Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (25) Chương: Al-Baqarah
وَبَشِّرِ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ اَنَّ لَهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ— كُلَّمَا رُزِقُوْا مِنْهَا مِنْ ثَمَرَةٍ رِّزْقًا ۙ— قَالُوْا هٰذَا الَّذِیْ رُزِقْنَا مِنْ قَبْلُ وَاُتُوْا بِهٖ مُتَشَابِهًا ؕ— وَلَهُمْ فِیْهَاۤ اَزْوَاجٌ مُّطَهَّرَةٌ وَّهُمْ فِیْهَا خٰلِدُوْنَ ۟
যিহেতু পূৰ্বৱৰ্তী সতৰ্কবাণী কাফিৰসকলৰ বাবে আছিল। সেয়ে হে নবী! আপুনি আল্লাহৰ প্ৰতি বিশ্বাসী নেক আমলকাৰী মুমিনসকলক আনন্দৰ সংবাদ দিয়ক। তেওঁলোকক সেই জান্নাতৰ সুসংবাদ দিয়ক যাৰ বৃক্ষ আৰু অট্টালিকাৰ তলত নদীসমূহ প্ৰবাহিত হব। যেতিয়াই তেওঁলোকক সেই জান্নাতৰ ফলমূল খাবলৈ দিয়া হব, পৃথিৱীৰ ফলৰ লগত সাদৃশ্য হোৱাৰ কাৰণে তেওঁলোকে কব, এইটো দেখুন তেনেকুৱাই ফল যিটো ইয়াৰ পূৰ্বে আমাক দিয়া হৈছিল। দৰাচলতে তেওঁলোকক সমআকৃতি আৰু সমনামী ফল এই কাৰণেই দিয়া হব যাতে তেওঁলোক অতিসোনকালে সেইপিনে আকৰ্ষিত হয়। কিন্তু সোৱাদ আৰু জুতি হব বেলেগ। তেওঁলোকৰ বাবে জান্নাতত এনেকুৱা স্ত্ৰী থাকিব যিসকল সেই সকলো ঘৃণনীয় দোষৰ পৰা পৱিত্ৰ হব যিবোৰ মানুহে বেয়া পায়। তেওঁলোক চিৰস্থায়ী নিয়ামতৰ মাজত অৱস্থান কৰিব, যি নিয়ামত কেতিয়াও শেষ নহব। যিদৰে পৃথিৱীৰ ভোগ-বিলাস সমাপ্ত হৈ যায়।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• من كمال النعيم في الجنة أن ملذاتها لا يكدرها أي نوع من التنغيص، ولا يخالطها أي أذى.
জান্নাতৰ নিয়ামতসমূহ ইমান পৰিপূৰ্ণ হব যে, তাৰ সোৱাদত কোনো ধৰণৰ অসম্পূৰ্ণতা নাথাকিব আৰু কোনো ক্ষতিও নাথাকিব।

• الأمثال التي يضربها الله تعالى لا ينتفع بها إلا المؤمنون؛ لأنهم هم الذين يريدون الهداية بصدق، ويطلبونها بحق.
আল্লাহ তাআলাই দাঙি ধৰা উদাহৰণৰ পৰা কেৱল মুমিনসকলেই উপকৃত হয়। কাৰণ তেওঁলোকেই প্ৰকৃত অৰ্থত হিদায়তৰ ইচ্ছুক আৰু সঠিক দাবীদাৰ।

• من أبرز صفات الفاسقين نقضُ عهودهم مع الله ومع الخلق، وقطعُهُم لما أمر الله بوصله، وسعيُهُم بالفساد في الأرض.
ফাছিকসকলৰ কিছুমান বিশেষ বৈশিষ্ট্য এনেধৰণৰঃ সিহঁতে আল্লাহ আৰু তেওঁৰ বান্দাসকলৰ লগত কৰা অঙ্গীকাৰ ভঙ্গ কৰে। আল্লাহে যিবোৰ বন্ধন অটুট ৰাখিবলৈ দিছে সেইবোৰ বিচ্ছিন্ন কৰে। আৰু পৃথিৱীত সিহঁতে উপদ্ৰৱ কৰি ফুৰে।

• الأصل في الأشياء الإباحة والطهارة؛ لأن الله تعالى امتنَّ على عباده بأن خلق لهم كل ما في الأرض.
বস্তুৰ ক্ষেত্ৰত মৌলিক বিধান হৈছে, বৈধ আৰু পৱিত্ৰ। কিয়নো আল্লাহে পৃথিৱীৰ সকলো বস্তু তেওঁৰ বান্দাসকলৰ বাবেই সৃষ্টি কৰিছে।

 
Ý nghĩa nội dung Câu: (25) Chương: Al-Baqarah
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an - Mục lục các bản dịch

Do Trung tâm Diễn giải Nghiên cứu Kinh Qur'an phát hành.

Đóng lại