Check out the new design

Translation of the Meanings of the Noble Quran - Assamese translation - Rafiqul Islam Habibur Rahman. * - Index of Translations

PDF XML CSV Excel API
Please review the Terms and Policies

Translation of the Meanings Surah: Tā-ha   Verse:

ত্বা-হা

طٰهٰ ۟
ত্বা-হা [1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Arabic Tafsirs:
مَاۤ اَنْزَلْنَا عَلَیْكَ الْقُرْاٰنَ لِتَشْقٰۤی ۟ۙ
তোমাক দুখ-কষ্টত পতিত কৰিবলৈ আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰা নাই;
Arabic Tafsirs:
اِلَّا تَذْكِرَةً لِّمَنْ یَّخْشٰی ۟ۙ
বৰং যিয়ে (আল্লাহক) ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছোঁ),
Arabic Tafsirs:
تَنْزِیْلًا مِّمَّنْ خَلَقَ الْاَرْضَ وَالسَّمٰوٰتِ الْعُلٰی ۟ؕ
এইখন তেওঁৰ ফালৰ পৰা অৱতীৰ্ণ; যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে,
Arabic Tafsirs:
اَلرَّحْمٰنُ عَلَی الْعَرْشِ اسْتَوٰی ۟
পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।
Arabic Tafsirs:
لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَمَا بَیْنَهُمَا وَمَا تَحْتَ الثَّرٰی ۟
আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে লগতে ভূ-গৰ্ভত যি আছে সেই সকলো তেওঁৰেই।
Arabic Tafsirs:
وَاِنْ تَجْهَرْ بِالْقَوْلِ فَاِنَّهٗ یَعْلَمُ السِّرَّ وَاَخْفٰی ۟
আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অব্যক্ত সকলো বিষয়ে অৱগত।
Arabic Tafsirs:
اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ— لَهُ الْاَسْمَآءُ الْحُسْنٰی ۟
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই।
Arabic Tafsirs:
وَهَلْ اَتٰىكَ حَدِیْثُ مُوْسٰی ۟ۘ
আৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহি পাইছেনে?
Arabic Tafsirs:
اِذْ رَاٰ نَارًا فَقَالَ لِاَهْلِهِ امْكُثُوْۤا اِنِّیْۤ اٰنَسْتُ نَارًا لَّعَلِّیْۤ اٰتِیْكُمْ مِّنْهَا بِقَبَسٍ اَوْ اَجِدُ عَلَی النَّارِ هُدًی ۟
তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজৰ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। আশা কৰোঁ মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰোঁ’।
Arabic Tafsirs:
فَلَمَّاۤ اَتٰىهَا نُوْدِیَ یٰمُوْسٰی ۟ؕ
যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মুছা!
Arabic Tafsirs:
اِنِّیْۤ اَنَا رَبُّكَ فَاخْلَعْ نَعْلَیْكَ ۚ— اِنَّكَ بِالْوَادِ الْمُقَدَّسِ طُوًی ۟ؕ
‘নিশ্চয় ময়েই হৈছোঁ তোমাৰ প্ৰতিপালক, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।
Arabic Tafsirs:
وَاَنَا اخْتَرْتُكَ فَاسْتَمِعْ لِمَا یُوْحٰی ۟
‘আৰু মই তোমাক মনোনীত কৰিছোঁ। এতেকে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।
Arabic Tafsirs:
اِنَّنِیْۤ اَنَا اللّٰهُ لَاۤ اِلٰهَ اِلَّاۤ اَنَا فَاعْبُدْنِیْ ۙ— وَاَقِمِ الصَّلٰوةَ لِذِكْرِیْ ۟
‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।
Arabic Tafsirs:
اِنَّ السَّاعَةَ اٰتِیَةٌ اَكَادُ اُخْفِیْهَا لِتُجْزٰی كُلُّ نَفْسٍ بِمَا تَسْعٰی ۟
‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ, যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পৰা যায়।
Arabic Tafsirs:
فَلَا یَصُدَّنَّكَ عَنْهَا مَنْ لَّا یُؤْمِنُ بِهَا وَاتَّبَعَ هَوٰىهُ فَتَرْدٰی ۟
‘এতেকে যি ব্যক্তিয়ে কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনিবলৈ বিৰত ৰাখিব নোৱাৰে, অন্যথা তুমি ধ্বংস হৈ যাবা।
Arabic Tafsirs:
وَمَا تِلْكَ بِیَمِیْنِكَ یٰمُوْسٰی ۟
‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’?
Arabic Tafsirs:
قَالَ هِیَ عَصَایَ ۚ— اَتَوَكَّؤُا عَلَیْهَا وَاَهُشُّ بِهَا عَلٰی غَنَمِیْ وَلِیَ فِیْهَا مَاٰرِبُ اُخْرٰی ۟
তেওঁ ক’লে, ‘এইডাল হৈছে মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।
Arabic Tafsirs:
قَالَ اَلْقِهَا یٰمُوْسٰی ۟
আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।
Arabic Tafsirs:
فَاَلْقٰىهَا فَاِذَا هِیَ حَیَّةٌ تَسْعٰی ۟
তাৰ পিছত তেওঁ সেই লাখুটিডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিবলৈ ধৰিলে,
Arabic Tafsirs:
قَالَ خُذْهَا وَلَا تَخَفْ ۫— سَنُعِیْدُهَا سِیْرَتَهَا الْاُوْلٰی ۟
আল্লাহে ক’লে, ‘তুমি ইয়াক ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থালৈ ওভতাই দিম।
Arabic Tafsirs:
وَاضْمُمْ یَدَكَ اِلٰی جَنَاحِكَ تَخْرُجْ بَیْضَآءَ مِنْ غَیْرِ سُوْٓءٍ اٰیَةً اُخْرٰی ۟ۙ
‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ উজ্জ্বল হৈ ওলাই আহিব, এইটো হৈছে আন এটা নিদৰ্শন।
Arabic Tafsirs:
لِنُرِیَكَ مِنْ اٰیٰتِنَا الْكُبْرٰی ۟ۚ
‘এইটো এইকাৰণে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।
Arabic Tafsirs:
اِذْهَبْ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ۟۠
‘তুমি ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।
Arabic Tafsirs:
قَالَ رَبِّ اشْرَحْ لِیْ صَدْرِیْ ۟ۙ
মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।
Arabic Tafsirs:
وَیَسِّرْ لِیْۤ اَمْرِیْ ۟ۙ
‘আৰু মোৰ কাম সহজ কৰি দিয়া,
Arabic Tafsirs:
وَاحْلُلْ عُقْدَةً مِّنْ لِّسَانِیْ ۟ۙ
‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-
Arabic Tafsirs:
یَفْقَهُوْا قَوْلِیْ ۪۟
‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।
Arabic Tafsirs:
وَاجْعَلْ لِّیْ وَزِیْرًا مِّنْ اَهْلِیْ ۟ۙ
‘আৰু মোৰ পৰিয়ালৰ মাজৰ পৰা মোৰ বাবে এজন সহায়ক নিৰ্ধাৰণ কৰি দিয়া;
Arabic Tafsirs:
هٰرُوْنَ اَخِی ۟ۙ
‘মোৰ ভাই হাৰূনক;
Arabic Tafsirs:
اشْدُدْ بِهٖۤ اَزْرِیْ ۟ۙ
‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,
Arabic Tafsirs:
وَاَشْرِكْهُ فِیْۤ اَمْرِیْ ۟ۙ
‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,
Arabic Tafsirs:
كَیْ نُسَبِّحَكَ كَثِیْرًا ۟ۙ
‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ,
Arabic Tafsirs:
وَّنَذْكُرَكَ كَثِیْرًا ۟ؕ
‘আৰু অধিক পৰিমাণে তোমাক স্মৰণ কৰিব পাৰোঁ।
Arabic Tafsirs:
اِنَّكَ كُنْتَ بِنَا بَصِیْرًا ۟
‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।
Arabic Tafsirs:
قَالَ قَدْ اُوْتِیْتَ سُؤْلَكَ یٰمُوْسٰی ۟
তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।
Arabic Tafsirs:
وَلَقَدْ مَنَنَّا عَلَیْكَ مَرَّةً اُخْرٰۤی ۟ۙ
‘নিশ্চয় আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলোঁ;
Arabic Tafsirs:
اِذْ اَوْحَیْنَاۤ اِلٰۤی اُمِّكَ مَا یُوْحٰۤی ۟ۙ
‘যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলোঁ,
Arabic Tafsirs:
اَنِ اقْذِفِیْهِ فِی التَّابُوْتِ فَاقْذِفِیْهِ فِی الْیَمِّ فَلْیُلْقِهِ الْیَمُّ بِالسَّاحِلِ یَاْخُذْهُ عَدُوٌّ لِّیْ وَعَدُوٌّ لَّهٗ ؕ— وَاَلْقَیْتُ عَلَیْكَ مَحَبَّةً مِّنِّیْ ۚ۬— وَلِتُصْنَعَ عَلٰی عَیْنِیْ ۟ۘ
‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক (নীল) নদীত উটুৱাই দিয়া, যাতে নদীয়ে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ আৰু তেওঁৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলোঁ, যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।
Arabic Tafsirs:
اِذْ تَمْشِیْۤ اُخْتُكَ فَتَقُوْلُ هَلْ اَدُلُّكُمْ عَلٰی مَنْ یَّكْفُلُهٗ ؕ— فَرَجَعْنٰكَ اِلٰۤی اُمِّكَ كَیْ تَقَرَّ عَیْنُهَا وَلَا تَحْزَنَ ؕ۬— وَقَتَلْتَ نَفْسًا فَنَجَّیْنٰكَ مِنَ الْغَمِّ وَفَتَنّٰكَ فُتُوْنًا ۫۬— فَلَبِثْتَ سِنِیْنَ فِیْۤ اَهْلِ مَدْیَنَ ۙ۬— ثُمَّ جِئْتَ عَلٰی قَدَرٍ یّٰمُوْسٰی ۟
‘যেতিয়া তোমাৰ বায়েৰে (বাকচটোক অনুসৰণ কৰি) খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (সিহঁতক) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলোঁ, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাগি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলোঁ আৰু আমি তোমাক বহু পৰীক্ষা কৰিছোঁ। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছতহে তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।
Arabic Tafsirs:
وَاصْطَنَعْتُكَ لِنَفْسِیْ ۟ۚ
‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি (মনোনীত কৰি) লৈছোঁ।
Arabic Tafsirs:
اِذْهَبْ اَنْتَ وَاَخُوْكَ بِاٰیٰتِیْ وَلَا تَنِیَا فِیْ ذِكْرِیْ ۟ۚ
‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা,
Arabic Tafsirs:
اِذْهَبَاۤ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ۟ۚۖ
‘তোমালোকে দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।
Arabic Tafsirs:
فَقُوْلَا لَهٗ قَوْلًا لَّیِّنًا لَّعَلَّهٗ یَتَذَكَّرُ اَوْ یَخْشٰی ۟
‘তোমালোকে তাৰ লগত নম্ৰভাৱে কথা ক'বা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।
Arabic Tafsirs:
قَالَا رَبَّنَاۤ اِنَّنَا نَخَافُ اَنْ یَّفْرُطَ عَلَیْنَاۤ اَوْ اَنْ یَّطْغٰی ۟
তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।
Arabic Tafsirs:
قَالَ لَا تَخَافَاۤ اِنَّنِیْ مَعَكُمَاۤ اَسْمَعُ وَاَرٰی ۟
তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছোঁ, মই শুনো আৰু দেখোঁ’।
Arabic Tafsirs:
فَاْتِیٰهُ فَقُوْلَاۤ اِنَّا رَسُوْلَا رَبِّكَ فَاَرْسِلْ مَعَنَا بَنِیْۤ اِسْرَآءِیْلَ ۙ۬— وَلَا تُعَذِّبْهُمْ ؕ— قَدْ جِئْنٰكَ بِاٰیَةٍ مِّنْ رَّبِّكَ ؕ— وَالسَّلٰمُ عَلٰی مَنِ اتَّبَعَ الْهُدٰی ۟
এতেকে তোমালোকে তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছোঁ; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওক।
Arabic Tafsirs:
اِنَّا قَدْ اُوْحِیَ اِلَیْنَاۤ اَنَّ الْعَذَابَ عَلٰی مَنْ كَذَّبَ وَتَوَلّٰی ۟
‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে (সত্যক) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়’।
Arabic Tafsirs:
قَالَ فَمَنْ رَّبُّكُمَا یٰمُوْسٰی ۟
ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’?
Arabic Tafsirs:
قَالَ رَبُّنَا الَّذِیْۤ اَعْطٰی كُلَّ شَیْءٍ خَلْقَهٗ ثُمَّ هَدٰی ۟
মুছাই ক’লে, ‘তেৱেঁই হৈছে আমাৰ ৰব (প্ৰতিপালক), যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।
Arabic Tafsirs:
قَالَ فَمَا بَالُ الْقُرُوْنِ الْاُوْلٰی ۟
ফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’?
Arabic Tafsirs:
قَالَ عِلْمُهَا عِنْدَ رَبِّیْ فِیْ كِتٰبٍ ۚ— لَا یَضِلُّ رَبِّیْ وَلَا یَنْسَی ۟ؗ
মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।
Arabic Tafsirs:
الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ مَهْدًا وَّسَلَكَ لَكُمْ فِیْهَا سُبُلًا وَّاَنْزَلَ مِنَ السَّمَآءِ مَآءً ؕ— فَاَخْرَجْنَا بِهٖۤ اَزْوَاجًا مِّنْ نَّبَاتٍ شَتّٰی ۟
‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।
Arabic Tafsirs:
كُلُوْا وَارْعَوْا اَنْعَامَكُمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّاُولِی النُّهٰی ۟۠
তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে।
Arabic Tafsirs:
مِنْهَا خَلَقْنٰكُمْ وَفِیْهَا نُعِیْدُكُمْ وَمِنْهَا نُخْرِجُكُمْ تَارَةً اُخْرٰی ۟
আমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।
Arabic Tafsirs:
وَلَقَدْ اَرَیْنٰهُ اٰیٰتِنَا كُلَّهَا فَكَذَّبَ وَاَبٰی ۟
নিশ্চয় আমি তাক আমাৰ প্ৰত্যেকটো নিদৰ্শন দেখুৱাইছিলোঁ; কিন্তু সি অস্বীকাৰ কৰিছে আৰু অমান্য কৰিছে।
Arabic Tafsirs:
قَالَ اَجِئْتَنَا لِتُخْرِجَنَا مِنْ اَرْضِنَا بِسِحْرِكَ یٰمُوْسٰی ۟
সি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’?
Arabic Tafsirs:
فَلَنَاْتِیَنَّكَ بِسِحْرٍ مِّثْلِهٖ فَاجْعَلْ بَیْنَنَا وَبَیْنَكَ مَوْعِدًا لَّا نُخْلِفُهٗ نَحْنُ وَلَاۤ اَنْتَ مَكَانًا سُوًی ۟
‘তেনেহ’লে নিশ্চয় আমিও তোমাৰ ওচৰলৈ অনুৰূপ যাদু উপস্থিত কৰিম, গতিকে আমাৰ আৰু তোমাৰ মাজত তুমি এটা সময় নিৰ্ধাৰণ কৰা, যিটোক আমিও লঙ্ঘন নকৰোঁ আৰু তুমিও লঙ্ঘন নকৰিবা’।
Arabic Tafsirs:
قَالَ مَوْعِدُكُمْ یَوْمُ الزِّیْنَةِ وَاَنْ یُّحْشَرَ النَّاسُ ضُحًی ۟
মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু (সেইদিনা) যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।
Arabic Tafsirs:
فَتَوَلّٰی فِرْعَوْنُ فَجَمَعَ كَیْدَهٗ ثُمَّ اَتٰی ۟
লগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।
Arabic Tafsirs:
قَالَ لَهُمْ مُّوْسٰی وَیْلَكُمْ لَا تَفْتَرُوْا عَلَی اللّٰهِ كَذِبًا فَیُسْحِتَكُمْ بِعَذَابٍ ۚ— وَقَدْ خَابَ مَنِ افْتَرٰی ۟
মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।
Arabic Tafsirs:
فَتَنَازَعُوْۤا اَمْرَهُمْ بَیْنَهُمْ وَاَسَرُّوا النَّجْوٰی ۟
তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।
Arabic Tafsirs:
قَالُوْۤا اِنْ هٰذٰنِ لَسٰحِرٰنِ یُرِیْدٰنِ اَنْ یُّخْرِجٰكُمْ مِّنْ اَرْضِكُمْ بِسِحْرِهِمَا وَیَذْهَبَا بِطَرِیْقَتِكُمُ الْمُثْلٰی ۟
সিহঁতে ক’লে, ‘ইহঁত দুজন নিশ্চয় যাদুকৰ, ইহঁতে ইহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।
Arabic Tafsirs:
فَاَجْمِعُوْا كَیْدَكُمْ ثُمَّ ائْتُوْا صَفًّا ۚ— وَقَدْ اَفْلَحَ الْیَوْمَ مَنِ اسْتَعْلٰی ۟
‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।
Arabic Tafsirs:
قَالُوْا یٰمُوْسٰۤی اِمَّاۤ اَنْ تُلْقِیَ وَاِمَّاۤ اَنْ نَّكُوْنَ اَوَّلَ مَنْ اَلْقٰی ۟
সিহঁতে ক’লে, ‘হে মুছা! হ’লে তুমি আগতে নিক্ষেপ কৰা, নহ'লে প্ৰথমে আমিয়ে নিক্ষেপকাৰী হম’।
Arabic Tafsirs:
