Check out the new design

Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. * - Translations’ Index

PDF XML CSV Excel API
Please review the Terms and Policies

Translation of the meanings Surah: An-Nisā’   Ayah:
اِنَّاۤ اَوْحَیْنَاۤ اِلَیْكَ كَمَاۤ اَوْحَیْنَاۤ اِلٰی نُوْحٍ وَّالنَّبِیّٖنَ مِنْ بَعْدِهٖ ۚ— وَاَوْحَیْنَاۤ اِلٰۤی اِبْرٰهِیْمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَعِیْسٰی وَاَیُّوْبَ وَیُوْنُسَ وَهٰرُوْنَ وَسُلَیْمٰنَ ۚ— وَاٰتَیْنَا دَاوٗدَ زَبُوْرًا ۟ۚ
নিশ্চয় আমি তোমাৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ; আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বূব আৰু তেওঁৰ বংশধৰ, ঈছা, আইউব, ইউনুছ, হাৰুন আৰু ছুলাইমানৰ ওচৰতো অহী প্ৰেৰণ কৰিছিলোঁ, লগতে দাঊদক প্ৰদান কৰিছিলোঁ যাবূৰ।
Arabic explanations of the Qur’an:
وَرُسُلًا قَدْ قَصَصْنٰهُمْ عَلَیْكَ مِنْ قَبْلُ وَرُسُلًا لَّمْ نَقْصُصْهُمْ عَلَیْكَ ؕ— وَكَلَّمَ اللّٰهُ مُوْسٰی تَكْلِیْمًا ۟ۚ
আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছোঁ আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই, (জানি থোৱা) আল্লাহে মুছাৰ সৈতে সুস্পষ্টৰূপে কথা কৈছে।
Arabic explanations of the Qur’an:
رُسُلًا مُّبَشِّرِیْنَ وَمُنْذِرِیْنَ لِئَلَّا یَكُوْنَ لِلنَّاسِ عَلَی اللّٰهِ حُجَّةٌ بَعْدَ الرُّسُلِ ؕ— وَكَانَ اللّٰهُ عَزِیْزًا حَكِیْمًا ۟
সুসংবাদবাহী আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Arabic explanations of the Qur’an:
لٰكِنِ اللّٰهُ یَشْهَدُ بِمَاۤ اَنْزَلَ اِلَیْكَ اَنْزَلَهٗ بِعِلْمِهٖ ۚ— وَالْمَلٰٓىِٕكَةُ یَشْهَدُوْنَ ؕ— وَكَفٰی بِاللّٰهِ شَهِیْدًا ۟ؕ
কিন্তু আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তেওঁ নিজেই তাৰ সাক্ষী। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে, যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।
Arabic explanations of the Qur’an:
اِنَّ الَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ قَدْ ضَلُّوْا ضَلٰلًا بَعِیْدًا ۟
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰিছে, সিহঁত নিশ্চিতৰূপে ভীষণভাৱে পথভ্ৰষ্ট হৈছে।
Arabic explanations of the Qur’an:
اِنَّ الَّذِیْنَ كَفَرُوْا وَظَلَمُوْا لَمْ یَكُنِ اللّٰهُ لِیَغْفِرَ لَهُمْ وَلَا لِیَهْدِیَهُمْ طَرِیْقًا ۟ۙ
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু অন্যায়-অত্যাচাৰ কৰিছে, আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখাব।
Arabic explanations of the Qur’an:
اِلَّا طَرِیْقَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— وَكَانَ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرًا ۟
কেৱল জাহান্নামৰ পথৰ বাহিৰে। তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ।
Arabic explanations of the Qur’an:
یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَكُمُ الرَّسُوْلُ بِالْحَقِّ مِنْ رَّبِّكُمْ فَاٰمِنُوْا خَیْرًا لَّكُمْ ؕ— وَاِنْ تَكْفُرُوْا فَاِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟
হে মানৱজাতি! নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য লৈ আহিছে, এতেকে তোমালোকে ঈমান পোষণ কৰা, এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ’ব। আনহাতে যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Arabic explanations of the Qur’an:
 
Translation of the meanings Surah: An-Nisā’
Surahs’ Index Page Number
 
Translation of the Meanings of the Noble Qur'an - Assamese translation - Rafiqul Islam Habibur Rahman. - Translations’ Index

Translated by Rafiqul Islam Habibur Rahman

close