Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ጣሃ   አንቀፅ:

ত্বা-হা

ከሱራዋ ጥቅል ሀሳብ መካከል:
السعادة باتباع هدى القرآن وحمل رسالته، والشقاء بمخالفته.
কোৰআনৰ দিশ-নিৰ্দেশনাৰ অনুসৰণ কৰা আৰু ৰিছালতৰ ভাৰ বহন কৰাটো হৈছে সৌভাগ্যৰ পৰিচয়, আনহাতে ইয়াৰ বিৰোধিতা কৰাটো হৈছে দুৰ্ভাগ্যৰ পৰিচয়।

طٰهٰ ۟
(ত্বা-হা) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
مَاۤ اَنْزَلْنَا عَلَیْكَ الْقُرْاٰنَ لِتَشْقٰۤی ۟ۙ
হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰি ইয়াক কষ্টৰ কাৰণ বনাব বিচৰা নাই যে, আপোনাৰ সম্প্ৰদায়ে আপোনাৰ প্ৰতি ঈমান পোষণ নকৰিব, ফলত আপুনি দুশ্চিন্তাত ভাগি পৰিব।
ዓረብኛ ተፍሲሮች:
اِلَّا تَذْكِرَةً لِّمَنْ یَّخْشٰی ۟ۙ
আমি ইয়াক সেইসকল লোকক স্মৰণ কৰাবলৈ অৱতীৰ্ণ কৰিছোঁ, যিসকলক আল্লাহে তেওঁৰ পৰা ভয় কৰাৰ তাওফীক প্ৰদান কৰিছে।
ዓረብኛ ተፍሲሮች:
تَنْزِیْلًا مِّمَّنْ خَلَقَ الْاَرْضَ وَالسَّمٰوٰتِ الْعُلٰی ۟ؕ
ইয়াক আল্লাহে অৱতীৰ্ণ কৰিছে, যিয়ে পৃথিৱী সৃষ্টি কৰিছে আৰু সুউচ্চ আকাশমণ্ডল সৃজন কৰিছে। গতিকে এইখন মহান কোৰআন, কিয়নো এইখন মহান সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ।
ዓረብኛ ተፍሲሮች:
اَلرَّحْمٰنُ عَلَی الْعَرْشِ اسْتَوٰی ۟
ৰহমান (অত্যান্ত কৃপাশীল আল্লাহ) নিজৰ আৰচ (সিংহাসন)ৰ ওপৰত এনেকৈ উঠিছে, যেনেকৈ উঠা পৱিত্ৰ আৰু মহান আল্লাহৰ মৰ্যাদা তথা প্ৰতাপৰ বাবে উপযুক্ত।
ዓረብኛ ተፍሲሮች:
لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَمَا بَیْنَهُمَا وَمَا تَحْتَ الثَّرٰی ۟
যিমানবোৰ সৃষ্টি আকাশমণ্ডল আৰু পৃথিৱী তথা মাটিৰ তলত আছে, সেই সকলোৰে স্ৰষ্টা, মালিক আৰু সঞ্চালক কেৱলমাত্ৰ পৱিত্ৰ আল্লাহ।
ዓረብኛ ተፍሲሮች:
وَاِنْ تَجْهَرْ بِالْقَوْلِ فَاِنَّهٗ یَعْلَمُ السِّرَّ وَاَخْفٰی ۟
হে ৰাছুল! আপুনি উচ্চস্বৰে কথা কওক অথবা নিম্নস্বৰে, পৱিত্ৰ আল্লাহে সকলো জানে। তেওঁ গোপন বিষয় তথা গোপন বিষয়তকৈও গোপন, যেনে অন্তৰত উৎপন্ন হোৱা ভাৱনা সম্পৰ্কেও অৱগত। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ— لَهُ الْاَسْمَآءُ الْحُسْنٰی ۟
আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। অকল তেওঁৰ বাবেই আছে এনেকুৱা নাম যিবোৰ সৌন্দৰ্যৰ চৰম সীমাত উপনীত।
ዓረብኛ ተፍሲሮች:
وَهَلْ اَتٰىكَ حَدِیْثُ مُوْسٰی ۟ۘ
হে ৰাছুল! নিশ্চিতভাৱে আপোনাৰ ওচৰলৈ মূছা বিন ইমৰাণ সম্পৰ্কীয় বাৰ্তা আহি পৰিছে।
ዓረብኛ ተፍሲሮች:
اِذْ رَاٰ نَارًا فَقَالَ لِاَهْلِهِ امْكُثُوْۤا اِنِّیْۤ اٰنَسْتُ نَارًا لَّعَلِّیْۤ اٰتِیْكُمْ مِّنْهَا بِقَبَسٍ اَوْ اَجِدُ عَلَی النَّارِ هُدًی ۟
তেওঁ ভ্ৰমণ অৱস্থাত যেতিয়া এটুকুৰা জুই দেখা পাই নিজ পৰিয়ালক উদ্দেশ্যি কৈছিলঃ তোমালোকে এই স্থানতে অৱস্থান কৰা, মই এটুকুৰা জুই দেখা পাইছোঁ। আশা কৰোঁ তাৰ পৰা তোমালোকৰ বাবে এধানি এঙাৰ লৈ আহিম, নাইবা তাতগৈ কোনো পথপ্ৰদৰ্শকৰ সন্ধান পাম।
ዓረብኛ ተፍሲሮች:
فَلَمَّاۤ اَتٰىهَا نُوْدِیَ یٰمُوْسٰی ۟ؕ
কিন্তু যেতিয়া তেওঁ সেই অগ্নিৰ ওচৰ গৈ পালে, তেতিয়া পৱিত্ৰ আল্লাহে তেওঁক “হে মূছা!” বুলি আহ্বান কৰিলেঃ
ዓረብኛ ተፍሲሮች:
اِنِّیْۤ اَنَا رَبُّكَ فَاخْلَعْ نَعْلَیْكَ ۚ— اِنَّكَ بِالْوَادِ الْمُقَدَّسِ طُوًی ۟ؕ
চোৱা! মই তোমাৰ প্ৰতিপালক! গতিকে মোৰ লগত কথা ক'বলৈ তুমি প্ৰস্তুতি লোৱা আৰু তোমাৰ জুতাযোৰ খুলি থৈ আহা। কিয়নো তুমি এতিয়া পৱিত্ৰ স্থান ‘তুৱা’ত অৱস্থান কৰিছা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• ليس إنزال القرآن العظيم لإتعاب النفس في العبادة، وإذاقتها المشقة الفادحة، وإنما هو كتاب تذكرة ينتفع به الذين يخشون ربهم.
মহান কোৰআনখনক এইকাৰণে অৱতীৰ্ণ কৰা হোৱা নাই যে, মানুহে ক্লান্তদায়ক ইবাদতত নিজকে ব্যস্ত কৰি ৰাখিব আৰু কঠিনতাৰ সন্মুখীন হ'ব। বৰং কোৰআন হৈছে উপদেশ তথা স্মৰণ কৰোৱা গ্ৰন্থ। ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই উপকৃত হয়, যিসকলে নিজ প্ৰতিপালকক ভয় কৰে।

• قَرَن الله بين الخلق والأمر، فكما أن الخلق لا يخرج عن الحكمة؛ فكذلك لا يأمر ولا ينهى إلا بما هو عدل وحكمة.
আল্লাহে সৃষ্টি আৰু আদেশ একেলগে উল্লেখ কৰিছে। এতেকে যিদৰে তেওঁ সৃষ্টি কৰা সকলো বস্তুৰ ক্ষেত্ৰত হিকমত আছে, ঠিক সেইদৰে তেওঁৰ প্ৰত্যেক আদেশ তথা নিষেধতো হিকমত নিহিত হৈ আছে।

• على الزوج واجب الإنفاق على الأهل (المرأة) من غذاء وكساء ومسكن ووسائل تدفئة وقت البرد.
স্বামীৰ কৰ্তব্য হৈছে স্ত্ৰীৰ বাবে ভৰণ-পোষণৰ পৰা আৰম্ভ কৰি খাদ্য, বস্ত্ৰ, বাসস্থান আৰু শীতকালত গৰম কাপোৰৰ ব্যৱস্থা কৰা।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ጣሃ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት