Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (229) ሱራ (ምዕራፍ): አል-በቀራህ
اَلطَّلَاقُ مَرَّتٰنِ ۪— فَاِمْسَاكٌ بِمَعْرُوْفٍ اَوْ تَسْرِیْحٌ بِاِحْسَانٍ ؕ— وَلَا یَحِلُّ لَكُمْ اَنْ تَاْخُذُوْا مِمَّاۤ اٰتَیْتُمُوْهُنَّ شَیْـًٔا اِلَّاۤ اَنْ یَّخَافَاۤ اَلَّا یُقِیْمَا حُدُوْدَ اللّٰهِ ؕ— فَاِنْ خِفْتُمْ اَلَّا یُقِیْمَا حُدُوْدَ اللّٰهِ ۙ— فَلَا جُنَاحَ عَلَیْهِمَا فِیْمَا افْتَدَتْ بِهٖ ؕ— تِلْكَ حُدُوْدُ اللّٰهِ فَلَا تَعْتَدُوْهَا ۚ— وَمَنْ یَّتَعَدَّ حُدُوْدَ اللّٰهِ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟
এনেকুৱা তালাক যি তালাকৰ পিছত স্বামীয়ে স্ত্ৰীক ওভোতাই লব পাৰে সেয়া দুই প্ৰকাৰ। ইয়াৰ পদ্ধতি হৈছে, এবাৰ তালাক দিয়াৰ পিছত ওভোতাই লোৱা, তাৰ পিছত আকৌ তালাক দিয়াৰ পিছত আকৌ ওভোতাই লোৱা। দুটা তালাকৰ পিছত (সমাজত প্ৰচলিত) নিয়মানুসাৰে জীৱন-যাপন কৰিবলৈ বিবাহ অটল ৰাখিব অথবা তাইৰ লগত ভাল ব্যৱহাৰ কৰি আৰু তাইৰ অধিকাৰ আদায় কৰি তৃতীয় তালাক দি দিব। তথা স্ত্ৰীক দিয়া মোহৰৰ পৰা স্বামীয়ে একো ওভোতাই লোৱা বৈধ নহয়। কিন্তু যদি স্ত্ৰীয়ে স্বামীক ব্যৱহাৰ আৰু আকাৰ আকৃতিৰ কাৰণে অপছন্দ কৰে আৰু উভয়ে যদি ভাৱে যে, এই অপছন্দৰ কাৰণে সিহঁতে ইজনে সিজনৰ অধিকাৰ আদায় কৰিব নোৱাৰিব তেন্তে উভয়ে এই বিষয়টো কোনো আত্মীয় অথবা কোনো দায়িত্বশীল ব্যক্তিৰ ওচৰত ব্যক্তি কৰা উচিত, ইয়াৰ পিছত যদি সিহঁতৰ অভিভাৱকে আশংকা কৰে যে, দুয়ো বৈবাহিক জীৱনৰ দায়িত্ব বহন কৰিব নোৱাৰিব। তেনে অৱস্থাত স্ত্ৰীয়ে স্বামীক তালাকৰ বিনিময়ত কিবা মূল্য প্ৰদান কৰি খুলা লব পাৰে। এই চৰীয়তি বিধানটো, হালাল আৰু হাৰামৰ মাজত পাৰ্থক্যকাৰী, সেয়ে ইয়াক উলংঘন নকৰিবা। যিসকলে হালাল আৰু হাৰামৰ মাজত আল্লাহে প্ৰতিষ্ঠা কৰা সীমা অতিক্ৰম কৰিব, সিহঁতেই নিজৰ প্ৰাণ নাশ কৰাৰ আৰু আল্লাহৰ ক্ৰোধ ও শাস্তিৰ অংশীদাৰ হোৱাৰ ক্ষেত্ৰত নিজৰ ওপৰত অন্যায় কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• بيَّن الله تعالى أحكام النكاح والطلاق بيانًا شاملًا حتى يعرف الناس حدود الحلال والحرام فلا يتجاوزونها.
আল্লাহ তাআলাই বিবাহ আৰু তালাক সংক্ৰান্তীয় বিধানবোৰ বিস্তাৰিত ভাৱে বৰ্ণনা কৰিছে, যাতে মানুহে হালাল আৰু হাৰামৰ সীমাৰেখাবোৰ জানিব পাৰে আৰু ইয়াৰ উলংঘনৰ পৰা বিৰত থাকে।

• عظَّم الله شأن النكاح وحرم التلاعب فيه بالألفاظ فجعلها ملزمة، وألغى التلاعب بكثرة الطلاق والرجعة فجعل لها حدًّا بطلقتين رجعيتين ثم تحرم عليه إلا أن تنكح زوجا غيره ثم يطلقها، أو يموت عنها.
আল্লাহে বিবাহক বৰ গুৰুত্ব প্ৰদান কৰিছে, আৰু বিবাহ সংক্ৰান্তীয় শব্দৰ লগত ধেমালি কৰাও হাৰাম কৰিছে লগতে এই শব্দবোৰ ধেমালি আৰু গম্ভীৰতা উভয় অৱস্থাতে কাৰ্যকৰী বুলি ঘোষণা কৰিছে। বাৰে বাৰে তালাক প্ৰদান কৰি স্ত্ৰীক ওভোতাই লোৱাৰ প্ৰথাক নাকী লগাবলৈ তালাকৰ সীমা নিৰ্ধাৰণ কৰিছে যে, কেৱল দুটা তালাকৰ ক্ষেত্ৰতহে স্ত্ৰীক ওভোতাই লোৱাৰ সুবিধা আছে। ইয়াৰ পিছতো যদি তৃতীয় তালাক দিয়ে তেন্তে স্ত্ৰী তাৰ ওপৰত হাৰাম হৈ যাব। আৰু তেতিয়ালৈকে বৈধ নহ'ব যেতিয়ালৈকে স্ত্ৰী আন কোনো পুৰুষৰ লগত বিবাহ হৈ তালাক প্ৰাপ্তা নহ'ব, অথবা সেই স্বামীৰ মৃত্যু নহ'ব।

• المعاشرة الزوجية تكون بالمعروف، فإن تعذر ذلك فلا بأس من الطلاق، ولا حرج على أحد الزوجين أن يطلبه.
বৈবাহিক জীৱন উত্তম ভাৱে যাপন কৰিব লাগে। যদি উত্তমভাৱে পৰিচালনাত অসুবিধা হয় তেন্তে তালাক দিয়াত কোনো আপত্তি নাই। লগতে পতি-পত্নীৰ কোনোবাই তালাক বিচৰাটোও কোনো বেয়া কথা নহয়।

 
የመልዕክት ትርጉም አንቀፅ: (229) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት