Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አዕራፍ   አንቀፅ:
وَاِذْ قَالَتْ اُمَّةٌ مِّنْهُمْ لِمَ تَعِظُوْنَ قَوْمَا ۙ— ١للّٰهُ مُهْلِكُهُمْ اَوْ مُعَذِّبُهُمْ عَذَابًا شَدِیْدًا ؕ— قَالُوْا مَعْذِرَةً اِلٰی رَبِّكُمْ وَلَعَلَّهُمْ یَتَّقُوْنَ ۟
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া সিহঁতৰ মাজৰে এটা দলে সিহঁতক এই অনৈতিক কৰ্মৰ পৰা নিষেধ তথা সাৱধান কৰিছিল। তেতিয়া আন এচাম লোকে কৈছিলঃ তোমালোকে এনেকুৱা লোকক কিয় উপদেশ দিয়া যিসকলক আল্লাহে সিহঁতৰ গুনাহৰ ফলত পৃথিৱীতে ধ্বংস কৰিব অথবা ক্বিয়ামতৰ দিনা সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব। তেতিয়া উপদেশকাৰী সকলে কৈছিলঃ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ যি দায়িত্ব আল্লাহে আমাক প্ৰদান কৰিছে, আমি কেৱল সেই দায়িত্ব পালন কৰি আছো, যাতে দায়িত্ব পালন নকৰাৰ বাবে আমি জবাবদিহি হ'ব নালাগে। লগতে যাতে সিহঁতে এই উপদেশৰ পৰা উপকৃত হৈ গুনাহৰ পৰা ৰক্ষা পাব পাৰে।
ዓረብኛ ተፍሲሮች:
فَلَمَّا نَسُوْا مَا ذُكِّرُوْا بِهٖۤ اَنْجَیْنَا الَّذِیْنَ یَنْهَوْنَ عَنِ السُّوْٓءِ وَاَخَذْنَا الَّذِیْنَ ظَلَمُوْا بِعَذَابٍۭ بَىِٕیْسٍ بِمَا كَانُوْا یَفْسُقُوْنَ ۟
পাপিষ্ঠসকলে যেতিয়া উপদেশকাৰী সকলৰ উপদেশৰ পৰা মুখ ঘূৰাই ললে আৰু নিজৰ কৰ্মকাণ্ডৰ পৰা বিৰত নাথাকিলে, তেতিয়া আমি সেইসকল লোকক শাস্তিৰ পৰা ৰক্ষা কৰিলো যিসকলে অসৎকৰ্মৰ পৰা নিষেধ প্ৰদান কৰি মানুহক শাস্তিৰ পৰা বিৰত ৰাখিছিল। আৰু যিসকলে শনিবাৰৰ দিনা মাছ চিকাৰ কৰি নিজৰ ওপৰতে অন্যায় কৰিছিল সিহঁতক কঠোৰ শাস্তি বিহিলো, কাৰণ সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল আৰু গুনাহৰ ওপৰত অটল আছিল।
ዓረብኛ ተፍሲሮች:
فَلَمَّا عَتَوْا عَنْ مَّا نُهُوْا عَنْهُ قُلْنَا لَهُمْ كُوْنُوْا قِرَدَةً خٰسِىِٕیْنَ ۟
যেতিয়া সিহঁতে অহংকাৰ তথা বিদ্বেষ পোষণ কৰি সকলো সীমা চেৰাই গল, আৰু উপদেশ গ্ৰহণ নকৰিলে। তেতিয়া আমি সিহঁতক ক'লোঃ হে পাপিষ্ঠসকল! তোমালোক নিকৃষ্ট বান্দৰত পৰিণত হোৱা। ফলত সিহঁত আমাৰ ইচ্ছানুসাৰে বান্দৰ হৈ গ'ল। কিয়নো আমি যেতিয়া কোনো কাম কৰিবলৈ ইচ্ছা পোষণ কৰো, তেতিয়া আমি কেৱল কওঁ যে, “হৈ যোৱা” তেতিয়াই সেয়া হৈ যায়।
ዓረብኛ ተፍሲሮች:
وَاِذْ تَاَذَّنَ رَبُّكَ لَیَبْعَثَنَّ عَلَیْهِمْ اِلٰی یَوْمِ الْقِیٰمَةِ مَنْ یَّسُوْمُهُمْ سُوْٓءَ الْعَذَابِ ؕ— اِنَّ رَبَّكَ لَسَرِیْعُ الْعِقَابِ ۖۚ— وَاِنَّهٗ لَغَفُوْرٌ رَّحِیْمٌ ۟
