Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አት-ተውባህ   አንቀፅ:
لَقَدِ ابْتَغَوُا الْفِتْنَةَ مِنْ قَبْلُ وَقَلَّبُوْا لَكَ الْاُمُوْرَ حَتّٰی جَآءَ الْحَقُّ وَظَهَرَ اَمْرُ اللّٰهِ وَهُمْ كٰرِهُوْنَ ۟
এই মুনাফিকসকলে তাবুক যুদ্ধৰ পূৰ্বেও মুছলিমসকলৰ মাজত মতভেদ সৃষ্টি কৰাৰ আৰু তেওঁলোকৰ শক্তি ভঙ্গ কৰিবলৈ প্ৰয়াস কৰিছিল। হে ৰাছুল! আপোনাৰ বিৰুদ্ধেও বিভিন্ন প্ৰকাৰৰ চক্ৰান্ত ৰচিছিল, যাতে সিহঁতৰ চক্ৰান্তই আপোনাৰ জিহাদৰ ধাৰণাক প্ৰভাৱিত কৰে। অৱশেষত আল্লাহৰ সহায় আহি পৰিল, আৰু আল্লাহে তেওঁৰ দ্বীনক বিজয়ী কৰিলে আৰু তেওঁৰ শত্ৰুক পৰাজিত কৰিলে। যদিও সিহঁতে এইটো পছন্দ কৰা নাছিল, কাৰণ সিহঁতৰ ইচ্ছা আছিল যাতে অসত্যই সত্যৰ ওপৰত বিজয়প্ৰাপ্ত হয়।
ዓረብኛ ተፍሲሮች:
وَمِنْهُمْ مَّنْ یَّقُوْلُ ائْذَنْ لِّیْ وَلَا تَفْتِنِّیْ ؕ— اَلَا فِی الْفِتْنَةِ سَقَطُوْا ؕ— وَاِنَّ جَهَنَّمَ لَمُحِیْطَةٌ بِالْكٰفِرِیْنَ ۟
মুনাফিকসকলৰ কিছুমানে বিভিন্ন প্ৰকাৰৰ ওজৰ দাঙি ধৰিছিল আৰু কৈছিলঃ হে আল্লাহৰ ৰাছুল! আমাক জিহাদৰ পৰা পিছুৱাই থকাৰ অনুমতি দিয়ক, আৰু আপোনাৰ লগত যাবলৈ বাধ্য নকৰিব, এনেকুৱা হ'ব পাৰে যে আমি ৰোমী শত্ৰুসকলৰ স্ত্ৰীসকলক দেখি নিজকে চম্ভালিব নোৱাৰি হয়তো গুনাহত লিপ্ত হ'ম। জানি থোৱা! সিহঁত ইয়াতকৈয়ো অধিক ভয়াৱহ গুনাহত লিপ্ত হৈছে। সেয়া হৈছে নিফাক আৰু জিহাদৰ পৰা দূৰৈত থকাৰ গুনাহ। নিশ্চয় ক্বিয়ামতৰ দিনা জাহান্নামে কাফিৰসকলক পৰিবেষ্টন কৰি ৰাখিব। তাৰ পৰা সিহঁতৰ কোনেও ৰক্ষা নাপাব আৰু কোনেও পলায়নও কৰিব নোৱাৰিব।
ዓረብኛ ተፍሲሮች:
اِنْ تُصِبْكَ حَسَنَةٌ تَسُؤْهُمْ ۚ— وَاِنْ تُصِبْكَ مُصِیْبَةٌ یَّقُوْلُوْا قَدْ اَخَذْنَاۤ اَمْرَنَا مِنْ قَبْلُ وَیَتَوَلَّوْا وَّهُمْ فَرِحُوْنَ ۟
হে ৰাছুল! যদি আপুনি আল্লাহৰ ফালৰ পৰা সহায় তথা যুদ্ধলব্ধ সম্পদ আদিৰ দৰে কোনোবা নিয়ামত প্ৰাপ্ত হয়, তেতিয়া সিহঁতৰ ভাল নালাগে আৰু সিহঁত চিন্তিত হৈ পৰে। কিন্তু যদি আপুনি কঠিন পৰিস্থিতিৰ সন্মুখীন হয় তথা পৰাজয়ৰ দৰে কোনোবা বিপদাক্ৰান্ত হয়, তেতিয়া এই মুনাফিকসকলে কয়ঃ আমি নিজৰ সুৰক্ষাৰ বাবে সাৱধানতা অৱলম্বন কৰিছিলো, আৰু মুমিনসকলৰ লগত জিহাদত নগৈ সঠিক সিদ্ধান্ত লৈছিলো, অন্যথা আমিও তেওঁলোকৰ দৰে বন্দী তথা হত্যাৰ সন্মুখীন হ'ব লগা হ'লোহেঁতেন। আৰু এই মুশ্বৰিকসকল নিজৰ নিৰাপত্তাত সন্তুষ্ট হৈ পৰিয়ালৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিলে।
ዓረብኛ ተፍሲሮች:
قُلْ لَّنْ یُّصِیْبَنَاۤ اِلَّا مَا كَتَبَ اللّٰهُ لَنَا ۚ— هُوَ مَوْلٰىنَا ۚ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟
হে ৰাছুল! এই মুনাফিকসকলক কৈ দিয়ক যে, আমাৰ লগত সেইটোৱে ঘটিব, যিটো আল্লাহে আমাৰ ভাগ্যত নিৰ্ধাৰণ কৰিছে। তেৱেঁই আমাৰ ব্যৱস্থাপক আৰু আশ্ৰয়স্থল, য’ত আমি আশ্ৰয় লওঁ। আমি আমাৰ সকলো কামত তেওঁৰ ওপৰতে নিৰ্ভৰ কৰো, লগতে মুমিনসকলে তেওঁলোকৰ সকলো কাম তেওঁৰ ওপৰতে অৰ্পন কৰে। তেৱেঁই মুমিনসকলৰ বাবে যথেষ্ট আৰু উত্তম সংৰক্ষক।
ዓረብኛ ተፍሲሮች:
قُلْ هَلْ تَرَبَّصُوْنَ بِنَاۤ اِلَّاۤ اِحْدَی الْحُسْنَیَیْنِ ؕ— وَنَحْنُ نَتَرَبَّصُ بِكُمْ اَنْ یُّصِیْبَكُمُ اللّٰهُ بِعَذَابٍ مِّنْ عِنْدِهٖۤ اَوْ بِاَیْدِیْنَا ۖؗۗ— فَتَرَبَّصُوْۤا اِنَّا مَعَكُمْ مُّتَرَبِّصُوْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে আমাৰ বিজয় হোৱাৰ অথবা শ্বহীদ হোৱাৰ অপেক্ষাত আছা নেকি, পক্ষান্তৰে আমি অপেক্ষা কৰি আছো আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওপৰত শাস্তি অৱতীৰ্ণ হওঁক আৰু সেই শাস্তিয়ে তোমালোকক ধ্বংস কৰক নাইবা আমাৰ হতুৱাই তোমালোকক হত্যা কৰাই অথবা বন্দী বনাই শাস্তি প্ৰদান কৰক। এতেকে তোমালোকে আমাৰ পৰিণামলৈ অপেক্ষা কৰা, আমিও তোমালোকৰ পৰিণামলৈ অপেক্ষা কৰি আছো।
ዓረብኛ ተፍሲሮች:
قُلْ اَنْفِقُوْا طَوْعًا اَوْ كَرْهًا لَّنْ یُّتَقَبَّلَ مِنْكُمْ ؕ— اِنَّكُمْ كُنْتُمْ قَوْمًا فٰسِقِیْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে ইচ্ছা বা অনিচ্ছাত যিবোৰ সম্পদ ব্যয় কৰি আছা, সেইবোৰ ব্যয় কৰা কিন্তু তোমালোকৰ কুফুৰী আৰু আল্লাহৰ আবাধ্যতাৰ ফলত সেইবোৰ গ্ৰহণযোগ্য নহয়, স্বীকাৰ কৰা নহ'ব।
ዓረብኛ ተፍሲሮች:
وَمَا مَنَعَهُمْ اَنْ تُقْبَلَ مِنْهُمْ نَفَقٰتُهُمْ اِلَّاۤ اَنَّهُمْ كَفَرُوْا بِاللّٰهِ وَبِرَسُوْلِهٖ وَلَا یَاْتُوْنَ الصَّلٰوةَ اِلَّا وَهُمْ كُسَالٰی وَلَا یُنْفِقُوْنَ اِلَّا وَهُمْ كٰرِهُوْنَ ۟
সিহঁতৰ ব্যয় কৰা সম্পদ গ্ৰহণযোগ্য নোহোৱাৰ তিনিটা কাৰণ আছেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰা, ছালাতৰ ক্ষেত্ৰত অলসতা কৰা, লগতে আন্তৰিকতাৰে ধন ব্যয় কৰাৰ পৰিবৰ্তে অনিচ্ছাকৃতভাৱে ভাৰাক্ৰান্ত হৈ ব্যয় কৰা, কাৰণ সিহঁতে ছালাত আৰু দানৰ পৰিবৰ্তে ছোৱাব আশা নকৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• دأب المنافقين السعي إلى إلحاق الأذى بالمسلمين عن طريق الدسائس والتجسس.
মুনাফিকসকলৰ এটা অন্যতম স্বভাৱ হৈছে প্ৰৱঞ্চনা আৰু গোপন বিষয় অনুসন্ধানৰ জৰিয়তে মুছলিমসকলক কষ্ট দিয়া।

• التخلف عن الجهاد مفسدة كبرى وفتنة عظمى محققة، وهي معصية لله ومعصية لرسوله.
জিহাদৰ পৰা পিছুৱাই থকাটো এটা বৃহৎ বিপৰ্যয় তথা ভয়াৱহ ফিতনাহ। সেইটো হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অৱজ্ঞা।

• في الآيات تعليم للمسلمين ألا يحزنوا لما يصيبهم؛ لئلا يَهِنوا وتذهب قوتهم، وأن يرضوا بما قدَّر الله لهم، ويرجوا رضا ربهم؛ لأنهم واثقون بأن الله يريد نصر دينه.
উক্ত আয়াতবোৰত মুছলিমসকলক এই শিক্ষা দিয়া হৈছে যে, মুচিবতৰ সময়ত হতাশ হোৱা উচিত নহয়, যাতে দুৰ্বল হৈ নপৰে আৰু শক্তি নেহেৰুৱায়। বৰং আল্লাহৰ ফয়চালাত সন্তুষ্ট হোৱা উচিত, লগতে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ আশা কৰা উচিত, লগতে তেওঁলোকে বিশ্বাস ৰখা উচিত যে, আল্লাহে নিজ ধৰ্মক সহায় কৰিব বিচাৰে।

• من علامات ضعف الإيمان وقلة التقوى التكاسل في أداء الصلاة والإنفاق عن غير رضا ورجاء للثواب.
ঈমানৰ দুৰ্বলতা আৰু তাক্বৱা হ্ৰাস পোৱাৰ অন্যতম কেইটামান নিৰ্দৰ্শন হৈছে এই ধৰণৰঃ ছালাত আদায়ত অলসতা কৰা আৰু অনিচ্ছাকৃতভাৱে দান কৰিও নেকিৰ আশা কৰা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አት-ተውባህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት