Check out the new design

Übersetzung der Bedeutungen des edlen Qurans - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans * - Inhaltsverzeichnis der Übersetzungen


Übersetzung der Bedeutungen Vers (Ayah): (126) Surah: Al-Baqarah
وَاِذْ قَالَ اِبْرٰهٖمُ رَبِّ اجْعَلْ هٰذَا بَلَدًا اٰمِنًا وَّارْزُقْ اَهْلَهٗ مِنَ الثَّمَرٰتِ مَنْ اٰمَنَ مِنْهُمْ بِاللّٰهِ وَالْیَوْمِ الْاَخِرِ ؕ— قَالَ وَمَنْ كَفَرَ فَاُمَتِّعُهٗ قَلِیْلًا ثُمَّ اَضْطَرُّهٗۤ اِلٰی عَذَابِ النَّارِ ؕ— وَبِئْسَ الْمَصِیْرُ ۟
হে নবী স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিচ ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! তুমি মক্কা চহৰখনক নিৰাপদ চহৰ বনাই দিয়া। যাতে কোনেও কাৰো ওপৰত নিৰ্যাতন নকৰে। আৰু ইয়াৰ অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ জীৱিকা প্ৰদান কৰা আৰু এই জীৱিকা নিৰ্দিষ্ট কৰি দিয়া সেইসকল লোকৰ বাবে যিসকলে তোমাক বিশ্বাস কৰে আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে। তেতিয়া আল্লাহে কৈছিলঃ যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিম। কিন্তু আখিৰাতত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম। বৰ বেয়া আৱাসস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা উভতি যাব।
Arabische Tafsire:
Die Nutzen der Verse auf dieser Seite:
• أن المسلمين مهما فعلوا من خير لليهود والنصارى؛ فلن يرضوا حتى يُخرجوهم من دينهم، ويتابعوهم على ضلالهم.
মুছলিমসকলে ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত যিমানেই সদাচৰণ নকৰক কিয় সিহঁতে কেতিয়াও সন্তুষ্ট নহব। যেতিয়ালৈকে তেওঁলোকক নিজৰ দ্বীনৰ পৰা ওলোৱাই সিহঁতৰ লগত পথভ্ৰষ্টতাত লিপ্ত নকৰিব।

• الإمامة في الدين لا تُنَال إلا بصحة اليقين والصبر على القيام بأمر الله تعالى.
দ্বীনৰ মাজত নেতৃত্বৰ মৰ্যদা, প্ৰকৃত বিশ্বাস আৰু আল্লাহৰ আদেশসমূহ ধৈৰ্য সহকাৰে পালন কৰাৰ ফলতহে প্ৰাপ্ত হয়।

• بركة دعوة إبراهيم عليه السلام للبلد الحرام، حيث جعله الله مكانًا آمنًا للناس، وتفضّل على أهله بأنواع الأرزاق.
সন্মানিত চহৰ মক্কা সম্পৰ্কে ইব্ৰাহীম আলাইহিছ ছালামৰ দুআৰ বৰকত। এতেকে আল্লাহে সেই স্থানক মানুহৰ বাবে শান্তিৰ প্ৰাণকেন্দ্ৰ বনাই দিছে আৰু তাৰ অধিবাসীসকলক তেওঁৰ অশেষ কৃপাত বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ জীৱিকা প্ৰদান কৰিছে।

 
Übersetzung der Bedeutungen Vers (Ayah): (126) Surah: Al-Baqarah
Inhaltsverzeichnis der Suren Nummer der Seite
 
Übersetzung der Bedeutungen des edlen Qurans - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans - Inhaltsverzeichnis der Übersetzungen

Vom Tafsirzentrum für Quranwissenschaften herausgegeben.

Schließen