Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አት-ተውባህ   አንቀፅ:
قَاتِلُوْهُمْ یُعَذِّبْهُمُ اللّٰهُ بِاَیْدِیْكُمْ وَیُخْزِهِمْ وَیَنْصُرْكُمْ عَلَیْهِمْ وَیَشْفِ صُدُوْرَ قَوْمٍ مُّؤْمِنِیْنَ ۟ۙ
হে মুমিনসকল! এইসকল মুশ্বৰিকৰ লগত যুদ্ধ কৰা। যদি তোমালোকে ইহঁতৰ লগত যুদ্ধ কৰা তেন্তে আল্লাহে তোমালোকৰ দ্বাৰা ইহঁতক শাস্তি প্ৰদান কৰিব, লগত ইহঁতক পৰাজিত কৰি আৰু কয়েদী সজাই লাঞ্ছিত কৰিব। ইহঁতৰ ওপৰত প্ৰভূত্ব প্ৰদান কৰি তোমালোকক সহায় কৰিব, লগতে সেইসকল মুমিনসকলৰ অন্তৰৰ ব্যাধি দূৰ কৰি দিব যিসকলে যুদ্ধত অংশ গ্ৰহণ কৰা নাই। এইটো সেই সময়ত হব যেতিয়া তেওঁলোকে দেখিব যে, মুছলমানৰ শত্ৰুসকলে পৰাজয় বৰণ কৰিছে, নিহত হৈছে আৰু কয়েদী হৈ আহিছে, আনহাতে মুছলিমসকল সিহঁতৰ ওপৰত বিজয় প্ৰাপ্ত হৈছে।
ዓረብኛ ተፍሲሮች:
وَیُذْهِبْ غَیْظَ قُلُوْبِهِمْ ؕ— وَیَتُوْبُ اللّٰهُ عَلٰی مَنْ یَّشَآءُ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ অন্তৰৰ ক্ৰোধক, শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি দূৰ কৰিব, লগতে পাপিষ্ঠসকলৰ মাজৰ পৰা যাৰ ইচ্ছা আল্লাহে তাওবা কবূল কৰিব, যদি সিহঁতে তাওবা কৰে, যিদৰে মক্কা বিজয়ৰ দিনা কিছুমান কাফিৰে তাওবা কৰিছিল। আল্লাহে ভালদৰেই জানে সিহঁতৰ মাজত কোনে সঁচা তাওবা কৰিব, কাৰণ তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
اَمْ حَسِبْتُمْ اَنْ تُتْرَكُوْا وَلَمَّا یَعْلَمِ اللّٰهُ الَّذِیْنَ جٰهَدُوْا مِنْكُمْ وَلَمْ یَتَّخِذُوْا مِنْ دُوْنِ اللّٰهِ وَلَا رَسُوْلِهٖ وَلَا الْمُؤْمِنِیْنَ وَلِیْجَةً ؕ— وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠
হে মুমিনসকল! তোমালোকে ভাৱিছা নেকি যে, আল্লাহে তোমালোকক পৰীক্ষা নকৰাকৈ এনেই এৰি দিব? অথচ আল্লাহৰ সাধাৰণ নিয়ম হৈছে পৰীক্ষা কৰা। এতেকে তোমালোককো পৰীক্ষা কৰা হ'ব, যাতে আল্লাহে প্ৰকাশ কৰে আৰু প্ৰকাশ্যভাৱে বান্দাসকলেও জানিব পাৰে যে, তোমালোকৰ মাজৰ কোনসকলে শ্ৰদ্ধাপূৰ্ণভাৱে আল্লাহৰ পথত যুদ্ধ কৰিব, যিসকলে আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাহিৰে কাফিৰসকলৰ লগত অন্তৰঙ্গ বন্ধুত্ব স্থাপন কৰা নাই। তোমালোকে যি কৰি আছা আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বিষয় গোপন নহয়, আৰু তেওঁ অচিৰেই তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
مَا كَانَ لِلْمُشْرِكِیْنَ اَنْ یَّعْمُرُوْا مَسٰجِدَ اللّٰهِ شٰهِدِیْنَ عَلٰۤی اَنْفُسِهِمْ بِالْكُفْرِ ؕ— اُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ ۖۚ— وَفِی النَّارِ هُمْ خٰلِدُوْنَ ۟
আল্লাহৰ মছজিদসমূহক ইবাদত আৰু বিভিন্ন প্ৰকাৰৰ আনুগত্যৰ দ্বাৰা সক্ৰিয় ৰাখিবলৈ মুশ্বৰিকসকলৰ যোগ্যতা নাই। কিয়নো সিহঁত নিজেই নিজৰ বিৰুদ্ধে কুফৰৰ সাক্ষী প্ৰদান কৰিছে। এইসকল লোকৰেই আমল বিনষ্ট হৈছে, কাৰণ আমল কবূল হোৱাৰ মূল চৰ্ত হৈছে ঈমান, আৰু ঈমান সিহঁতৰ মাজত নাই। ক্বিয়ামতৰ দিনা সিহঁত জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰকাল অৱস্থান কৰিব। কিন্তু যদি মৃত্যুৰ পূৰ্বে শ্বিৰ্কৰ পৰা তাওবা কৰে তেন্তে সেয়া সুকীয়া বিষয়।
ዓረብኛ ተፍሲሮች:
اِنَّمَا یَعْمُرُ مَسٰجِدَ اللّٰهِ مَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَاَقَامَ الصَّلٰوةَ وَاٰتَی الزَّكٰوةَ وَلَمْ یَخْشَ اِلَّا اللّٰهَ ۫— فَعَسٰۤی اُولٰٓىِٕكَ اَنْ یَّكُوْنُوْا مِنَ الْمُهْتَدِیْنَ ۟
প্ৰকৃততে মছজিদ আবাদ কৰাৰ আৰু চোৱাচিতা কৰাৰ অধিকাৰ কেৱল সেইসকল লোকৰ, যিসকলে অদ্বিতীয় আল্লাহৰ ওপৰত ঈমান পোষণ কৰিছে, কাকো তেওঁৰ অংশী স্থাপন কৰা নাই, লগতে ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিছে, ছালাত প্ৰতিষ্ঠা কৰে আৰু ধন-সম্পদৰ যাকাত প্ৰদান কৰে, লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। আশা কৰা যায় এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পোন পথৰ হিদায়ত লাভ কৰিব। আনহাতে মুশ্বৰিকসকল ইয়াৰ পৰা বহুত দূৰৈত অৱস্থান কৰিব।
ዓረብኛ ተፍሲሮች:
اَجَعَلْتُمْ سِقَایَةَ الْحَآجِّ وَعِمَارَةَ الْمَسْجِدِ الْحَرَامِ كَمَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَجٰهَدَ فِیْ سَبِیْلِ اللّٰهِ ؕ— لَا یَسْتَوٗنَ عِنْدَ اللّٰهِ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۘ
হে মুশ্বৰিকসকল! যিসকলে হাজীসকলক পানী পান কৰোৱায় আৰু সন্মানিত মছজিদৰ চোৱাচিতা কৰে, তোমালোকে এনেকুৱা ব্যক্তিক সেই ব্যক্তিৰ লগত তুলনা কৰিব বিচাৰিছা নেকি, যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে, তেওঁৰ লগত কাকো অংশী স্থাপন কৰা নাই, আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিছে, লগতে নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে যাতে আল্লাহৰ বাণী সুউচ্চ হয়, আৰু কাফিৰসকলৰ কথা হয় নিম্নগামী। তোমালোকে এই দুয়ো প্ৰকাৰ লোকক আল্লাহৰ ওচৰত একে মৰ্যদাৰ অধিকাৰী বুলি গণ্য কৰা নেকি, সিহঁত আল্লাহৰ ওচৰত কদাপিও সমান মৰ্যদাৰ অধিকাৰী হ'ব নোৱাৰে। শ্বিৰ্কত লিপ্ত অন্যায়কাৰীসকলক আল্লাহে কেতিয়াও হিদায়ত নিদিয়ে, যদিও সিহঁতে হাজীসকলক পানী পান কৰোৱাৰ দৰে কিছু নেক আমল নকৰক কিয়।
ዓረብኛ ተፍሲሮች:
اَلَّذِیْنَ اٰمَنُوْا وَهَاجَرُوْا وَجٰهَدُوْا فِیْ سَبِیْلِ اللّٰهِ بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ ۙ— اَعْظَمُ دَرَجَةً عِنْدَ اللّٰهِ ؕ— وَاُولٰٓىِٕكَ هُمُ الْفَآىِٕزُوْنَ ۟
যিসকলে ঈমান আনিছে আৰু কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰিছে, লগতে আল্লাহৰ পথত নিজৰ ধন-সম্পদ আৰু প্ৰাণৰ সৈতে জিহাদ কৰিছে, আন আন লোকতকৈ আল্লাহৰ ওচৰত তেওঁলোকৰ মৰ্যদা অত্যাধিক। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই জান্নাত লাভ কৰাত সফল হ'ব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• في الآيات دلالة على محبة الله لعباده المؤمنين واعتنائه بأحوالهم، حتى إنه جعل من جملة المقاصد الشرعية شفاء ما في صدورهم وذهاب غيظهم.
এই আয়াতসমূহত এই কথাৰ প্ৰমাণ পোৱা যায় যে, আল্লাহে তেওঁৰ মুমিন বান্দাসকলক ভালপায় আৰু তেওঁলোকৰ প্ৰতি মনোযোগ দিয়ে। সেই কাৰণেই তেওঁ চৰীয়তৰ বিশিষ্ট উদ্দেশ্যসমূহৰ মাজত মুমিনসকলৰ আন্তৰিক ব্যাধি আৰু ক্ৰোধ দূৰ কৰাৰ কথা অন্তৰ্ভুক্ত কৰিছে।

• شرع الله الجهاد ليحصل به هذا المقصود الأعظم، وهو أن يتميز الصادقون الذين لا يتحيزون إلا لدين الله من الكاذبين الذين يزعمون الإيمان.
আল্লাহে জিহাদৰ আদেশ এই গুৰুত্বপূৰ্ণ উদ্দেশ্য পূৰণ কৰাৰ বাবে দিছে যে, যাতে ইছলামৰ সহায়কাৰী সত্যবাদী ঈমান্দাৰসকল, আৰু ঈমানৰ মিছা দাবীদাৰসকলৰ মাজত পাৰ্থক্য কৰিব পৰা যায়।

• عُمَّار المساجد الحقيقيون هم من وُصِفوا بالإيمان الصادق، وبالقيام بالأعمال الصالحة التي أُمُّها الصلاة والزكاة، وبخشية الله التي هي أصل كل خير.
দৰাচলতে মছজিদসমূহ সেইসকল লোকেই আবাদ কৰিব পাৰে, যিসকলে আন্তৰিকতাৰে সঁচা ঈমান পোষণ কৰিছে, নেক আমল কৰে, ইয়াৰ উচ্চ শৃঙ্গত ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা। লগতে অন্তৰত আল্লাহৰ ভয় পোষণ কৰে, আৰু এইটো প্ৰত্যেক নেক আমলৰ মূল।

• الجهاد والإيمان بالله أفضل من سقاية الحاج وعمارة المسجد الحرام بدرجات كثيرة؛ لأن الإيمان أصل الدين، وأما الجهاد في سبيل الله فهو ذروة سنام الدين.
জিহাদ আৰু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাটো হৈছে, হাজীসকলক পানী পান কৰোৱা তথা মছজিদৰ চোৱাচিতা কৰাতকৈ বহু গুণে গুৰুত্বপূৰ্ণ। কাৰণ ঈমান হৈছে দ্বীনৰ মূল, আনহাতে জিহাদ হৈছে ইছলামৰ উচ্চ শৃঙ্গ।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አት-ተውባህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት