Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod - Refikul-islam Habibur-rahman * - Sadržaj prijevodā

PDF XML CSV Excel API
Please review the Terms and Policies

Prijevod značenja Sura: En-Neml   Ajet:
اَمَّنْ یَّبْدَؤُا الْخَلْقَ ثُمَّ یُعِیْدُهٗ وَمَنْ یَّرْزُقُكُمْ مِّنَ السَّمَآءِ وَالْاَرْضِ ؕ— ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ— قُلْ هَاتُوْا بُرْهَانَكُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেৱেঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱনোপকৰণ দান কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা’।
Tefsiri na arapskom jeziku:
قُلْ لَّا یَعْلَمُ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ الْغَیْبَ اِلَّا اللّٰهُ ؕ— وَمَا یَشْعُرُوْنَ اَیَّانَ یُبْعَثُوْنَ ۟
কোৱা, ‘আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কাৰো ওচৰতেই গায়েবৰ জ্ঞান নাই। আনকি সিহঁতে (এই কথাও) উপলব্ধি কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ’ব’।
Tefsiri na arapskom jeziku:
بَلِ ادّٰرَكَ عِلْمُهُمْ فِی الْاٰخِرَةِ ۫— بَلْ هُمْ فِیْ شَكٍّ مِّنْهَا ۫— بَلْ هُمْ مِّنْهَا عَمُوْنَ ۟۠
বৰং আখিৰাত সম্পৰ্কে সিহঁতৰ জ্ঞান নিঃশেষ হৈছে; আৰু সেই বিষয়ে সিহঁতে সন্দেহত লিপ্ত হৈছে, তথা এই বিষয়ত সিহঁত হৈছে অন্ধ।
Tefsiri na arapskom jeziku:
وَقَالَ الَّذِیْنَ كَفَرُوْۤا ءَاِذَا كُنَّا تُرٰبًا وَّاٰبَآؤُنَاۤ اَىِٕنَّا لَمُخْرَجُوْنَ ۟
আৰু কাফিৰসকলে কয়, ‘আমি আৰু আমাৰ পিতৃ-পুৰুষসকল যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমাক আকৌ উলিয়াই আনা হ’ব নেকি?
Tefsiri na arapskom jeziku:
لَقَدْ وُعِدْنَا هٰذَا نَحْنُ وَاٰبَآؤُنَا مِنْ قَبْلُ ۙ— اِنْ هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟
‘নিশ্চয় এই বিষয়ে আমাক আৰু ইয়াৰ পূৰ্বে আমাৰ পিতৃ-পুৰুষসকলোকো প্ৰতিশ্ৰুতি দিয়া হৈছিল। এইটো পূৰ্বৱৰ্তীবিলাকৰ উপকথাৰ বাহিৰে আন একো নহয়’।
Tefsiri na arapskom jeziku:
قُلْ سِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُجْرِمِیْنَ ۟
কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, অপৰাধীবিলাকৰ পৰিণাম কেনেকুৱা আছিল’।
Tefsiri na arapskom jeziku:
وَلَا تَحْزَنْ عَلَیْهِمْ وَلَا تَكُنْ فِیْ ضَیْقٍ مِّمَّا یَمْكُرُوْنَ ۟
তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰতো মনঃক্ষুণ্ণও নহ’বা।
Tefsiri na arapskom jeziku:
وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া এই প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব’?
Tefsiri na arapskom jeziku:
قُلْ عَسٰۤی اَنْ یَّكُوْنَ رَدِفَ لَكُمْ بَعْضُ الَّذِیْ تَسْتَعْجِلُوْنَ ۟
কোৱা, ‘তোমালোকে যিটো বিষয়ক ত্বৰান্বিত কৰিব বিচাৰিছা, সম্ভৱতঃ তাৰে কিছু (অংশ) তোমালোকৰ পিছে পিছে আহিয়ে পাইছে!’
Tefsiri na arapskom jeziku:
وَاِنَّ رَبَّكَ لَذُوْ فَضْلٍ عَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَشْكُرُوْنَ ۟
নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু সিহঁতৰ অধিকাংশই হৈছে অকৃতজ্ঞ।
Tefsiri na arapskom jeziku:
وَاِنَّ رَبَّكَ لَیَعْلَمُ مَا تُكِنُّ صُدُوْرُهُمْ وَمَا یُعْلِنُوْنَ ۟
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেওঁ অৱশ্যে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে।
Tefsiri na arapskom jeziku:
وَمَا مِنْ غَآىِٕبَةٍ فِی السَّمَآءِ وَالْاَرْضِ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟
আকাশ আৰু পৃথিৱীত এনে কোনো গোপন ৰহস্য নাই, যিটো সুস্পষ্ট কিতাবত (লিপিবদ্ধ) নাই।
Tefsiri na arapskom jeziku:
اِنَّ هٰذَا الْقُرْاٰنَ یَقُصُّ عَلٰی بَنِیْۤ اِسْرَآءِیْلَ اَكْثَرَ الَّذِیْ هُمْ فِیْهِ یَخْتَلِفُوْنَ ۟
বনী ইছৰাঈলে যিবোৰ বিষয়কলৈ বিতৰ্ক কৰিছিল, নিশ্চয় এই কোৰআনে তাৰে অধিকাংশ বিষয় সিহঁতৰ ওচৰত বিৱৰণ দিয়ে।
Tefsiri na arapskom jeziku:
 
Prijevod značenja Sura: En-Neml
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod - Refikul-islam Habibur-rahman - Sadržaj prijevodā

Preveo ju je Refikulislam Habiburrahman.

Zatvaranje