Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod - Refikul-islam Habibur-rahman * - Sadržaj prijevodā

PDF XML CSV Excel API
Please review the Terms and Policies

Prijevod značenja Sura: El-Bekara   Ajet:
وَاِذْ یَرْفَعُ اِبْرٰهٖمُ الْقَوَاعِدَ مِنَ الْبَیْتِ وَاِسْمٰعِیْلُ ؕ— رَبَّنَا تَقَبَّلْ مِنَّا ؕ— اِنَّكَ اَنْتَ السَّمِیْعُ الْعَلِیْمُ ۟
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীম আৰু ইছমাঈলে কা’বাঘৰৰ আধাৰশিলা স্থাপন কৰিছিল, (আৰু কৈছিল) ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
Tefsiri na arapskom jeziku:
رَبَّنَا وَاجْعَلْنَا مُسْلِمَیْنِ لَكَ وَمِنْ ذُرِّیَّتِنَاۤ اُمَّةً مُّسْلِمَةً لَّكَ ۪— وَاَرِنَا مَنَاسِكَنَا وَتُبْ عَلَیْنَا ۚ— اِنَّكَ اَنْتَ التَّوَّابُ الرَّحِیْمُ ۟
‘হে আমাৰ প্ৰতিপালক! আমাক উভয়কে তোমাৰ একান্ত অনুগত কৰা আৰু আমাৰ বংশধৰৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা; আৰু আমাক ইবাদতৰ নিয়ম-পদ্ধতি দেখুৱাই দিয়া আৰু আমাৰ তাওবা কবুল কৰা। নিশ্চয় তুমি অধিক তাওবা গ্ৰহণকাৰী, পৰম দয়ালু’।
Tefsiri na arapskom jeziku:
رَبَّنَا وَابْعَثْ فِیْهِمْ رَسُوْلًا مِّنْهُمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِكَ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ وَیُزَكِّیْهِمْ ؕ— اِنَّكَ اَنْتَ الْعَزِیْزُ الْحَكِیْمُ ۟۠
‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰা, যিয়ে তোমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰিব; আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক পৰিশুদ্ধ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Tefsiri na arapskom jeziku:
وَمَنْ یَّرْغَبُ عَنْ مِّلَّةِ اِبْرٰهٖمَ اِلَّا مَنْ سَفِهَ نَفْسَهٗ ؕ— وَلَقَدِ اصْطَفَیْنٰهُ فِی الدُّنْیَا ۚ— وَاِنَّهٗ فِی الْاٰخِرَةِ لَمِنَ الصّٰلِحِیْنَ ۟
ইব্ৰাহীমৰ মিল্লাতৰ পৰা কেৱল সেই ব্যক্তিয়েই বিমুখ হ’ব পাৰে যিয়ে নিজকে নিৰ্বোধ বনাই লৈছে। নিশ্চয় আমি তেওঁক পৃথিৱীত মনোনীত কৰিছোঁ আৰু আখিৰাততো তেওঁ সৎকৰ্মশীলসকলৰ অন্যতম হ’ব।
Tefsiri na arapskom jeziku:
اِذْ قَالَ لَهٗ رَبُّهٗۤ اَسْلِمْ ۙ— قَالَ اَسْلَمْتُ لِرَبِّ الْعٰلَمِیْنَ ۟
স্মৰণ কৰা, যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিল, ‘তুমি আত্মসমৰ্পণ কৰা’। তেওঁ কৈছিল, ‘মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ’।
Tefsiri na arapskom jeziku:
وَوَصّٰی بِهَاۤ اِبْرٰهٖمُ بَنِیْهِ وَیَعْقُوْبُ ؕ— یٰبَنِیَّ اِنَّ اللّٰهَ اصْطَفٰی لَكُمُ الدِّیْنَ فَلَا تَمُوْتُنَّ اِلَّا وَاَنْتُمْ مُّسْلِمُوْنَ ۟ؕ
আৰু ইব্ৰাহীম আৰু ইয়াকূবে তেওঁলোকৰ পুত্ৰসকলক ইয়াৰেই নিৰ্দেশ দি কৈছিল, ‘হে মোৰ পুত্ৰসকল! নিশ্চয় আল্লাহে তোমালোকৰ বাবে এই দ্বীনক মনোনীত কৰিছে। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) নোহোৱালৈকে মৃত্যু বৰণ নকৰিবা’।
Tefsiri na arapskom jeziku:
اَمْ كُنْتُمْ شُهَدَآءَ اِذْ حَضَرَ یَعْقُوْبَ الْمَوْتُ ۙ— اِذْ قَالَ لِبَنِیْهِ مَا تَعْبُدُوْنَ مِنْ بَعْدِیْ ؕ— قَالُوْا نَعْبُدُ اِلٰهَكَ وَاِلٰهَ اٰبَآىِٕكَ اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ اِلٰهًا وَّاحِدًا ۖۚ— وَّنَحْنُ لَهٗ مُسْلِمُوْنَ ۟
ইয়াকূবৰ মৃত্যুৰ সময়ত তোমালোকে তাত উপস্থিত আছিলা নেকি? তেওঁ যেতিয়া নিজ সন্তানসকলক কৈছিল, ‘মোৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা? সিহঁতে কৈছিল, ‘আমি আপোনাৰ ইলাহ আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল আৰু ইছহাকৰ ইলাহ- সেই এজন ইলাহৰেই ইবাদত কৰিম; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী’।
Tefsiri na arapskom jeziku:
تِلْكَ اُمَّةٌ قَدْ خَلَتْ ۚ— لَهَا مَا كَسَبَتْ وَلَكُمْ مَّا كَسَبْتُمْ ۚ— وَلَا تُسْـَٔلُوْنَ عَمَّا كَانُوْا یَعْمَلُوْنَ ۟
তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।
Tefsiri na arapskom jeziku:
 
Prijevod značenja Sura: El-Bekara
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod - Refikul-islam Habibur-rahman - Sadržaj prijevodā

Preveo ju je Refikulislam Habiburrahman.

Zatvaranje