Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ያሲን   አንቀፅ:
وَاضْرِبْ لَهُمْ مَّثَلًا اَصْحٰبَ الْقَرْیَةِ ۘ— اِذْ جَآءَهَا الْمُرْسَلُوْنَ ۟ۚ
হে ৰাছুল! আপুনি এই স্বৈৰাচাৰী অস্বীকাৰকাৰীসকলক এটা উদাহৰণ দিয়ক, যাতে সিহঁতে এটা শিক্ষা লব পাৰে। সেয়া হৈছে এখন জনবসতিৰ ঘটনা, যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুল আগমন কৰিছিল।
ዓረብኛ ተፍሲሮች:
اِذْ اَرْسَلْنَاۤ اِلَیْهِمُ اثْنَیْنِ فَكَذَّبُوْهُمَا فَعَزَّزْنَا بِثَالِثٍ فَقَالُوْۤا اِنَّاۤ اِلَیْكُمْ مُّرْسَلُوْنَ ۟
প্ৰথমে আমি সিহঁতৰ ওচৰলৈ দুজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰে। কিন্তু যেতিয়া সিহঁতে সেই ৰাছুল দুজনক অস্বীকাৰ কৰিলে, তেতিয়া আমি তৃতীয়জন ৰাছুল প্ৰেৰণ কৰি সেই ৰাছুল দুজনক শক্তি প্ৰদান কৰিলোঁ। তিনিওজন ৰাছুলে গাওঁবাসীক উদ্দেশ্যি ক’লেঃ নিঃসন্দেহে আমি তিনিওজন তোমালোকৰ পিনে ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। যাতে আমি তোমালোকক আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিবলৈ আহ্বান কৰিব পাৰোঁ।
ዓረብኛ ተፍሲሮች:
قَالُوْا مَاۤ اَنْتُمْ اِلَّا بَشَرٌ مِّثْلُنَا ۙ— وَمَاۤ اَنْزَلَ الرَّحْمٰنُ مِنْ شَیْءٍ ۙ— اِنْ اَنْتُمْ اِلَّا تَكْذِبُوْنَ ۟
গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ তোমালোকে দেখোন আমাৰ দৰেই মানৱ। আমাৰ ওপৰত তোমালোকৰ কোনো বিশেষত্ব নাই। তথা ৰহমানেও তোমালোকৰ ওপৰত কোনো অহী প্ৰেৰণ কৰা নাই। তোমালোকে এই দাবীৰ জৰিয়তে কেৱল আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি আছা।
ዓረብኛ ተፍሲሮች:
قَالُوْا رَبُّنَا یَعْلَمُ اِنَّاۤ اِلَیْكُمْ لَمُرْسَلُوْنَ ۟
তিনিওজন ৰাছুলে গাওঁবাসীয়ে কৰা অস্বীকাৰৰ প্ৰত্যুত্তৰ দি ক’লেঃ হে গাওঁবাসী! আমাৰ প্ৰতিপালকে ভালকৈয়ে জানে যে, আমি তেওঁৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত। প্ৰমাণ হিচাপে এইটোৱে আমাৰ বাবে যথেষ্ট।
ዓረብኛ ተፍሲሮች:
وَمَا عَلَیْنَاۤ اِلَّا الْبَلٰغُ الْمُبِیْنُ ۟
তেওঁ আমাক যিটো বাৰ্তা তোমালোকৰ ওচৰলৈ পৌঁচাই দিয়াৰ দায়িত্ব অৰ্পন কৰিছে, সেইটো সুচাৰুৰূপে পালন কৰাটোৱে হৈছে আমাৰ মৌলিক দায়িত্ব। তোমালোকক হিদায়ত প্ৰদান কৰাটো আমাৰ কৰ্তব্য নহয়।
ዓረብኛ ተፍሲሮች:
قَالُوْۤا اِنَّا تَطَیَّرْنَا بِكُمْ ۚ— لَىِٕنْ لَّمْ تَنْتَهُوْا لَنَرْجُمَنَّكُمْ وَلَیَمَسَّنَّكُمْ مِّنَّا عَذَابٌ اَلِیْمٌ ۟
গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ আমি তোমালোকক অমঙ্গল বুলি ভাৱোঁ। যদি তোমালোকে আমাক তাওহীদৰ পিনে আহ্বান কৰাৰ পৰা বিৰত নাথাকা তেন্তে আমি তোমালোকক শিল দলিয়াই মৃত্যুদণ্ড বিহিম। তথা আমাৰ ফালৰ পৰা তোমালোকে কষ্টদায়ক শাস্তি ভোগ কৰিবা।
ዓረብኛ ተፍሲሮች:
قَالُوْا طَآىِٕرُكُمْ مَّعَكُمْ ؕ— اَىِٕنْ ذُكِّرْتُمْ ؕ— بَلْ اَنْتُمْ قَوْمٌ مُّسْرِفُوْنَ ۟
ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক’লেঃ তোমালোকৰ এই অমঙ্গল তোমালোকৰ বাবে অনিবাৰ্য, কাৰণ তোমালোকে আল্লাহৰ লগত কুফৰী কৰিছা আৰু তেওঁৰ ৰাছুলসকলৰ অনুসৰণ পৰিত্যাগ কৰিছা। আমি তোমালোকক আল্লাহৰ স্মৰণ কৰাই আছোঁ, ইয়াক তোমালোকে অমঙ্গল বুলি ভাবা নেকি? বৰং তোমালোকে পাপকৰ্ম আৰু কুফৰীত লিপ্ত হৈ সীমালঙ্ঘনহে কৰিছা।
ዓረብኛ ተፍሲሮች:
وَجَآءَ مِنْ اَقْصَا الْمَدِیْنَةِ رَجُلٌ یَّسْعٰی ؗ— قَالَ یٰقَوْمِ اتَّبِعُوا الْمُرْسَلِیْنَ ۟ۙ
এলেকাবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰি তেওঁলোকক হত্যা আৰু নিৰ্যাতনৰ ভয় ভাবুকি প্ৰদান কৰা বিষয়ত এলেকাৰ দূৰণিৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তিয়ে ভীত-সন্ত্ৰস্ত অৱস্থাত ততাতৈয়াকৈ আহি ক’লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! ৰাছুলসকলে যি বাৰ্তালৈ আহিছে তোমালোকে সেইটোৰ অনুসৰণ কৰা।
ዓረብኛ ተፍሲሮች:
اتَّبِعُوْا مَنْ لَّا یَسْـَٔلُكُمْ اَجْرًا وَّهُمْ مُّهْتَدُوْنَ ۟
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তেওঁলোকৰ কথা মানি লোৱা, যিসকলে তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত পাৰিশ্ৰমিক নিবিচাৰে, লগতে আল্লাহৰ অহী পৌঁচাই দিয়াৰ ক্ষেত্ৰত তেওঁলোক হৈছে হিদায়তপ্ৰাপ্ত। এনেকুৱা লোকৰ অনুসৰণ নকৰিলে, তোমালোকে কাৰ অনুসৰণ কৰিবা?
ዓረብኛ ተፍሲሮች:
وَمَا لِیَ لَاۤ اَعْبُدُ الَّذِیْ فَطَرَنِیْ وَاِلَیْهِ تُرْجَعُوْنَ ۟
সেই শুভাকাংক্ষী ব্যক্তিজনে ক’লেঃ সেই আল্লাহৰ ইবাদতৰ পৰা মোক কিহে বাধা দিব, যিয়ে মোক সৃষ্টি কৰিছে? এতেকে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ইবাদতৰ পৰা কিহে বাধা দিয়ে, যি সত্তাই তোমালোকক সৃষ্টি কৰিছে? অথচ প্ৰতিদানৰ বাবে পুনৰুত্থিত হৈ একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব।
ዓረብኛ ተፍሲሮች:
ءَاَتَّخِذُ مِنْ دُوْنِهٖۤ اٰلِهَةً اِنْ یُّرِدْنِ الرَّحْمٰنُ بِضُرٍّ لَّا تُغْنِ عَنِّیْ شَفَاعَتُهُمْ شَیْـًٔا وَّلَا یُنْقِذُوْنِ ۟ۚ
মই সেই আল্লাহক এৰি অসত্য উপাস্যবোৰক গ্ৰহণ কৰিম নেকি, যিয়ে মোক সৃষ্টি কৰিছে? শুনা! ৰহমানে মোক ক্ষতি কৰিব বিচাৰিলে, এই উপাস্যবোৰৰ মধ্যস্ততাই মোক একো উপকাৰ কৰিব নোৱাৰে। মোক উপকাৰ কৰাৰো এইবোৰৰ অধিকাৰ নাই আৰু অপকাৰ কৰাৰো ক্ষমতা নাই। যদি মই কুফৰী অৱস্থাত মৃত্যুবৰণ কৰোঁ, তথা আল্লাহে যদি মোক শাস্তি বিহে, সেই শাস্তিৰ পৰাও এইবোৰে মোক ৰক্ষা কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اِنِّیْۤ اِذًا لَّفِیْ ضَلٰلٍ مُّبِیْنٍ ۟
আল্লাহৰ বাহিৰে এইবোৰক যদি মই উপাস্য বুলি মানি লওঁ, তেন্তে এইটো হ’ব মোৰ বাবে প্ৰকাশ্য ভুল। কাৰণ এনে কৰিলে অনুপযুক্ত সত্তাক উপাসনা কৰা হ’ব। আৰু উপযুক্ত সত্তাৰ ইবাদত ত্যাগ কৰা বুজাব।
ዓረብኛ ተፍሲሮች:
اِنِّیْۤ اٰمَنْتُ بِرَبِّكُمْ فَاسْمَعُوْنِ ۟ؕ
“হে মোৰ জাতিৰ লোকসকল! নিশ্চয় মই মোৰ আৰু তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ। গতিকে তোমালোকে মোৰ কথা মনোযোগ সহকাৰে শুনা। তোমালোকে মোক হত্যা কৰাৰ যি ভাবুকি প্ৰদান কৰি আছা, সেইটোক মই অকণো ভ্ৰূক্ষেপ নকৰোঁ”। তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক হত্যা কৰিলে। ফলত আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰালে।
ዓረብኛ ተፍሲሮች:
قِیْلَ ادْخُلِ الْجَنَّةَ ؕ— قَالَ یٰلَیْتَ قَوْمِیْ یَعْلَمُوْنَ ۟ۙ
তেওঁ শ্বহীদ হোৱাৰ পিছত তেওঁক সন্মান প্ৰদান কৰি কোৱা হৈছেঃ “জান্নাতত প্ৰৱেশ কৰক”। এতেকে তেওঁ যেতিয়া প্ৰৱেশ কৰিলে আৰু জান্নাতৰ নিয়ামতসমূহ দেখা পালে তেতিয়া আশা ব্যক্ত কৰি ক’লেঃ আফচোচ! মোৰ জাতিৰ যিসকল লোকে মোক অস্বীকাৰ কৰিলে আৰু মোক হত্যা কৰিলে সিহঁতে যদি এই বিষয়ে গম পালেহেঁতেন যে, আল্লাহে মোৰ গুনাহসমূহ ক্ষমা কৰি দিছে আৰু মোক বিভিন্ন প্ৰকাৰৰ সন্মানেৰে বিভূষিত কৰিছে। যাতে তেওঁলোকেও মোৰ দৰে ঈমান আনিব পাৰে তথা মোৰ দৰে প্ৰতিদান লাভ কৰিব পাৰে।
ዓረብኛ ተፍሲሮች:
بِمَا غَفَرَ لِیْ رَبِّیْ وَجَعَلَنِیْ مِنَ الْمُكْرَمِیْنَ ۟
তেওঁ শ্বহীদ হোৱাৰ পিছত তেওঁক সন্মান প্ৰদান কৰি কোৱা হৈছেঃ “জান্নাতত প্ৰৱেশ কৰক”। এতেকে তেওঁ যেতিয়া প্ৰৱেশ কৰিলে আৰু জান্নাতৰ নিয়ামতসমূহ দেখা পালে তেতিয়া আশা ব্যক্ত কৰি ক’লেঃ আফচোচ! মোৰ জাতিৰ যিসকল লোকে মোক অস্বীকাৰ কৰিলে আৰু মোক হত্যা কৰিলে সিহঁতে যদি এই বিষয়ে গম পালেহেঁতেন যে, আল্লাহে মোৰ গুনাহসমূহ ক্ষমা কৰি দিছে আৰু মোক বিভিন্ন প্ৰকাৰৰ সন্মানেৰে বিভূষিত কৰিছে। যাতে তেওঁলোকেও মোৰ দৰে ঈমান আনিব পাৰে তথা মোৰ দৰে প্ৰতিদান লাভ কৰিব পাৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব।

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য।

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য।

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ያሲን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት