Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ያሲን   አንቀፅ:

ইয়াছীন

ከሱራዋ ጥቅል ሀሳብ መካከል:
إثبات الرسالة والبعث ودلائلهما.
ৰিছালত আৰু আখিৰাতৰ জীৱন সাব্যস্ত কৰা, তথা উভয়ৰ প্ৰমাণ প্ৰস্তুত কৰা।

یٰسٓ ۟ۚ
(ইয়া-ছীন) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
وَالْقُرْاٰنِ الْحَكِیْمِ ۟ۙ
আল্লাহে কোৰআনৰ শপত খাইছে, যি গ্ৰন্থৰ আয়াতবোৰ হৈছে সুদৃঢ়। বাতিলে যাক কোনো ফালৰ পৰাই ক্ষতি কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اِنَّكَ لَمِنَ الْمُرْسَلِیْنَ ۟ۙ
হে ৰাছুল! নিশ্চয় আপুনি সেই ৰাছুলসকলৰ অন্তৰ্ভুক্ত যিসকলক আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি প্ৰেৰণ কৰিছে। যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰে আৰু একমাত্ৰ তেওঁৰ ইবাদতৰ নিৰ্দেশ দিয়ে।
ዓረብኛ ተፍሲሮች:
عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟ؕ
সৰল পথ তথা সঠিক চৰীয়তৰ ওপৰত প্ৰতিষ্ঠিত। নিশ্চয় এই সৰল পথ আৰু সঠিক চৰীয়ত আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।
ዓረብኛ ተፍሲሮች:
تَنْزِیْلَ الْعَزِیْزِ الرَّحِیْمِ ۟ۙ
সৰল পথ তথা সঠিক চৰীয়তৰ ওপৰত প্ৰতিষ্ঠিত। নিশ্চয় এই সৰল পথ আৰু সঠিক চৰীয়ত আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।
ዓረብኛ ተፍሲሮች:
لِتُنْذِرَ قَوْمًا مَّاۤ اُنْذِرَ اٰبَآؤُهُمْ فَهُمْ غٰفِلُوْنَ ۟
আমি আপোনাৰ প্ৰতি এই কোৰআন এইকাৰণে অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি ইয়াৰ দ্বাৰা সেই জাতিক (অৰ্থাৎ আৰবসকলক) সাৱধান কৰিব পাৰে, যিসকলৰ ওচৰলৈ সতৰ্ক কৰাৰ নিমিত্তে কোনো ৰাছুল অহা নাছিল। সেইকাৰণেই সিহঁতে ঈমান আৰু তাওহীদ সম্পৰ্কে একো নাজানে। এইদৰে প্ৰত্যেক সেই উম্মতৰ অৱস্থাও তেনেকুৱাই যিসকলৰ পৰা ৰাছুলৰ ধাৰাবাহিকতা বিচ্ছিন্ন হৈছে। সিহঁতকো পূৰণি বিষয়বোৰ স্মৰণ কৰোৱাবলৈ ৰাছুলৰ প্ৰয়োজন।
ዓረብኛ ተፍሲሮች:
لَقَدْ حَقَّ الْقَوْلُ عَلٰۤی اَكْثَرِهِمْ فَهُمْ لَا یُؤْمِنُوْنَ ۟
এইসকলৰ মাজৰ অধিকাংশৰ ওপৰতেই আল্লাহৰ শাস্তি অনিবাৰ্য হৈ পৰিছে। কিয়নো ৰাছুলৰ মাধ্যমত সিহঁতৰ ওচৰলৈ সত্য আহি পৰিছে, তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই তথা কুফৰীৰ ওপৰত অটল থকাটোকে সিহঁতে অগ্ৰাধিকাৰ দিছে। সেয়ে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰিব আৰু সিহঁতৰ ওচৰলৈ অহা সত্য অনুসাৰে আমল নকৰিব।
ዓረብኛ ተፍሲሮች:
اِنَّا جَعَلْنَا فِیْۤ اَعْنَاقِهِمْ اَغْلٰلًا فَهِیَ اِلَی الْاَذْقَانِ فَهُمْ مُّقْمَحُوْنَ ۟
এইক্ষেত্ৰত ইহঁতৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে, যিসকলৰ ডিঙিত গলাবান্ধ লগোৱা আছে, আৰু ডিঙিৰ সৈতে সিহঁতৰ হাত দুখন থুঁতৰিলৈকে বান্ধি থোৱা আছে। যাৰ ফলত সিহঁতৰ মূৰ আকাশমোৱা হৈ থাকিবলৈ বাধ্য, তলমোৱা কৰিবলৈ সক্ষম নহয়। ঠিক সেইদৰে এইসকল লোকক আল্লাহৰ ঈমানৰ সৈতে বান্ধি থোৱা হৈছে। গতিকে সেইকাৰণে ইহঁতে আনুগত্য কৰিব পৰা নাই তথা নিজৰ মূৰ তলমোৱা (নত স্বীকাৰ) কৰিব পৰা নাই।
ዓረብኛ ተፍሲሮች:
وَجَعَلْنَا مِنْ بَیْنِ اَیْدِیْهِمْ سَدًّا وَّمِنْ خَلْفِهِمْ سَدًّا فَاَغْشَیْنٰهُمْ فَهُمْ لَا یُبْصِرُوْنَ ۟
আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁতৰ আগফালে আৰু পিছফালে প্ৰতিৰোধক নিৰ্মাণ কৰিছোঁ। লগতে আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁতৰ চকুত ৰাখি দিছোঁ আৱৰণ। গতিকে সিহঁতে সত্যৰ দ্বাৰা উপকৃত হোৱাৰ নিমিত্তে দেখিব নোৱাৰে। সিহঁতৰ এই অৱস্থা তেতিয়া উৎপন্ন হৈছে, যেতিয়া সিহঁতৰ স্বৈৰাচাৰী স্বভাৱ প্ৰকাশ পাইছে তথা কুফৰীৰ ওপৰত অটল থকাৰ জিদ প্ৰকাশ পাইছে।
ዓረብኛ ተፍሲሮች:
وَسَوَآءٌ عَلَیْهِمْ ءَاَنْذَرْتَهُمْ اَمْ لَمْ تُنْذِرْهُمْ لَا یُؤْمِنُوْنَ ۟
হে মুহাম্মদ! আপুনি এই স্বৈৰাচাৰী কাফিৰসকলক সাৱধান কৰক বা নকৰক সিহঁতৰ বাবে দুয়োটাই সমান। কাৰণ আপুনি আল্লাহৰ ফালৰ পৰা যি লৈ আহিছে, সিহঁতে সেইটোক কেতিয়াও বিশ্বাস নকৰিব।
ዓረብኛ ተፍሲሮች:
اِنَّمَا تُنْذِرُ مَنِ اتَّبَعَ الذِّكْرَ وَخَشِیَ الرَّحْمٰنَ بِالْغَیْبِ ۚ— فَبَشِّرْهُ بِمَغْفِرَةٍ وَّاَجْرٍ كَرِیْمٍ ۟
আপোনাৰ সাৱধান বাণীৰ পৰা প্ৰকৃততে সেইসকল লোকেই উপকৃত হয়, যিসকলে এই কোৰআনক সত্য বুলি মানিছে আৰু ইয়াৰ শিক্ষা অনুযায়ী আমল কৰে। তথা নিৰ্জনত আল্লাহক ভয় কৰে, যেতিয়া তাক কোনেও দেখা নাপায়। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক আপুনি সুসংবাদ দিয়ক যে, আল্লাহে সিহঁতৰ গুনাহসমূহ মচি দিব আৰু সিহঁতক ক্ষমা কৰিব। লগতে আখিৰাতত তেওঁলোকৰ প্ৰতীক্ষাত আছে মহাপ্ৰতিদান। অৰ্থাৎ তেওঁলোকে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য লাভ কৰিব।
ዓረብኛ ተፍሲሮች:
اِنَّا نَحْنُ نُحْیِ الْمَوْتٰی وَنَكْتُبُ مَا قَدَّمُوْا وَاٰثَارَهُمْ ؔؕ— وَكُلَّ شَیْءٍ اَحْصَیْنٰهُ فِیْۤ اِمَامٍ مُّبِیْنٍ ۟۠
কিয়ামতৰ দিনা নিশ্চিতভাৱে আমি মৃত ব্যক্তিসকলক হিচাপ-নিকাচৰ বাবে জীৱিত কৰি তুলিম। পৃথিৱীত সিহঁতে ভাল-বেয়া যি কৰ্মই কৰে সেইটোক আমি লিখি ৰাখোঁ। এইদৰে আমি সিহঁতৰ সেই নিদৰ্শনবোৰো লিখি ৰাখোঁ, যিবোৰ মৃত্যুৰ পিছতো অব্যাহত থাকে। নেক কৰ্ম হওক যেনেঃ চাদক্বাহ জাৰিয়া অথবা বেয়া কৰ্ম যেনেঃ কুফৰ-শ্বিৰ্ক আদি। প্ৰতিটো বিষয় আমি স্পষ্ট গ্ৰন্থত গণনা কৰি ৰাখিছোঁ, অৰ্থাৎ লওহে মাহফুজত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• العناد مانع من الهداية إلى الحق.
বিদ্বেষে মানুহৰ পৰা সত্যক স্বীকাৰ কৰাৰ শক্তি কাঢ়ি নিয়ে।

• العمل بالقرآن وخشية الله من أسباب دخول الجنة.
কোৰআন অনুসাৰে আমল কৰা আৰু মনত আল্লাহৰ ভয় পোষণ কৰা, এইবোৰ হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়।

• فضل الولد الصالح والصدقة الجارية وما شابههما على العبد المؤمن.
নেক সন্তান, চাদক্বাহ জাৰিয়া আৰু এনেকুৱা আন আন নেক কৰ্মবোৰ মুমিন বান্দাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।

وَاضْرِبْ لَهُمْ مَّثَلًا اَصْحٰبَ الْقَرْیَةِ ۘ— اِذْ جَآءَهَا الْمُرْسَلُوْنَ ۟ۚ
হে ৰাছুল! আপুনি এই স্বৈৰাচাৰী অস্বীকাৰকাৰীসকলক এটা উদাহৰণ দিয়ক, যাতে সিহঁতে এটা শিক্ষা লব পাৰে। সেয়া হৈছে এখন জনবসতিৰ ঘটনা, যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুল আগমন কৰিছিল।
ዓረብኛ ተፍሲሮች:
اِذْ اَرْسَلْنَاۤ اِلَیْهِمُ اثْنَیْنِ فَكَذَّبُوْهُمَا فَعَزَّزْنَا بِثَالِثٍ فَقَالُوْۤا اِنَّاۤ اِلَیْكُمْ مُّرْسَلُوْنَ ۟
প্ৰথমে আমি সিহঁতৰ ওচৰলৈ দুজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰে। কিন্তু যেতিয়া সিহঁতে সেই ৰাছুল দুজনক অস্বীকাৰ কৰিলে, তেতিয়া আমি তৃতীয়জন ৰাছুল প্ৰেৰণ কৰি সেই ৰাছুল দুজনক শক্তি প্ৰদান কৰিলোঁ। তিনিওজন ৰাছুলে গাওঁবাসীক উদ্দেশ্যি ক’লেঃ নিঃসন্দেহে আমি তিনিওজন তোমালোকৰ পিনে ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। যাতে আমি তোমালোকক আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিবলৈ আহ্বান কৰিব পাৰোঁ।
ዓረብኛ ተፍሲሮች:
قَالُوْا مَاۤ اَنْتُمْ اِلَّا بَشَرٌ مِّثْلُنَا ۙ— وَمَاۤ اَنْزَلَ الرَّحْمٰنُ مِنْ شَیْءٍ ۙ— اِنْ اَنْتُمْ اِلَّا تَكْذِبُوْنَ ۟
গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ তোমালোকে দেখোন আমাৰ দৰেই মানৱ। আমাৰ ওপৰত তোমালোকৰ কোনো বিশেষত্ব নাই। তথা ৰহমানেও তোমালোকৰ ওপৰত কোনো অহী প্ৰেৰণ কৰা নাই। তোমালোকে এই দাবীৰ জৰিয়তে কেৱল আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি আছা।
ዓረብኛ ተፍሲሮች:
قَالُوْا رَبُّنَا یَعْلَمُ اِنَّاۤ اِلَیْكُمْ لَمُرْسَلُوْنَ ۟
তিনিওজন ৰাছুলে গাওঁবাসীয়ে কৰা অস্বীকাৰৰ প্ৰত্যুত্তৰ দি ক’লেঃ হে গাওঁবাসী! আমাৰ প্ৰতিপালকে ভালকৈয়ে জানে যে, আমি তেওঁৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত। প্ৰমাণ হিচাপে এইটোৱে আমাৰ বাবে যথেষ্ট।
ዓረብኛ ተፍሲሮች:
وَمَا عَلَیْنَاۤ اِلَّا الْبَلٰغُ الْمُبِیْنُ ۟
তেওঁ আমাক যিটো বাৰ্তা তোমালোকৰ ওচৰলৈ পৌঁচাই দিয়াৰ দায়িত্ব অৰ্পন কৰিছে, সেইটো সুচাৰুৰূপে পালন কৰাটোৱে হৈছে আমাৰ মৌলিক দায়িত্ব। তোমালোকক হিদায়ত প্ৰদান কৰাটো আমাৰ কৰ্তব্য নহয়।
ዓረብኛ ተፍሲሮች:
قَالُوْۤا اِنَّا تَطَیَّرْنَا بِكُمْ ۚ— لَىِٕنْ لَّمْ تَنْتَهُوْا لَنَرْجُمَنَّكُمْ وَلَیَمَسَّنَّكُمْ مِّنَّا عَذَابٌ اَلِیْمٌ ۟
গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ আমি তোমালোকক অমঙ্গল বুলি ভাৱোঁ। যদি তোমালোকে আমাক তাওহীদৰ পিনে আহ্বান কৰাৰ পৰা বিৰত নাথাকা তেন্তে আমি তোমালোকক শিল দলিয়াই মৃত্যুদণ্ড বিহিম। তথা আমাৰ ফালৰ পৰা তোমালোকে কষ্টদায়ক শাস্তি ভোগ কৰিবা।
ዓረብኛ ተፍሲሮች:
قَالُوْا طَآىِٕرُكُمْ مَّعَكُمْ ؕ— اَىِٕنْ ذُكِّرْتُمْ ؕ— بَلْ اَنْتُمْ قَوْمٌ مُّسْرِفُوْنَ ۟
ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক’লেঃ তোমালোকৰ এই অমঙ্গল তোমালোকৰ বাবে অনিবাৰ্য, কাৰণ তোমালোকে আল্লাহৰ লগত কুফৰী কৰিছা আৰু তেওঁৰ ৰাছুলসকলৰ অনুসৰণ পৰিত্যাগ কৰিছা। আমি তোমালোকক আল্লাহৰ স্মৰণ কৰাই আছোঁ, ইয়াক তোমালোকে অমঙ্গল বুলি ভাবা নেকি? বৰং তোমালোকে পাপকৰ্ম আৰু কুফৰীত লিপ্ত হৈ সীমালঙ্ঘনহে কৰিছা।
ዓረብኛ ተፍሲሮች:
وَجَآءَ مِنْ اَقْصَا الْمَدِیْنَةِ رَجُلٌ یَّسْعٰی ؗ— قَالَ یٰقَوْمِ اتَّبِعُوا الْمُرْسَلِیْنَ ۟ۙ
এলেকাবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰি তেওঁলোকক হত্যা আৰু নিৰ্যাতনৰ ভয় ভাবুকি প্ৰদান কৰা বিষয়ত এলেকাৰ দূৰণিৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তিয়ে ভীত-সন্ত্ৰস্ত অৱস্থাত ততাতৈয়াকৈ আহি ক’লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! ৰাছুলসকলে যি বাৰ্তালৈ আহিছে তোমালোকে সেইটোৰ অনুসৰণ কৰা।
ዓረብኛ ተፍሲሮች:
اتَّبِعُوْا مَنْ لَّا یَسْـَٔلُكُمْ اَجْرًا وَّهُمْ مُّهْتَدُوْنَ ۟
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তেওঁলোকৰ কথা মানি লোৱা, যিসকলে তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত পাৰিশ্ৰমিক নিবিচাৰে, লগতে আল্লাহৰ অহী পৌঁচাই দিয়াৰ ক্ষেত্ৰত তেওঁলোক হৈছে হিদায়তপ্ৰাপ্ত। এনেকুৱা লোকৰ অনুসৰণ নকৰিলে, তোমালোকে কাৰ অনুসৰণ কৰিবা?
ዓረብኛ ተፍሲሮች:
وَمَا لِیَ لَاۤ اَعْبُدُ الَّذِیْ فَطَرَنِیْ وَاِلَیْهِ تُرْجَعُوْنَ ۟
সেই শুভাকাংক্ষী ব্যক্তিজনে ক’লেঃ সেই আল্লাহৰ ইবাদতৰ পৰা মোক কিহে বাধা দিব, যিয়ে মোক সৃষ্টি কৰিছে? এতেকে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ইবাদতৰ পৰা কিহে বাধা দিয়ে, যি সত্তাই তোমালোকক সৃষ্টি কৰিছে? অথচ প্ৰতিদানৰ বাবে পুনৰুত্থিত হৈ একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব।
ዓረብኛ ተፍሲሮች:
ءَاَتَّخِذُ مِنْ دُوْنِهٖۤ اٰلِهَةً اِنْ یُّرِدْنِ الرَّحْمٰنُ بِضُرٍّ لَّا تُغْنِ عَنِّیْ شَفَاعَتُهُمْ شَیْـًٔا وَّلَا یُنْقِذُوْنِ ۟ۚ
মই সেই আল্লাহক এৰি অসত্য উপাস্যবোৰক গ্ৰহণ কৰিম নেকি, যিয়ে মোক সৃষ্টি কৰিছে? শুনা! ৰহমানে মোক ক্ষতি কৰিব বিচাৰিলে, এই উপাস্যবোৰৰ মধ্যস্ততাই মোক একো উপকাৰ কৰিব নোৱাৰে। মোক উপকাৰ কৰাৰো এইবোৰৰ অধিকাৰ নাই আৰু অপকাৰ কৰাৰো ক্ষমতা নাই। যদি মই কুফৰী অৱস্থাত মৃত্যুবৰণ কৰোঁ, তথা আল্লাহে যদি মোক শাস্তি বিহে, সেই শাস্তিৰ পৰাও এইবোৰে মোক ৰক্ষা কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اِنِّیْۤ اِذًا لَّفِیْ ضَلٰلٍ مُّبِیْنٍ ۟
আল্লাহৰ বাহিৰে এইবোৰক যদি মই উপাস্য বুলি মানি লওঁ, তেন্তে এইটো হ’ব মোৰ বাবে প্ৰকাশ্য ভুল। কাৰণ এনে কৰিলে অনুপযুক্ত সত্তাক উপাসনা কৰা হ’ব। আৰু উপযুক্ত সত্তাৰ ইবাদত ত্যাগ কৰা বুজাব।
ዓረብኛ ተፍሲሮች:
اِنِّیْۤ اٰمَنْتُ بِرَبِّكُمْ فَاسْمَعُوْنِ ۟ؕ
“হে মোৰ জাতিৰ লোকসকল! নিশ্চয় মই মোৰ আৰু তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ। গতিকে তোমালোকে মোৰ কথা মনোযোগ সহকাৰে শুনা। তোমালোকে মোক হত্যা কৰাৰ যি ভাবুকি প্ৰদান কৰি আছা, সেইটোক মই অকণো ভ্ৰূক্ষেপ নকৰোঁ”। তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক হত্যা কৰিলে। ফলত আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰালে।
ዓረብኛ ተፍሲሮች:
قِیْلَ ادْخُلِ الْجَنَّةَ ؕ— قَالَ یٰلَیْتَ قَوْمِیْ یَعْلَمُوْنَ ۟ۙ
তেওঁ শ্বহীদ হোৱাৰ পিছত তেওঁক সন্মান প্ৰদান কৰি কোৱা হৈছেঃ “জান্নাতত প্ৰৱেশ কৰক”। এতেকে তেওঁ যেতিয়া প্ৰৱেশ কৰিলে আৰু জান্নাতৰ নিয়ামতসমূহ দেখা পালে তেতিয়া আশা ব্যক্ত কৰি ক’লেঃ আফচোচ! মোৰ জাতিৰ যিসকল লোকে মোক অস্বীকাৰ কৰিলে আৰু মোক হত্যা কৰিলে সিহঁতে যদি এই বিষয়ে গম পালেহেঁতেন যে, আল্লাহে মোৰ গুনাহসমূহ ক্ষমা কৰি দিছে আৰু মোক বিভিন্ন প্ৰকাৰৰ সন্মানেৰে বিভূষিত কৰিছে। যাতে তেওঁলোকেও মোৰ দৰে ঈমান আনিব পাৰে তথা মোৰ দৰে প্ৰতিদান লাভ কৰিব পাৰে।
ዓረብኛ ተፍሲሮች:
بِمَا غَفَرَ لِیْ رَبِّیْ وَجَعَلَنِیْ مِنَ الْمُكْرَمِیْنَ ۟
তেওঁ শ্বহীদ হোৱাৰ পিছত তেওঁক সন্মান প্ৰদান কৰি কোৱা হৈছেঃ “জান্নাতত প্ৰৱেশ কৰক”। এতেকে তেওঁ যেতিয়া প্ৰৱেশ কৰিলে আৰু জান্নাতৰ নিয়ামতসমূহ দেখা পালে তেতিয়া আশা ব্যক্ত কৰি ক’লেঃ আফচোচ! মোৰ জাতিৰ যিসকল লোকে মোক অস্বীকাৰ কৰিলে আৰু মোক হত্যা কৰিলে সিহঁতে যদি এই বিষয়ে গম পালেহেঁতেন যে, আল্লাহে মোৰ গুনাহসমূহ ক্ষমা কৰি দিছে আৰু মোক বিভিন্ন প্ৰকাৰৰ সন্মানেৰে বিভূষিত কৰিছে। যাতে তেওঁলোকেও মোৰ দৰে ঈমান আনিব পাৰে তথা মোৰ দৰে প্ৰতিদান লাভ কৰিব পাৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব।

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য।

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য।

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য।

وَمَاۤ اَنْزَلْنَا عَلٰی قَوْمِهٖ مِنْ بَعْدِهٖ مِنْ جُنْدٍ مِّنَ السَّمَآءِ وَمَا كُنَّا مُنْزِلِیْنَ ۟
তেওঁক অস্বীকাৰ কৰা তথা তেওঁক হত্যা কৰা সম্প্ৰদায়ক ধ্বংস কৰিবলৈ আকাশৰ পৰা ফিৰিস্তাৰ সেনা বাহিনী প্ৰেৰণ কৰাটো আমাৰ প্ৰয়োজন হোৱা নাছিল। সিহঁতক ধ্বংস কৰিবলৈ আমি ফিৰিস্তা অৱতীৰ্ণ কৰা নাছিলোঁ। সিহঁতৰ বিষয়টো ইয়াতকৈও সহজ আছিল। আমি এইটো নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ যে, সিহঁতক আকাশৰ পৰা অহা বিকট শব্দই ধ্বংস কৰিব। শাস্তিৰ ফিৰিস্তা অৱতীৰ্ণ কৰি সিহঁতক শাস্তি দিয়া নহ’ব।
ዓረብኛ ተፍሲሮች:
اِنْ كَانَتْ اِلَّا صَیْحَةً وَّاحِدَةً فَاِذَا هُمْ خٰمِدُوْنَ ۟
তেওঁৰ সম্প্ৰদায়ৰ ধ্বংসৰ বিৱৰণী আছিল কেৱল এইখিনি যে, আমি সিহঁতৰ ওপৰত প্ৰচণ্ড শব্দ প্ৰেৰণ কৰিছিলোঁ। ফলত তৎক্ষণাত সিহঁত উবুৰি খাই মাটিত বাগৰি পৰিছিল। সিহঁতৰ মাজৰ এজনো ৰক্ষা পোৱা নাছিল। সিহঁতৰ উদাহৰণ হৈছে সেই জুইৰ দৰে, যিটো দপদপাই জ্বলি আছিল কিন্তু হঠাৎ নুমাই গ’ল আৰু যাৰ কোনো প্ৰভাৱ বাকী নাই।
ዓረብኛ ተፍሲሮች:
یٰحَسْرَةً عَلَی الْعِبَادِ ۣۚ— مَا یَاْتِیْهِمْ مِّنْ رَّسُوْلٍ اِلَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟
হায়! কিয়ামতৰ দিনা হ’বলগীয়া অস্বীকাৰকাৰী বান্দাসকলৰ অনুতাপ, অনুশোচনা! যেতিয়া সিহঁতে স্বচক্ষে শাস্তি প্ৰত্যক্ষ কৰিব। কাৰণ পৃথিৱীত আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছিল তেতিয়াই সিহঁতে তেওঁক ঠাট্টা কৰিছিল তথা উপহাস কৰিছিল। গতিকে কিয়ামতৰ দিনা সিহঁতৰ পৰিণাম হ’ব অনুতাপ, অনুশোচনা আৰু গ্লানি। কিয়নো সিহঁতে আল্লাহ সম্পৰ্কেও অৱহেলা কৰিছিল।
ዓረብኛ ተፍሲሮች:
اَلَمْ یَرَوْا كَمْ اَهْلَكْنَا قَبْلَهُمْ مِّنَ الْقُرُوْنِ اَنَّهُمْ اِلَیْهِمْ لَا یَرْجِعُوْنَ ۟
এই অস্বীকাৰকাৰী তথা উপহাসকাৰী লোকসকলে সিহঁতৰ পূৰ্বৱৰ্তী লোকসকলৰ মাজত কোনো শিক্ষণীয় বিষয় বিচাৰি নাপায় নেকি, কিয়নো নিশ্চিতভাৱে সিহঁতে মৃত্যুবৰণ কৰিছে আৰু কেতিয়াও পৃথিৱীলৈ উভতি আহিব নোৱাৰিব। বৰং সিহঁতে সেই কৰ্মৰ পৰিণামত গৈ উপনীত হৈছে, যিবোৰ সিহঁতে পৃথিৱীত কৰিছে। লগতে আল্লাহেই সিহঁতক ইয়াৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
وَاِنْ كُلٌّ لَّمَّا جَمِیْعٌ لَّدَیْنَا مُحْضَرُوْنَ ۟۠
প্ৰত্যেক উম্মতকেই কিয়ামতৰ দিনা পুনৰুত্থিত কৰাৰ পাছত আমাৰ ওচৰলৈ উপস্থিত কৰা হ'ব, কাৰণ আমিয়েই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিম।
ዓረብኛ ተፍሲሮች:
وَاٰیَةٌ لَّهُمُ الْاَرْضُ الْمَیْتَةُ ۖۚ— اَحْیَیْنٰهَا وَاَخْرَجْنَا مِنْهَا حَبًّا فَمِنْهُ یَاْكُلُوْنَ ۟
আখিৰাতৰ জীৱন সত্য, ইয়াক অস্বীকাৰ কৰা লোকসকলৰ বাবে এই মৃত শুকান ভূমি হৈছে এটা প্ৰমাণ, য’ত আমি বৰষুণৰ পানী অৱতীৰ্ণ কৰি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ, লগতে বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদন কৰোঁ যিবোৰ মানুহে ভক্ষণ কৰে। এতেকে যি সত্তাই বৰষুণৰ পানী অৱতীৰ্ণ কৰি শুকান ভূমিক জীৱিত কৰে তথা উদ্ভিদ আদি উৎপন্ন কৰে, তেওঁ নিশ্চয় মৃত ব্যক্তিক জীৱিত কৰিবলৈ তথা পুনৰুত্থান কৰিবলৈ সক্ষম।
ዓረብኛ ተፍሲሮች:
وَجَعَلْنَا فِیْهَا جَنّٰتٍ مِّنْ نَّخِیْلٍ وَّاَعْنَابٍ وَّفَجَّرْنَا فِیْهَا مِنَ الْعُیُوْنِ ۟ۙ
বৰষুণৰ পানী অৱতীৰ্ণ কৰা এই ভূমিত আমি উৎপন্ন কৰিছোঁ খেজুৰ আৰু আঙুৰ আদিৰ বাগান। লগতে ইয়াত অহৰহ পানী যোগানৰ বাবে আমি নিজৰা প্ৰবাহিত কৰিছোঁ।
ዓረብኛ ተፍሲሮች:
لِیَاْكُلُوْا مِنْ ثَمَرِهٖ ۙ— وَمَا عَمِلَتْهُ اَیْدِیْهِمْ ؕ— اَفَلَا یَشْكُرُوْنَ ۟
যাতে মানুহে সেই বাগানবোৰৰ ফল ভক্ষণ কৰিব পাৰে, যিবোৰ আল্লাহে সিহঁতক নিয়ামতস্বৰূপে প্ৰদান কৰিছে। সিহঁতৰ প্ৰয়াসত এইবোৰে অস্তিত্ব লাভ কৰা নাই। এতেকে সিহঁতে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰি আৰু একমাত্ৰ আল্লাহৰ ইবাদত কৰি তেওঁৰ নিয়ামতসমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰিবনে?!
ዓረብኛ ተፍሲሮች:
سُبْحٰنَ الَّذِیْ خَلَقَ الْاَزْوَاجَ كُلَّهَا مِمَّا تُنْۢبِتُ الْاَرْضُ وَمِنْ اَنْفُسِهِمْ وَمِمَّا لَا یَعْلَمُوْنَ ۟
আল্লাহ পৱিত্ৰ তথা মহান, তেৱেঁই বিভিন্ন প্ৰকাৰৰ উদ্ভিদ তথা গছ-গছনি সৃষ্টি কৰিছে। লগতে মানুহৰ মাজতো তেৱেঁই নৰ-নাৰী সৃষ্টি কৰিছে। জল আৰু স্থলত তেওঁ এনেকুৱা অসংখ্য জীৱ সৃষ্টি কৰিছে, যিবোৰৰ বিষয়ে মানুহে গমেই নাপায়।
ዓረብኛ ተፍሲሮች:
وَاٰیَةٌ لَّهُمُ الَّیْلُ ۖۚ— نَسْلَخُ مِنْهُ النَّهَارَ فَاِذَا هُمْ مُّظْلِمُوْنَ ۟ۙ
মানুহৰ বাবে আল্লাহৰ তাওহীদৰ এইটোও এটা প্ৰমাণ যে, দিনৰ প্ৰস্থান আৰু ৰাতিৰ আগমণৰ সময়ত আমি যেতিয়া ৰাতিৰ পৰা দিনক টানি নিওঁ, তেতিয়া আমিয়েই পোহৰ গুচাই অন্ধকাৰ লৈ আহোঁ, তেতিয়া হঠাৎ মানুহে ৰাতিৰ অন্ধকাৰত প্ৰৱেশ কৰে।
ዓረብኛ ተፍሲሮች:
وَالشَّمْسُ تَجْرِیْ لِمُسْتَقَرٍّ لَّهَا ؕ— ذٰلِكَ تَقْدِیْرُ الْعَزِیْزِ الْعَلِیْمِ ۟ؕ
সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ আৰু এটা প্ৰমাণ হৈছে সূৰ্য্য, যিটো নিৰ্ধাৰিত সময়লৈকে গতি কৰি আছে, ইয়াৰ সঠিক ম্যাদ সম্পৰ্কে একমাত্ৰ আল্লাহেই অৱগত। সূৰ্য্যই কেতিয়াও নিজৰ নিৰ্ধাৰিত সময় অতিক্ৰম কৰিব নোৱাৰিব। এই নিৰ্ধাৰণ হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ নিৰ্ধাৰণ, যাক কোনেও বিৱশ কৰিব নোৱাৰে। তেৱেঁই সৰ্বজ্ঞ, সৃষ্টি সম্পৰ্কে কোনো কথাই তেওঁৰ পৰা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
وَالْقَمَرَ قَدَّرْنٰهُ مَنَازِلَ حَتّٰی عَادَ كَالْعُرْجُوْنِ الْقَدِیْمِ ۟
চন্দ্ৰও হৈছে সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ এটা প্ৰমাণ, আমিয়েই নিৰ্ধাৰণ কৰিছোঁ চন্দ্ৰৰ বাবে প্ৰত্যেক ৰাতিত একো একোটা মঞ্জিল। আৰম্ভণিত সৰু থাকে আৰু তাৰ পিছত ডাঙৰ হয়। আকৌ ক্ৰমান্বয়ে সৰু হৈ থাকে। অৱশেষত খেজুৰ গছৰ শুকান তথা পূৰণি ঠানিৰ নিচিনা মিহি হৈ পৰে।
ዓረብኛ ተፍሲሮች:
لَا الشَّمْسُ یَنْۢبَغِیْ لَهَاۤ اَنْ تُدْرِكَ الْقَمَرَ وَلَا الَّیْلُ سَابِقُ النَّهَارِ ؕ— وَكُلٌّ فِیْ فَلَكٍ یَّسْبَحُوْنَ ۟
সূৰ্য্য, চন্দ্ৰ, ৰাতি আৰু দিনৰ নিদৰ্শনবোৰ আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। ইয়াৰ মাজৰ এটায়েও নিজৰ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিব নোৱাৰে। সূৰ্য্যই কেতিয়াও নিজৰ গতিপথ সলাই চন্দ্ৰক ধৰিব নোৱাৰে, অথবা চন্দ্ৰৰ দৰে জ্যোতিহীন হোৱাটোও তাৰ বাবে সম্ভৱ নহয়। এইদৰে ৰাতিয়েও দিনক অতিক্ৰম কৰা সম্ভৱ নহয়, অৰ্থাৎ দিনৰ নিৰ্ধাৰিত সময় অতিক্ৰম হোৱাৰ পূৰ্বেই ৰাতিৰ আগমণ সম্ভৱ নহয়। এই সকলোবোৰ সৃষ্টি হৈছে আল্লাহৰ নিয়ন্ত্ৰণাধীন। ইয়াৰ বাহিৰে আন আন গ্ৰহ নক্ষত্ৰবোৰৰো আছে নিজা নিজা গতিপথ। আল্লাহেই সেইবোৰ নিৰ্ধাৰণ কৰিছে আৰু তেৱেঁই সেইবোৰক সুৰক্ষা প্ৰদান কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• ما أهون الخلق على الله إذا عصوه، وما أكرمهم عليه إن أطاعوه.
বান্দাই যদি আল্লাহৰ অবাধ্যতা কৰে তেন্তে আল্লাহৰ দৃষ্টিত বান্দা তুচ্ছ হৈ পৰে। আনহাতে যদি তেওঁৰ আনুগত্য কৰে তেন্তে তেওঁৰ দৃষ্টিত সন্মানিত হৈ পৰে।

• من الأدلة على البعث إحياء الأرض الهامدة بالنبات الأخضر، وإخراج الحَبِّ منه.
আখিৰাতৰ জীৱনৰ অন্যতম এটা প্ৰমাণ হৈছে মৃত ভূমিক জীৱিত কৰি তাত সেউজীয়া উদ্ভিদ সৃষ্টি কৰা, তথা সেইবোৰৰ পৰা শস্য আদি উৎপন্ন কৰা।

• من أدلة التوحيد: خلق المخلوقات في السماء والأرض وتسييرها بقدر.
আকাশ আৰু পৃথিৱীত মখলুক সৃষ্টি কৰা তথা সেইবোৰক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰা আদি, এই সকলোবোৰ হৈছে তাওহীদৰ প্ৰমাণ।

وَاٰیَةٌ لَّهُمْ اَنَّا حَمَلْنَا ذُرِّیَّتَهُمْ فِی الْفُلْكِ الْمَشْحُوْنِ ۟ۙ
এইদৰে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁৰ নিয়ামতসমূহৰ এটা প্ৰমাণ হৈছে এই যে, নূহৰ যুগত সংঘটিত হোৱা মহা প্লাৱনৰ পৰা তেৱেঁই আদম সন্তানক আল্লাহৰ সৃষ্টিৰে ভৰা নাঁৱত আৰোহণ কৰাইছিল। কিয়নো আল্লাহে সেই নাঁৱত প্ৰত্যেক সৃষ্টিৰেই এযোৰ এযোৰকৈ উঠাবলৈ নিৰ্দেশ দিছিল।
ዓረብኛ ተፍሲሮች:
وَخَلَقْنَا لَهُمْ مِّنْ مِّثْلِهٖ مَا یَرْكَبُوْنَ ۟
সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁৰ নিয়ামতসমূহৰ এইটোও এটা প্ৰমাণ যে, আমি সিহঁতৰ বাবে নূহ আলাইহিচ্ছালামৰ নাঁৱৰ দৰে অন্যান্য পৰিবহণো বনাইছোঁ।
ዓረብኛ ተፍሲሮች:
وَاِنْ نَّشَاْ نُغْرِقْهُمْ فَلَا صَرِیْخَ لَهُمْ وَلَا هُمْ یُنْقَذُوْنَ ۟ۙ
আমি সিহঁতক ডুবাই মাৰিব বিচাৰিলে নিশ্চয় মাৰিব পাৰিলোহেঁতেন। যদি আমি সিহঁতক ডুবাই মৰাৰ সিদ্ধান্ত ল’লোহেঁতেন তেন্তে সিহঁতৰ কাকুতি মিনতি তথা সহায় প্ৰাৰ্থনাত সঁহাৰি দিব পৰা কোনো নাথাকিলহেঁতেন। আনহাতে আমাৰ ফয়চালা অনুযায়ী সিহঁতে ডুবি যোৱাৰ সময়ত কোনো ত্ৰাণকৰ্তাকো বিচাৰি নাপালেহেঁতেন।
ዓረብኛ ተፍሲሮች:
اِلَّا رَحْمَةً مِّنَّا وَمَتَاعًا اِلٰی حِیْنٍ ۟
যদিও আমি সিহঁতৰ প্ৰতি কৃপা কৰি সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলোহেঁতেন আৰু সিহঁতক এটা নিৰ্ধাৰিত সময়লৈকে উপভোগ কৰাৰ অৱকাশ প্ৰদান কৰিলোহেঁতেন, যিটো সময়ক সিহঁতে কেতিয়াও অতিক্ৰম কৰিব নোৱাৰিব। সম্ভৱতঃ সিহঁতে শিক্ষা গ্ৰহণ কৰিব আৰু ঈমান পোষণ কৰিব।
ዓረብኛ ተፍሲሮች:
وَاِذَا قِیْلَ لَهُمُ اتَّقُوْا مَا بَیْنَ اَیْدِیْكُمْ وَمَا خَلْفَكُمْ لَعَلَّكُمْ تُرْحَمُوْنَ ۟
ঈমানৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক যেতিয়া কোৱা হয় যে, আখিৰাত আৰু ইয়াৰ কঠিন পৰিস্থিতি সম্পৰ্কে ভয় কৰা, লগতে পিছফালে এৰি থৈ যোৱা পৃথিৱী সম্পৰ্কেও সতৰ্ক হোৱা, যাতে আল্লাহে অনুগ্ৰহক্ৰমে তোমালোকৰ প্ৰতি দয়া কৰে। এই কথাষাৰকো সিহঁতে নামানে। বৰং ইয়াক ভ্ৰূক্ষেপ নকৰি ইয়াৰ পৰা আঁতৰি থাকে।
ዓረብኛ ተፍሲሮች:
وَمَا تَاْتِیْهِمْ مِّنْ اٰیَةٍ مِّنْ اٰیٰتِ رَبِّهِمْ اِلَّا كَانُوْا عَنْهَا مُعْرِضِیْنَ ۟
এই স্বৈৰাচাৰী মুশ্বৰিকসকলৰ ওচৰত যেতিয়াই আল্লাহৰ এনেকুৱা কোনো আয়াত অৱতীৰ্ণ হৈছিল, যি আয়াতবোৰে তেওঁৰ তাওহীদ আৰু তেওঁ এককভাৱে ইবাদতৰ যোগ্য হোৱা বিষয়টো প্ৰমাণ কৰে, তেতিয়াই সিহঁতে সেই আয়াতবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ নকৰাকৈ বিমুখ হৈ আঁতৰি যায়।
ዓረብኛ ተፍሲሮች:
وَاِذَا قِیْلَ لَهُمْ اَنْفِقُوْا مِمَّا رَزَقَكُمُ اللّٰهُ ۙ— قَالَ الَّذِیْنَ كَفَرُوْا لِلَّذِیْنَ اٰمَنُوْۤا اَنُطْعِمُ مَنْ لَّوْ یَشَآءُ اللّٰهُ اَطْعَمَهٗۤ ۖۗ— اِنْ اَنْتُمْ اِلَّا فِیْ ضَلٰلٍ مُّبِیْنٍ ۟
শত্ৰুতা পোষণ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তোমালোকক যি ধন-সম্পদ দান কৰিছে, সেইবোৰৰ দ্বাৰা দুখীয়া-দৰিদ্ৰসকলক সহায় কৰা। তেতিয়া সিহঁতে মুমিনসকলক উত্তৰ দি কয়ঃ আমি সিহঁতক কিয় খোৱাম, যিসকলক আল্লাহে ইচ্ছা কৰিলে নিশ্চয় খোৱাব পাৰে? আনহাতে আমিতো তেওঁৰ ইচ্ছাৰ বিপৰীত কোনো কাম কৰা নাই। হে মুমিনসকল! প্ৰকৃতপক্ষে তোমালোকেই স্পষ্ট বিভ্ৰান্তিত পতিত হৈ আছা।
ዓረብኛ ተፍሲሮች:
وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
পুনৰুত্থানক অস্বীকাৰ কৰা কাফিৰসকলে ইয়াক অস্বীকাৰ কৰি তথা ইয়াক অসম্ভৱ বুলি আখ্যায়িত কৰি কয়ঃ হে মুমিনসকল! যদি তোমালোকে সঁচাই নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন, সেইটো কেতিয়া সংঘটিত হ’ব?!
ዓረብኛ ተፍሲሮች:
مَا یَنْظُرُوْنَ اِلَّا صَیْحَةً وَّاحِدَةً تَاْخُذُهُمْ وَهُمْ یَخِصِّمُوْنَ ۟
পুনৰুত্থানক অস্বীকাৰ কৰা তথা ইয়াক অসম্ভৱ বুলি ধাৰণা কৰা লোকসকলে কেৱল শিঙাত প্ৰথমবাৰ ফুঁ দিয়াৰ অপেক্ষা কৰি আছে। শিঙাত ফুঁ দিয়াৰ লগে লগে প্ৰচণ্ড বিকট শব্দই সিহঁতক গ্ৰাস কৰিব, অথচ তেতিয়া সিহঁতে সাংসাৰিক কামত ব্যস্ত থাকিব। কিছুমানে ক্ৰয়-বিক্ৰয়ত ব্যস্ত থাকিব, কিছুমানে খেতি-বাতিত ব্যস্ত থাকিব তথা আন কিছুমানে পশু পালনত ব্যস্ত থাকিব।
ዓረብኛ ተፍሲሮች:
فَلَا یَسْتَطِیْعُوْنَ تَوْصِیَةً وَّلَاۤ اِلٰۤی اَهْلِهِمْ یَرْجِعُوْنَ ۟۠
হঠাৎ যেতিয়া এই বিকট শব্দই সিহঁতক আৱৰি ধৰিব, তেতিয়া সিহঁতে ইজনে সিজনক অছিয়তো কৰিব নোৱাৰিব আৰু ঘৰ তথা পৰিয়ালৰ ওচৰলৈও উভতি যাব নোৱাৰিব। বৰং সিহঁত এই ব্যস্ত থকা অৱস্থাতেই মৃত্যুবৰণ কৰিব।
ዓረብኛ ተፍሲሮች:
وَنُفِخَ فِی الصُّوْرِ فَاِذَا هُمْ مِّنَ الْاَجْدَاثِ اِلٰی رَبِّهِمْ یَنْسِلُوْنَ ۟
দ্বিতীয়বাৰ শিঙাত ফুঁ দিয়া হ’ব পুনৰজীৱনৰ বাবে। তেতিয়া সিহঁত হঠাৎ কবৰৰ পৰা ওলাই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে নিজ প্ৰতিপালকৰ ওচৰলৈ লৰ মাৰিব।
ዓረብኛ ተፍሲሮች:
قَالُوْا یٰوَیْلَنَا مَنْ بَعَثَنَا مِنْ مَّرْقَدِنَا ۣٚۘ— هٰذَا مَا وَعَدَ الرَّحْمٰنُ وَصَدَقَ الْمُرْسَلُوْنَ ۟
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা কাফিৰসকলে লজ্জিত হৈ ক’বঃ হায় আফচোচ! আমাক আমাৰ কবৰৰ পৰা কোনে জীৱিত কৰিলে? তেতিয়া সিহঁতক সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়া হ’ব, এইটোৱে সেই প্ৰতিশ্ৰুতি যিটো আল্লাহে কৰিছিল; যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল। এই ক্ষেত্ৰত ৰাছুলসকলে প্ৰতিপালকৰ তৰফৰ পৰা যি বাৰ্তা লৈ আহিছিল, সেইবোৰ পৰিপূৰ্ণৰূপে সত্য আছিল।
ዓረብኛ ተፍሲሮች:
اِنْ كَانَتْ اِلَّا صَیْحَةً وَّاحِدَةً فَاِذَا هُمْ جَمِیْعٌ لَّدَیْنَا مُحْضَرُوْنَ ۟
শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়াৰ পিছতেই কবৰৰ পৰা পুনৰ্জীৱিত হোৱাৰ ঘটনা সংঘটিত হ’ব। তাৰ পিছত চাওঁতে চাওঁতে সকলো মখলুক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে আমাৰ সন্মুখত উপস্থিত হ’ব।
ዓረብኛ ተፍሲሮች:
فَالْیَوْمَ لَا تُظْلَمُ نَفْسٌ شَیْـًٔا وَّلَا تُجْزَوْنَ اِلَّا مَا كُنْتُمْ تَعْمَلُوْنَ ۟
সেইদিনা ন্যায় সহকাৰে ফয়চালা কৰা হ’ব। হে বান্দাসকল! সেইদিনা কাৰো গুনাহ বৃদ্ধি কৰি তথা কাৰোবাৰ নেকী হ্ৰাস কৰি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। বৰং তোমালোকক পৰিপূৰ্ণৰূপে তাৰেই প্ৰতিদান দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من أساليب تربية الله لعباده أنه جعل بين أيديهم الآيات التي يستدلون بها على ما ينفعهم في دينهم ودنياهم.
আল্লাহে তেওঁৰ বান্দাসকলক প্ৰশিক্ষণ দিয়াৰ এটা অন্যতম পদ্ধতি হৈছে, তেওঁ বান্দাসকলৰ সন্মুখত নিদৰ্শন ৰাখি দিছে, সেইবোৰৰ পৰা তেওঁলোকে দ্বীন দুনিয়াৰ লাভদায়ক বিষয়বোৰ আহৰণ কৰিব পাৰে।

• الله تعالى مكَّن العباد، وأعطاهم من القوة ما يقدرون به على فعل الأمر واجتناب النهي، فإذا تركوا ما أمروا به، كان ذلك اختيارًا منهم.
আল্লাহে বান্দাসকলক প্ৰতিষ্ঠিত কৰিছে তথা সিহঁতক সামৰ্থ প্ৰদান কৰিছে, যাতে তেওঁলোকে তেওঁৰ আদেশ পালন কৰিব পাৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিব পাৰে। কিন্তু যেতিয়া তেওঁলোকে তেওঁৰ আদেশকৃত কোনো বিষয় এৰি দিয়ে, সেইক্ষেত্ৰত এইটো তেওঁলোকৰ ইচ্ছাধীন বিষয়।

اِنَّ اَصْحٰبَ الْجَنَّةِ الْیَوْمَ فِیْ شُغُلٍ فٰكِهُوْنَ ۟ۚ
কিয়ামতৰ দিনা জান্নাতৰ অধিবাসীসকলে আনৰ বিষয়ে চিন্তা কৰাৰ সময়েই নাপাব। কিয়নো তেওঁলোকে চিৰস্থায়ী নিয়ামত আৰু মহাসফলতা প্ৰত্যেক্ষ কৰিব। তেওঁলোকে আনন্দিত হৈ জান্নাতৰ নিয়ামতসমূহ উপভোগ কৰিব।
ዓረብኛ ተፍሲሮች:
هُمْ وَاَزْوَاجُهُمْ فِیْ ظِلٰلٍ عَلَی الْاَرَآىِٕكِ مُتَّكِـُٔوْنَ ۟ۚ
তেওঁলোকে আৰু তেওঁলোকৰ স্ত্ৰীসকল জান্নাতৰ ঘন ছাঁৰ তলত সুসজ্জিত আসনত বহি আনন্দ উপভোগ কৰিব।
ዓረብኛ ተፍሲሮች:
لَهُمْ فِیْهَا فَاكِهَةٌ وَّلَهُمْ مَّا یَدَّعُوْنَ ۟ۚ
তেওঁলোকৰ বাবে জান্নাতত থাকিব বিভিন্ন প্ৰকাৰৰ উত্তম ফলমূল। যেনেঃ আঙুৰ, ডিমৰু আৰু ডালিম আদি। তাত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ ভোগ সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ নিয়ামত উপলব্ধ পাব। তেওঁলোকে তাত যিটোৱে বিচাৰিব সেইটোৱেই উপলব্ধ পাব।
ዓረብኛ ተፍሲሮች:
سَلٰمٌ ۫— قَوْلًا مِّنْ رَّبٍّ رَّحِیْمٍ ۟
এইবোৰ নিয়ামতৰ ওপৰত থাকিব ছালাম, যিটো তেওঁলোকে অৰ্জন কৰিব। এইটো প্ৰতিপালকৰ তৰফৰ পৰা উপস্থাপিত হ'ব, যিজন তেওঁলোকৰ প্ৰতি অতি দয়ালু। এতেকে যেতিয়া তেওঁলোকে ছালাম লাভ কৰিব, তেতিয়াৰ পৰা তেওঁলোক সকলো ফালৰ পৰা সুৰক্ষিত তথা নিৰাপদ থাকিব। তেওঁলোকে এনেকুৱা ছালাম লাভ কৰিব, যাৰ ওপৰত আন কোনো অভিবাদন নাই।
ዓረብኛ ተፍሲሮች:
وَامْتَازُوا الْیَوْمَ اَیُّهَا الْمُجْرِمُوْنَ ۟
কিয়ামতৰ দিনা মুশ্বৰিকসকলক কোৱা হ'ব, মুমিনসকলৰ পৰা পৃথক হৈ যোৱা। কাৰণ তোমালোকৰ সৈতে অৱস্থান কৰাটো তেওঁলোকৰ বাবে অনুচিত। কিয়নো তোমালোকৰ প্ৰতিদান তেওঁলোকৰ প্ৰতিদানতকৈ পৃথক, আনহাতে তোমালোকৰ বৈশিষ্ট্য তেওঁলোকৰ বৈশিষ্ট্যতকৈ ভিন্ন।
ዓረብኛ ተፍሲሮች:
اَلَمْ اَعْهَدْ اِلَیْكُمْ یٰبَنِیْۤ اٰدَمَ اَنْ لَّا تَعْبُدُوا الشَّیْطٰنَ ۚ— اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟ۙ
মই তোমালোকক মোৰ ৰাছুলসকলৰ দ্বাৰা আদেশ দিয়া নাছিলোনে তথা এই উপদেশ দিয়া নাছিলোনে যে, হে আদম সন্তান! বিভিন্ন প্ৰকাৰৰ কুফৰী আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ তোমালোকে চয়তানৰ অনুসৰণ নকৰিবা। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু। তেনেক্ষেত্ৰত এজন বিবেকৱান ব্যক্তিয়ে কেনেকৈ নিজৰ প্ৰকাশ্য শত্ৰুৰ অনুসৰণ কৰিব, যাৰ শত্ৰুতা সম্পৰ্কে সি অৱগত!
ዓረብኛ ተፍሲሮች:
وَّاَنِ اعْبُدُوْنِیْ ؔؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟
হে আদম সন্তান! মই তোমালোকক আদেশ দিছিলোঁ যে, তোমালোকে একমাত্ৰ মোৰেই ইবাদত কৰা আৰু মোৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। কিয়নো মোৰ ইবাদত আৰু মোৰ আনুগত্যই হৈছে একমাত্ৰ সঠিক পথ। যি পথে মোৰ সন্তুষ্টি লাভ আৰু জান্নাতত প্ৰৱেশ কৰাৰ বাট সুগম কৰি দিয়ে। কিন্তু তোমালোকে মোৰ আদেশ আৰু মোৰ উপদেশ পালন কৰা নাছিলা।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ اَضَلَّ مِنْكُمْ جِبِلًّا كَثِیْرًا ؕ— اَفَلَمْ تَكُوْنُوْا تَعْقِلُوْنَ ۟
চয়তানে তোমালোকৰ মাজৰ বহুতকে পথভ্ৰষ্ট কৰিছে। তোমালোকৰ বিবেক নাছিল নেকি, যিটোৱে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ আনুগত্য কৰিবলৈ তথা একমাত্ৰ তেওঁৰেই ইবাদত কৰিবলৈ আদেশ দিলেহেঁতেন! তথা চয়তানৰ অনুসৰণৰ পৰা আঁতৰাই ৰাখিলেহেঁতেন, যিজন তোমালোকৰ প্ৰকাশ্য শত্ৰু?!
ዓረብኛ ተፍሲሮች:
هٰذِهٖ جَهَنَّمُ الَّتِیْ كُنْتُمْ تُوْعَدُوْنَ ۟
এইখনেই সেই জাহান্নাম, কুফৰীৰ প্ৰতিফলস্বৰূপে পৃথিৱীত তোমালোকক যিখনৰ বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই সময়ত তোমালোকে ইয়াক দেখা পোৱা নাছিলা। কিন্তু আজি তোমালোকে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰি আছা।
ዓረብኛ ተፍሲሮች:
اِصْلَوْهَا الْیَوْمَ بِمَا كُنْتُمْ تَكْفُرُوْنَ ۟
আজি ইয়াত প্ৰৱেশ কৰা, আৰু ইয়াৰ উত্তাপ ভোগ কৰা। কিয়নো পৃথিৱীত তোমালোকে আল্লাহক অস্বীকাৰ কৰিছিলা।
ዓረብኛ ተፍሲሮች:
اَلْیَوْمَ نَخْتِمُ عَلٰۤی اَفْوَاهِهِمْ وَتُكَلِّمُنَاۤ اَیْدِیْهِمْ وَتَشْهَدُ اَرْجُلُهُمْ بِمَا كَانُوْا یَكْسِبُوْنَ ۟
আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, ফলত সিহঁত বোবা হৈ পৰিব। সিহঁতে কৰা কুফৰী আৰু গুনাহক অস্বীকাৰ কৰিব নোৱাৰিব। সিহঁতৰ হাতে আমাৰ লগত কথা ক’ব, পৃথিৱীত কি কি কাম কৰিছিল। সিহঁতৰ ভৰিয়েও সাক্ষ্য দিব, সিহঁতে কি কি গুনাহ কৰিবলৈ আগুৱাই গৈছিল।
ዓረብኛ ተፍሲሮች:
وَلَوْ نَشَآءُ لَطَمَسْنَا عَلٰۤی اَعْیُنِهِمْ فَاسْتَبَقُوا الصِّرَاطَ فَاَنّٰی یُبْصِرُوْنَ ۟
আমি ইচ্ছা কৰিলে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰিব পাৰোঁ, তেতিয়া সিহঁতে একোৱেই দেখিবলৈ নাপাব। যেতিয়া সিহঁতে পুলচিৰাত পাৰ কৰিবলৈ দৌৰিব, যাতে পাৰ হৈ জান্নাত লাভ কৰিব পাৰে; তেতিয়া সিহঁতৰ বাবে সেইটো পাৰ কৰা অসম্ভৱ হ’ব। কিয়নো সিহঁতৰ দৃষ্টিশক্তি হৰণ হৈছে।
ዓረብኛ ተፍሲሮች:
وَلَوْ نَشَآءُ لَمَسَخْنٰهُمْ عَلٰی مَكَانَتِهِمْ فَمَا اسْتَطَاعُوْا مُضِیًّا وَّلَا یَرْجِعُوْنَ ۟۠
যদি আমি সিহঁতৰ আকৃতি বিকৃত কৰিব বিচাৰোঁ তথা সিহঁতক ভৰি কোঁচাই বহোৱাব বিচাৰোঁ তেন্তে নিশ্চয় সিহঁতৰ আকৃতি বিকৃত কৰিব পাৰিম আৰু সিহঁতক ভৰিৰ ওপৰত বহোৱাবও পাৰিম। তেতিয়া সিহঁতে নিজ স্থানৰ পৰা অলপো লৰচৰ কৰিব নোৱাৰিব। আগুৱাবও নোৱাৰিব, পিছৱাবও নোৱাৰিব।
ዓረብኛ ተፍሲሮች:
وَمَنْ نُّعَمِّرْهُ نُنَكِّسْهُ فِی الْخَلْقِ ؕ— اَفَلَا یَعْقِلُوْنَ ۟
যি ব্যক্তিৰ আয়ুস আমি বৃদ্ধি কৰি দিওঁ, তাক আমি দুৰ্বল অৱস্থালৈ ওভোতাই দিওঁ। সিহঁতে নিজৰ বিবেকেৰে চিন্তা কৰি নাচায় নেকি? তথা এই কথাষাৰকো সিহঁতে বুজি নাপায় নেকি যে, এইখন সিহঁতৰ চিৰস্থায়ী তথা স্থায়ী ঘৰ নহয়। বৰং চিৰস্থায়ী ঘৰ হৈছে আখাৰিতৰ ঘৰ।
ዓረብኛ ተፍሲሮች:
وَمَا عَلَّمْنٰهُ الشِّعْرَ وَمَا یَنْۢبَغِیْ لَهٗ ؕ— اِنْ هُوَ اِلَّا ذِكْرٌ وَّقُرْاٰنٌ مُّبِیْنٌ ۟ۙ
আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কবিতা শিকোৱা নাই, আৰু তেওঁৰ বাবে এয়া উচিতো নহয়। কিয়নো তেওঁৰ স্বভাৱে এইটো কেতিয়াও দাবী নকৰে। এতেকে কিহৰ ভিত্তিত তোমালোকৰ এই দাবী সঁচা হ’ব পাৰে যে, তেওঁ এজন কবি? আমি তেওঁক যি শিকাইছোঁ সেইখন হৈছে উপদেশবাণী, তথা চিন্তা-চৰ্চা কৰা লোকসকলৰ বাবে স্পষ্ট কোৰআন।
ዓረብኛ ተፍሲሮች:
لِّیُنْذِرَ مَنْ كَانَ حَیًّا وَّیَحِقَّ الْقَوْلُ عَلَی الْكٰفِرِیْنَ ۟
যাতে সেই ব্যক্তিক সতৰ্ক কৰিব পাৰে যাৰ অন্তৰ জীৱিত আৰু বিবেক আলোকিত। কিয়নো এনেকুৱা ব্যক্তিয়েই কোৰআনৰ দ্বাৰা উপকৃত হয়। আনহাতে কাফিৰ ব্যক্তিৰ ওপৰত শাস্তি অনিবাৰ্য হয়, কিয়নো সিহঁতৰ ওচৰত প্ৰমাণ অৱতীৰ্ণ কৰা হৈছে তথা দাৱাত পৌঁচাই দিয়া হৈছে। গতিকে সিহঁতৰ ফালৰ পৰা অজুহাত উপস্থাপন কৰাৰ কোনো অৱকাশ নাথাকিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• في يوم القيامة يتجلى لأهل الإيمان من رحمة ربهم ما لا يخطر على بالهم.
কিয়ামতৰ দিনা মুমিনসকলৰ বাবে আল্লাহৰ এনেকুৱা এনেকুৱা ৰহমত প্ৰকাশ পাব, যিবোৰ তেওঁলোকে কেতিয়াও ভৱাই নাছিল।

• أهل الجنة مسرورون بكل ما تهواه النفوس وتلذه العيون ويتمناه المتمنون.
জান্নাতীসকলে নিজৰ মন পছন্দৰ বস্তুবোৰ পাই বহুত আনন্দিত হ’ব। যিবোৰ অত্যন্ত মনোমোহা, তথা সেইবোৰ হৈছে আশা কৰা ব্যক্তিসকলৰ চাহিদাৰ বস্তু।

• ذو القلب هو الذي يزكو بالقرآن، ويزداد من العلم منه والعمل.
প্ৰকৃত বিবেকৱান হৈছে সেই ব্যক্তি, যিয়ে কোৰআনৰ দ্বাৰা নিজকে পৰিশুদ্ধ কৰে। লগতে ইয়াৰ দ্বাৰা জ্ঞান বৃদ্ধি কৰে আৰু সেইমতে আমল কৰে।

• أعضاء الإنسان تشهد عليه يوم القيامة.
কিয়ামতৰ দিনা মানুহৰ অংগ প্ৰত্যংগই মানুহৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব।

اَوَلَمْ یَرَوْا اَنَّا خَلَقْنَا لَهُمْ مِّمَّا عَمِلَتْ اَیْدِیْنَاۤ اَنْعَامًا فَهُمْ لَهَا مٰلِكُوْنَ ۟
সিহঁতে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আমিয়েই সিহঁতৰ বাবে ঘৰচীয়া জন্তুবোৰ সৃষ্টি কৰিছোঁ। যিবোৰৰ স্বত্বাধিকাৰী তেওঁলোকৰেই হাতত। নিজৰ উপযোগিতা অনুসাৰে সেইবোৰক ব্যৱহাৰ কৰে।
ዓረብኛ ተፍሲሮች:
وَذَلَّلْنٰهَا لَهُمْ فَمِنْهَا رَكُوْبُهُمْ وَمِنْهَا یَاْكُلُوْنَ ۟
আমি সেই জন্তুবোৰক সিহঁতৰ অধীনস্থ কৰি দিছোঁ আৰু সেইবোৰক সিহঁতৰ বশীভূত কৰিছোঁ তথা সিহঁতৰ আদেশ মতে চলিব পৰা বনাই দিছোঁ। এতেকে সিহঁতে সেইবোৰৰ কিছুমানক পৰিবহন হিচাপে ব্যৱহাৰ কৰে তথা সেইবোৰৰ পিঠিত বয়-বস্তু বহন কৰি লৈ যায়, আৰু কিছুমানৰ সিহঁতে মাংস ভক্ষণ কৰে।
ዓረብኛ ተፍሲሮች:
وَلَهُمْ فِیْهَا مَنَافِعُ وَمَشَارِبُ ؕ— اَفَلَا یَشْكُرُوْنَ ۟
সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰা আৰু সেইবোৰৰ মাংস ভক্ষণ কৰাৰ বাহিৰেও সিহঁতৰ বাবে সেইবোৰৰ মাজত আছে বহুতো উপকাৰ। যেনেঃ সেইবোৰৰ ঊণ, পচম, চুলি আৰু মূল্য আদি। সিহঁতে সেইবোৰৰ দ্বাৰা বিছনা আৰু পোছাক-পৰিচ্ছদ আদি তৈয়াৰ কৰে। সেইবোৰৰ মাজত সিহঁতৰ বাবে আছে পানীয় উপাদান, যেনে সিহঁতে সেইবোৰৰ গাখীৰ পান কৰে। তথাপিও সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন নকৰিবনে, যিজনে সিহঁতক এইবোৰ নিয়ামত আৰু ইয়াৰ বাহিৰেও অন্যান্য বহুতো নিয়ামত প্ৰদান কৰিছে?!
ዓረብኛ ተፍሲሮች:
وَاتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ اٰلِهَةً لَّعَلَّهُمْ یُنْصَرُوْنَ ۟ؕ
মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে বহুতো উপাস্য গ্ৰহণ কৰিছে। সিহঁতে সেইবোৰৰ এই আশাত উপাসনা কৰে যে, সেইবোৰে সিহঁতক সহায় কৰিব আৰু আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
ዓረብኛ ተፍሲሮች:
لَا یَسْتَطِیْعُوْنَ نَصْرَهُمْ وَهُمْ لَهُمْ جُنْدٌ مُّحْضَرُوْنَ ۟
সিহঁতে গ্ৰহণ কৰা এই অসত্য উপাস্যবোৰে স্বয়ং নিজৰো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁতকো উপকাৰ কৰিব নোৱাৰিব যিসকলে সেইবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। এতেকে সিহঁতে আৰু সিহঁতৰ মূৰ্ত্তিবোৰ আটায়ে জাহান্নামত উপস্থিত হ'ব আৰু প্ৰত্যেকে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব।
ዓረብኛ ተፍሲሮች:
فَلَا یَحْزُنْكَ قَوْلُهُمْ ۘ— اِنَّا نَعْلَمُ مَا یُسِرُّوْنَ وَمَا یُعْلِنُوْنَ ۟
হে ৰাছুল! আপোনাক সিহঁতৰ এই কথাই যেন চিন্তিত নকৰে যে, আপুনি প্ৰেৰিত ৰাছুল নহয়, অথবা আপুনি এজন কবি, নাইবা এনেকুৱা সিহঁতৰ অন্যান্য অভিযোগবোৰে। সিহঁতে গোপন কৰা আৰু প্ৰকাশ কৰা সিহঁতৰ সকলো বিষয়ে নিশ্চয় আমি অৱগত। একোৱেই আমাৰ পৰা গোপন নহয়। শীঘ্ৰেই আমি সিহঁতক ইয়াৰ প্ৰতিদান দিম।
ዓረብኛ ተፍሲሮች:
اَوَلَمْ یَرَ الْاِنْسَانُ اَنَّا خَلَقْنٰهُ مِنْ نُّطْفَةٍ فَاِذَا هُوَ خَصِیْمٌ مُّبِیْنٌ ۟
আখাৰিতৰ জীৱনক অস্বীকাৰ কৰা ব্যক্তিয়ে এই কথা চিন্তা নকৰে নেকি যে, আমি তাক বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছোঁ। কেইবাটাও পৰ্যায় পাৰ কৰাৰ পিছত সি ভূমিষ্ঠ হৈছে আৰু ডাঙৰ দীঘল হৈছে। অৱশেষত সি বিতণ্ডাকাৰী আৰু কলহপ্ৰিয় হৈ পৰিছে। সি এইবোৰ লক্ষ্য নকৰে নেকি, তেতিয়াহে সি আখিৰাতৰ পুনৰ্জীৱনৰ প্ৰমাণ বিচাৰি পাব।
ዓረብኛ ተፍሲሮች:
وَضَرَبَ لَنَا مَثَلًا وَّنَسِیَ خَلْقَهٗ ؕ— قَالَ مَنْ یُّحْیِ الْعِظَامَ وَهِیَ رَمِیْمٌ ۟
অমনোযোগী তথা অজ্ঞ এই কাফিৰে গেলি-পচি যোৱা হাড়ৰ পৰা পুনৰ জীৱন সম্ভৱ নহয় বুলি ফিতাহি মাৰি কয়ঃ এইবোৰ হাড়ক কোনে জীৱন দান কৰিব? অথচ সি নিজৰ সৃষ্টি সম্পৰ্কেই পাহৰি গৈছে, এটা সময়ত সি একোৱেই নাছিল।
ዓረብኛ ተፍሲሮች:
قُلْ یُحْیِیْهَا الَّذِیْۤ اَنْشَاَهَاۤ اَوَّلَ مَرَّةٍ ؕ— وَهُوَ بِكُلِّ خَلْقٍ عَلِیْمُ ۟ۙ
হে মুহাম্মদ! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওক, এই গেলি পচি যোৱা হাড়বোৰক তেৱেঁই জীৱিত কৰিব, যিয়ে প্ৰথমবাৰ সৃষ্টি কৰিছিল। যিয়ে প্ৰথমবাৰ সৃষ্টি কৰিছে, তেওঁ পুনৰ জীৱিত কৰাত কেতিয়াও অপাৰগ নহয়। সেই পৱিত্ৰ সত্ত্বা, প্ৰত্যেক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ। একোৱেই তেওঁৰ পৰা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
١لَّذِیْ جَعَلَ لَكُمْ مِّنَ الشَّجَرِ الْاَخْضَرِ نَارًا فَاِذَاۤ اَنْتُمْ مِّنْهُ تُوْقِدُوْنَ ۟
হে মানৱজাতি! যি সত্ত্বাই তোমালোকৰ বাবে সেউজীয়া সতেজ গছৰ পৰা জুই সৃষ্টি কৰে। যিবোৰক তোমালোকে জুই সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা আৰু জুই জ্বলোৱা। এতেকে যি সত্ত্বাই দুটা বিপৰীত ধৰ্মীয় বস্তুক একত্ৰিত কৰিব পাৰে (অৰ্থাৎ সেউজীয়া গছৰ পানীয়ৰ মাজত জুইৰ অস্তিত্ব ৰাখিব পাৰে) তেওঁ নিশ্চয় মৃত ব্যক্তিক জীৱিত কৰিবলৈ সক্ষম।
ዓረብኛ ተፍሲሮች:
اَوَلَیْسَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِقٰدِرٍ عَلٰۤی اَنْ یَّخْلُقَ مِثْلَهُمْ ؔؕ— بَلٰی ۗ— وَهُوَ الْخَلّٰقُ الْعَلِیْمُ ۟
যি সত্ত্বাই বিশাল আকাশমণ্ডল, পৃথিৱী আৰু ইয়াৰ মাজত থকা বস্তুবোৰ সৃষ্টি কৰিছে, সেই সত্ত্বাই মৃত ব্যক্তিসকলক জীৱিত কৰিবলৈ সক্ষম নহয়নে? হয়, নিশ্চয় তেওঁ সক্ষম। তেৱেঁই মহাসৃষ্টিকৰ্তা, যিয়ে সকলো মখলুককে সৃষ্টি কৰিছে। তেৱেঁই সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
اِنَّمَاۤ اَمْرُهٗۤ اِذَاۤ اَرَادَ شَیْـًٔا اَنْ یَّقُوْلَ لَهٗ كُنْ فَیَكُوْنُ ۟
আল্লাহৰ ক্ষমতা এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তু সৃষ্টি কৰিবলৈ ইচ্ছা কৰে, তেতিয়া সেই বিষয়ে তেওঁ কেৱল কয় হ, তৎক্ষণাত সেইটো অস্তিত্ব লাভ কৰে। জীৱন দান কৰা, মৃত্যু প্ৰদান কৰা আৰু আখিৰাতৰ পুনৰ্জীৱনৰ আদি বিষয়ও তেওঁৰ এই ইচ্ছাৰেই অন্তৰ্ভুক্ত।
ዓረብኛ ተፍሲሮች:
فَسُبْحٰنَ الَّذِیْ بِیَدِهٖ مَلَكُوْتُ كُلِّ شَیْءٍ وَّاِلَیْهِ تُرْجَعُوْنَ ۟۠
আল্লাহ সকলো প্ৰকাৰৰ অপাৰগতাৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ সৈতে সম্পৃক্ত কৰে। সকলো বস্তুৰ কৰ্তৃত্ব তেওঁৰ হাতত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই নিয়ন্ত্ৰণ কৰে। সকলো বস্তুৰ চাবি-কাঠি একমাত্ৰ তেওঁৰেই হাতত। আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। য’ত তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়া হ’ব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من فضل الله ونعمته على الناس تذليل الأنعام لهم، وتسخيرها لمنافعهم المختلفة.
মানুহৰ প্ৰতি আল্লাহৰ এটা অন্যতম উপকাৰ হৈছে এই যে, তেওঁ ঘৰচীয়া জন্তুবোৰক তেওঁলোকৰ অধীনস্থ কৰি দিছে। তথা সেইবোৰক তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ উপকাৰত বশীভূত কৰি দিছে।

• وفرة الأدلة العقلية على يوم القيامة وإعراض المشركين عنها.
কিয়ামত সম্পৰ্কে অসংখ্য যুক্তি প্ৰমাণ বিদ্যমান আছে, তথাপিও মুশ্বৰিকসকল সেইবোৰৰ পৰা বিমুখ হৈ আছে।

• من صفات الله تعالى أن علمه تعالى محيط بجميع مخلوقاته في جميع أحوالها، في جميع الأوقات، ويعلم ما تنقص الأرض من أجساد الأموات وما يبقى، ويعلم الغيب والشهادة.
আল্লাহৰ এটা অন্যতম বৈশিষ্ট্য হৈছে এই যে, সকলো সময়তে, সকলো অৱস্থাতেই মানুহক তেওঁৰ জ্ঞানে পৰিবেষ্টন কৰি থাকে। মানুহৰ মৃত শৰীৰক মাটিয়ে কিমানখিনি খাই পেলায় আৰু কিমানখিনি অৱশিষ্ট থাকে, সেই সম্পৰ্কেও তেওঁ অৱগত। তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়েই অৱগত।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ያሲን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት