Check out the new design

《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 章: 开海菲   段:
وَلَقَدْ صَرَّفْنَا فِیْ هٰذَا الْقُرْاٰنِ لِلنَّاسِ مِنْ كُلِّ مَثَلٍ ؕ— وَكَانَ الْاِنْسَانُ اَكْثَرَ شَیْءٍ جَدَلًا ۟
নিশ্চয় আমি মানুহৰ বাবে এই কোৰআনত সকলো ধৰণৰ উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ। কিন্তু মানুহ আটাইতকৈ বেছি বিতৰ্কপ্ৰিয়।
阿拉伯语经注:
وَمَا مَنَعَ النَّاسَ اَنْ یُّؤْمِنُوْۤا اِذْ جَآءَهُمُ الْهُدٰی وَیَسْتَغْفِرُوْا رَبَّهُمْ اِلَّاۤ اَنْ تَاْتِیَهُمْ سُنَّةُ الْاَوَّلِیْنَ اَوْ یَاْتِیَهُمُ الْعَذَابُ قُبُلًا ۟
আৰু যেতিয়া মানুহৰ ওচৰলৈ পথনিৰ্দেশ আহে, তেতিয়া সিহঁতক ঈমান পোষণৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱেই বিৰত ৰাখে যে, সিহঁতৰো সেই অৱস্থাই হওক যি অৱস্থা সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ হৈছিল নাইবা সিহঁতৰ ওচৰলৈ প্ৰত্যক্ষভাৱে কোনো শাস্তি আহক।
阿拉伯语经注:
وَمَا نُرْسِلُ الْمُرْسَلِیْنَ اِلَّا مُبَشِّرِیْنَ وَمُنْذِرِیْنَ ۚ— وَیُجَادِلُ الَّذِیْنَ كَفَرُوْا بِالْبَاطِلِ لِیُدْحِضُوْا بِهِ الْحَقَّ وَاتَّخَذُوْۤا اٰیٰتِیْ وَمَاۤ اُنْذِرُوْا هُزُوًا ۟
আৰু আমি কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে ৰাছুলসকলক প্ৰেৰণ কৰোঁ, কিন্তু কাফিৰসকলে বাতিলৰ দ্বাৰা তৰ্ক কৰে, যাতে তাৰ মাধ্যমত সত্যক ব্যৰ্থ কৰি দিব পাৰে। লগতে সিহঁতে মোৰ নিদৰ্শনাৱলীক আৰু যিবোৰৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হৈছে সেইবোৰক বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ কৰে।
阿拉伯语经注:
وَمَنْ اَظْلَمُ مِمَّنْ ذُكِّرَ بِاٰیٰتِ رَبِّهٖ فَاَعْرَضَ عَنْهَا وَنَسِیَ مَا قَدَّمَتْ یَدٰهُ ؕ— اِنَّا جَعَلْنَا عَلٰی قُلُوْبِهِمْ اَكِنَّةً اَنْ یَّفْقَهُوْهُ وَفِیْۤ اٰذَانِهِمْ وَقْرًا ؕ— وَاِنْ تَدْعُهُمْ اِلَی الْهُدٰی فَلَنْ یَّهْتَدُوْۤا اِذًا اَبَدًا ۟
আৰু সেইজনতকৈ অধিক যালিম আৰুনো কোন হ’ব পাৰে, যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে? নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা। তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁতে কেতিয়া সৎপথত নাহিব।
阿拉伯语经注:
وَرَبُّكَ الْغَفُوْرُ ذُو الرَّحْمَةِ ؕ— لَوْ یُؤَاخِذُهُمْ بِمَا كَسَبُوْا لَعَجَّلَ لَهُمُ الْعَذَابَ ؕ— بَلْ لَّهُمْ مَّوْعِدٌ لَّنْ یَّجِدُوْا مِنْ دُوْنِهٖ مَوْىِٕلًا ۟
আৰু তোমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, দয়ালু। সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক অতি সোনকালে শাস্তি বিহিলেহেঁতেন; কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত, যাৰ পৰা বাচিবলৈ সিহঁতে কদাপিও কোনো আশ্ৰয়স্থল বিচাৰি নাপাব।
阿拉伯语经注:
وَتِلْكَ الْقُرٰۤی اَهْلَكْنٰهُمْ لَمَّا ظَلَمُوْا وَجَعَلْنَا لِمَهْلِكِهِمْ مَّوْعِدًا ۟۠
আৰু এইবোৰ হৈছে সেইবোৰ জনপদ যিবোৰক আমি ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে অন্যায় কৰিছিল আৰু আমি সিহঁতৰ ধ্বংসৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিছিলোঁ।
阿拉伯语经注:
وَاِذْ قَالَ مُوْسٰی لِفَتٰىهُ لَاۤ اَبْرَحُ حَتّٰۤی اَبْلُغَ مَجْمَعَ الْبَحْرَیْنِ اَوْ اَمْضِیَ حُقُبًا ۟
আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল, ‘মই দুখন নৈৰ সঙ্গমস্থলত উপনীত নোহোৱালৈকে নৰখোঁ, লাগিলে মই যুগ যুগ সময় (এইদৰে খোঁজকাঢ়ি) গৈ থাকিম’।
阿拉伯语经注:
فَلَمَّا بَلَغَا مَجْمَعَ بَیْنِهِمَا نَسِیَا حُوْتَهُمَا فَاتَّخَذَ سَبِیْلَهٗ فِی الْبَحْرِ سَرَبًا ۟
এতেকে যেতিয়া তেওঁলোক উভয়ে দুখন নৈৰ সঙ্গম স্থলত আহি উপনীত হ’ল, তেতিয়া তেওঁলোকে নিজে লৈ যোৱা মাছৰ কথাটো পাহৰিলে, ফলত মাছটোৱে সুৰঙ্গৰ দৰে নিজৰ পথ বনাই সাগৰলৈ নামি গ’ল।
阿拉伯语经注:
 
含义的翻译 章: 开海菲
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译 - 拉菲格·伊斯俩姆·哈比布·拉哈曼。 - 译解目录

拉菲格·伊斯俩姆·哈比布·拉哈曼翻译。

关闭