Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ሷድ   አንቀፅ:
وَمَا خَلَقْنَا السَّمَآءَ وَالْاَرْضَ وَمَا بَیْنَهُمَا بَاطِلًا ؕ— ذٰلِكَ ظَنُّ الَّذِیْنَ كَفَرُوْا ۚ— فَوَیْلٌ لِّلَّذِیْنَ كَفَرُوْا مِنَ النَّارِ ۟ؕ
আকাশমণ্ডল আৰু পৃথিৱীক আমি অনৰ্থক সৃষ্টি কৰা নাই। এইটো একমাত্ৰ কাফিৰসকলৰহে ধাৰণা। এনেকুৱা ধাৰণা পোষণ কৰা কাফিৰসকলৰ বাবে কিয়ামতৰ দিনা আছে অগ্নিৰ শাস্তি, যদি সিহঁতে কুফৰীৰ ওপৰত অটল থাকি অথবা আল্লাহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰি মৃত্যুবৰণ কৰে।
ዓረብኛ ተፍሲሮች:
اَمْ نَجْعَلُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ كَالْمُفْسِدِیْنَ فِی الْاَرْضِ ؗ— اَمْ نَجْعَلُ الْمُتَّقِیْنَ كَالْفُجَّارِ ۟
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰিছে, লগতে সৎকৰ্ম কৰিছে তেওঁলোকক আমি কেতিয়াও সেইসকল লোকৰ দৰে গণ্য নকৰোঁ যিসকলে বিভিন্ন প্ৰকাৰৰ গুনাহ আৰু কুফৰীৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে। এইদৰে মুত্তাক্বীসকলক, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে, তেওঁলোককো আমি কাফিৰ মুনাফিক তথা গুনাহত নিমজ্জিত ব্যক্তিসকলৰ সৈতে কেতিয়াও তুলনা নকৰোঁ। উভয়কে সমান মৰ্যাদা প্ৰদান কৰাটো এটা অন্যায়, আল্লাহৰ পক্ষে এইটো কেতিয়াও সমীচীন নহয়। বৰং আল্লাহে মুত্তাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাৰ সুবিধা প্ৰদান কৰিব। আনহাতে দুৰ্ভগীয়া কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰাই শাস্তি বিহিব। কিয়নো আল্লাহৰ দৃষ্টিত দুয়ো সমান নহয়, সেয়ে তেওঁৰ ওচৰত সিহঁতৰ প্ৰতিদানো সমান নহয়।
ዓረብኛ ተፍሲሮች:
كِتٰبٌ اَنْزَلْنٰهُ اِلَیْكَ مُبٰرَكٌ لِّیَدَّبَّرُوْۤا اٰیٰتِهٖ وَلِیَتَذَكَّرَ اُولُوا الْاَلْبَابِ ۟
নিশ্চয় এই কোৰআন, যিখন আমি আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ অত্যন্ত উপকাৰী তথা অতি লাভদায়ক। এইখন অৱতীৰ্ণ কৰাৰ উদ্দেশ্য হৈছে যাতে মানুহে ইয়াৰ আয়াতসমূহকলৈ গৱেষণা কৰে তথা ইয়াৰ অৰ্থ সম্পৰ্কে চিন্তা-চৰ্চা কৰে। লগতে বিবেকৱান আৰু পৰিপক্ক লোকসকলে যাতে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।
ዓረብኛ ተፍሲሮች:
وَوَهَبْنَا لِدَاوٗدَ سُلَیْمٰنَ ؕ— نِعْمَ الْعَبْدُ ؕ— اِنَّهٗۤ اَوَّابٌ ۟ؕ
আমি আমাৰ অনুগ্ৰহ আৰু কৃপাৰ দ্বাৰা দাঊদক ছুলাইমানৰ দৰে এজন সুযোগ্য পুত্ৰ দান কৰিছিলোঁ, যাতে তেওঁৰ চকু জুৰায়। নিশ্চয় ছুলাইমান আছিল অতি উত্তম বান্দা। তেওঁ আল্লাহৰ ওচৰত অধিক তাওবাকাৰী আৰু তেওঁৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী আছিল।
ዓረብኛ ተፍሲሮች:
اِذْ عُرِضَ عَلَیْهِ بِالْعَشِیِّ الصّٰفِنٰتُ الْجِیَادُ ۟ۙ
সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া তেওঁৰ সন্মুখত আচৰৰ সময়ত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল, যিবোৰে তিনি ঠেঙত ভৰ দি থিয় হৈ আছিল আৰু চতুৰ্থ ঠেং ওপৰত উঠাই আছিল। এনেকুৱা বৈশিষ্ট্যৰ ঘোঁৰাবোৰ ধাৰাবাহিকভাৱে তেওঁৰ ওচৰত উপস্থাপন কৰা হৈছিল সূৰ্যাস্ত পৰ্যন্ত।
ዓረብኛ ተፍሲሮች:
فَقَالَ اِنِّیْۤ اَحْبَبْتُ حُبَّ الْخَیْرِ عَنْ ذِكْرِ رَبِّیْ ۚ— حَتّٰی تَوَارَتْ بِالْحِجَابِ ۟۫
তেতিয়া ছুলাইমানে ক’লেঃ নিশ্চিতভাৱে মই এইবোৰ ঘোঁৰাৰ মোহত পৰি ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ। ইপিনে সূৰ্য্য অস্ত গৈছে, অথচ মই এতিয়াও আচৰৰ চালাত আদায় কৰা নাই।
ዓረብኛ ተፍሲሮች:
رُدُّوْهَا عَلَیَّ ؕ— فَطَفِقَ مَسْحًا بِالسُّوْقِ وَالْاَعْنَاقِ ۟
ইয়াৰ পিছত তেওঁ নিৰ্দেশ দি ক’লে, সেই ঘোঁৰাবোৰ মোৰ ওচৰত আকৌ উপস্থিত কৰা। আদেশ অনুসাৰে সেইবোৰক তেওঁৰ ওচৰত উপস্থিত কৰা হ’ল। ইপিনে তেওঁ সেইবোৰক ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ فَتَنَّا سُلَیْمٰنَ وَاَلْقَیْنَا عَلٰی كُرْسِیِّهٖ جَسَدًا ثُمَّ اَنَابَ ۟
নিশ্চয় আমি ছুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ ৰাজত্বৰ সিংহাসনৰ ওপৰত চয়তানক প্ৰক্ষেপ কৰিছিলোঁ। যিয়ে মানৱ আকৃতি ধাৰণ কৰিছিল আৰু কিছু সময় পৰ্যন্ত ৰাজ্যভাৰ চলাইছিল। তাৰ পিছত আল্লাহে ছুলাইমানক পুনৰ ৰাজত্ব ঘূৰাই দিছিল আৰু তেওঁক চয়তানৰ ওপৰত শাসনাধিষ্ঠিত কৰিছিল।
ዓረብኛ ተፍሲሮች:
قَالَ رَبِّ اغْفِرْ لِیْ وَهَبْ لِیْ مُلْكًا لَّا یَنْۢبَغِیْ لِاَحَدٍ مِّنْ بَعْدِیْ ۚ— اِنَّكَ اَنْتَ الْوَهَّابُ ۟
ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। তথা মোক এনেকুৱা ৰাজত্ব প্ৰদান কৰা যিটো কেৱল মোৰ বাবেই নিৰ্দিষ্ট। তেনেকুৱা ৰাজত্ব মোৰ পিছত কোনেও যাতে নাপায়। হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি অত্যন্ত দানশীল তথা মহা দাতা।
ዓረብኛ ተፍሲሮች:
فَسَخَّرْنَا لَهُ الرِّیْحَ تَجْرِیْ بِاَمْرِهٖ رُخَآءً حَیْثُ اَصَابَ ۟ۙ
ফলত আমি তেওঁৰ দুআ কবূল কৰিলোঁ আৰু বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ। তেওঁৰ আদেশত বতাহ লাহে লাহে বলিছিল। প্ৰচণ্ড শক্তিশালী হোৱাৰ পিছতো বতাহৰ মাজত নাছিল কোনো সঞ্চাৰণ। তেওঁ বতাহক যি ফালে ইচ্ছা সেইফালেই গতি কৰাইছিল।
ዓረብኛ ተፍሲሮች:
وَالشَّیٰطِیْنَ كُلَّ بَنَّآءٍ وَّغَوَّاصٍ ۟ۙ
চয়তানবোৰকো তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, সিহঁতে তেওঁৰ আদেশ মতে কাম কৰিছিল। এতেকে সিহঁতৰ মাজৰ কিছুমান আছিল নিৰ্মাণ কামত পাৰ্গত আৰু কিছুমান আছিল ডুবাৰু। যিবোৰে সাগৰৰ তলিৰ পৰা মুকুতা সংগ্ৰহ কৰিছিল।
ዓረብኛ ተፍሲሮች:
وَّاٰخَرِیْنَ مُقَرَّنِیْنَ فِی الْاَصْفَادِ ۟
চয়তানৰবোৰৰ মাজত কিছুমান আছে স্বৈৰাচাৰী, সিহঁতকো তেওঁৰ অধীনস্থ কৰি দিয়া হৈছিল। গতিকে সিহঁতক শিকলিৰে আৱদ্ধ কৰি ৰখা হৈছিল। ফলত সিহঁতে লৰচৰ কৰিব পৰা নাছিল।
ዓረብኛ ተፍሲሮች:
هٰذَا عَطَآؤُنَا فَامْنُنْ اَوْ اَمْسِكْ بِغَیْرِ حِسَابٍ ۟
হে ছুলাইমান! এইবোৰ হৈছে আমাৰ দান, আপোনাৰ প্ৰাৰ্থনা কবূল কৰি যিবোৰ আমি আপোনাক দান কৰিছোঁ। এতেকে এতিয়া আপোনাৰ ইচ্ছা, আপুনি যাক ইচ্ছা কৰে দিব পাৰে, আৰু যাক ইচ্ছা কৰে বঞ্চিত কৰিব পাৰে। এই বিষয়ে আপোনাক কোনো জবাবদিহি কৰা নহ’ব।
ዓረብኛ ተፍሲሮች:
وَاِنَّ لَهٗ عِنْدَنَا لَزُلْفٰی وَحُسْنَ مَاٰبٍ ۟۠
নিশ্চয় ছুলাইমান আছিল আমাৰ নৈকট্যপ্ৰাপ্ত লোকসকলৰ অন্তৰ্ভুক্ত। তেওঁৰ বাবে আছে উত্তম প্ৰত্যাৱৰ্তনস্থল অৰ্থাৎ জান্নাত।
ዓረብኛ ተፍሲሮች:
وَاذْكُرْ عَبْدَنَاۤ اَیُّوْبَ ۘ— اِذْ نَادٰی رَبَّهٗۤ اَنِّیْ مَسَّنِیَ الشَّیْطٰنُ بِنُصْبٍ وَّعَذَابٍ ۟ؕ
হে ৰাছুল! আমাৰ বান্দা আয়্যুবক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ চয়তানে মোক দুখ-কষ্টৰ জৰিয়তে যন্ত্ৰণাত পেলাইছে।
ዓረብኛ ተፍሲሮች:
اُرْكُضْ بِرِجْلِكَ ۚ— هٰذَا مُغْتَسَلٌۢ بَارِدٌ وَّشَرَابٌ ۟
তেতিয়া আমি তেওঁক কৈছিলোঁ, আপুনি ভৰিৰে মাটিত আঘাত কৰক। এতেকে তেওঁ ভৰিৰে মাটিত আঘাত কৰিলে, ফলত তাৰ পৰা এটা পানীৰ জৰণি প্ৰস্ফুটিত হৈছিল। যাতে সেই পানী তেওঁ খাব পাৰে আৰু গা-গোছল কৰিব পাৰে। লগতে যাতে ইয়াৰ ফলত তেওঁৰ দুখ-কষ্ট অৰ্থাৎ বেমাৰ-আজাৰ দূৰ হয়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الحث على تدبر القرآن.
কোৰআনৰ বাণীকলৈ গৱেষণা কৰাৰ প্ৰেৰণা।

• في الآيات دليل على أنه بحسب سلامة القلب وفطنة الإنسان يحصل له التذكر والانتفاع بالقرآن الكريم.
উক্ত আয়াতবোৰত এই প্ৰমাণ পোৱা গ’ল যে, মানুহৰ অন্তৰ যিমানেই স্বচ্ছ হ’ব আৰু তাৰ বিবেক উজ্জ্বল হ’ব, সি কোৰআনৰ দ্বাৰা সিমানেই উপদেশ গ্ৰহণ কৰিব তথা উপকৃত হ’ব।

• في الآيات دليل على صحة القاعدة المشهورة: «من ترك شيئًا لله عوَّضه الله خيرًا منه».
উক্ত আয়াতবোৰত এটা বিখ্যাত নিয়মৰ শুদ্ধতাৰ প্ৰমাণ পোৱা যায়, সেইটো হৈছে এই যে, “যিয়ে আল্লাহৰ উদ্দেশ্যে কোনো বস্তু পৰিত্যাগ কৰিব, আল্লাহে তাক ইয়াৰ পৰিবৰ্তে ইয়াতকৈও উত্তম বস্তু দান কৰিব”।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ሷድ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት