Check out the new design

《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 章: 舒拉   段:
فَاطِرُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— جَعَلَ لَكُمْ مِّنْ اَنْفُسِكُمْ اَزْوَاجًا وَّمِنَ الْاَنْعَامِ اَزْوَاجًا ۚ— یَذْرَؤُكُمْ فِیْهِ ؕ— لَیْسَ كَمِثْلِهٖ شَیْءٌ ۚ— وَهُوَ السَّمِیْعُ الْبَصِیْرُ ۟
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ উপমাযোগ্য নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
阿拉伯语经注:
لَهٗ مَقَالِیْدُ السَّمٰوٰتِ وَالْاَرْضِ ۚ— یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ— اِنَّهٗ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
আকাশসমূহ আৰু পৃথিৱীৰ চাবি-কাঠি তেওঁৰেই ওচৰত। তেওঁ যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু সংকুচিতও কৰে। নিশ্চয় তেওঁ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।
阿拉伯语经注:
شَرَعَ لَكُمْ مِّنَ الدِّیْنِ مَا وَصّٰی بِهٖ نُوْحًا وَّالَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ وَمَا وَصَّیْنَا بِهٖۤ اِبْرٰهِیْمَ وَمُوْسٰی وَعِیْسٰۤی اَنْ اَقِیْمُوا الدِّیْنَ وَلَا تَتَفَرَّقُوْا فِیْهِ ؕ— كَبُرَ عَلَی الْمُشْرِكِیْنَ مَا تَدْعُوْهُمْ اِلَیْهِ ؕ— اَللّٰهُ یَجْتَبِیْۤ اِلَیْهِ مَنْ یَّشَآءُ وَیَهْدِیْۤ اِلَیْهِ مَنْ یُّنِیْبُ ۟ؕ
তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছোঁ লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলোঁ যে, তোমালোকে দ্বীনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।
阿拉伯语经注:
وَمَا تَفَرَّقُوْۤا اِلَّا مِنْ بَعْدِ مَا جَآءَهُمُ الْعِلْمُ بَغْیًا بَیْنَهُمْ ؕ— وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ اِلٰۤی اَجَلٍ مُّسَمًّی لَّقُضِیَ بَیْنَهُمْ ؕ— وَاِنَّ الَّذِیْنَ اُوْرِثُوا الْكِتٰبَ مِنْ بَعْدِهِمْ لَفِیْ شَكٍّ مِّنْهُ مُرِیْبٍ ۟
আৰু সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশতঃ সিহঁতে নিজৰ মাজত মতভেদ ঘটায়। এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ দিয়া হ'ব বুলি তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়চালা হৈ গ’লহেঁতেন। সিহঁতৰ পিছত যিসকলে কিতাবৰ উত্তৰাধিকাৰী হৈছে, নিশ্চয় সিহঁতে এই (কোৰআন) সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।
阿拉伯语经注:
فَلِذٰلِكَ فَادْعُ ۚ— وَاسْتَقِمْ كَمَاۤ اُمِرْتَ ۚ— وَلَا تَتَّبِعْ اَهْوَآءَهُمْ ۚ— وَقُلْ اٰمَنْتُ بِمَاۤ اَنْزَلَ اللّٰهُ مِنْ كِتٰبٍ ۚ— وَاُمِرْتُ لِاَعْدِلَ بَیْنَكُمْ ؕ— اَللّٰهُ رَبُّنَا وَرَبُّكُمْ ؕ— لَنَاۤ اَعْمَالُنَا وَلَكُمْ اَعْمَالُكُمْ ؕ— لَا حُجَّةَ بَیْنَنَا وَبَیْنَكُمْ ؕ— اَللّٰهُ یَجْمَعُ بَیْنَنَا ۚ— وَاِلَیْهِ الْمَصِیْرُ ۟ؕ
এতেকে তুমি আহ্বান কৰা আৰু দৃঢ়ভাৱে অটল থাকা, যিদৰে তোমাক আদেশ কৰা হৈছে। তুমি কেতিয়াও সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা; আৰু কোৱা, ‘আল্লাহে যিখন কিতাব অৱতীৰ্ণ কৰিছে মই তাত ঈমান আনিছোঁ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰিবলৈ মোক আদেশ কৰা হৈছে। আল্লাহেই আমাৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে; আমাৰ আৰু তোমালোকৰ মাজত কোনো বিবাদ-বিসম্বাদ নাই। আল্লাহেই আমাক একত্ৰিত কৰিব আৰু তেওঁৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন হ’ব’।
阿拉伯语经注:
 
含义的翻译 章: 舒拉
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 - 译解目录

拉菲格·伊斯俩姆·哈比布·拉哈曼翻译。

关闭