَّتَخَلَّفُوْا عَنْ رَّسُوْلِ اللّٰهِ وَلَا یَرْغَبُوْا بِاَنْفُسِهِمْ عَنْ نَّفْسِهٖ ؕ— ذٰلِكَ بِاَنَّهُمْ لَا یُصِیْبُهُمْ ظَمَاٌ وَّلَا نَصَبٌ وَّلَا مَخْمَصَةٌ فِیْ سَبِیْلِ اللّٰهِ وَلَا یَطَـُٔوْنَ مَوْطِئًا یَّغِیْظُ الْكُفَّارَ وَلَا یَنَالُوْنَ مِنْ عَدُوٍّ نَّیْلًا اِلَّا كُتِبَ لَهُمْ بِهٖ عَمَلٌ صَالِحٌ ؕ— اِنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟ۙ
আল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু ৰাছুলৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদীনাবাসী আৰু তেওঁলোকৰ ওচৰে-পাঁজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়; কাৰণ আল্লাহৰ পথত তেওঁলোকৰ যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমণ কৰা তেওঁলোকৰ প্ৰতিটো পদক্ষেপ যিটোৱে শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, সেইবোৰ তেওঁলোকৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহ মুহছিনসকলৰ কৰ্মৰ প্ৰতিফল বিনষ্ট নকৰে।
Arabic Tafsirs:
وَلَا یُنْفِقُوْنَ نَفَقَةً صَغِیْرَةً وَّلَا كَبِیْرَةً وَّلَا یَقْطَعُوْنَ وَادِیًا اِلَّا كُتِبَ لَهُمْ لِیَجْزِیَهُمُ اللّٰهُ اَحْسَنَ مَا كَانُوْا یَعْمَلُوْنَ ۟
তেওঁলোকে সৰু-ডাঙৰ যিটোৱে ব্যয় নকৰক কিয় আৰু যিকোনো উপত্যকাই অতিক্ৰম নকৰক কিয় সেইটোৱে তেওঁলোকৰ বাবে লিপিবদ্ধ কৰি থোৱা হয় – যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উৎকৃষ্ট পুৰস্কাৰ প্ৰদান কৰিব পাৰে।
Arabic Tafsirs:
وَمَا كَانَ الْمُؤْمِنُوْنَ لِیَنْفِرُوْا كَآفَّةً ؕ— فَلَوْلَا نَفَرَ مِنْ كُلِّ فِرْقَةٍ مِّنْهُمْ طَآىِٕفَةٌ لِّیَتَفَقَّهُوْا فِی الدِّیْنِ وَلِیُنْذِرُوْا قَوْمَهُمْ اِذَا رَجَعُوْۤا اِلَیْهِمْ لَعَلَّهُمْ یَحْذَرُوْنَ ۟۠
আৰু মুমিনসকলে সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয়। এতেকে তেওঁলোকৰ প্ৰত্যেক দলৰ পৰা একাংশই কিয় নোলায়, যাতে তেওঁলোকে দ্বীনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে, আৰু যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিব তেতিয়া তেওঁলোকক ভীতিপ্ৰদৰ্শন কৰিব পাৰে, যাতে তেওঁলোকো সতৰ্ক হ’ব পাৰে।
Arabic Tafsirs:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا قَاتِلُوا الَّذِیْنَ یَلُوْنَكُمْ مِّنَ الْكُفَّارِ وَلْیَجِدُوْا فِیْكُمْ غِلْظَةً ؕ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ مَعَ الْمُتَّقِیْنَ ۟
হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰে-পাঁজৰে থকা কাফিৰসকলৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু সিহঁতে যেন তোমালোকৰ মাজত কঠোৰতা দেখিবলৈ পায়। জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।
Arabic Tafsirs:
وَاِذَا مَاۤ اُنْزِلَتْ سُوْرَةٌ فَمِنْهُمْ مَّنْ یَّقُوْلُ اَیُّكُمْ زَادَتْهُ هٰذِهٖۤ اِیْمَانًا ۚ— فَاَمَّا الَّذِیْنَ اٰمَنُوْا فَزَادَتْهُمْ اِیْمَانًا وَّهُمْ یَسْتَبْشِرُوْنَ ۟
আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এই ছুৰাই তোমালোকৰ মাজৰ কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে (কোৱা) যিসকলে ঈমান আনিছে (এই ছুৰাই) তেওঁলোকৰেই ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়।
Arabic Tafsirs:
وَاَمَّا الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ فَزَادَتْهُمْ رِجْسًا اِلٰی رِجْسِهِمْ وَمَاتُوْا وَهُمْ كٰفِرُوْنَ ۟
আনহাতে যিসকলৰ অন্তৰত ব্যাধি আছে, এই ছুৰাই সিহঁতৰ কলুষৰ লগত অধিক কলুষ বৃদ্ধি কৰিছে; আৰু সিহঁতে কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰে।
Arabic Tafsirs:
اَوَلَا یَرَوْنَ اَنَّهُمْ یُفْتَنُوْنَ فِیْ كُلِّ عَامٍ مَّرَّةً اَوْ مَرَّتَیْنِ ثُمَّ لَا یَتُوْبُوْنَ وَلَا هُمْ یَذَّكَّرُوْنَ ۟
সিহঁতে দেখা নাপায়নে যে, সিহঁতক প্ৰতি বছৰে এবাৰ বা দুবাৰকৈ বিপৰ্যস্ত কৰা হয়? ইয়াৰ পিছতো কিয় সিহঁতে তাওবা নকৰে আৰু উপদেশ গ্ৰহণ নকৰে।
Arabic Tafsirs:
وَاِذَا مَاۤ اُنْزِلَتْ سُوْرَةٌ نَّظَرَ بَعْضُهُمْ اِلٰی بَعْضٍ ؕ— هَلْ یَرٰىكُمْ مِّنْ اَحَدٍ ثُمَّ انْصَرَفُوْا ؕ— صَرَفَ اللّٰهُ قُلُوْبَهُمْ بِاَنَّهُمْ قَوْمٌ لَّا یَفْقَهُوْنَ ۟
আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰি কয়, ‘তোমালোকক কোনোবাই লক্ষ্য কৰা নাইতো’? তাৰ পিছত সিহঁত আঁতৰি যায়। আল্লাহে সিহঁতৰ হৃদয়ক সত্যবিমুখ কৰি দিছে; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।
Arabic Tafsirs:
لَقَدْ جَآءَكُمْ رَسُوْلٌ مِّنْ اَنْفُسِكُمْ عَزِیْزٌ عَلَیْهِ مَا عَنِتُّمْ حَرِیْصٌ عَلَیْكُمْ بِالْمُؤْمِنِیْنَ رَءُوْفٌ رَّحِیْمٌ ۟
নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ হিতাকাংক্ষী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।
Arabic Tafsirs:
فَاِنْ تَوَلَّوْا فَقُلْ حَسْبِیَ اللّٰهُ ۖؗ— لَاۤ اِلٰهَ اِلَّا هُوَ ؕ— عَلَیْهِ تَوَكَّلْتُ وَهُوَ رَبُّ الْعَرْشِ الْعَظِیْمِ ۟۠
এতেকে সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিছোঁ আৰু তেৱেঁই হৈছে মহা আৰছৰ প্ৰতিপালক’।
Arabic Tafsirs:
 
Translation of the Meanings Surah: At-Tawbah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Assamese translation - Rafiqul Islam Habibur Rahman. - Index of Translations

Translated by Rafiqul Islam Habibur Rahman

Close