Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ሷድ   አንቀፅ:
وَوَهَبْنَا لَهٗۤ اَهْلَهٗ وَمِثْلَهُمْ مَّعَهُمْ رَحْمَةً مِّنَّا وَذِكْرٰی لِاُولِی الْاَلْبَابِ ۟
এতেকে আমি তেওঁৰ দুআ কবূল কৰিলোঁ, আৰু তেওঁৰ বিপদ আঁতৰাই দিলোঁ। লগতে তেওঁক পৰিয়াল প্ৰদান কৰিলোঁ, আৰু আমি আমাৰ নিজ অনুগ্ৰহত তথা তেওঁৰ ধৈৰ্য্যৰ বিনিময়ত সেই অনুপাতে পুত্ৰ আৰু নাতি-নাতিনী দান কৰিলোঁ। যাতে সঠিক বিবেক সম্পন্ন লোকসকলে বুজি পায় যে, ধৈৰ্য্যৰ পৰিণাম হৈছে প্ৰশস্ততা আৰু ছোৱাব।
ዓረብኛ ተፍሲሮች:
وَخُذْ بِیَدِكَ ضِغْثًا فَاضْرِبْ بِّهٖ وَلَا تَحْنَثْ ؕ— اِنَّا وَجَدْنٰهُ صَابِرًا ؕ— نِّعْمَ الْعَبْدُ ؕ— اِنَّهٗۤ اَوَّابٌ ۟
আয়্যুব আলাইহিচ্ছালামে যেতিয়া নিজ পত্নীৰ ওপৰত অসন্তুষ্ট হ'ল, আৰু তাইক এশ বেত্ৰাঘাত কৰাৰ শপত গ্ৰহণ কৰিলে, তেতিয়া আমি তেওঁক ক'লোঃ হে আয়্যুব! আপুনি আপোনাৰ শপত পূৰণ কৰিবলৈ এমুঠি কোমল আৰু পাতল ডাল-পাত লওক, আৰু সেইটোৰে তাইক বেত্ৰাঘাত কৰক। কিন্তু তথাপিও আপুনি আপোনাৰ শপত ভংগ নকৰিব। এতেকে তেওঁ কোমল আৰু পাতল এমুঠি ঠাল-ঠেঙুলি লৈ তাইক বেত্ৰাঘাত কৰিলে। আমি তেওঁক যি যি পৰীক্ষাত পতিত কৰিছোঁ, সেই পৰীক্ষাতেই তেওঁক ধৈৰ্যশীল পাইছোঁ। তেওঁ আছিল অতি উত্তম বান্দা। নিশ্চয় তেওঁ আল্লাহৰ প্ৰতি অধিক প্ৰত্যাৱৰ্তনকাৰী আৰু তাওবাকাৰী আছিল।
ዓረብኛ ተፍሲሮች:
وَاذْكُرْ عِبٰدَنَاۤ اِبْرٰهِیْمَ وَاِسْحٰقَ وَیَعْقُوْبَ اُولِی الْاَیْدِیْ وَالْاَبْصَارِ ۟
হে ৰাছুল! আমাৰ নিৰ্বাচিত বান্দা তথা প্ৰেৰিত ৰাছুল ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবক স্মৰণ কৰক। তেওঁলোক আল্লাহৰ আনুগত্য আৰু তেওঁৰ সন্তুষ্টি অৰ্জনৰ ক্ষেত্ৰত আছিল অতি শাক্তিশালী। লগতে সত্য অনুসন্ধানৰ ক্ষেত্ৰত তেওঁলোক আছিল প্ৰকৃত বিবেকৱান।
ዓረብኛ ተፍሲሮች:
اِنَّاۤ اَخْلَصْنٰهُمْ بِخَالِصَةٍ ذِكْرَی الدَّارِ ۟ۚ
নিশ্চয় আমি আমাৰ অনুগ্ৰহেৰে তেওঁলোকক এটা বিশেষত্ব দান কৰিছিলোঁ। সেয়া হৈছেঃ আখিৰাতৰ স্মৰণৰ দ্বাৰা তেওঁলোকৰ অন্তৰ সতেজ ৰখা, তথা সৎকৰ্মৰ জৰিয়তে প্ৰস্তুতি লোৱা আৰু সেই আমলৰ প্ৰতি মানুহক আহ্বান কৰা।
ዓረብኛ ተፍሲሮች:
وَاِنَّهُمْ عِنْدَنَا لَمِنَ الْمُصْطَفَیْنَ الْاَخْیَارِ ۟ؕ
নিশ্চয় তেওঁলোক আছিল আমাৰ সেই বান্দাসকলৰ অন্তৰ্ভুক্ত, যিসকলক আমি আমাৰ আনুগত্য আৰু ইবাদতৰ বাবে নিৰ্বাচিত কৰিছিলোঁ। লগতে আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আমাৰ ৰিছালতৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আৰু সেইটো প্ৰচাৰ কৰিবলৈ।
ዓረብኛ ተፍሲሮች:
وَاذْكُرْ اِسْمٰعِیْلَ وَالْیَسَعَ وَذَا الْكِفْلِ ؕ— وَكُلٌّ مِّنَ الْاَخْیَارِ ۟ؕ
হে নবী! মনত পেলাওক ইছমাঈল বিন ইব্ৰাহীম, য়াছা আৰু জুল-কিফলক। লগতে তেওঁলোকৰ প্ৰশংসা কৰক। কাৰণ তেওঁলোক হৈছে ইয়াৰ যোগ্য। এওঁলোকৰ প্ৰত্যেকেই হৈছে আল্লাহৰ ওচৰত নিৰ্বাচিত।
ዓረብኛ ተፍሲሮች:
هٰذَا ذِكْرٌ ؕ— وَاِنَّ لِلْمُتَّقِیْنَ لَحُسْنَ مَاٰبٍ ۟ۙ
কোৰআনত উত্তম প্ৰশংসাৰ সৈতে তেওঁলোকক স্মৰণ কৰা হৈছে। নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলৰ বাবে আখিৰাতত আছে উৎকৃষ্ট প্ৰত্যাৱৰ্তনস্থল।
ዓረብኛ ተፍሲሮች:
جَنّٰتِ عَدْنٍ مُّفَتَّحَةً لَّهُمُ الْاَبْوَابُ ۟ۚ
সেই উৎকৃষ্ট প্ৰত্যাৱৰ্তনস্থল হৈছে চিৰস্থায়ী জান্নাত, য’ত কিয়ামতৰ দিনা তেওঁলোকে প্ৰৱেশ কৰিব। তেওঁলোকক আঁদৰিবলৈ জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হ’ব।
ዓረብኛ ተፍሲሮች:
مُتَّكِـِٕیْنَ فِیْهَا یَدْعُوْنَ فِیْهَا بِفَاكِهَةٍ كَثِیْرَةٍ وَّشَرَابٍ ۟
সুসজ্জিত আসনত আউজি বহিব। তেওঁলোকে সেৱকসকলক নিজৰ চাহিদা অনুযায়ী ফল-মূল আনিবলৈ নিৰ্দেশ দিব আৰু পছন্দ অনুযায়ী মদিৰা আনিবলৈ হুকুম দিব।
ዓረብኛ ተፍሲሮች:
وَعِنْدَهُمْ قٰصِرٰتُ الطَّرْفِ اَتْرَابٌ ۟
তেওঁলোকৰ স্ত্ৰীসকল এনেকুৱা হ’ব, যিসকলৰ দৃষ্টি কেৱলমাত্ৰ স্বামী পৰ্যন্ত সীমিত থাকিব। তেওঁলোকৰ বাহিৰে আন কাৰো প্ৰতি দৃষ্টি নিক্ষেপ নকৰিব। লগতে সেই স্ত্ৰীসকল আটায়ে হ’ব সমবয়সীয়া।
ዓረብኛ ተፍሲሮች:
هٰذَا مَا تُوْعَدُوْنَ لِیَوْمِ الْحِسَابِ ۟
হে মুত্ত্বাক্বীসকল! এইটোৱে হৈছে কিয়ামত দিৱসৰ পৱিত্ৰ প্ৰতিদান যিটোৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। এই প্ৰতিদান তোমালোকক সেই সৎকৰ্মৰ বিনিময়ত দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
ዓረብኛ ተፍሲሮች:
اِنَّ هٰذَا لَرِزْقُنَا مَا لَهٗ مِنْ نَّفَادٍ ۟ۚۖ
এই যিটো বৰ্ণনা আমি কৰিলোঁ, এইটোৱেই হৈছে কিয়ামত দিৱসত মুত্ত্বাক্বীসকলে পাবলগীয়া আমাৰ জীৱিকা, যিটো আমি তেওঁলোকক প্ৰদান কৰিম। এইটো হৈছে চিৰস্থায়ী জীৱিকা। কেতিয়াও বিচ্ছিন্ন নহ’ব আৰু কেতিয়াও সমাপ্ত নহ’ব।
ዓረብኛ ተፍሲሮች:
هٰذَا ؕ— وَاِنَّ لِلطّٰغِیْنَ لَشَرَّ مَاٰبٍ ۟ۙ
আমি যিটো বৰ্ণনা কৰিলোঁ সেইটো হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদান। আনহাতে কুফৰী আৰু গুনাহৰ মাধ্যমত আল্লাহৰ সীমালংঘন কৰা ব্যক্তিসকলৰ প্ৰতিদান হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদানতকৈ পৃথক। সিহঁতৰ বাবে আছে অত্যন্ত নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা প্ৰত্যাৱৰ্তন কৰিব।
ዓረብኛ ተፍሲሮች:
جَهَنَّمَ ۚ— یَصْلَوْنَهَا ۚ— فَبِئْسَ الْمِهَادُ ۟
দৰাচলতে সেই প্ৰতিদানটো হৈছে জাহান্নাম, যিটোৱে সিহঁতক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰিব। সিহঁতে জাহান্নামৰ উত্তাপ আৰু অগ্নিশিখাৰ সন্মুখীন হ’ব। সিহঁতৰ বিছনাও হ’ব জুইৰ। সিহঁতৰ বিছনা কিমান যে নিকৃষ্ট বিছনা হ’ব।
ዓረብኛ ተፍሲሮች:
هٰذَا ۙ— فَلْیَذُوْقُوْهُ حَمِیْمٌ وَّغَسَّاقٌ ۟ۙ
এই শাস্তি বিহা হ’ব উতলা গৰম পানীৰ দ্বাৰা আৰু জাহান্নামীসকলৰ শৰীৰৰ পৰা নিৰ্গত হোৱা পুঁজ আদিৰ দ্বাৰা। সিহঁতক এইবোৰ খাবলৈ দিয়া হ’ব। এইবোৰেই হ’ব সিহঁতৰ বাবে উপলব্ধ পানীয়। যিবোৰে কেতিয়াও সিহঁতৰ তৃষ্ণা নিবাৰণ কৰিব নোৱাৰিব।
ዓረብኛ ተፍሲሮች:
وَّاٰخَرُ مِنْ شَكْلِهٖۤ اَزْوَاجٌ ۟ؕ
সিহঁতৰ বাবে এনেকুৱা ধৰণৰ আৰু বহুতো শাস্তি আছে। গতিকে আখিৰাতত সিহঁতক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হ’ব।
ዓረብኛ ተፍሲሮች:
هٰذَا فَوْجٌ مُّقْتَحِمٌ مَّعَكُمْ ۚ— لَا مَرْحَبًا بِهِمْ ؕ— اِنَّهُمْ صَالُوا النَّارِ ۟
জাহান্নামীসকলে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া সিহঁতৰ মাজত বিবাদকাৰীসকলৰ দৰে আচৰণ দেখিবলৈ পোৱা যাব, সিহঁতে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব। সিহঁতৰ মাজৰ কিছুমানে ক’বঃ চোৱা! এইটো হৈছে প্ৰকৃত জাহান্নামীসকলৰ দল, যিসকল তোমালোকৰ সৈতে জাহান্নামত প্ৰৱেশ কৰিছে। তেতিয়া দ্বিতীয় পক্ষই উত্তৰ দি ক’বঃ তোমালোককো অভিনন্দন, নিশ্চয় তোমালোকেও জাহান্নামৰ সেই শাস্তিয়ে ভোগ কৰিবা, যিটো আমি ভোগ কৰি আছোঁ।
ዓረብኛ ተፍሲሮች:
قَالُوْا بَلْ اَنْتُمْ ۫— لَا مَرْحَبًا بِكُمْ ؕ— اَنْتُمْ قَدَّمْتُمُوْهُ لَنَا ۚ— فَبِئْسَ الْقَرَارُ ۟
অনুসাৰীসকলে সিহঁতৰ নেতাসকলক উদ্দেশ্যি ক’বঃ হে নেতা তথা প্ৰমুখসকল! তোমালোকৰ বাবে কিন্তু কোনো অভিনন্দন নাই, কিয়নো আমাৰ এই শাস্তিৰ মূল কাৰণটোৱে হৈছা তোমালোক। কাৰণ তোমালোকেই আমাক পথভ্ৰষ্ট কৰিছিলা আৰু বিভ্ৰান্ত কৰিছিলা। গতিকে এই ঠিকনা আমাৰ সকলোৰে বাবে নিকৃষ্ট ঠিকনা, অৰ্থাৎ জাহান্নাম।
ዓረብኛ ተፍሲሮች:
قَالُوْا رَبَّنَا مَنْ قَدَّمَ لَنَا هٰذَا فَزِدْهُ عَذَابًا ضِعْفًا فِی النَّارِ ۟
অনুসাৰীসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! সত্য আমাৰ ওচৰলৈ আহি যোৱাৰ পিছত যিসকল লোকে আমাক হিদায়তৰ পৰা পথভ্ৰষ্ট কৰিছিল, সিহঁতক তুমি জাহান্নামত দ্বিগুণ শাস্তি প্ৰদান কৰা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من صبر على الضر فالله تعالى يثيبه ثوابًا عاجلًا وآجلًا، ويستجيب دعاءه إذا دعاه.
বিপদৰ সময়ত যিয়ে ধৈৰ্য্য ধাৰণ কৰিব, আল্লাহে তাক পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে ছোৱাব প্ৰদান কৰিব। তেওঁ আল্লাহৰ ওচৰত যেতিয়াই প্ৰাৰ্থনা কৰিব তেতিয়াই তেওঁৰ প্ৰাৰ্থনা কবূল কৰিব।

• في الآيات دليل على أن للزوج أن يضرب امرأته تأديبًا ضربًا غير مبرح؛ فأيوب عليه السلام حلف على ضرب امرأته ففعل.
উক্ত আয়াতত প্ৰমাণ পোৱা গ'ল যে, স্বামীয়ে স্ত্ৰীক সংশোধনমূলক মৃদু প্ৰহাৰ কৰিব পাৰে। যিহেতু আয়্যুব আলাইহিচ্ছালামে তেওঁৰ স্ত্ৰীক প্ৰহাৰ কৰাৰ শপত খাই, সেই শপত পূৰণ কৰিছিল।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ሷድ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት