Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አዕራፍ   አንቀፅ:
وَمَا كَانَ جَوَابَ قَوْمِهٖۤ اِلَّاۤ اَنْ قَالُوْۤا اَخْرِجُوْهُمْ مِّنْ قَرْیَتِكُمْ ۚ— اِنَّهُمْ اُنَاسٌ یَّتَطَهَّرُوْنَ ۟
যেতিয়া লূত আলাইহিছ ছালামে এই অশ্লীল কৰ্মত লিপ্ত লোক সকলক বুজাই কলে, তেতিয়া সিহঁতে সত্যৰ পৰা বিমুখ হৈ উত্তৰ দিলে যে, লূত আৰু তেওঁৰ পৰিয়ালক এই গাওঁৰ পৰা বহিষ্কাৰ কৰা। কিয়নো তেওঁলোকে আমাৰ এই কৰ্মক ঘৃণা কৰে। সেয়ে তেওঁলোক আমাৰ মাজত থকা উচিত নহয়।
ዓረብኛ ተፍሲሮች:
فَاَنْجَیْنٰهُ وَاَهْلَهٗۤ اِلَّا امْرَاَتَهٗ ۖؗ— كَانَتْ مِنَ الْغٰبِرِیْنَ ۟
তেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিলো। আৰু তেওঁলোকক ৰাতিৰ ভাগত সেই গাওঁখন পৰিত্যাগ কৰাৰ নিৰ্দেশ দিলো, যিটোত শাস্তি আহিব। আনহাতে তেওঁৰ পত্নী গাওঁৰ বাকী লোকসকলৰ লগতে থাকি গ'ল। সেয়ে সিও শাস্তিৰ সন্মুখীন হ'ল, যিদৰে গাওঁবাসী হৈছিল।
ዓረብኛ ተፍሲሮች:
وَاَمْطَرْنَا عَلَیْهِمْ مَّطَرًا ؕ— فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُجْرِمِیْنَ ۟۠
আমি সিহঁতৰ ওপৰত ভয়াৱহ বৰষুণ দিলো, শিলৰ বৰষুণ। লগতে গাওঁখনক ওলোটাই দিলো, ফলত ওপৰৰ বাসিন্দাসকল তল পৰি গ'ল। এতেকে হে ৰাছুল! চিন্তা কৰি চাওঁকচোন! লূত সম্প্ৰদায়ৰ পাপীসকলৰ পৰিণাম কেনেকুৱা আছিল? নিশ্চয় সিহঁতৰ শেষ পৰিণতি হৈছিল ধ্বংস আৰু চিৰস্থায়ী লাঞ্ছনা।
ዓረብኛ ተፍሲሮች:
وَاِلٰی مَدْیَنَ اَخَاهُمْ شُعَیْبًا ؕ— قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ— قَدْ جَآءَتْكُمْ بَیِّنَةٌ مِّنْ رَّبِّكُمْ فَاَوْفُوا الْكَیْلَ وَالْمِیْزَانَ وَلَا تَبْخَسُوا النَّاسَ اَشْیَآءَهُمْ وَلَا تُفْسِدُوْا فِی الْاَرْضِ بَعْدَ اِصْلَاحِهَا ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟ۚ
নিশ্চয় আমি মাদয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ শুআইব আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ জাতি! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে ইবাদতৰ যোগ্য তোমালোকৰ আন কোনো সত্য উপাস্য নাই। মই লৈ অহা বাৰ্তা সত্য, ইয়াৰ সত্যতাৰ বাবে তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা স্পষ্ট প্ৰমাণ আহি পৰিছে। এতেকে মানুহৰ অধিকাৰৰ প্ৰতি মনোযোগ প্ৰদান কৰি, যেতিয়া সিহঁতক কিবা ওজন কৰি দিবা, তেতিয়া পৰিপূৰ্ণৰূপে ওজন কৰিবা। পণ্য সামগ্ৰীত কোনো দোষ উলিয়াই অথবা নিন্দা কৰি নাইবা পণ্যৰ গৰাকীক ঠগাই কোনো ধৰণৰ ক্ষতি নকৰিবা। লগতে নবীসকলৰ দ্বাৰা পৃথিৱীক সংশোধন কৰাৰ পিছত তাত কুফৰ আৰু পাপকৰ্মৰ দ্বাৰা পৰিৱেশ দোষিত নকৰিবা। যদি তুমি প্ৰকৃত মুমিন হোৱা তেন্তে এইবোৰ কথাৰ প্ৰতি আমল কৰাত তোমাৰ বাবে আছে কল্যাণ। কিয়নো এইবোৰ পালন কৰিলে তুমি আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ কাৰণে গুনাহৰ পৰা ৰক্ষা পাবা, লগতে তেওঁৰ আদেশ পালন কৰাৰ কাৰণে তুমি তেওঁৰ নৈকট্য লাভ কৰাত সফল হবা।
ዓረብኛ ተፍሲሮች:
وَلَا تَقْعُدُوْا بِكُلِّ صِرَاطٍ تُوْعِدُوْنَ وَتَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ مَنْ اٰمَنَ بِهٖ وَتَبْغُوْنَهَا عِوَجًا ۚ— وَاذْكُرُوْۤا اِذْ كُنْتُمْ قَلِیْلًا فَكَثَّرَكُمْ ۪— وَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُفْسِدِیْنَ ۟
আৰু মানুহক ভয় দেখুৱাই সিহঁতৰ ধন লুন্ঠণ কৰিবলৈ প্ৰত্যেক পথত বহি নাথাকিবা, লগতে সঠিক পথত চলাৰ ইচ্ছা পোষণকাৰী সকলক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰখাৰ উদ্দেশ্যে তথা আল্লাহৰ পথক বক্ৰতা প্ৰদান কৰিবলৈ যাতে তাত মানুহে পৰিচালিত হ'ব নোৱাৰে তাৰ প্ৰয়াস নকৰিবা। আল্লাহৰ ফালৰ পৰা পোৱা অনুগ্ৰহবোৰ স্মৰণ কৰা যাতে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। তোমালোকে সংখ্যালঘু আছিলা, তেৱেঁই তোমালোকক সংখ্যাগৰিষ্ঠ কৰিছে। ভাৱি চোৱাচোন! তোমালোকৰ পূৰ্বে যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিছিল, সিহঁতৰ কি পৰিণাম হৈছিল! নিশ্চয় সিহঁতৰ পৰিণাম হৈছিল ধ্বংস আৰু বিনাশ।
ዓረብኛ ተፍሲሮች:
وَاِنْ كَانَ طَآىِٕفَةٌ مِّنْكُمْ اٰمَنُوْا بِالَّذِیْۤ اُرْسِلْتُ بِهٖ وَطَآىِٕفَةٌ لَّمْ یُؤْمِنُوْا فَاصْبِرُوْا حَتّٰی یَحْكُمَ اللّٰهُ بَیْنَنَا ۚ— وَهُوَ خَیْرُ الْحٰكِمِیْنَ ۟
এতেকে তোমালোকৰ এটা দলে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু আনটো দলে ঈমান পোষণ কৰা নাই। এতেকে হে অস্বীকাৰকাৰী সকল! আল্লাহৰ ফয়চালাৰ অপেক্ষা কৰা। তেওঁ সৰ্বশ্ৰেষ্ঠ ফয়চালাকাৰী আৰু ন্যায়পৰায়ণ সিদ্ধান্ত গ্ৰহণকাৰী।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• اللواط فاحشة تدلُّ على انتكاس الفطرة، وناسب أن يكون عقابهم من جنس عملهم فنكس الله عليهم قُراهم.
সমকামিতা এনেকুৱা নিকৃষ্ট অশ্লীলতা, যিটো মানৱ স্বভাৱৰ বিকৃতিৰ প্ৰমাণ। সেই কাৰণেই আল্লাহে এই ঘৃণনীয় কৰ্মত লিপ্তসকলক সিহঁতৰ কৰ্ম অনুৰূপ শাস্তি হিচাপে সিহঁতৰ গাওঁখনক ওলোটাই দি বিধ্বস্ত কৰিছে।

• تقوم دعوة الأنبياء - ومنهم شعيب عليه السلام - على أصلين: تعظيم أمر الله: ويشمل الإقرار بالتوحيد وتصديق النبوة. والشفقة على خلق الله: ويشمل ترك البَخْس وترك الإفساد وكل أنواع الإيذاء.
সকলো নবীৰ বাৰ্তা দুটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত। আল্লাহৰ আদেশৰ সন্মান, য’ত আছে তাওহীদৰ স্বীকৃতি আৰু নবুওৱতক সত্য বুলি স্বীকাৰ কৰা। দ্বিতীয়তে আল্লাহৰ সৃষ্টিৰ প্ৰতি দয়া কৰা, ইয়াৰ ভিতৰত আছে, কম দিয়াৰ পৰা বিৰত থাকা, বিপৰ্যয় সৃষ্টিৰ পৰা দূৰৈত থকা, লগতে কোনো ধৰণৰ কষ্ট দিয়াৰ পৰা বিৰত থাকা।

• الإفساد في الأرض بعد الإصلاح جُرْم اجتماعي في حق الإنسانية؛ لأن صلاح الأرض بالعقيدة والأخلاق فيه خير للجميع، وإفساد الأرض عدوان على الناس.
সংশোধনৰ পিছত পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা মানৱতাৰ প্ৰতি এটা সামাজিক অপৰাধ, কিয়নো সঠিক আক্বীদাহ তথা সৎচৰিত্ৰৰ দ্বাৰা পৃথিৱীক সংস্কাৰ কৰা সমাজৰ বাবে কল্যাণকৰ। আনহাতে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা, মানুহৰ সৈতে শত্ৰুতা কৰাৰ দৰে।

• من أعظم الذنوب وأكبرها وأشدها وأفحشها أخذُ ما لا يحقُّ أخذه شرعًا من الوظائف المالية بالقهر والجبر؛ فإنه غصب وظلم وعسف على الناس وإذاعة للمنكر وعمل به ودوام عليه وإقرار له.
জোৰ-জবৰদস্তী অবৈধ ভাৱে ধন লুণ্ঠন কৰা মহা পাপ। কিয়নো এইটো হৈছে অবৈধ কব্জা, অন্যায়, অশ্লীলতাৰ প্ৰচাৰ, তাৰ প্ৰতি আমল কৰা আৰু তাৰ সহযোগ কৰা বুজায়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አዕራፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት