Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን ነጅም   አንቀፅ:
وَاَنَّهٗ خَلَقَ الزَّوْجَیْنِ الذَّكَرَ وَالۡاُنۡثٰى ۟ۙ
তেৱেঁই দুয়োবিধক অৰ্থাৎ নৰ আৰু নাৰীক সৃষ্টি কৰিছে।
ዓረብኛ ተፍሲሮች:
مِنْ نُّطْفَةٍ اِذَا تُمْنٰی ۪۟
বীৰ্যৰ দ্বাৰা, যেতিয়া ইয়াক গৰ্ভাশয়ত ৰখা হৈছিল।
ዓረብኛ ተፍሲሮች:
وَاَنَّ عَلَیْهِ النَّشْاَةَ الْاُخْرٰی ۟ۙ
সিহঁতৰ মৃত্যুৰ পিছত সিহঁতক তেৱেঁই জীৱন দান কৰি পুনৰুত্থিত কৰিব।
ዓረብኛ ተፍሲሮች:
وَاَنَّهٗ هُوَ اَغْنٰی وَاَقْنٰی ۟ۙ
তেৱেঁই বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে সম্পদ প্ৰদান কৰি ধনী বনায়। এনেকুৱা সম্পদ প্ৰদান কৰে, যিবোৰ মানুহে সঞ্চয় কৰি ৰাখে।
ዓረብኛ ተፍሲሮች:
وَاَنَّهٗ هُوَ رَبُّ الشِّعْرٰی ۟ۙ
নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নামক তৰাৰ প্ৰতিপালক, যাক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ কৰি পূজা-পাঠ কৰিছিল।
ዓረብኛ ተፍሲሮች:
وَاَنَّهٗۤ اَهْلَكَ عَادَا ١لْاُوْلٰی ۟ۙ
ইতিপূৰ্বে তেৱেঁই হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় ‘আদ’ক ধ্বংস কৰিছে, যেতিয়া সিহঁতে কুফৰীত অটল আছিল।
ዓረብኛ ተፍሲሮች:
وَثَمُوْدَاۡ فَمَاۤ اَبْقٰی ۟ۙ
আৰু তেৱেঁই ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদক ধ্বংস কৰিছে। এতেকে সিহঁতৰ মাজৰ কাকো এৰি দিয়া নাই।
ዓረብኛ ተፍሲሮች:
وَقَوْمَ نُوْحٍ مِّنْ قَبْلُ ؕ— اِنَّهُمْ كَانُوْا هُمْ اَظْلَمَ وَاَطْغٰی ۟ؕ
আদ আৰু ছামূদৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ক ধ্বংস কৰিছিল। নিশ্চয় নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদ আৰু ছামূদ সম্প্ৰদায়তকৈও অধিক অন্যায়কাৰী আৰু অবাধ্য আছিল। কিয়নো নূহ আলাইহিচ্ছালাম সিহঁতৰ মাজত পঞ্চাচ বছৰ কম এহেজাৰ বছৰ অৱস্থান কৰিছিল আৰু সিহঁতক তাওহীদৰ পিনে আহ্বান কৰিছিল কিন্তু তথাপিও সিহঁতে স্বীকাৰ কৰা নাছিল।
ዓረብኛ ተፍሲሮች:
وَالْمُؤْتَفِكَةَ اَهْوٰی ۟ۙ
আৰু লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ক ওপৰলৈ উঠাই ওলোটাই দিছিল আৰু তাৰ পিছত পৃথিৱীত নিক্ষেপ কৰিছিল।
ዓረብኛ ተፍሲሮች:
فَغَشّٰىهَا مَا غَشّٰی ۟ۚ
সিহঁতক ওপৰলৈ উঠাই মাটিত পেলাই দিয়াৰ পিছত সিহঁতৰ ওপৰত শিল বৰ্ষণ কৰি ঢাকি দিয়া হৈছিল।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكَ تَتَمَارٰی ۟
হে মানৱ! তোমাৰ প্ৰতিপালকৰ ক্ষমতাৰ প্ৰমাণ বহন কৰা কোন কোনটো নিদৰ্শনক তুমি সন্দেহ কৰিবা, তথা শিক্ষা লোৱাৰ পৰা বিৰত থাকিবা?
ዓረብኛ ተፍሲሮች:
هٰذَا نَذِیْرٌ مِّنَ النُّذُرِ الْاُوْلٰی ۟
তোমালোকৰ প্ৰতি প্ৰেৰিত হোৱা এইজন ৰাছুলো পূৰ্বৱৰ্তী ৰাছুলসকলৰেই এটা অংশ।
ዓረብኛ ተፍሲሮች:
اَزِفَتِ الْاٰزِفَةُ ۟ۚ
কিয়ামত ওচৰ চাপিছে, অতি সন্নিকট।
ዓረብኛ ተፍሲሮች:
لَیْسَ لَهَا مِنْ دُوْنِ اللّٰهِ كَاشِفَةٌ ۟ؕ
আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে, তথা তেওঁৰ বাহিৰে ইয়াৰ সঠিক তথ্য সম্পৰ্কেও অৱগত নহয়।
ዓረብኛ ተፍሲሮች:
اَفَمِنْ هٰذَا الْحَدِیْثِ تَعْجَبُوْنَ ۟ۙ
এই কোৰআন, যিখন তোমালোকৰ সন্মুখত তিলাৱত কৰা হয়, এইখন আল্লাহৰ ফালৰ পৰা বুলি তোমালোকে ইয়াকলৈ আশ্চৰ্য প্ৰকাশ কৰা নেকি?
ዓረብኛ ተፍሲሮች:
وَتَضْحَكُوْنَ وَلَا تَبْكُوْنَ ۟ۙ
তথা ইয়াক ঠাট্টা কৰি হাঁহি থকা, আৰু ইয়াৰ উপদেশ শুনি অশ্ৰুশিক্ত নোহোৱা?!
ዓረብኛ ተፍሲሮች:
وَاَنْتُمْ سٰمِدُوْنَ ۟
এই ক্ষেত্ৰত তোমালোকে অমনোযোগী হৈ আছা, অকণো ভ্ৰূক্ষেপ নকৰা।
ዓረብኛ ተፍሲሮች:
فَاسْجُدُوْا لِلّٰهِ وَاعْبُدُوْا ۟
এতেকে একমাত্ৰ আল্লাহকেই ছাজদাহ কৰা আৰু নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عدم التأثر بالقرآن نذير شؤم.
কোৰআনৰ দ্বাৰা প্ৰভাৱিত নোহোৱা বিষয়টো হৈছে এক প্ৰকাৰ বেয়া সংকেত।

• خطر اتباع الهوى على النفس في الدنيا والآخرة.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক পৃথিৱী আৰু আখিৰাতত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন কৰায়।

• عدم الاتعاظ بهلاك الأمم صفة من صفات الكفار.
পূৰ্বৱৰ্তী উম্মতসমূহৰ ধ্বংসৰ পৰা শিক্ষা নোলোৱাটো হৈছে কাফিৰসকলৰ বৈশিষ্ট্য।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን ነጅም
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት