Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (258) ሱራ (ምዕራፍ): አል-በቀራህ
اَلَمْ تَرَ اِلَی الَّذِیْ حَآجَّ اِبْرٰهٖمَ فِیْ رَبِّهٖۤ اَنْ اٰتٰىهُ اللّٰهُ الْمُلْكَ ۘ— اِذْ قَالَ اِبْرٰهٖمُ رَبِّیَ الَّذِیْ یُحْیٖ وَیُمِیْتُ ۙ— قَالَ اَنَا اُحْیٖ وَاُمِیْتُ ؕ— قَالَ اِبْرٰهٖمُ فَاِنَّ اللّٰهَ یَاْتِیْ بِالشَّمْسِ مِنَ الْمَشْرِقِ فَاْتِ بِهَا مِنَ الْمَغْرِبِ فَبُهِتَ الَّذِیْ كَفَرَ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۚ
হে নবী আপুনি সেই বিদ্ৰূহীৰ সাহসতকৈ অধিক আশ্চৰ্যজনক আন কোনো বস্তু দেখিছেনে, যিয়ে ইব্ৰাহীম আলাইহিছ ছালামৰ লগত আল্লাহৰ ৰূবুবিয়্যত আৰু তাওহীদ সম্পৰ্কে বিতৰ্ক কৰিছিল? এয়া এই কাৰণে হৈছিল যে, আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল যিটো পাই সি বিদ্ৰোহ হৈ গৈছিল। ইব্ৰাহীমে তেওঁৰ প্ৰতিপালকৰ বৈশিষ্ট্য বৰ্ণনা কৰি কলেঃ মোৰ প্ৰতিপালক সেইজন যিয়ে প্ৰাণীক জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে। বিদ্ৰোহীয়ে অহংকাৰ কৰি কলেঃ ময়ো জীৱন দান কৰিব পাৰো আৰু ময়ো মৃত্যু প্ৰদান কৰিব পাৰো। মই যাক ইচ্ছা হত্যা কৰিব পাৰো আৰু যাক ইচ্ছা এৰি দিব পাৰো। তেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে ইয়াতকৈ ডাঙৰ প্ৰমাণ এটা দাঙি ধৰি কলেঃ মই যি প্ৰতিপালকৰ ইবাদত কৰো তেওঁ পূৱৰ পৰা সূৰ্যোদয় কৰে, এতেকে তুমি পশ্চিমৰ পৰা উদয় কৰি দেখুৱা। এই শুনি বিদ্ৰোহীয়ে তথমথ খালে আৰু ক্লান্ত হৈ পৰাজিত হল। আল্লাহে অন্যায়কাৰীসকলক অত্যাচাৰ আৰু বিদ্ৰোহৰ কাৰণে তেওঁৰ পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান নকৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من أعظم ما يميز أهل الإيمان أنهم على هدى وبصيرة من الله تعالى في كل شؤونهم الدينية والدنيوية، بخلاف أهل الكفر.
ঈমান্দাৰসকলক কাফিৰসকলৰ পৰা পৃথককাৰী আটাইতকৈ ডাঙৰ বস্তুটো হৈছে আল্লাহৰ হিদায়ত আৰু নিদৰ্শন, যিটো সিহঁতে দ্বীনি আৰু দুনিয়াবী সকলো ক্ষেত্ৰতে প্ৰাপ্ত হয়।

• من أعظم أسباب الطغيان الغرور بالقوة والسلطان حتى يعمى المرء عن حقيقة حاله.
অৱজ্ঞাৰ ডাঙৰ কাৰণসমূহৰ এটা অন্যতম কাৰণ হৈছে, শক্তি আৰু ৰাজত্বৰ অহংকাৰ। এইটোৱে মানুহৰ প্ৰতি এনেকুৱা প্ৰভাৱ পেলায় যে, সি নিজৰ অৱস্থা সম্পৰ্কে অমনোযোগী হৈ যায়।

• مشروعية مناظرة أهل الباطل لبيان الحق، وكشف ضلالهم عن الهدى.
সত্য স্পষ্ট কৰিবলৈ আৰু পথভ্ৰষ্ট লোকৰ ভ্ৰষ্টতা উদঙাবলৈ সিহঁতৰ লগত তৰ্ক কৰা বৈধ।

• عظم قدرة الله تعالى؛ فلا يُعْجِزُهُ شيء، ومن ذلك إحياء الموتى.
আল্লাহ ইমান ক্ষমতাৱান যে, কোনেও তেওঁক অপাৰগ কৰিব নোৱাৰে। তেওঁৰ এই ক্ষমতাৰেই এটা নিদৰ্শন হৈছে, মৃত ব্যক্তিক জীৱিত কৰা।

 
የመልዕክት ትርጉም አንቀፅ: (258) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት