Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana * - Sadržaj prijevodā


Prijevod značenja Ajet: (83) Sura: Ja-Sin
فَسُبْحٰنَ الَّذِیْ بِیَدِهٖ مَلَكُوْتُ كُلِّ شَیْءٍ وَّاِلَیْهِ تُرْجَعُوْنَ ۟۠
আল্লাহ সকলো প্ৰকাৰৰ অপাৰগতাৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ সৈতে সম্পৃক্ত কৰে। সকলো বস্তুৰ কৰ্তৃত্ব তেওঁৰ হাতত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই নিয়ন্ত্ৰণ কৰে। সকলো বস্তুৰ চাবি-কাঠি একমাত্ৰ তেওঁৰেই হাতত। আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। য’ত তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়া হ’ব।
Tefsiri na arapskom jeziku:
Poruke i pouke ajeta na ovoj stranici:
• من فضل الله ونعمته على الناس تذليل الأنعام لهم، وتسخيرها لمنافعهم المختلفة.
মানুহৰ প্ৰতি আল্লাহৰ এটা অন্যতম উপকাৰ হৈছে এই যে, তেওঁ ঘৰচীয়া জন্তুবোৰক তেওঁলোকৰ অধীনস্থ কৰি দিছে। তথা সেইবোৰক তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ উপকাৰত বশীভূত কৰি দিছে।

• وفرة الأدلة العقلية على يوم القيامة وإعراض المشركين عنها.
কিয়ামত সম্পৰ্কে অসংখ্য যুক্তি প্ৰমাণ বিদ্যমান আছে, তথাপিও মুশ্বৰিকসকল সেইবোৰৰ পৰা বিমুখ হৈ আছে।

• من صفات الله تعالى أن علمه تعالى محيط بجميع مخلوقاته في جميع أحوالها، في جميع الأوقات، ويعلم ما تنقص الأرض من أجساد الأموات وما يبقى، ويعلم الغيب والشهادة.
আল্লাহৰ এটা অন্যতম বৈশিষ্ট্য হৈছে এই যে, সকলো সময়তে, সকলো অৱস্থাতেই মানুহক তেওঁৰ জ্ঞানে পৰিবেষ্টন কৰি থাকে। মানুহৰ মৃত শৰীৰক মাটিয়ে কিমানখিনি খাই পেলায় আৰু কিমানখিনি অৱশিষ্ট থাকে, সেই সম্পৰ্কেও তেওঁ অৱগত। তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়েই অৱগত।

 
Prijevod značenja Ajet: (83) Sura: Ja-Sin
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana - Sadržaj prijevodā

Izdavač: centar za kur'anske studije "Tefsir".

Zatvaranje