Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ጣሃ   አንቀፅ:
قَالَ عِلْمُهَا عِنْدَ رَبِّیْ فِیْ كِتٰبٍ ۚ— لَا یَضِلُّ رَبِّیْ وَلَا یَنْسَی ۟ؗ
মূছা আলাইহিচ্ছালামে ফিৰআউনক ক'লেঃ সেই উম্মতসকলৰ বিষয়ে পৰিপূৰ্ণ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত লাওহে মাহফুজত লিপিবদ্ধ আছে। মোৰ প্ৰতিপালকৰ জ্ঞানত কোনো ত্ৰুটি নাই, আৰু তেওঁ কেতিয়াও একো নাপাহৰে।
ዓረብኛ ተፍሲሮች:
الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ مَهْدًا وَّسَلَكَ لَكُمْ فِیْهَا سُبُلًا وَّاَنْزَلَ مِنَ السَّمَآءِ مَآءً ؕ— فَاَخْرَجْنَا بِهٖۤ اَزْوَاجًا مِّنْ نَّبَاتٍ شَتّٰی ۟
সিহঁতৰ বিষয়ে জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত আছে, যিয়ে তোমালোকৰ বাবে পৃথিৱীখনক বসবাস উপযোগী বনাইছে, তথা তাত তোমালোকৰ বাবে চলাচল কৰিব পৰা সুগম পথ বনাইছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে. যাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।
ዓረብኛ ተፍሲሮች:
كُلُوْا وَارْعَوْا اَنْعَامَكُمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّاُولِی النُّهٰی ۟۠
হে মানৱ! আমি তোমালোকৰ বাবে যি পৱিত্ৰ বস্তু উৎপন্ন কৰিছোঁ সেয়া ভক্ষণ কৰা, তথা তোমালোকৰ ঘৰচীয়া জন্তুবোৰক খাবলৈ দিয়া। নিশ্চয় উক্ত নিয়ামতসমূহৰ মাজত বিবেকৱানসকলৰ বাবে আল্লাহৰ শক্তি আৰু তেওঁৰ একত্বৰ প্ৰমাণ নিহিত আছে।
ዓረብኛ ተፍሲሮች:
مِنْهَا خَلَقْنٰكُمْ وَفِیْهَا نُعِیْدُكُمْ وَمِنْهَا نُخْرِجُكُمْ تَارَةً اُخْرٰی ۟
পৃথিৱীৰ মাটিৰেই আমি তোমালোকৰ পিতৃ আদমক সৃষ্টি কৰিছোঁ, এতেকে তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা, তেতিয়া এই মাটিতেই তোমালোকক দাফন কৰাম, আকৌ কিয়ামতৰ দিনা আমি তোমালোকক এই মাটিৰ পৰাই পুনৰুত্থিত কৰিম।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ اَرَیْنٰهُ اٰیٰتِنَا كُلَّهَا فَكَذَّبَ وَاَبٰی ۟
আমি ফিৰআউনৰ সন্মুখত ন টা নিদৰ্শনৰ গোটেই কেইটা প্ৰকট কৰিছিলোঁ, সি সেইবোৰ দেখিও অস্বীকাৰ কৰিছিল। তথা আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিবলৈও অস্বীকাৰ কৰিছিল।
ዓረብኛ ተፍሲሮች:
قَالَ اَجِئْتَنَا لِتُخْرِجَنَا مِنْ اَرْضِنَا بِسِحْرِكَ یٰمُوْسٰی ۟
ফিৰআউনে ক'লেঃ হে মূছা! তুমি তোমাৰ যাদুৰ জৰিয়তে আমাক মিচৰৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি, যাতে তুমি ইয়াত শাসন কৰিব পাৰা?
ዓረብኛ ተፍሲሮች:
فَلَنَاْتِیَنَّكَ بِسِحْرٍ مِّثْلِهٖ فَاجْعَلْ بَیْنَنَا وَبَیْنَكَ مَوْعِدًا لَّا نُخْلِفُهٗ نَحْنُ وَلَاۤ اَنْتَ مَكَانًا سُوًی ۟
এতেকে হে মূছা! নিশ্চয় আমিও তোমাৰ যাদুৰ দৰে যাদু লৈ আহিম। গতিকে আমাৰ আৰু তোমাৰ বাবে স্থান আৰু নিৰ্দিষ্ট সময় এটা নিৰ্ধাৰণ কৰা একত্ৰিত হ'বলৈ। যিটো প্ৰতিশ্ৰুতিৰ পৰা আমিও পিছুৱাই নাযাওঁ আৰু তুমিও পিছুৱাই নাযাবা। তথা সেই স্থান যাতে হয় উপযুক্ত আৰু দুয়ো দলৰ বাবে মধ্যৱৰ্তী ঠাই।
ዓረብኛ ተፍሲሮች:
قَالَ مَوْعِدُكُمْ یَوْمُ الزِّیْنَةِ وَاَنْ یُّحْشَرَ النَّاسُ ضُحًی ۟
মূছা আলাইহিচ্ছালামে ফিৰআউনক ক'লেঃ ঠিক আছে, তেনেহ’লে উৎসৱৰ দিনটোকে মই নিৰ্ধাৰণ কৰিলোঁ আমাৰ আৰু তোমাৰ একত্ৰিত হ'বলৈ। যিদিনা মানুহে আগবেলিয়ে উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হয়।
ዓረብኛ ተፍሲሮች:
فَتَوَلّٰی فِرْعَوْنُ فَجَمَعَ كَیْدَهٗ ثُمَّ اَتٰی ۟
ইয়াৰ পিচত ফিৰআউন উভতি গ'ল, আৰু চক্ৰান্ত ৰচিবলৈ ধৰিলে তথা নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত স্থানতগৈ উপস্থিত হ'ল।
ዓረብኛ ተፍሲሮች:
قَالَ لَهُمْ مُّوْسٰی وَیْلَكُمْ لَا تَفْتَرُوْا عَلَی اللّٰهِ كَذِبًا فَیُسْحِتَكُمْ بِعَذَابٍ ۚ— وَقَدْ خَابَ مَنِ افْتَرٰی ۟
মূছা আলাইহিচ্ছালামে ফিৰআউনৰ যাদুকৰসকলক উপদেশ দি ক'লেঃ এতিয়াও সময় আছে সাৱধান হোৱা, তোমালোকে যাদুৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰি আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা, অন্যথা আল্লাহে তোমালোকক কোনো শাস্তিৰ জৰিয়তে নিৰ্মূল কৰি পেলাব। কিয়নো যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিব সি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত।
ዓረብኛ ተፍሲሮች:
فَتَنَازَعُوْۤا اَمْرَهُمْ بَیْنَهُمْ وَاَسَرُّوا النَّجْوٰی ۟
যাদুকৰসকলে মূছা আলাইহিচ্ছালামৰ কথা শুনি তেওঁৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে আৰু ইজনে সিজনৰ লগত কাণে কাণে কথা পাতিবলৈ ধৰিলে।
ዓረብኛ ተፍሲሮች:
قَالُوْۤا اِنْ هٰذٰنِ لَسٰحِرٰنِ یُرِیْدٰنِ اَنْ یُّخْرِجٰكُمْ مِّنْ اَرْضِكُمْ بِسِحْرِهِمَا وَیَذْهَبَا بِطَرِیْقَتِكُمُ الْمُثْلٰی ۟
সিহঁতে ইজনে সিজনৰ কাণত গোপনভাৱে ক'লেঃ নিশ্চয় মূছা আৰু হাৰূন হৈছে যাদুকৰ, তেওঁলোকে নিজৰ যাদুৰ জৰিয়তে তোমালোকক মিচৰৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, তথা তোমালোকৰ জীৱন-যাপনৰ উত্তম পদ্ধতি আৰু উচ্চতম সিদ্ধান্তক বিনষ্ট কৰিব বিচাৰে।
ዓረብኛ ተፍሲሮች:
فَاَجْمِعُوْا كَیْدَكُمْ ثُمَّ ائْتُوْا صَفًّا ۚ— وَقَدْ اَفْلَحَ الْیَوْمَ مَنِ اسْتَعْلٰی ۟
এতেকে তোমালোকে নিজৰ সিদ্ধান্তত দৃঢ় থাকিবা, এই ক্ষেত্ৰত কোনো মতানৈক্যৰ চিকাৰ নহ'বা, তথা শাৰীবদ্ধভাৱে আগুৱাই যাবা, আৰু তোমালোকৰ হাতত যি যি আছে সেয়া সকলোৱে এবাৰতেই নিক্ষেপ কৰিবা। আজি সেই ব্যক্তিয়ে সফলতা অৰ্জন কৰিব যিয়ে নিজৰ প্ৰতিপক্ষক পৰাস্ত কৰিব পাৰিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إخراج أصناف من النبات المختلفة الأنواع والألوان من الأرض دليل واضح على قدرة الله تعالى ووجود الصانع.
মাটিৰ পৰা বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন হোৱাটো মহান আল্লাহৰ ক্ষমতা আৰু সৃষ্টিকৰ্তাৰ অস্তিত্বৰ স্পষ্ট প্ৰমাণ।

• ذكرت الآيات دليلين عقليين واضحين على الإعادة: إخراج النبات من الأرض بعد موتها، وإخراج المكلفين منها وإيجادهم.
উক্ত আয়াতবোৰত পুনৰুত্থানৰ দুটা স্পষ্ট বৌদ্ধিক প্ৰমাণ উল্লেখ কৰা হৈছেঃ অনুৰ্বৰ ভূমিৰ পৰা উদ্ভিদ উৎপাদন হোৱা আৰু এই মাটিৰ পৰাই মানুহক পুনৰ উলিয়াই আনি অস্তিত্ব প্ৰদান কৰা।

• كفر فرعون كفر عناد؛ لأنه رأى الآيات عيانًا لا خبرًا، واقتنع بها في أعماق نفسه.
ফিৰআউনৰ কুফৰী কৰ্ম প্ৰতিষ্ঠিত আছিল অহংকাৰ তথা স্বৈৰাচাৰীতাৰ ওপৰত। কিয়নো সি নিদৰ্শনবোৰ নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল, বেলেগ কোনোবাই সংবাদ দিয়া নাছিল। তথা ইয়াৰ সত্যতাক অন্তৰেৰে অনুভৱো কৰিছিল।

• اختار موسى يوم العيد؛ لتعلو كلمة الله، ويظهر دينه، ويكبت الكفر، أمام الناس قاطبة في المجمع العام ليَشِيع الخبر.
মূছা আলাইহিচ্ছালামে উৎসৱৰ দিনটোক নিৰ্ধাৰণ কৰাৰ উদ্দেশ্য আছিল, যাতে সেইদিনা মহাসমাৱেশত সকলোৰে সন্মুখত আল্লাহৰ দ্বীন সমুন্নত হয় তথা তেওঁৰ দ্বীন বিজয়ী হয়, আনহাতে কুফৰ পৰাস্ত হয়, লগতে এই সংবাদ যাতে দূৰ-দূৰণিলৈ বিয়পি পৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ጣሃ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት