Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana * - Sadržaj prijevodā


Prijevod značenja Ajet: (22) Sura: Eš-Šura
تَرَی الظّٰلِمِیْنَ مُشْفِقِیْنَ مِمَّا كَسَبُوْا وَهُوَ وَاقِعٌ بِهِمْ ؕ— وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فِیْ رَوْضٰتِ الْجَنّٰتِ ۚ— لَهُمْ مَّا یَشَآءُوْنَ عِنْدَ رَبِّهِمْ ؕ— ذٰلِكَ هُوَ الْفَضْلُ الْكَبِیْرُ ۟
হে ৰাছুল! আপুনি দেখিবলৈ পাব, যিসকলে শ্বিৰ্ক আৰু গুনাহৰ মাধ্যমত নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁতে নিজৰ উপাৰ্জিত গুনাহৰ কাৰণে শাস্তিৰ ভয়ত পেপুৱা লাগিব। এই শাস্তি সিহঁতে যিকোনো উপায়ে ভোগ কৰিব লাগিব। তাওবা নকৰাকৈ কেৱল এই ভয়ে একো উপকাৰ সাধন নকৰিব। পক্ষান্তৰে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে, তেওঁলোকৰ অৱস্থা হ’ব সিহঁতৰ বিপৰীত। তেওঁলোকে জান্নাতৰ বাগানসমূহত নিয়ামত উপভোগ কৰিব। তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত সেইসকলো নিয়ামত লাভ কৰিব, যিবোৰ তেওঁলোকে কামনা কৰিব, সেই নিয়ামতবোৰ কেতিয়াও সমাপ্ত নহ’ব। এইটোৱেই হৈছে মহা অনুগ্ৰহ, আন কোনো অনুগ্ৰহেই ইয়াৰ মুকাবিলা কৰিব নোৱাৰে।
Tefsiri na arapskom jeziku:
Poruke i pouke ajeta na ovoj stranici:
• خوف المؤمن من أهوال يوم القيامة يعين على الاستعداد لها.
কিয়ামতৰ ভয়াৱহতা সম্পৰ্কে মুমিনসকলৰ ভয়ে ইয়াৰ বাবে প্ৰস্তুতি লোৱাত সহায় কৰে।

• لطف الله بعباده حيث يوسع الرزق على من يكون خيرًا له، ويضيّق على من يكون التضييق خيرًا له.
বান্দাসকলৰ প্ৰতি এইটো আল্লাহৰ এক প্ৰকাৰ অনুগ্ৰহ যে, তেওঁ সেই ব্যক্তিৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, যাৰ বাবে জীৱিকা প্ৰশস্ত কৰা কল্যাণকৰ। আনহাতে যাৰ বাবে জীৱিকা সংকীৰ্ণ কৰাটো কল্যাণকৰ, তাৰ বাবে জীৱিকা সংকীৰ্ণ কৰি দিয়ে।

• خطر إيثار الدنيا على الآخرة.
আখিৰাতৰ ওপৰত পাৰ্থিৱ জীৱনক প্ৰাধান্য দিয়াটো হৈছে ক্ষতিকৰ বিষয়।

 
Prijevod značenja Ajet: (22) Sura: Eš-Šura
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana - Sadržaj prijevodā

Izdavač: centar za kur'anske studije "Tefsir".

Zatvaranje