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া আল্লাহে স্পষ্ট ঘোষণা কৰিছিল যে, তেওঁ ক্বিয়ামত পৰ্যন্ত ইয়াহুদীসকলৰ ওপৰত এনেকুৱা লোকক প্ৰভূত্ব প্ৰদান কৰিব, যিসকলে সিহঁতক লাঞ্ছনদায়ক শাস্তি প্ৰদান কৰি থাকিব। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে পাপিষ্ঠসকলক অতিশীঘ্ৰে শাস্তি প্ৰদান কৰিব। আনকি কেতিয়াবা কেতিয়াবা পৃথিৱীতো সিহঁতক শাস্তি দিয়ে। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
ዓረብኛ ተፍሲሮች:
وَقَطَّعْنٰهُمْ فِی الْاَرْضِ اُمَمًا ۚ— مِنْهُمُ الصّٰلِحُوْنَ وَمِنْهُمْ دُوْنَ ذٰلِكَ ؗ— وَبَلَوْنٰهُمْ بِالْحَسَنٰتِ وَالسَّیِّاٰتِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟
আৰু আমি সিহঁতক পৃথিৱীত বহুধাবিভক্ত কৰিছো, অথচ পূৰ্বে সিহঁত একত্ৰিত আছিল। সিহঁতৰ মাজৰ কিছুমান লোক পূণ্যৱান আছিল, যিসকলে আল্লাহৰ বিধান পালন কৰিছিল আৰু মানুহৰো অধিকাৰ পূৰণ কৰিছিল। আৰু কিছুমান আছিল মধ্যম পন্থা অৱলম্বনকাৰী। লগতে কিছুমান আছিল পাপিষ্ঠ অন্যায়কাৰী। আমি সিহঁতক সুখ-দুখেৰে পৰীক্ষা কৰিছো, যাতে সিহঁতে নিজকে সংশোধন কৰে।
ዓረብኛ ተፍሲሮች:
فَخَلَفَ مِنْ بَعْدِهِمْ خَلْفٌ وَّرِثُوا الْكِتٰبَ یَاْخُذُوْنَ عَرَضَ هٰذَا الْاَدْنٰی وَیَقُوْلُوْنَ سَیُغْفَرُ لَنَا ۚ— وَاِنْ یَّاْتِهِمْ عَرَضٌ مِّثْلُهٗ یَاْخُذُوْهُ ؕ— اَلَمْ یُؤْخَذْ عَلَیْهِمْ مِّیْثَاقُ الْكِتٰبِ اَنْ لَّا یَقُوْلُوْا عَلَی اللّٰهِ اِلَّا الْحَقَّ وَدَرَسُوْا مَا فِیْهِ ؕ— وَالدَّارُ الْاٰخِرَةُ خَیْرٌ لِّلَّذِیْنَ یَتَّقُوْنَ ؕ— اَفَلَا تَعْقِلُوْنَ ۟
সিহঁতৰ পিছত কিছুমান বেয়া চৰিত্ৰৰ লোকে সিহঁতৰ স্থলাভিষিক্ত হ'ল, যিসকলে নিজৰ পূৰ্বপুৰুষৰ পৰা তাওৰাত সংগ্ৰহ কৰিছিল। সিহঁতে সেয়া পঢ়িছিল কিন্তু আমল কৰা নাছিল। সিহঁতে তুচ্ছ মূল্যৰ বিনিময়ত আল্লাহৰ পুথি বিকৃত কৰিবলৈ আৰম্ভ কৰিলে আৰু আল্লাহে যি বিধান অৱতীৰ্ণ কৰা নাই সেই মতে বিচাৰ-মীমাংসা কৰিবলৈ ধৰিলে। আৰু সিহঁত এই আশাত বন্দী হৈ থাকিল যে, নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিব। আৰু সিহঁতৰ ওচৰত অলপ পাৰ্থিৱ সম্পত্তি আহিলে বাৰে বাৰে সেইটোকে লব। আল্লাহে সিহঁতৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লোৱা নাছিলনে যে, সিহঁতে আল্লাহৰ প্ৰতি সদায় সত্য কথাহে ক'ব, বিকৃত তথা পৰিবৰ্তন নকৰিব, সিহঁতে পুথিৰ ওপৰত আমল নকৰা বিষয়টো অজ্ঞনতাৰ ফলত নহয়, বৰং সিহঁতে জানি-বুজি কৰিছিল। সিহঁতে তাত থকা বিধানসমূহ পঢ়িছিল আৰু সেই সম্পৰ্কে জ্ঞান অৰ্জন কৰিছিল, তথাপিও পাপ কৰিছিল। সেয়ে সিহঁতৰ অপৰাধ অধিক দণ্ডদায়ক। পৰকালৰ ঘৰ, পৰকালৰ ঘৰত আল্লাহৰ আদেশ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা সকলৰ বাবে যিবোৰ স্থায়ী আনন্দ আছে, সেইবোৰ সৰ্বোতকৃষ্ট, এই পাৰ্থিৱ জীৱনৰ ধ্বংসশীল বস্তুতকৈ। এই কম সম্বল সংগ্ৰহকাৰী সকলে নুবুজে নেকি যে, আল্লাহে মুত্তাক্বীসকলৰ বাবে আখিৰাতত যি তৈয়াৰ কৰি ৰাখিছে সেয়া সৰ্বোতকৃষ্ট আৰু চিৰস্থায়ী।
ዓረብኛ ተፍሲሮች:
وَالَّذِیْنَ یُمَسِّكُوْنَ بِالْكِتٰبِ وَاَقَامُوا الصَّلٰوةَ ؕ— اِنَّا لَا نُضِیْعُ اَجْرَ الْمُصْلِحِیْنَ ۟
যিসকলে পুথিক দৃঢ়তাৰে ধাৰণ কৰে আৰু তাত থকা বিধান মতে আমল কৰে, লগতে যথাসময়ত ছালাতৰ চৰ্ত, ওৱাজিব আৰু ছুনান সহকাৰে ছালাত প্ৰতিষ্ঠা কৰে। আল্লাহে অতি শীঘ্ৰে তেওঁলোকক তেওঁলোকৰ আমলৰ প্ৰতিদান দিব। কিয়নো আল্লাহে কোনো নেক বান্দাৰ আমল ব্যৰ্থ নকৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إذا نزل عذاب الله على قوم بسبب ذنوبهم ينجو منه من كانوا يأمرون بالمعروف وينهون عن المنكر فيهم.
যেতিয়া কোনো জাতিৰ ওপৰত সিহঁতৰ গুনাহৰ কাৰণে আল্লাহৰ শাস্তি আহে, তেতিয়া সেই শাস্তিৰ পৰা সেইসকল লোকক ৰক্ষা কৰা হয় যিসকলে সৎকৰ্মৰ আদেশ দিছিল আৰু অসৎকৰ্মৰ পৰা সিহঁতক বিৰত ৰাখিছিল।

• يجب الحذر من عذاب الله؛ فإنه قد يكون رهيبًا في الدنيا، كما فعل سبحانه بطائفة من بني إسرائيل حين مَسَخَهم قردة بسبب تمردهم.
আল্লাহৰ শাস্তিক ভয় কৰা অত্যন্ত প্ৰয়োজন। কিয়নো এয়া কেতিয়াবা কেতিয়াবা পৃথিৱীত ভয় দেখুৱাবলৈ প্ৰদৰ্শিত হয়। যিদৰে আল্লাহে বনী ইছৰাঈলৰ কিছুমানৰ সৈতে এনেকুৱা কৰিছিল, সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতৰ প্ৰকৃত আকৃতি বিকৃত কৰি সিহঁতক বান্দৰত পৰিণত কৰিছিল।

• نعيم الدنيا مهما بدا أنه عظيم فإنه قليل تافه بجانب نعيم الآخرة الدائم.
আল্লাহে বনী ইছৰাঈলৰ ভাগ্যত অপমান আৰু দৰিদ্ৰতা লিখি দিছে, লগতে জনাই দিছে যে, তেওঁ সিহঁতৰ অত্যাচাৰ আৰু পথভ্ৰষ্টতাৰ কাৰণে সিহঁতৰ ওপৰত প্ৰত্যেক যুগতে এনেকুৱা লোকৰ অধীন কৰিব, যিসকলে সিহঁতক শাস্তি প্ৰদান কৰিব।

• أفضل أعمال العبد بعد الإيمان إقامة الصلاة؛ لأنها عمود الأمر.
পাৰ্থিৱ জীৱনৰ নিয়ামত যিমান ডাঙৰে নহওক কিয়, কিন্তু আখিৰাতৰ চিৰস্থায়ী নিয়ামতৰ তুলনাত সেয়া নিম্নতৰ তথা তুচ্ছ।

• كتب الله على بني إسرائيل الذلة والمسكنة، وتأذن بأن يبعث عليهم كل مدة من يذيقهم العذاب بسبب ظلمهم وانحرافهم.
ঈমানৰ পিছত বান্দাৰ বাবে আটাইতকৈ উত্তম আমল হৈছে ছালাত প্ৰতিষ্ঠা কৰা, কিয়নো এইটো দ্বীনৰ স্তম্ভ।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አዕራፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት