Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን ነጅም   አንቀፅ:

আন-নাজম

ከሱራዋ ጥቅል ሀሳብ መካከል:
إثبات صدق الوحي وأنه من عند الله.
অহীৰ সত্যতাৰ প্ৰমাণ যে, নিশ্চয় ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।

وَالنَّجْمِ اِذَا هَوٰی ۟ۙ
আল্লাহে তৰাৰ শপত খাইছে, যেতিয়া ই সৰি পৰে।
ዓረብኛ ተፍሲሮች:
مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوٰی ۟ۚ
আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হিদায়তৰ পথৰ পৰা আঁতৰি যোৱা নাই, তথা বিভ্ৰান্তও হোৱা নাই, বৰং তেওঁ সঠিক পথত প্ৰতিষ্ঠিত হৈ আছে।
ዓረብኛ ተፍሲሮች:
وَمَا یَنْطِقُ عَنِ الْهَوٰی ۟ؕۚ
আৰু তেওঁ প্ৰবৃত্তিৰ অনুসৰণ কৰি এই কোৰআন নকয়।
ዓረብኛ ተፍሲሮች:
اِنْ هُوَ اِلَّا وَحْیٌ یُّوْحٰی ۟ۙ
এই কোৰআন হৈছে অহী। আল্লাহে জিব্ৰীল আলাইহিইচ্ছালামৰ মাধ্যমত তেওঁৰ ওচৰলৈ এই অহী প্ৰেৰণ কৰে।
ዓረብኛ ተፍሲሮች:
عَلَّمَهٗ شَدِیْدُ الْقُوٰی ۟ۙ
শক্তিশালী ফিৰিস্তাই অৰ্থাৎ জিব্ৰীল আলাইহিচ্ছালামে তেওঁক শিকায়।
ዓረብኛ ተፍሲሮች:
ذُوْ مِرَّةٍ ؕ— فَاسْتَوٰی ۟ۙ
জিব্ৰীল আলাইহিচ্ছালাম হৈছে উৎকৃষ্ট আকৃতিৰ অধিকাৰী। আল্লাহে তেওঁক যি আকৃতিত সৃষ্টি কৰিছে সেই আকৃতিতেই তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত প্ৰকট হৈছিল।
ዓረብኛ ተፍሲሮች:
وَهُوَ بِالْاُفُقِ الْاَعْلٰی ۟ؕ
তেতিয়া জিব্ৰীল আলাইহিচ্ছালাম আছিল আকাশৰ ঊৰ্দ্ধদিগন্তত।
ዓረብኛ ተፍሲሮች:
ثُمَّ دَنَا فَتَدَلّٰی ۟ۙ
ইয়াৰ পিছত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটৱৰ্তী হৈছিল, তথা আৰু ওচৰ চাপি আহিছিল।
ዓረብኛ ተፍሲሮች:
فَكَانَ قَابَ قَوْسَیْنِ اَوْ اَدْنٰی ۟ۚ
তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দুখন ধেনুৰ দূৰত্বত অৱস্থান কৰিছিল অথবা তাতোকৈ কম দূৰত্বত।
ዓረብኛ ተፍሲሮች:
فَاَوْحٰۤی اِلٰی عَبْدِهٖ مَاۤ اَوْحٰی ۟ؕ
তেতিয়া জিব্ৰীল আলাইহিচ্ছালামে আল্লাহৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক যি অহী দিবলগীয়া আছিল সেয়া দিলে।
ዓረብኛ ተፍሲሮች:
مَا كَذَبَ الْفُؤَادُ مَا رَاٰی ۟
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি যি দেখিছে, তেওঁৰ অন্তৰে সেয়া অস্বীকাৰ কৰা নাই।
ዓረብኛ ተፍሲሮች:
اَفَتُمٰرُوْنَهٗ عَلٰی مَا یَرٰی ۟
হে মুশ্বৰিকসকল! তোমালোকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সেইবোৰ বিষয়লৈ বিতৰ্ক কৰা নেকি, যিবোৰ আল্লাহে তেওঁক ‘ইছৰা’ৰ ৰাতি দেখুৱাইছে?
ዓረብኛ ተፍሲሮች:
وَلَقَدْ رَاٰهُ نَزْلَةً اُخْرٰی ۟ۙ
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিচ্ছালামক আৰু এবাৰ প্ৰকৃত আকৃতিত দেখা পাইছিল ইছৰাৰ ৰাতিত।
ዓረብኛ ተፍሲሮች:
عِنْدَ سِدْرَةِ الْمُنْتَهٰی ۟
ছিদৰাতুল মুনতাহাৰ ওচৰত। সেয়া হৈছে সপ্তম আকাশত থকা এজোপা প্ৰকাণ্ড বৃক্ষ।
ዓረብኛ ተፍሲሮች:
عِنْدَهَا جَنَّةُ الْمَاْوٰی ۟ؕ
এই গছজোপাৰ ওচৰতেই আছে জান্নাতুল মা’ওৱা।
ዓረብኛ ተፍሲሮች:
اِذْ یَغْشَی السِّدْرَةَ مَا یَغْشٰی ۟ۙ
আল্লাহৰ আদেশত বিশাল বস্তু এটাই যেতিয়া ছিদৰাক আচ্ছাদিত কৰিছিল, যিটোৰ বাস্তৱিকতা সম্পৰ্কে একমাত্ৰ আল্লাহেই অৱগত।
ዓረብኛ ተፍሲሮች:
مَا زَاغَ الْبَصَرُ وَمَا طَغٰی ۟
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৃষ্টি সোঁৱে-বাঁওৱেও যোৱা নাছিল, আৰু যি দেখিবলৈ আদেশ দিয়া হৈছিল সেই সীমা অতিক্ৰমও কৰা নাছিল।
ዓረብኛ ተፍሲሮች:
لَقَدْ رَاٰی مِنْ اٰیٰتِ رَبِّهِ الْكُبْرٰی ۟
নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে মিৰাজৰ ৰাতি তেওঁৰ প্ৰতিপালকৰ মহা নিদৰ্শনসমূহ প্ৰত্যক্ষ কৰিছে, যিবোৰে মহান আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। এতেকে তেওঁ জান্নাত, জাহান্নাম আৰু অন্যান্য কেইবাটাও বস্তু দেখিছে।
ዓረብኛ ተፍሲሮች:
اَفَرَءَیْتُمُ اللّٰتَ وَالْعُزّٰی ۟ۙ
হে মুশ্বৰিকসকল! আল্লাহৰ বাহিৰে তোমালোকে উপাসনা কৰা লাত আৰু উঝঝা সম্পৰ্কে তোমালোকৰ ধাৰণা কি?!
ዓረብኛ ተፍሲሮች:
وَمَنٰوةَ الثَّالِثَةَ الْاُخْرٰی ۟
আৰু তোমালোকৰ তৃতীয় মূৰ্তি মানাত সম্পৰ্কে ধাৰণা কি? কোৱাচোন তোমালোকে, এইবোৰে তোমালোকক কোনো উপকাৰ বা অপকাৰ কৰিব পাৰিবনে?!
ዓረብኛ ተፍሲሮች:
اَلَكُمُ الذَّكَرُ وَلَهُ الۡاُنۡثٰى‏ ۟
হে মুশ্বৰিকসকল! তোমালোকে নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, অথচ পৱিত্ৰ আল্লাহৰ বাবে তোমালোকে কন্যা সন্তান নিৰ্ধাৰণ কৰা, যিটোক তোমালোকে অপছন্দ কৰা?!
ዓረብኛ ተፍሲሮች:
تِلْكَ اِذًا قِسْمَةٌ ضِیْزٰی ۟
এই বন্টন যিটো তোমালোকে নিজৰ প্ৰবৃত্তিৰ চাহিদা অনুসাৰে কৰিছা, সেইটো নিশ্চিতভাৱে অসঙ্গত বন্টন।
ዓረብኛ ተፍሲሮች:
اِنْ هِیَ اِلَّاۤ اَسْمَآءٌ سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّاۤ اَنْزَلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ— اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَمَا تَهْوَی الْاَنْفُسُ ۚ— وَلَقَدْ جَآءَهُمْ مِّنْ رَّبِّهِمُ الْهُدٰی ۟ؕ
এই মূৰ্ত্তিবোৰ দৰাচলতে অৰ্থহীন নামৰ বাহিৰে আন একো নহয়। এইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। এইবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে নিজৰ ফালৰ পৰা নামকৰণ কৰিছা, ইয়াৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। মুশ্বৰিকসকলে আক্বীদাৰ ক্ষেত্ৰত কেৱল অনুমান আৰু নিজৰ মনৰ চাহিদাৰহে অনুসৰণ কৰে, যিটোক চয়তানে সিহঁতৰ অন্তৰত শোভনীয় কৰি দিয়ে। অথচ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মাধ্যমত সিহঁতৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিদায়ত আহি পৰিছে। তথাপিও সিহঁতে ইয়াক আঁকোৱালি লোৱা নাই।
ዓረብኛ ተፍሲሮች:
اَمْ لِلْاِنْسَانِ مَا تَمَنّٰی ۟ؗۖ
মানুহৰ এই আশা পূৰণ হ’বনে যে, এই মূৰ্তিবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰিব?!
ዓረብኛ ተፍሲሮች:
فَلِلّٰهِ الْاٰخِرَةُ وَالْاُوْلٰی ۟۠
নহয়, সিহঁতৰ এই আশা কেতিয়াও পূৰণ নহয়। কিয়নো পৃথিৱী আৰু আখিৰাত একমাত্ৰ আল্লাহৰ ক্ষমতাৰ অধীনত। তেওঁ এই দুয়ো ঠাইৰ পৰা যিমান ইচ্ছা কৰে প্ৰদান কৰে আৰু যিমান ইচ্ছা কৰে বঞ্চিত কৰে।
ዓረብኛ ተፍሲሮች:
وَكَمْ مِّنْ مَّلَكٍ فِی السَّمٰوٰتِ لَا تُغْنِیْ شَفَاعَتُهُمْ شَیْـًٔا اِلَّا مِنْ بَعْدِ اَنْ یَّاْذَنَ اللّٰهُ لِمَنْ یَّشَآءُ وَیَرْضٰی ۟
আকাশমণ্ডলত অসংখ্য ফিৰিস্তা আছে, যদি তেওঁলোকে কাৰোবাৰ বিষয়ে মধ্যস্ততা কৰিব বিচাৰে তেন্তে তেওঁলোকৰ মধ্যস্ততা কোনো কামত নাহিব। কিন্তু তেওঁলোকৰ মাজৰ পৰা যাক আল্লাহে মধ্যস্ততা কৰাৰ অনুমতি দিব তাৰ বিষয়টো সুকীয়া, আৰু যাৰ সপক্ষে মধ্যস্ততা কৰিব তাৰ ওপৰতো আল্লাহ সন্তুষ্ট হ’ব লাগিব। কিয়নো আল্লাহে কোনো মুশ্বৰিক ব্যক্তিৰ সপক্ষে কেতিয়াও মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান নকৰিব। তথা তেওঁ এনেকুৱা কোনো ব্যক্তিৰ প্ৰতিও সন্তুষ্ট নহ’ব, যিয়ে তেওঁৰ বাহিৰে আনৰ উপাসনা কৰিছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• كمال أدب النبي صلى الله عليه وسلم حيث لم يَزغْ بصره وهو في السماء السابعة.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্ণ শিষ্টাচাৰৰ প্ৰমাণ যে, তেওঁ সপ্তম আকাশতো দৃষ্টি ইফাল-সিফাল কৰা নাছিল।

• سفاهة عقل المشركين حيث عبدوا شيئًا لا يضر ولا ينفع، ونسبوا لله ما يكرهون واصطفوا لهم ما يحبون.
এইটো মুশ্বৰিকসকলৰ বিবেকহীনতাৰ প্ৰমাণ যে, সিহঁতে এনেকুৱা বস্তুৰ উপাসনা কৰে যিবোৰে ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। তথা সিহঁতে আল্লাহৰ সৈতে এনেকুৱা বিষয় সম্পৃক্ত কৰে, যিবোৰক সিহঁতে নিজৰ বাবে অপছন্দ কৰে। আনহাতে নিজৰ বাবে সেইবোৰ বাচি লয়, যিবোৰ সিহঁতে পছন্দ কৰে।

• الشفاعة لا تقع إلا بشرطين: الإذن للشافع، والرضا عن المشفوع له.
মধ্যস্ততা দুটা চৰ্তত সাব্যস্ত হ’বঃ মধ্যস্ততাকাৰী ব্যক্তিয়ে অনুমতি পাব লাগিব; আৰু যাৰ সপক্ষে মধ্যস্ততা কৰা হ’ব, তেওঁৰ ওপৰত আল্লাহ সন্তুষ্ট হ’ব লাগিব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን ነጅም
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት