Check out the new design

Übersetzung der Bedeutungen des edlen Qurans - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans * - Inhaltsverzeichnis der Übersetzungen


Übersetzung der Bedeutungen Vers (Ayah): (105) Surah: Al-Aʿrāf
حَقِیْقٌ عَلٰۤی اَنْ لَّاۤ اَقُوْلَ عَلَی اللّٰهِ اِلَّا الْحَقَّ ؕ— قَدْ جِئْتُكُمْ بِبَیِّنَةٍ مِّنْ رَّبِّكُمْ فَاَرْسِلْ مَعِیَ بَنِیْۤ اِسْرَآءِیْلَ ۟ؕ
মূছাই ক'লেঃ মই যিহেতু আল্লাহৰ ৰাছুল, সেয়ে তেওঁৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱা মোৰ বাবে উচিত নহয়। নিশ্চয় মই তোমালোকৰ ওচৰত এনেকুৱা স্পষ্ট প্ৰমাণ লৈ আহিছো, যিবোৰে প্ৰমাণ কৰে যে, মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি সত্য ৰাছুল। এতেকে বনী ইছৰাঈলক তোমাৰ কাৰাগাৰৰ পৰা তথা অধীনৰ পৰা স্বাধীন কৰি দিয়া আৰু মোৰ লগত যাবলৈ দিয়া।
Arabische Tafsire:
Die Nutzen der Verse auf dieser Seite:
• من حكمة الله ورحمته أن جعل آية كل نبي مما يدركه قومه، وقد تكون من جنس ما برعوا فيه.
এইটো আল্লাহৰ হিকমত আৰু দয়া যে, তেওঁ প্ৰত্যেক নবীক এনেকুৱা কিছুমান নিদৰ্শন প্ৰদান কৰিছে, যাতে তেওঁলোকৰ সম্প্ৰদায়ে সেইবোৰ বুজি পায়। বৰং কেতিয়াবা কেতিয়াবা নিদৰ্শন এনেকুৱা হয় যে, সেই ক্ষেত্ৰত সেই সম্প্ৰদায়ৰ লোক অধিক পাৰদৰ্শী।

• أنّ فرعون كان عبدًا ذليلًا مهينًا عاجزًا، وإلا لما احتاج إلى الاستعانة بالسحرة في دفع موسى عليه السلام.
প্ৰকৃততে ফিৰআউন আছিল এজন অপমানিত, লাঞ্ছিত আৰু অপাৰগ ব্যক্তি। অন্যথা মূছা আলাইহিছ ছালামৰ মুকাবিলা কৰিবলৈ তাৰ বাবে যাদুকৰ সকলৰ সহায়ৰ প্ৰয়োজন নহলেহেঁতেন।

• يدل على ضعف السحرة - مع اتصالهم بالشياطين التي تلبي مطالبهم - طلبهم الأجر والجاه عند فرعون.
যাদুকৰ সকলে ফিৰআউনৰ ওচৰত পুৰষ্কাৰ আৰু পদ বিচৰাটো সিহঁতৰ দুৰ্বলতা প্ৰমাণিত কৰে। লগতে এই কথাও প্ৰমাণ কৰে যে, সিহঁতে নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ চয়তানৰ লগত সম্পৰ্ক স্থাপন কৰে।

 
Übersetzung der Bedeutungen Vers (Ayah): (105) Surah: Al-Aʿrāf
Inhaltsverzeichnis der Suren Nummer der Seite
 
Übersetzung der Bedeutungen des edlen Qurans - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans - Inhaltsverzeichnis der Übersetzungen

Vom Tafsirzentrum für Quranwissenschaften herausgegeben.

Schließen