Check out the new design

《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 章: 穆米尼奈   段:

আল-মু'মিনূন

قَدْ اَفْلَحَ الْمُؤْمِنُوْنَ ۟ۙ
নিশ্চয় মুমিনসকল সফল হৈছে,
阿拉伯语经注:
الَّذِیْنَ هُمْ فِیْ صَلَاتِهِمْ خٰشِعُوْنَ ۟ۙ
যিসকল নিজৰ চালাতৰ ক্ষেত্ৰত ভীতি-অৱনত,
阿拉伯语经注:
وَالَّذِیْنَ هُمْ عَنِ اللَّغْوِ مُعْرِضُوْنَ ۟ۙ
আৰু যিসকল অসাৰ কথা-বতৰাৰ পৰা বিমুখ,
阿拉伯语经注:
وَالَّذِیْنَ هُمْ لِلزَّكٰوةِ فٰعِلُوْنَ ۟ۙ
আৰু যিসকল যাকাতৰ ক্ষেত্ৰত সক্ৰিয়,
阿拉伯语经注:
وَالَّذِیْنَ هُمْ لِفُرُوْجِهِمْ حٰفِظُوْنَ ۟ۙ
আৰু যিসকল নিজৰ যৌনাঙ্গসমূহৰ হিফাজতকাৰী,
阿拉伯语经注:
اِلَّا عَلٰۤی اَزْوَاجِهِمْ اَوْ مَا مَلَكَتْ اَیْمَانُهُمْ فَاِنَّهُمْ غَیْرُ مَلُوْمِیْنَ ۟ۚ
কিন্তু তেওঁলোকৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত তেওঁলোক নিন্দনীয় নহ’ব--
阿拉伯语经注:
فَمَنِ ابْتَغٰی وَرَآءَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْعٰدُوْنَ ۟ۚ
কিন্তু যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই হৈছে সীমালঙ্ঘনকাৰী।
阿拉伯语经注:
وَالَّذِیْنَ هُمْ لِاَمٰنٰتِهِمْ وَعَهْدِهِمْ رٰعُوْنَ ۟ۙ
আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
阿拉伯语经注:
وَالَّذِیْنَ هُمْ عَلٰی صَلَوٰتِهِمْ یُحَافِظُوْنَ ۟ۘ
আৰু যিসকলে নিজৰ চালাতত থাকে যত্নৱান,
阿拉伯语经注:
اُولٰٓىِٕكَ هُمُ الْوٰرِثُوْنَ ۟ۙ
তেওঁলোকেই হ’ব উত্তৰাধিকাৰী--
阿拉伯语经注:
الَّذِیْنَ یَرِثُوْنَ الْفِرْدَوْسَ ؕ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
তেওঁলোকে উত্তৰাধিকাৰী হ’ব ফিৰদাউছৰ, য’ত তেওঁলোক স্থায়ী হ’ব।
阿拉伯语经注:
وَلَقَدْ خَلَقْنَا الْاِنْسَانَ مِنْ سُلٰلَةٍ مِّنْ طِیْنٍ ۟ۚ
নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা,
阿拉伯语经注:
ثُمَّ جَعَلْنٰهُ نُطْفَةً فِیْ قَرَارٍ مَّكِیْنٍ ۪۟
তাৰ পিছত আমি তাক স্থাপন কৰোঁ শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত (জৰায়ুত);
阿拉伯语经注:
ثُمَّ خَلَقْنَا النُّطْفَةَ عَلَقَةً فَخَلَقْنَا الْعَلَقَةَ مُضْغَةً فَخَلَقْنَا الْمُضْغَةَ عِظٰمًا فَكَسَوْنَا الْعِظٰمَ لَحْمًا ۗ— ثُمَّ اَنْشَاْنٰهُ خَلْقًا اٰخَرَ ؕ— فَتَبٰرَكَ اللّٰهُ اَحْسَنُ الْخٰلِقِیْنَ ۟ؕ
তাৰ পিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিত, তাৰ পিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়!
阿拉伯语经注:
ثُمَّ اِنَّكُمْ بَعْدَ ذٰلِكَ لَمَیِّتُوْنَ ۟ؕ
ইয়াৰ পিছত নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা,
阿拉伯语经注:
ثُمَّ اِنَّكُمْ یَوْمَ الْقِیٰمَةِ تُبْعَثُوْنَ ۟
তাৰ পিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ’ব।
阿拉伯语经注:
وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَآىِٕقَ ۖۗ— وَمَا كُنَّا عَنِ الْخَلْقِ غٰفِلِیْنَ ۟
আৰু নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছোঁ সাতখন আকাশ আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসীন নহয়,
阿拉伯语经注:
 
含义的翻译 章: 穆米尼奈
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 - 译解目录

拉菲格·伊斯俩姆·哈比布·拉哈曼翻译。

关闭