Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana * - Sadržaj prijevodā


Prijevod značenja Ajet: (52) Sura: El-Ahzab
لَا یَحِلُّ لَكَ النِّسَآءُ مِنْ بَعْدُ وَلَاۤ اَنْ تَبَدَّلَ بِهِنَّ مِنْ اَزْوَاجٍ وَّلَوْ اَعْجَبَكَ حُسْنُهُنَّ اِلَّا مَا مَلَكَتْ یَمِیْنُكَ ؕ— وَكَانَ اللّٰهُ عَلٰی كُلِّ شَیْءٍ رَّقِیْبًا ۟۠
এতেকে হে ৰাছুল! আপোনাৰ বিবাহ বন্ধনত থকা স্ত্ৰীসকলৰ বাহিৰে আন কোনো নাৰীক বিবাহ কৰাটো এতিয়াৰ পৰা আপোনাৰ বাবে বৈধ নহয়। লগতে এওঁলোকক তালাক দিয়াও আপোনাৰ বাবে বৈধ নহয়। তথা এওঁলোকৰ মাজৰ কোনোবা এজনীক তালাক দি অন্য কোনো নাৰীক বিবাহ কৰাটোও আপোনাৰ বাবে বৈধ নহয়। যদিও সেই নাৰীৰ সৌন্দৰ্যই আপোনাক মুগ্ধ নকৰক কিয়। পক্ষান্তৰে আপুনি আপোনাৰ অধীনত থকা দাসীসকলৰ দ্বাৰা উপকৃত হ'ব পাৰে, এই ক্ষেত্ৰত সংখ্যাৰ কোনো নিৰ্ধাৰণ নাই। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ সংৰক্ষক। এই বিধানটোৱে দৰাচলতে উম্মাহাতুল মুমিনীনসকলৰ মৰ্যাদাৰ প্ৰমাণবহন কৰে, কাৰণ তেওঁলোকক তালাক দিয়া আৰু তেওঁলোক নবীৰ বিবাহ বন্ধনত থকালৈকে অন্য কোনো স্ত্ৰীক বিবাহ কৰাটো নবীৰ বাবে নিষিদ্ধ কৰা হৈছে।
Tefsiri na arapskom jeziku:
Poruke i pouke ajeta na ovoj stranici:
• عظم مقام النبي صلى الله عليه وسلم عند ربه؛ ولذلك عاتب الصحابة رضي الله عنهم الذين مكثوا في بيته صلى الله عليه وسلم لِتَأَذِّيه من ذلك.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদা অধিক, সেইকাৰণেই তেওঁ সেইসকল চাহাবাসকলক ভৰ্ৎসনা কৰিছে, যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘৰত অৱস্থান কৰি তেওঁক কষ্ট দিছিল।

• ثبوت صفتي العلم والحلم لله تعالى.
আল্লাহৰ দুটা অন্যতম বৈশিষ্ট্যৰ প্ৰমাণ, এটা হ’ল ‘সৰ্বজ্ঞ’ আৰু আনটো হৈছে ‘সহনশীল’।

• الحياء من أخلاق النبي صلى الله عليه وسلم.
হায়া বা লজ্জা হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰৰ এটা অবিচ্ছেদ্য অংশ।

• صيانة مقام أمهات المؤمنين زوجات النبي صلى الله عليه وسلم.
মুমিনসকলৰ মাতৃ অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ মৰ্যাদাৰ সুৰক্ষা।

 
Prijevod značenja Ajet: (52) Sura: El-Ahzab
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana - Sadržaj prijevodā

Izdavač: centar za kur'anske studije "Tefsir".

Zatvaranje