Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান * - অনুবাদসমূহৰ সূচীপত্ৰ

PDF XML CSV Excel API
Please review the Terms and Policies

অৰ্থানুবাদ আয়াত: (259) ছুৰা: আল-বাক্বাৰাহ
اَوْ كَالَّذِیْ مَرَّ عَلٰی قَرْیَةٍ وَّهِیَ خَاوِیَةٌ عَلٰی عُرُوْشِهَا ۚ— قَالَ اَنّٰی یُحْیٖ هٰذِهِ اللّٰهُ بَعْدَ مَوْتِهَا ۚ— فَاَمَاتَهُ اللّٰهُ مِائَةَ عَامٍ ثُمَّ بَعَثَهٗ ؕ— قَالَ كَمْ لَبِثْتَ ؕ— قَالَ لَبِثْتُ یَوْمًا اَوْ بَعْضَ یَوْمٍ ؕ— قَالَ بَلْ لَّبِثْتَ مِائَةَ عَامٍ فَانْظُرْ اِلٰی طَعَامِكَ وَشَرَابِكَ لَمْ یَتَسَنَّهْ ۚ— وَانْظُرْ اِلٰی حِمَارِكَ۫— وَلِنَجْعَلَكَ اٰیَةً لِّلنَّاسِ وَانْظُرْ اِلَی الْعِظَامِ كَیْفَ نُنْشِزُهَا ثُمَّ نَكْسُوْهَا لَحْمًا ؕ— فَلَمَّا تَبَیَّنَ لَهٗ ۙ— قَالَ اَعْلَمُ اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
অথবা সেই ব্যক্তিৰ কথা ভাৱি চোৱা নাইনে, যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল। সেই ব্যক্তিজনে ক'লে, 'মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব'? তাৰ পিছত আল্লাহে তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। অৱশেষত তাক পুনৰ্জীৱিত কৰিলে। আল্লাহে ক'লে, 'তুমি কিমান দিন অৱস্থান কৰিলা'? সি ক'লে, 'এদিন বা এদিনতকৈও কম সময় অৱস্থান কৰিছোঁ'। তেওঁ ক'লে, 'বৰং তুমি এশ বছৰ অৱস্থান কৰিছা। এতেকে তুমি তোমাৰ খাদ্যসামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰা, সেইবোৰ অবিকৃত আছে আৰু চোৱা, তোমাৰ গাধটোৰ পিনে, আৰু (এয়া কৰিছোঁ) যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰোঁ, আৰু (গাধৰ) অস্থিসমূহৰ পিনে চোৱা; কেনেকৈ সেইবোৰ সংযোজিত কৰোঁ আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ'। তাৰ পিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ’ল তেতিয়া সি ক’লে, 'মই জানো, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান'।
আৰবী তাফছীৰসমূহ:
 
অৰ্থানুবাদ আয়াত: (259) ছুৰা: আল-বাক্বাৰাহ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান - অনুবাদসমূহৰ সূচীপত্ৰ

অনুবাদ কৰিছে শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান চাহাবে।

বন্ধ