Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an * - Mục lục các bản dịch


Ý nghĩa nội dung Chương: Al-'Alaq   Câu:
اَرَءَیْتَ اِنْ كَذَّبَ وَتَوَلّٰی ۟ؕ
আপোনাৰ কি ধাৰণা, যদি এই প্ৰতিৰোধকাৰী ব্যক্তিয়ে, ৰাছুলে আনা সংবাদৰ অস্বীকাৰ কৰে আৰু তাৰ পৰা মুখ ঘূৰাই লয়। সি আল্লাহক ভয় নকৰে নে?
Các Tafsir tiếng Ả-rập:
اَلَمْ یَعْلَمْ بِاَنَّ اللّٰهَ یَرٰی ۟ؕ
এই বান্দাক ছালাত আদায় কৰিবলৈ বাধা প্ৰদান কৰা ব্যক্তিয়ে জানেনে যে, সি যি কৰি আছে, আল্লাহে সেয়া দেখি আছে। তাৰ পৰা কোনো কৰ্ম লোকাই নাথাকে?
Các Tafsir tiếng Ả-rập:
كَلَّا لَىِٕنْ لَّمْ یَنْتَهِ ۙ۬— لَنَسْفَعًا بِالنَّاصِیَةِ ۟ۙ
ঘটনা তেনে নহয় যিদৰে এই মূৰ্খই ভাবিছে। যদি সি আমাৰ বান্দাক কষ্ট দিয়ে আৰু তেওঁক অস্বীকাৰ কৰাৰ পৰা বিৰত নাথাকে তেন্তে আমি তাৰ আগচুলি ধৰি চোঁচৰাই জাহান্নামত প্ৰৱেশ কৰাম।
Các Tafsir tiếng Ả-rập:
نَاصِیَةٍ كَاذِبَةٍ خَاطِئَةٍ ۟ۚ
সেই আগচুলিৰ গৰাকীজনে কথা কলে, মিছা মাতে আৰু কৰ্ম কৰিলে পাপ কৰে।
Các Tafsir tiếng Ả-rập:
فَلْیَدْعُ نَادِیَهٗ ۟ۙ
যেতিয়া তাৰ আগচুলি ধৰি অগ্নিৰ ফালে টনা হব তেতিয়া নিজৰ লগৰীয়া আৰু লগত বহা সকলক মাতিব আৰু শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ সিহঁতৰ সহায় বিচাৰিব।
Các Tafsir tiếng Ả-rập:
سَنَدْعُ الزَّبَانِیَةَ ۟ۙ
আমিও জাহান্নামৰ শক্তিশালী ফিৰিস্তাসকলক আহ্বান কৰিম, যিসকলে আল্লাহৰ আদেশ লংঘন নকৰে আৰু যি কৰাৰ আদেশ পায় তাকেই কৰে। গতিকে সিহঁতে দেখা উচিত যে, উভয় পক্ষৰ কোন পক্ষই অধিক শক্তিশালী আৰু ক্ষমতাশালী।
Các Tafsir tiếng Ả-rập:
كَلَّا ؕ— لَا تُطِعْهُ وَاسْجُدْ وَاقْتَرِبْ ۟
ঘটনা তেনেকুৱা নহয় যিদৰে অত্যাচাৰী সকলে ভাৱিছে যে, আপোনাক ক্ষতি কৰাত সফল হৈ যাব। আপুনি তাৰ কোনো আদেশ আৰু নিষেধ নামানিব। আল্লাহক ছাজদাহ কৰক আৰু ইবাদতৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰক। কিয়নো ইবাদতৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰা যায়।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি।

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী।

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে।

 
Ý nghĩa nội dung Chương: Al-'Alaq
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an - Mục lục các bản dịch

Do Trung tâm Diễn giải Nghiên cứu Kinh Qur'an phát hành.

Đóng lại