Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana * - Sadržaj prijevodā


Prijevod značenja Ajet: (24) Sura: Eš-Šura
اَمْ یَقُوْلُوْنَ افْتَرٰی عَلَی اللّٰهِ كَذِبًا ۚ— فَاِنْ یَّشَاِ اللّٰهُ یَخْتِمْ عَلٰی قَلْبِكَ ؕ— وَیَمْحُ اللّٰهُ الْبَاطِلَ وَیُحِقُّ الْحَقَّ بِكَلِمٰتِهٖ ؕ— اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
মুশ্বৰিকসকলে ধাৰণা কৰে যে, নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেই এই কোৰআন ৰচনা কৰি আল্লাহৰ সৈতে সম্পৃক্ত কৰিছে। সেয়ে আল্লাহে সিহঁতৰ এই ধাৰণা খণ্ডন কৰি কৈছেঃ যদি আপোনাৰ অন্তৰত মিছা আৰোপ কৰাৰ কোনো কল্পনাও আহিলহেঁতেন তেন্তে আমি আপোনাৰ অন্তৰত মোহৰ মাৰি দিলোঁহেঁতেন। তথা বাতিলক মচি পেলাই সত্যক অৱশিষ্ট ৰাখিলোহেঁতেন। যিহেতু এনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাই, গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ গ্ৰন্থ। নিশ্চয় আল্লাহ বান্দাসকলৰ অন্তৰৰ গোপন তথ্য সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা অগোচৰ নহয়।
Tefsiri na arapskom jeziku:
Poruke i pouke ajeta na ovoj stranici:
• الداعي إلى الله لا يبتغي الأجر عند الناس.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে কেতিয়াও মানুহৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰে।

• التوسيع في الرزق والتضييق فيه خاضع لحكمة إلهية قد تخفى على كثير من الناس.
জীৱিকাত প্ৰশস্ততা আৰু সংকীৰ্ণতা আল্লাহৰ হিকমত অনুযায়ী হৈ থাকে। এইটো যে এটা ৰহস্য এই সম্পৰ্কে অধিকাংশ লোকেই নাজানে।

• الذنوب والمعاصي من أسباب المصائب.
গুনাহ তথা পাপকৰ্মই বিপদ-আপদ মাতি আনে।

 
Prijevod značenja Ajet: (24) Sura: Eš-Šura
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana - Sadržaj prijevodā

Izdavač: centar za kur'anske studije "Tefsir".

Zatvaranje