Check out the new design

Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans * - Übersetzungen


Übersetzung der Bedeutungen Vers: (18) Surah / Kapitel: Al-Ḥajj
اَلَمْ تَرَ اَنَّ اللّٰهَ یَسْجُدُ لَهٗ مَنْ فِی السَّمٰوٰتِ وَمَنْ فِی الْاَرْضِ وَالشَّمْسُ وَالْقَمَرُ وَالنُّجُوْمُ وَالْجِبَالُ وَالشَّجَرُ وَالدَّوَآبُّ وَكَثِیْرٌ مِّنَ النَّاسِ ؕ— وَكَثِیْرٌ حَقَّ عَلَیْهِ الْعَذَابُ ؕ— وَمَنْ یُّهِنِ اللّٰهُ فَمَا لَهٗ مِنْ مُّكْرِمٍ ؕ— اِنَّ اللّٰهَ یَفْعَلُ مَا یَشَآءُ ۟
হে ৰাছুল! আপুনি নাজানে নেকি যে, আকাশমণ্ডলৰ সকলো ফিৰিস্তাই, পৃথিৱীৰ সকলো ইমান্দাৰ জ্বিন আৰু মানৱে আল্লাহৰ সন্মুখত তেওঁৰ ইবাদত কৰিবলৈ ছাজদাহ কৰে। সূৰ্যও তেওঁকেই ছাজদাহ কৰে আৰু চন্দ্ৰও তেওঁকেই ছাজদাহ কৰে আৰু আকাশত থকা তৰাবোৰেও তেওঁকেই ছাজদাহ কৰে, লগতে পাহাৰ-পৰ্বত, গছ-গছনি আৰু পৃথিৱীৰ সকলো জীৱ-জন্তুৱে তেওঁৰ ওচৰতেই নত স্বীকাৰ কৰে। বহুতো লোকে ইবাদত কৰি আল্লাহক ছাজদাহ কৰে, আনহাতে বহুতো লোকে আনুগত্যমূলক ছাজদাৰ পৰা নিজকে বিৰত ৰাখে। এনেকুৱা লোকৰ বিপক্ষে সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতৰ ওপৰত শাস্তি অ হৈছে। কুফৰীৰ কাৰণে আল্লাহে যাৰ ক্ষেত্ৰত অপমানজনক শাস্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰ বাবে কোনেও সন্মান কঢ়িয়াই আনিব নোৱাৰে। নিশ্চয় আল্লাহে যিটো বিচাৰে সেইটোৱে কৰে। পৱিত্ৰ মহান আল্লাহক কোনেও বাধ্য কৰাব নোৱাৰে।
Arabische Interpretationen von dem heiligen Quran:
Die Nutzen der Versen in dieser Seite:
• الهداية بيد الله يمنحها من يشاء من عباده.
হিদায়তৰ তাওফীক প্ৰদানৰ দায়িত্ব আল্লাহৰ হাতত। তেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে হিদায়ত দিয়ে।

• رقابة الله على كل شيء من أعمال عباده وأحوالهم.
আল্লাহে তেওঁৰ বান্দাসকলৰ সকলো কৰ্ম আৰু অৱস্থাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে।

• خضوع جميع المخلوقات لله قدرًا، وخضوع المؤمنين له طاعة.
সকলো সৃষ্টিয়ে নিজ নিজ প্ৰবৃত্তি অনুসাৰে আল্লাহৰ আগত নত স্বীকাৰ কৰে, কিন্তু মুমিনসকলে আল্লাহৰ ইবাদত কৰিবলৈ তেওঁৰ আগত নত স্বীকাৰ কৰে তথা তেওঁক ছাজদাহ কৰে।

• العذاب نازل بأهل الكفر والعصيان، والرحمة ثابتة لأهل الإيمان والطاعة.
কাফিৰ আৰু পাপিষ্ঠসকলৰ ওপৰতহে শাস্তি অৱতীৰ্ণ হয়। আনহাতে মুমিন আৰু আনুগত্যশীলসকলৰ বাবে ৰহমত লিখি দিয়া হৈছে।

 
Übersetzung der Bedeutungen Vers: (18) Surah / Kapitel: Al-Ḥajj
Suren/ Kapiteln Liste Nummer der Seite
 
Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans - Übersetzungen

Vom Tafsirzentrum für Quranwissenschaften herausgegeben.

Schließen