قَالَ بَلْ اَلْقُوْا ۚ— فَاِذَا حِبَالُهُمْ وَعِصِیُّهُمْ یُخَیَّلُ اِلَیْهِ مِنْ سِحْرِهِمْ اَنَّهَا تَسْعٰی ۟
মুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনেকুৱা লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে।
Arabic Tafsirs:
فَاَوْجَسَ فِیْ نَفْسِهٖ خِیْفَةً مُّوْسٰی ۟
তেতিয়া মুছাই অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।
Arabic Tafsirs:
قُلْنَا لَا تَخَفْ اِنَّكَ اَنْتَ الْاَعْلٰی ۟
আমি ক’লোঁ, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।
Arabic Tafsirs:
وَاَلْقِ مَا فِیْ یَمِیْنِكَ تَلْقَفْ مَا صَنَعُوْا ؕ— اِنَّمَا صَنَعُوْا كَیْدُ سٰحِرٍ ؕ— وَلَا یُفْلِحُ السَّاحِرُ حَیْثُ اَتٰی ۟
‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’ৰ পৰাই নাহক কিয়, কেতিয়াও সফল নহ’ব’।
Arabic Tafsirs:
فَاُلْقِیَ السَّحَرَةُ سُجَّدًا قَالُوْۤا اٰمَنَّا بِرَبِّ هٰرُوْنَ وَمُوْسٰی ۟
ফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলোঁ’।
Arabic Tafsirs:
قَالَ اٰمَنْتُمْ لَهٗ قَبْلَ اَنْ اٰذَنَ لَكُمْ ؕ— اِنَّهٗ لَكَبِیْرُكُمُ الَّذِیْ عَلَّمَكُمُ السِّحْرَ ۚ— فَلَاُقَطِّعَنَّ اَیْدِیَكُمْ وَاَرْجُلَكُمْ مِّنْ خِلَافٍ وَّلَاُوصَلِّبَنَّكُمْ فِیْ جُذُوْعِ النَّخْلِ ؗ— وَلَتَعْلَمُنَّ اَیُّنَاۤ اَشَدُّ عَذَابًا وَّاَبْقٰی ۟
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। গতিকে নিশ্চয় মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।
Arabic Tafsirs:
قَالُوْا لَنْ نُّؤْثِرَكَ عَلٰی مَا جَآءَنَا مِنَ الْبَیِّنٰتِ وَالَّذِیْ فَطَرَنَا فَاقْضِ مَاۤ اَنْتَ قَاضٍ ؕ— اِنَّمَا تَقْضِیْ هٰذِهِ الْحَیٰوةَ الدُّنْیَا ۟ؕ
সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।
Arabic Tafsirs:
اِنَّاۤ اٰمَنَّا بِرَبِّنَا لِیَغْفِرَ لَنَا خَطٰیٰنَا وَمَاۤ اَكْرَهْتَنَا عَلَیْهِ مِنَ السِّحْرِ ؕ— وَاللّٰهُ خَیْرٌ وَّاَبْقٰی ۟
‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে, আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা তাৰ পাপসমূহ যাতে ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ তথা স্থায়ী’।
Arabic Tafsirs:
اِنَّهٗ مَنْ یَّاْتِ رَبَّهٗ مُجْرِمًا فَاِنَّ لَهٗ جَهَنَّمَ ؕ— لَا یَمُوْتُ فِیْهَا وَلَا یَحْیٰی ۟
নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব, নিশ্চয় তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।
Arabic Tafsirs:
وَمَنْ یَّاْتِهٖ مُؤْمِنًا قَدْ عَمِلَ الصّٰلِحٰتِ فَاُولٰٓىِٕكَ لَهُمُ الدَّرَجٰتُ الْعُلٰی ۟ۙ
আনহাতে যিয়ে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা।
Arabic Tafsirs:
جَنّٰتُ عَدْنٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— وَذٰلِكَ جَزٰٓؤُا مَنْ تَزَكّٰی ۟۠
স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকে চিৰস্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়।
Arabic Tafsirs:
وَلَقَدْ اَوْحَیْنَاۤ اِلٰی مُوْسٰۤی ۙ۬— اَنْ اَسْرِ بِعِبَادِیْ فَاضْرِبْ لَهُمْ طَرِیْقًا فِی الْبَحْرِ یَبَسًا ۙ— لَّا تَخٰفُ دَرَكًا وَّلَا تَخْشٰی ۟
আৰু নিশ্চয় আমি মুছাৰ প্ৰতি অহী কৰিছিলোঁ এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।
Arabic Tafsirs:
فَاَتْبَعَهُمْ فِرْعَوْنُ بِجُنُوْدِهٖ فَغَشِیَهُمْ مِّنَ الْیَمِّ مَا غَشِیَهُمْ ۟ؕ
তাৰ পিছত ফিৰআউনে তাৰ সৈন্যবাহিনীক লগত লৈ তেওঁলোকক চোঁচা ল’লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে।
Arabic Tafsirs:
وَاَضَلَّ فِرْعَوْنُ قَوْمَهٗ وَمَا هَدٰی ۟
কাৰণ ফিৰআউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎপথ দেখুৱা নাছিল।
Arabic Tafsirs:
یٰبَنِیْۤ اِسْرَآءِیْلَ قَدْ اَنْجَیْنٰكُمْ مِّنْ عَدُوِّكُمْ وَوٰعَدْنٰكُمْ جَانِبَ الطُّوْرِ الْاَیْمَنَ وَنَزَّلْنَا عَلَیْكُمُ الْمَنَّ وَالسَّلْوٰی ۟
হে বনী ইছৰাঈল! নিশ্চয় আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু আমিয়ে তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ তূৰ পৰ্বতৰ সোঁফালে, আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ,
Arabic Tafsirs:
كُلُوْا مِنْ طَیِّبٰتِ مَا رَزَقْنٰكُمْ وَلَا تَطْغَوْا فِیْهِ فَیَحِلَّ عَلَیْكُمْ غَضَبِیْ ۚ— وَمَنْ یَّحْلِلْ عَلَیْهِ غَضَبِیْ فَقَدْ هَوٰی ۟
তোমালোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমালঙ্ঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ’ব; আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় নিশ্চিতভাৱে সি ধ্বংস হৈ যায়।
Arabic Tafsirs:
وَاِنِّیْ لَغَفَّارٌ لِّمَنْ تَابَ وَاٰمَنَ وَعَمِلَ صَالِحًا ثُمَّ اهْتَدٰی ۟
আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।
Arabic Tafsirs:
وَمَاۤ اَعْجَلَكَ عَنْ قَوْمِكَ یٰمُوْسٰی ۟
হে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?
Arabic Tafsirs:
قَالَ هُمْ اُولَآءِ عَلٰۤی اَثَرِیْ وَعَجِلْتُ اِلَیْكَ رَبِّ لِتَرْضٰی ۟
মুছাই ক’লে, ‘সিহঁত মোৰ পিচে পিচে আছেই দেখোন, হে মোৰ প্ৰতিপালক! মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছোঁ যাতে তুমি সন্তুষ্ট হোৱা’।
Arabic Tafsirs:
قَالَ فَاِنَّا قَدْ فَتَنَّا قَوْمَكَ مِنْ بَعْدِكَ وَاَضَلَّهُمُ السَّامِرِیُّ ۟
তেওঁ ক’লে, ‘তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছোঁ, আৰু ছামেৰীয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে’।
Arabic Tafsirs:
فَرَجَعَ مُوْسٰۤی اِلٰی قَوْمِهٖ غَضْبَانَ اَسِفًا ۚ۬— قَالَ یٰقَوْمِ اَلَمْ یَعِدْكُمْ رَبُّكُمْ وَعْدًا حَسَنًا ؕ۬— اَفَطَالَ عَلَیْكُمُ الْعَهْدُ اَمْ اَرَدْتُّمْ اَنْ یَّحِلَّ عَلَیْكُمْ غَضَبٌ مِّنْ رَّبِّكُمْ فَاَخْلَفْتُمْ مَّوْعِدِیْ ۟
তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিলনে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? এইকাৰণেই তোমালোকে মোক দিয়া অংগীকাৰ ভংগ কৰিলানে’?
Arabic Tafsirs:
قَالُوْا مَاۤ اَخْلَفْنَا مَوْعِدَكَ بِمَلْكِنَا وَلٰكِنَّا حُمِّلْنَاۤ اَوْزَارًا مِّنْ زِیْنَةِ الْقَوْمِ فَقَذَفْنٰهَا فَكَذٰلِكَ اَلْقَی السَّامِرِیُّ ۟ۙ
সিহঁতে ক’লে, ‘আমি আপোনাক দিয়া অঙ্গীকাৰ ইচ্ছা কৰি ভংগ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল। সেয়ে আমি সেইবোৰক জুইত নিক্ষেপ কৰিছোঁ, এইদৰে ছামেৰীয়েও (তাত অলপ মাটি) নিক্ষেপ কৰিছিল।
Arabic Tafsirs:
فَاَخْرَجَ لَهُمْ عِجْلًا جَسَدًا لَّهٗ خُوَارٌ فَقَالُوْا هٰذَاۤ اِلٰهُكُمْ وَاِلٰهُ مُوْسٰی ۚۙ۬— فَنَسِیَ ۟ؕ
‘তাৰ পিছত সিহঁতৰ বাবে সি এটা দামুৰী সাজিছিল, এটা অৱয়ব, যিটোৱে গৰুৰ দৰে হাম্বা হাম্বা কৰিছিল’। তেতিয়া সিহঁতে কৈছিল, ‘এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু সি (মুছাই) পাহৰি গৈছে’।
Arabic Tafsirs:
اَفَلَا یَرَوْنَ اَلَّا یَرْجِعُ اِلَیْهِمْ قَوْلًا ۙ۬— وَّلَا یَمْلِكُ لَهُمْ ضَرًّا وَّلَا نَفْعًا ۟۠
সিহঁতে দেখা নাইনে, এইটোৱে যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে?
Arabic Tafsirs:
وَلَقَدْ قَالَ لَهُمْ هٰرُوْنُ مِنْ قَبْلُ یٰقَوْمِ اِنَّمَا فُتِنْتُمْ بِهٖ ۚ— وَاِنَّ رَبَّكُمُ الرَّحْمٰنُ فَاتَّبِعُوْنِیْ وَاَطِیْعُوْۤا اَمْرِیْ ۟
নিশ্চয় হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।
Arabic Tafsirs:
قَالُوْا لَنْ نَّبْرَحَ عَلَیْهِ عٰكِفِیْنَ حَتّٰی یَرْجِعَ اِلَیْنَا مُوْسٰی ۟
(কিন্তু) সিহঁতে কৈছিল, ‘আমাৰ ওচৰলৈ মুছা উভতি নহালৈকে আমি ইয়াৰ পূজা-পাঠৰ পৰা বিৰত নহওঁ’।
Arabic Tafsirs:
قَالَ یٰهٰرُوْنُ مَا مَنَعَكَ اِذْ رَاَیْتَهُمْ ضَلُّوْۤا ۟ۙ
মুছাই ক’লে, ‘হে হাৰূন! তুমি যেতিয়া দেখিছিলা যে, সিহঁত পথভ্ৰষ্ট হৈছে তথাপিও তোমাক কিহে বিৰত ৰাখিছিল--
Arabic Tafsirs:
اَلَّا تَتَّبِعَنِ ؕ— اَفَعَصَیْتَ اَمْرِیْ ۟
‘যে তুমি মোৰ অনুসৰণ নকৰিলা? তেন্তে তুমি মোৰ আদেশ অমান্য কৰিলা নেকি’?
Arabic Tafsirs:
قَالَ یَبْنَؤُمَّ لَا تَاْخُذْ بِلِحْیَتِیْ وَلَا بِرَاْسِیْ ۚ— اِنِّیْ خَشِیْتُ اَنْ تَقُوْلَ فَرَّقْتَ بَیْنَ بَنِیْۤ اِسْرَآءِیْلَ وَلَمْ تَرْقُبْ قَوْلِیْ ۟
হাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! আপুনি মোৰ দাড়ি আৰু চুলিত নধৰিব। নিশ্চয় মই আশংকা কৰিছিলোঁ যে, আপুনি এই বুলি ক'ব, ‘তুমিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছা আৰু মোৰ কথাত যত্নৱান হোৱা নাছিলা’।
Arabic Tafsirs:
قَالَ فَمَا خَطْبُكَ یٰسَامِرِیُّ ۟
মুছাই ক’লে, ‘হে ছামেৰী! তোমাৰ কি অৱস্থা’?
Arabic Tafsirs:
قَالَ بَصُرْتُ بِمَا لَمْ یَبْصُرُوْا بِهٖ فَقَبَضْتُ قَبْضَةً مِّنْ اَثَرِ الرَّسُوْلِ فَنَبَذْتُهَا وَكَذٰلِكَ سَوَّلَتْ لِیْ نَفْسِیْ ۟
সি ক’লে, ‘মই যি দেখিছিলোঁ সিহঁতে সেয়া দেখা নাছিল, তাৰ পিছত মই সেই দূতৰ পদচিহ্নৰ পৰা এমুঠি মাটি লৈছিলোঁ, সেইটোৱে মই নিক্ষেপ কৰিছিলোঁ, আৰু মোৰ মনে মোৰ বাবে এইটো কৰিবলৈ শোভনীয় কৰি দিছিল’।
Arabic Tafsirs:
قَالَ فَاذْهَبْ فَاِنَّ لَكَ فِی الْحَیٰوةِ اَنْ تَقُوْلَ لَا مِسَاسَ ۪— وَاِنَّ لَكَ مَوْعِدًا لَّنْ تُخْلَفَهٗ ۚ— وَانْظُرْ اِلٰۤی اِلٰهِكَ الَّذِیْ ظَلْتَ عَلَیْهِ عَاكِفًا ؕ— لَنُحَرِّقَنَّهٗ ثُمَّ لَنَنْسِفَنَّهٗ فِی الْیَمِّ نَسْفًا ۟
মুছাই ক’লে, ‘আঁতৰি যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা, ‘মই অস্পৃশ্য’, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময়, যিটো কেতিয়াও ব্যতিক্ৰম নহ’ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা, যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভষ্ম কৰিম, তাৰ পিছত তাক বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম’।
Arabic Tafsirs:
اِنَّمَاۤ اِلٰهُكُمُ اللّٰهُ الَّذِیْ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ— وَسِعَ كُلَّ شَیْءٍ عِلْمًا ۟
তোমালোকৰ ইলাহ কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।
Arabic Tafsirs:
كَذٰلِكَ نَقُصُّ عَلَیْكَ مِنْ اَنْۢبَآءِ مَا قَدْ سَبَقَ ۚ— وَقَدْ اٰتَیْنٰكَ مِنْ لَّدُنَّا ذِكْرًا ۟ۖۚ
পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছু সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰোঁ, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছোঁ উপদেশবাণী (কোৰআন)।
Arabic Tafsirs:
مَنْ اَعْرَضَ عَنْهُ فَاِنَّهٗ یَحْمِلُ یَوْمَ الْقِیٰمَةِ وِزْرًا ۟ۙ
ইয়াৰ পৰা যিয়ে বিমুখ হ’ব, নিশ্চয় সি কিয়ামতৰ দিনা (পাপকৰ্মৰ) মহা ভাৰ বহন কৰিব।
Arabic Tafsirs:
خٰلِدِیْنَ فِیْهِ ؕ— وَسَآءَ لَهُمْ یَوْمَ الْقِیٰمَةِ حِمْلًا ۟ۙ
তাত সিহঁতে স্থায়ী হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ’ব!
Arabic Tafsirs:
یَّوْمَ یُنْفَخُ فِی الصُّوْرِ وَنَحْشُرُ الْمُجْرِمِیْنَ یَوْمَىِٕذٍ زُرْقًا ۟
যিদিনা শিঙাত ফুঁ দিয়া হ’ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম।
Arabic Tafsirs:
یَّتَخَافَتُوْنَ بَیْنَهُمْ اِنْ لَّبِثْتُمْ اِلَّا عَشْرًا ۟
সেইদিনা সিহঁতে পৰস্পৰে ফুচ-ফুচাই ক’ব, ‘তোমালোকে (পৃথিৱীত) মাত্ৰ দহদিনহে অৱস্থান কৰিছিলা’।
Arabic Tafsirs:
نَحْنُ اَعْلَمُ بِمَا یَقُوْلُوْنَ اِذْ یَقُوْلُ اَمْثَلُهُمْ طَرِیْقَةً اِنْ لَّبِثْتُمْ اِلَّا یَوْمًا ۟۠
আমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজৰ যিয়ে সৰ্বাপেক্ষা বেছি উত্তমপথত আছিল (বিবেকৱান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।
Arabic Tafsirs:
وَیَسْـَٔلُوْنَكَ عَنِ الْجِبَالِ فَقُلْ یَنْسِفُهَا رَبِّیْ نَسْفًا ۟ۙ
আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।
Arabic Tafsirs:
فَیَذَرُهَا قَاعًا صَفْصَفًا ۟ۙ
‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব,
Arabic Tafsirs:
لَّا تَرٰی فِیْهَا عِوَجًا وَّلَاۤ اَمْتًا ۟ؕ
‘য’ত তুমি বক্ৰতা আৰু খলা-বমা একোৱে দেখা নাপাবা’।
Arabic Tafsirs:
یَوْمَىِٕذٍ یَّتَّبِعُوْنَ الدَّاعِیَ لَا عِوَجَ لَهٗ ۚ— وَخَشَعَتِ الْاَصْوَاتُ لِلرَّحْمٰنِ فَلَا تَسْمَعُ اِلَّا هَمْسًا ۟
সেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱেই ইফাল-সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব; সেয়ে মৃদু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা।
Arabic Tafsirs:
یَوْمَىِٕذٍ لَّا تَنْفَعُ الشَّفَاعَةُ اِلَّا مَنْ اَذِنَ لَهُ الرَّحْمٰنُ وَرَضِیَ لَهٗ قَوْلًا ۟
ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো চুপাৰিছ সেইদিনা কোনো কামত নাহিব।
Arabic Tafsirs:
یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ وَلَا یُحِیْطُوْنَ بِهٖ عِلْمًا ۟
সিহঁতৰ সন্মুখত আৰু পিচফালে যি আছে, সেয়া তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিব নোৱাৰে।
Arabic Tafsirs:
وَعَنَتِ الْوُجُوْهُ لِلْحَیِّ الْقَیُّوْمِ ؕ— وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًا ۟
আৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ'ব, লগতে নিশ্চয় সি ব্যৰ্থ হ'ব যিয়ে যুলুম (অন্যায়) বহন কৰিব।
Arabic Tafsirs:
وَمَنْ یَّعْمَلْ مِنَ الصّٰلِحٰتِ وَهُوَ مُؤْمِنٌ فَلَا یَخٰفُ ظُلْمًا وَّلَا هَضْمًا ۟
আৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব, তাৰ বাবে অবিচাৰ তথা কোনো ক্ষতিৰ আশংকা নাই।
Arabic Tafsirs:
وَكَذٰلِكَ اَنْزَلْنٰهُ قُرْاٰنًا عَرَبِیًّا وَّصَرَّفْنَا فِیْهِ مِنَ الْوَعِیْدِ لَعَلَّهُمْ یَتَّقُوْنَ اَوْ یُحْدِثُ لَهُمْ ذِكْرًا ۟
আৰু এইদৰেই আমি আৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছোঁ, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে।
Arabic Tafsirs:
فَتَعٰلَی اللّٰهُ الْمَلِكُ الْحَقُّ ۚ— وَلَا تَعْجَلْ بِالْقُرْاٰنِ مِنْ قَبْلِ اَنْ یُّقْضٰۤی اِلَیْكَ وَحْیُهٗ ؗ— وَقُلْ رَّبِّ زِدْنِیْ عِلْمًا ۟
এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।
Arabic Tafsirs:
وَلَقَدْ عَهِدْنَاۤ اِلٰۤی اٰدَمَ مِنْ قَبْلُ فَنَسِیَ وَلَمْ نَجِدْ لَهٗ عَزْمًا ۟۠
আৰু নিশ্চয় ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলোঁ, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলোঁ।
Arabic Tafsirs:
وَاِذْ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ— اَبٰی ۟
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লোঁ, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; কিন্তু সি অমান্য কৰিলে।
Arabic Tafsirs:
فَقُلْنَا یٰۤاٰدَمُ اِنَّ هٰذَا عَدُوٌّ لَّكَ وَلِزَوْجِكَ فَلَا یُخْرِجَنَّكُمَا مِنَ الْجَنَّةِ فَتَشْقٰی ۟
তাৰ পিছত আমি ক’লোঁ, ‘হে আদম! নিশ্চয় ই হৈছে তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।
Arabic Tafsirs:
اِنَّ لَكَ اَلَّا تَجُوْعَ فِیْهَا وَلَا تَعْرٰی ۟ۙ
নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।
Arabic Tafsirs:
وَاَنَّكَ لَا تَظْمَؤُا فِیْهَا وَلَا تَضْحٰی ۟
‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।
Arabic Tafsirs:
فَوَسْوَسَ اِلَیْهِ الشَّیْطٰنُ قَالَ یٰۤاٰدَمُ هَلْ اَدُلُّكَ عَلٰی شَجَرَةِ الْخُلْدِ وَمُلْكٍ لَّا یَبْلٰی ۟
তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’?
Arabic Tafsirs:
فَاَكَلَا مِنْهَا فَبَدَتْ لَهُمَا سَوْاٰتُهُمَا وَطَفِقَا یَخْصِفٰنِ عَلَیْهِمَا مِنْ وَّرَقِ الْجَنَّةِ ؗ— وَعَصٰۤی اٰدَمُ رَبَّهٗ فَغَوٰی ۪۟ۖ
অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।
Arabic Tafsirs:
ثُمَّ اجْتَبٰهُ رَبُّهٗ فَتَابَ عَلَیْهِ وَهَدٰی ۟
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।
Arabic Tafsirs:
قَالَ اهْبِطَا مِنْهَا جَمِیْعًا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۚ— فَاِمَّا یَاْتِیَنَّكُمْ مِّنِّیْ هُدًی ۙ۬— فَمَنِ اتَّبَعَ هُدَایَ فَلَا یَضِلُّ وَلَا یَشْقٰی ۟
তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎপথৰ নিৰ্দেশ আহি পায়, যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।
Arabic Tafsirs:
وَمَنْ اَعْرَضَ عَنْ ذِكْرِیْ فَاِنَّ لَهٗ مَعِیْشَةً ضَنْكًا وَّنَحْشُرُهٗ یَوْمَ الْقِیٰمَةِ اَعْمٰی ۟
‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।
Arabic Tafsirs:
قَالَ رَبِّ لِمَ حَشَرْتَنِیْۤ اَعْمٰی وَقَدْ كُنْتُ بَصِیْرًا ۟
সি ক’ব, ‘হে মোৰ প্ৰতিপালক! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ’।
Arabic Tafsirs:
قَالَ كَذٰلِكَ اَتَتْكَ اٰیٰتُنَا فَنَسِیْتَهَا ۚ— وَكَذٰلِكَ الْیَوْمَ تُنْسٰی ۟
তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি তাক এৰি দিছিলা, ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।
Arabic Tafsirs:
وَكَذٰلِكَ نَجْزِیْ مَنْ اَسْرَفَ وَلَمْ یُؤْمِنْ بِاٰیٰتِ رَبِّهٖ ؕ— وَلَعَذَابُ الْاٰخِرَةِ اَشَدُّ وَاَبْقٰی ۟
আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু বেছি কঠোৰ, লগতে অধিক স্থায়ী।
Arabic Tafsirs:
اَفَلَمْ یَهْدِ لَهُمْ كَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنَ الْقُرُوْنِ یَمْشُوْنَ فِیْ مَسٰكِنِهِمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّاُولِی النُّهٰی ۟۠
এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালেনে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠীক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।
Arabic Tafsirs:
وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَكَانَ لِزَامًا وَّاَجَلٌ مُّسَمًّی ۟ؕ
যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লহেঁতেন।
Arabic Tafsirs:
فَاصْبِرْ عَلٰی مَا یَقُوْلُوْنَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوْعِ الشَّمْسِ وَقَبْلَ غُرُوْبِهَا ۚ— وَمِنْ اٰنَآئِ الَّیْلِ فَسَبِّحْ وَاَطْرَافَ النَّهَارِ لَعَلَّكَ تَرْضٰی ۟
সেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা, লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।
Arabic Tafsirs:
وَلَا تَمُدَّنَّ عَیْنَیْكَ اِلٰی مَا مَتَّعْنَا بِهٖۤ اَزْوَاجًا مِّنْهُمْ زَهْرَةَ الْحَیٰوةِ الدُّنْیَا ۙ۬— لِنَفْتِنَهُمْ فِیْهِ ؕ— وَرِزْقُ رَبِّكَ خَیْرٌ وَّاَبْقٰی ۟
আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছোঁ, যাতে আমি সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ।(জানি থোৱা) তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই হৈছে সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।
Arabic Tafsirs:
وَاْمُرْ اَهْلَكَ بِالصَّلٰوةِ وَاصْطَبِرْ عَلَیْهَا ؕ— لَا نَسْـَٔلُكَ رِزْقًا ؕ— نَحْنُ نَرْزُقُكَ ؕ— وَالْعَاقِبَةُ لِلتَّقْوٰی ۟
তুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ, আমিয়েই তোমাক জীৱিকা দান কৰোঁ; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।
Arabic Tafsirs:
وَقَالُوْا لَوْلَا یَاْتِیْنَا بِاٰیَةٍ مِّنْ رَّبِّهٖ ؕ— اَوَلَمْ تَاْتِهِمْ بَیِّنَةُ مَا فِی الصُّحُفِ الْاُوْلٰی ۟
আৰু সিহঁতে কয়, ‘সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰলৈ কোনো নিদৰ্শন লৈ নাহে কিয়’? সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে?
Arabic Tafsirs:
وَلَوْ اَنَّاۤ اَهْلَكْنٰهُمْ بِعَذَابٍ مِّنْ قَبْلِهٖ لَقَالُوْا رَبَّنَا لَوْلَاۤ اَرْسَلْتَ اِلَیْنَا رَسُوْلًا فَنَتَّبِعَ اٰیٰتِكَ مِنْ قَبْلِ اَنْ نَّذِلَّ وَنَخْزٰی ۟
আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোঁহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোঁহেঁতেন’।
Arabic Tafsirs:
قُلْ كُلٌّ مُّتَرَبِّصٌ فَتَرَبَّصُوْا ۚ— فَسَتَعْلَمُوْنَ مَنْ اَصْحٰبُ الصِّرَاطِ السَّوِیِّ وَمَنِ اهْتَدٰی ۟۠
কোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।
Arabic Tafsirs:
 
Translation of the Meanings Surah: Tā-ha
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Assamese translation - Rafiqul Islam Habibur Rahman. - Index of Translations

Translated by Rafiqul Islam Habibur Rahman

Close