Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (189) ሱራ (ምዕራፍ): አል-በቀራህ
یَسْـَٔلُوْنَكَ عَنِ الْاَهِلَّةِ ؕ— قُلْ هِیَ مَوَاقِیْتُ لِلنَّاسِ وَالْحَجِّ ؕ— وَلَیْسَ الْبِرُّ بِاَنْ تَاْتُوا الْبُیُوْتَ مِنْ ظُهُوْرِهَا وَلٰكِنَّ الْبِرَّ مَنِ اتَّقٰی ۚ— وَاْتُوا الْبُیُوْتَ مِنْ اَبْوَابِهَا ۪— وَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟
হে ৰাছুল! মানুহে আপোনাক চন্দ্ৰৰ উত্পত্তি আৰু ইয়াৰ অৱস্থাৰ পৰিবৰ্তন সম্পৰ্কে প্ৰশ্ন কৰে। সিহঁতক কৈ দিয়ক যে, ইয়াৰ কাৰণ হৈছে, ই মানুহৰ বাবে সময় নিৰ্ধাৰণৰ মাধ্যম। মানুহে ইয়াৰ দ্বাৰাই ইবাদতৰ সময় নিৰ্ণয় কৰে। যেনে- হজ্জৰ মাহ, ৰমজান মাহ আৰু যাকাতৰ বাবে বছৰ সম্পূৰ্ণ হোৱাৰ গণনা নিৰ্ণয় কৰে। লেনদেন সম্পৰ্কীয় সময়ও ইয়াৰ দ্বাৰাই নিৰ্ধাৰণ কৰে। যেনে- ৰক্তপণ অথবা ঋণ আদি আদায় দিয়াৰ সময়সীমা। লগতে তোমালোকে হজ্জ তথা ওমৰাৰ ইহৰাম বন্ধাৰ সময়ত ঘৰত পিছফালেৰে প্ৰৱেশ কৰাটো কোনো সত্কৰ্ম নহয়। যিদৰে তোমালোকে অজ্ঞতা যুগত কৰিছিলা। বৰং প্ৰকৃত সত্কৰ্মকাৰী সেইজন যিয়ে প্ৰকাশ্য অপ্ৰকাশ্য সকলো ক্ষেত্ৰতে আল্লাহক ভয় কৰে। ঘৰত দুৱাৰেৰে প্ৰৱেশ কৰাটো তোমালোকৰ বাবে সহজ, আৰু অনাৱশ্যক কষ্টও নহব। কিয়নো আল্লাহে তোমালোকক এনে কোনো আদেশ দিয়া নাই যাৰ ওপৰত আমল কৰা টান আৰু কঠিন। এতেকে নেক আমলক নিজৰ আৰু আল্লাহৰ শাস্তিৰ মাজত আঁৰ বনাই লোৱা। যাতে তোমালোকে সেইবোৰ বস্তু পোৱাত সফল হব পাৰা যিবোৰ তোমালোকে পাবলৈ ইচ্ছা কৰা, লগতে সেইবোৰৰ পৰা মুক্তি পাব পাৰা যিবোৰক তোমালোকে ভয় কৰা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• مشروعية الاعتكاف، وهو لزوم المسجد للعبادة؛ ولهذا يُنهى عن كل ما يعارض مقصود الاعتكاف، ومنه مباشرة المرأة.
ইয়াৰ দ্বাৰা এতেকাফৰ প্ৰমাণ পোৱা যায়। ইবাদতৰ উদ্দেশ্যে মছজিদত অৱস্থান কৰাকে এতেকাফ বোলে। এই কাৰণেই এতেকাফৰ অৱস্থাত প্ৰত্যেক সেই কৰ্মৰ পৰা নিষেধ কৰা হৈছে যিটো ইয়াৰ উদ্দেশ্যৰ বিপৰীত। যেনে- স্ত্ৰী সহবাস।

• النهي عن أكل أموال الناس بالباطل، وتحريم كل الوسائل والأساليب التي تقود لذلك، ومنها الرشوة.
ইয়াৰ দ্বাৰা বুজা গল, মানুহৰ সম্পদ অবৈধ ভাৱে ভক্ষণ কৰা হাৰাম। লগতে প্ৰত্যেক এনেকুৱা মাধ্যমো হাৰাম, যিটো মাধ্যমে হাৰাম কৰ্মত লিপ্ত কৰে। ইয়াৰে এটা প্ৰকাৰ হৈছে উৎকোচ।

• تحريم الاعتداء والنهي عنه؛ لأن هذا الدين قائم على العدل والإحسان.
অন্যায়-অত্যাচাৰ হাৰাম আৰু ইয়াৰ পৰা নিষেধ কৰা হৈছে। কিয়নো ইছলাম ন্যায় আৰু উত্তম ব্যৱহাৰ ওপৰত প্ৰতিষ্ঠিত।

 
የመልዕክት ትርጉም አንቀፅ: (189) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት