Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሉቅማን   አንቀፅ:
اَلَمْ تَرَوْا اَنَّ اللّٰهَ سَخَّرَ لَكُمْ مَّا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَاَسْبَغَ عَلَیْكُمْ نِعَمَهٗ ظَاهِرَةً وَّبَاطِنَةً ؕ— وَمِنَ النَّاسِ مَنْ یُّجَادِلُ فِی اللّٰهِ بِغَیْرِ عِلْمٍ وَّلَا هُدًی وَّلَا كِتٰبٍ مُّنِیْرٍ ۟
হে মানৱজাতি! তোমালোকে লক্ষ্য নকৰা নেকি তথা দেখা নোপোৱা নেকি যে, আকাশমণ্ডলত থকা সূৰ্য্য, চন্দ্ৰ আৰু তাৰকাৰাজীৰ পৰা উপকৃত হ’বলৈ আল্লাহে তোমালোকৰ বাবে সহজ কৰি দিছে। লগতে পৃথিৱীত থকা জীৱ-জন্তু আৰু গছ-গছনিৰ দ্বাৰাও উপকৃত হোৱাৰ পথ সুগম কৰি দিছে। তোমালোকৰ ওপৰত তেওঁ সকলো প্ৰকাৰ নিয়ামত সম্পূৰ্ণ কৰি দিছে, দৃশ্যমান হওক অথবা অদৃশ্যমান। দৃশ্যমান নিয়ামত যেনেঃ সুন্দৰ আকৃতি আৰু সৌন্দৰ্যময় গঠন আদি। অদৃশ্যমান নিয়ামত যেনেঃ বিবেক আৰু জ্ঞান আদি। এই নিয়ামতসমূহৰ পিছতো কিছুমান লোক এনেকুৱা আছে, যিসকলে স্পষ্ট কোনো কিতাব নোহোৱাকৈ তথা বিবেক-বুদ্ধিহীনভাৱে, লগতে অহীৰ ওপৰত ভিত্তি নথকা যুক্তিলৈ তথ্যহীনভাৱে আল্লাহৰ তাওহীদ সম্পৰ্কে বাদানুবাদ কৰে।
ዓረብኛ ተፍሲሮች:
وَاِذَا قِیْلَ لَهُمُ اتَّبِعُوْا مَاۤ اَنْزَلَ اللّٰهُ قَالُوْا بَلْ نَتَّبِعُ مَا وَجَدْنَا عَلَیْهِ اٰبَآءَنَا ؕ— اَوَلَوْ كَانَ الشَّیْطٰنُ یَدْعُوْهُمْ اِلٰی عَذَابِ السَّعِیْرِ ۟
আল্লাহৰ তাওহীদ সম্পৰ্কে বাদানুবাদ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অহী প্ৰেৰণ কৰিছে তোমালোকে তাৰ অনুসৰণ কৰা। তেতিয়া সিহঁতে কয়ঃ আমি সেইটো কেতিয়াও অনুসৰণ নকৰোঁ। বৰং আমি আমাৰ পূৰ্বৱৰ্তী লোকসকলক যিবোৰ উপাস্যৰ উপাসনা কৰা দেখিছোঁ আমি কেৱল সেইবোৰৰেই অনুসৰণ কৰিম। (কওকচোন!) যদি চয়তানে সিহঁতক আহ্বান কৰি (মূৰ্ত্তি পূজাৰ জৰিয়তে পথভ্ৰষ্ট কৰি) কিয়ামতৰ দিনা জাহান্নামৰ শাস্তিৰ সন্মুখীন কৰায়, তথাপিও সিহঁতে পূৰ্বৱৰ্তীসকলৰ অনুসৰণ কৰিবনে?!
ዓረብኛ ተፍሲሮች:
وَمَنْ یُّسْلِمْ وَجْهَهٗۤ اِلَی اللّٰهِ وَهُوَ مُحْسِنٌ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقٰی ؕ— وَاِلَی اللّٰهِ عَاقِبَةُ الْاُمُوْرِ ۟
যিয়ে আল্লাহ অভিমুখে হৈ নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰিব তথা সৎকৰ্ম কৰিব। তেওঁ নিশ্চিতভাৱে এটা মজবুত ৰছী ধাৰণ কৰিছে, যিটো বিচ্ছিন্ন হোৱাৰ কোনো আশংকা নাই। নাজাতৰ আশাবাদী লোকেই এনেকুৱা ৰছী মজবুতভাৱে ধাৰণ কৰে। সকলো কৰ্ম একমাত্ৰ আল্লাহৰ ওচৰতেই উভতি যায়। আৰু তেৱেঁই প্ৰত্যেককে উপযুক্ত প্ৰতিদান দান কৰিব।
ዓረብኛ ተፍሲሮች:
وَمَنْ كَفَرَ فَلَا یَحْزُنْكَ كُفْرُهٗ ؕ— اِلَیْنَا مَرْجِعُهُمْ فَنُنَبِّئُهُمْ بِمَا عَمِلُوْا ؕ— اِنَّ اللّٰهَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
হে ৰাছুল! যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতৰ কুফৰী কৰ্মত যাতে আপুনি চিন্তিত নহয়। কাৰণ কিয়ামতৰ দিনা আমাৰ ওচৰতেই সিহঁতে উভতি আহিব লাগিব। তেতিয়া আমি পৃথিৱীত কৰা সিহঁতৰ পাপকৰ্মবোৰ এটা এটাকৈ উদঙাই দিম। আৰু ইয়াৰ উচিত শাস্তিও প্ৰদান কৰিম। নিশ্চয় আল্লাহ অন্তৰৰ সকলো গোপন তথ্য সম্পৰ্কে সৰ্বজ্ঞ। অন্তৰৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
نُمَتِّعُهُمْ قَلِیْلًا ثُمَّ نَضْطَرُّهُمْ اِلٰی عَذَابٍ غَلِیْظٍ ۟
পৃথিৱীত আমি সিহঁতক ভোগ-বিলাসৰ কিছুমান সামগ্ৰী প্ৰদান কৰি কিছু সময় উপভোগ কৰা সুযোগ প্ৰদান কৰিম। ইয়াৰ পিছত কিয়ামতৰ দিনা আমি সিহঁতক কঠিন শাস্তিৰ পিনে অৰ্থাৎ জাহান্নামৰ শাস্তিৰ পিনে বলপূৰ্বকভাৱে খেদি লৈ যাম।
ዓረብኛ ተፍሲሮች:
وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ لَیَقُوْلُنَّ اللّٰهُ ؕ— قُلِ الْحَمْدُ لِلّٰهِ ؕ— بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟
হে ৰাছুল! আপুনি যদি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডল কোনে সৃষ্টি কৰিছে? তথা পৃথিৱী কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে নিশ্চয় ক’বঃ আল্লাহে সৃষ্টি কৰিছে। আপুনি সিহঁতক কৈ দিয়কঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজনে তোমালোকৰ ওপৰত প্ৰমাণ স্পষ্ট কৰি দিছে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই নিজৰ অজ্ঞানতাৰ কাৰণে নাজানে যে, প্ৰকৃত প্ৰশংসাৰ উপযুক্ত কোন।
ዓረብኛ ተፍሲሮች:
لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— اِنَّ اللّٰهَ هُوَ الْغَنِیُّ الْحَمِیْدُ ۟
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোবোৰ বস্তু একমাত্ৰ আল্লাহৰেই। তেৱেঁই সৃষ্টি কৰিছে, তেৱেঁই মালিক আৰু তেৱেঁই এইবোৰক নিয়ন্ত্ৰণ কৰে। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। পৃথিৱী আৰু আখিৰাতত তেৱেঁই প্ৰশংসিত।
ዓረብኛ ተፍሲሮች:
وَلَوْ اَنَّمَا فِی الْاَرْضِ مِنْ شَجَرَةٍ اَقْلَامٌ وَّالْبَحْرُ یَمُدُّهٗ مِنْ بَعْدِهٖ سَبْعَةُ اَبْحُرٍ مَّا نَفِدَتْ كَلِمٰتُ اللّٰهِ ؕ— اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟
পৃথিৱীৰ বুকুত থকা সকলো গছ-গছনি কাটি যদি কলম বনোৱা হয়, আৰু সাগৰবোৰক যদি চিয়াঁহী বনোৱা হয়, তথাপিও আল্লাহৰ প্ৰশংসা সমাপ্ত নহ'ব, আনকি ইয়াৰ লগত আৰু সাত সাগৰক যদি সংযুক্ত কৰা হয় তথাপিও নহ'ব। কাৰণ তেওঁৰ প্ৰশংসাৰ কোনো অন্ত নাই। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
مَا خَلْقُكُمْ وَلَا بَعْثُكُمْ اِلَّا كَنَفْسٍ وَّاحِدَةٍ ؕ— اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟
হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে সৃষ্টি কৰা আৰু পুনৰুত্থিত কৰা বিষয়টো এটা প্ৰাণ সৃষ্টি কৰাৰ দৰেই সহজ। নিশ্চয় আল্লাহ সকলো কথা শ্ৰৱণকাৰী। কোনো কথা শুনিবলৈ তেওঁক আন কোনো কথাই অসুবিধা নকৰে। এটা বস্তু দেখিবলৈ তেওঁ আনটো বস্তুৰ পৰা কেতিয়াও অমনোযোগী নহয়। ঠিক সেইদৰে কোনো এটা প্ৰাণীক সৃষ্টি কৰিবলৈ আৰু পুনৰুত্থিত কৰিবলৈ আন কোনো প্ৰাণীৰ সৃষ্টিৰ পৰা তথা পুনৰুত্থান কৰাৰ পৰা তেওঁ অমনোযোগী নহয়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• نعم الله وسيلة لشكره والإيمان به، لا وسيلة للكفر به.
আল্লাহৰ নিয়ামতবোৰ হৈছে তেওঁৰ কৃতজ্ঞতা আৰু ঈমান পোষণ কৰাৰ মাধ্যম, তেওঁৰ লগত কুফৰী কৰাৰ মাধ্যম নহয়।

• خطر التقليد الأعمى، وخاصة في أمور الاعتقاد.
অন্ধানুকৰণৰ ভয়াৱহতা, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত।

• أهمية الاستسلام لله والانقياد له وإحسان العمل من أجل مرضاته.
আল্লাহৰ সন্মুখত পৰিপূৰ্ণৰূপে আত্মসমৰ্পন কৰা আৰু তেওঁৰ অনুসৰণৰ লগতে তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে সৎকৰ্ম কৰাৰ গুৰুত্ব।

• عدم تناهي كلمات الله.
আল্লাহৰ বাণীৰ কোনো অন্ত নাই।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሉቅማን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት