Check out the new design

《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 章: 拜格勒   段:
اَلْحَجُّ اَشْهُرٌ مَّعْلُوْمٰتٌ ۚ— فَمَنْ فَرَضَ فِیْهِنَّ الْحَجَّ فَلَا رَفَثَ وَلَا فُسُوْقَ وَلَا جِدَالَ فِی الْحَجِّ ؕ— وَمَا تَفْعَلُوْا مِنْ خَیْرٍ یَّعْلَمْهُ اللّٰهُ ؔؕ— وَتَزَوَّدُوْا فَاِنَّ خَیْرَ الزَّادِ التَّقْوٰی ؗ— وَاتَّقُوْنِ یٰۤاُولِی الْاَلْبَابِ ۟
হজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত (শ্বাওৱাল, জুলকাদাহ আৰু জুলহিজ্জা মাহত)। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে; আৰু তোমালোকে যি সৎকৰ্মই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল সংগ্ৰহ কৰা। নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাক্বৱা। হে বিবেকসম্পন্ন ব্যক্তিসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।
阿拉伯语经注:
لَیْسَ عَلَیْكُمْ جُنَاحٌ اَنْ تَبْتَغُوْا فَضْلًا مِّنْ رَّبِّكُمْ ؕ— فَاِذَاۤ اَفَضْتُمْ مِّنْ عَرَفٰتٍ فَاذْكُرُوا اللّٰهَ عِنْدَ الْمَشْعَرِ الْحَرَامِ ۪— وَاذْكُرُوْهُ كَمَا هَدٰىكُمْ ۚ— وَاِنْ كُنْتُمْ مِّنْ قَبْلِهٖ لَمِنَ الضَّآلِّیْنَ ۟
(হজ্জৰ সময়ত) তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান (ব্যৱসায়-বাণিজ্য) কৰাত তোমালোকৰ কোনো পাপ নহয়। এতেকে তোমালোকে যেতিয়া আৰাফাতৰ পৰা উভতি আহিবা তেতিয়া (মুজদালিফাত) মাশ্বআৰুল হাৰামৰ ওচৰত আল্লাহক স্মৰণ কৰিবা আৰু তেওঁ তোমালোকক যেনেকৈ শিক্ষা দিছে ঠিক তেনেকৈয়ে তোমালোকে তেওঁক স্মৰণ কৰিবা। যদিও ইয়াৰ আগত তোমালোকে বিভ্ৰান্তসকলৰ অন্তৰ্ভুক্ত আছিলা।
阿拉伯语经注:
ثُمَّ اَفِیْضُوْا مِنْ حَیْثُ اَفَاضَ النَّاسُ وَاسْتَغْفِرُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
তাৰ পিছত (কুৰাইশ্বৰ দৰে আৰাফাতত নগৈ কেৱল মুজদালিফাৰ পৰা উভতি নাহিবা বৰং) অন্যান্য লোকে য'ৰ পৰা উভতি আহে তোমালোকেও সেই স্থানৰ পৰা (আৰাফাতৰ পৰা মুজদালিফালৈ) উভতি আহিবা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
阿拉伯语经注:
فَاِذَا قَضَیْتُمْ مَّنَاسِكَكُمْ فَاذْكُرُوا اللّٰهَ كَذِكْرِكُمْ اٰبَآءَكُمْ اَوْ اَشَدَّ ذِكْرًا ؕ— فَمِنَ النَّاسِ مَنْ یَّقُوْلُ رَبَّنَاۤ اٰتِنَا فِی الدُّنْیَا وَمَا لَهٗ فِی الْاٰخِرَةِ مِنْ خَلَاقٍ ۟
তাৰ পিছত যেতিয়া তোমালোকে হজ্জৰ যাৱতীয় কামসমূহ সমাপ্ত কৰিবা তেতিয়া (মিনাত) আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ (অজ্ঞতা যুগত) তোমালোকে নিজৰ পিতৃ-পুৰুষসকলক স্মৰণ কৰিছিলা অথবা তাতকৈও অধিক। মানুহৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীতেই (সকলো) দি দিয়া’। (জানি থোৱা) আখিৰাতত তাৰ বাবে কোনো অংশ নাই।
阿拉伯语经注:
وَمِنْهُمْ مَّنْ یَّقُوْلُ رَبَّنَاۤ اٰتِنَا فِی الدُّنْیَا حَسَنَةً وَّفِی الْاٰخِرَةِ حَسَنَةً وَّقِنَا عَذَابَ النَّارِ ۟
আনহাতে সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
阿拉伯语经注:
اُولٰٓىِٕكَ لَهُمْ نَصِیْبٌ مِّمَّا كَسَبُوْا ؕ— وَاللّٰهُ سَرِیْعُ الْحِسَابِ ۟
এওঁলোকে যি অৰ্জন কৰিছে সেই প্ৰাপ্য অংশ এওঁলোকৰ বাবেই, আৰু আল্লাহ হিচাপ গ্ৰহণত অত্যন্ত তৎপৰ।
阿拉伯语经注:
 
含义的翻译 章: 拜格勒
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 - 译解目录

拉菲格·伊斯俩姆·哈比布·拉哈曼翻译。

关闭