Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (233) Chương: Al-Baqarah
وَالْوَالِدٰتُ یُرْضِعْنَ اَوْلَادَهُنَّ حَوْلَیْنِ كَامِلَیْنِ لِمَنْ اَرَادَ اَنْ یُّتِمَّ الرَّضَاعَةَ ؕ— وَعَلَی الْمَوْلُوْدِ لَهٗ رِزْقُهُنَّ وَكِسْوَتُهُنَّ بِالْمَعْرُوْفِ ؕ— لَا تُكَلَّفُ نَفْسٌ اِلَّا وُسْعَهَا ۚ— لَا تُضَآرَّ وَالِدَةٌ بِوَلَدِهَا وَلَا مَوْلُوْدٌ لَّهٗ بِوَلَدِهٖ ۗ— وَعَلَی الْوَارِثِ مِثْلُ ذٰلِكَ ۚ— فَاِنْ اَرَادَا فِصَالًا عَنْ تَرَاضٍ مِّنْهُمَا وَتَشَاوُرٍ فَلَا جُنَاحَ عَلَیْهِمَا ؕ— وَاِنْ اَرَدْتُّمْ اَنْ تَسْتَرْضِعُوْۤا اَوْلَادَكُمْ فَلَا جُنَاحَ عَلَیْكُمْ اِذَا سَلَّمْتُمْ مَّاۤ اٰتَیْتُمْ بِالْمَعْرُوْفِ ؕ— وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
মাতৃসকলে নিজৰ সন্তানক সম্পূৰ্ণ দুবছৰ গাখীৰ খোৱাব। দুবছৰৰ এই সময় সীমা সেই ব্যক্তিৰ বাবে, যিয়ে গাখীৰ খোৱাৰ ম্যাদ সম্পূৰ্ণ কৰিব বিচাৰে। তালাকপ্ৰাপ্তা মাকক গাখীৰ পান কৰোৱাৰ বিনিময়ত শিশুৰ পিতৃয়ে প্ৰচলিত নিয়মানুসাৰে খৰচ বহন কৰিব লাগিব, এনেকুৱা নিয়ম যিটো চৰীয়ত বিৰোধী নহয়। আল্লাহে কোনো ব্যক্তিৰ ওপৰত তাৰ সাধ্যাতীত কোনো বোজা অৰ্পন নকৰে। পিতৃ-মাতৃয়ে শিশুক ইজনে সিজনক আঘাত দিয়াৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা উচিত নহয়। আৰু যদি পিতৃ নাথাকে আৰু শিশুৰ ওচৰত সম্পত্তিও নাথাকে তেন্তে শিশুৰ উত্তৰাধিকাৰীসকলৰ ওপৰতো সিমানেই অধিকাৰ আছে যিমান পিতৃৰ ওপৰত আছে। যদি পিতৃ-মাতৃ উভয়ে দুবছৰত গাখীৰ এৰোৱাব খোজে লগতে উভয়ে শিশুৰ উপকাৰ সন্মুখত ৰাখি পৰামৰ্শ কৰাৰ পিছত এই নিৰ্ণয় লয় তেন্তে সিহঁতৰ কোনো গুনাহ নহব। আৰু যদি তোমালোকে নিজৰ শিশুৰ বাবে মাকৰ বাহিৰে আন কোনো ধাত্ৰীৰ জৰিয়তে স্তন পান কৰোৱাব বিচৰা তেন্তে তোমালোকৰ কোনো গুনাহ নহয়, যদি তোমালোকে ধাত্ৰীক তাইৰ পাৰিশ্ৰমিক সুকলমে আদায় দিয়া। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা; আৰু জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ আমল সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকৰ আমলৰ প্ৰতিদান দিব।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• نهي الرجال عن ظلم النساء سواء كان بِعَضْلِ مَوْلِيَّتِه عن الزواج، أو إجبارها على ما لا تريد.
পুৰুষসকলক নাৰীসকলৰ ওপৰত অন্যায় কৰিবলৈ নিষেধ কৰা হৈছে। সেই অন্যায় নিজৰ অধীনত থকা নাৰীক বিবাহ নিদিয়া ক্ষেত্ৰত হওঁক অথবা তাইক তাইৰ ইচ্ছাৰ বিৰুদ্ধে বাধ্য কৰোৱাৰ ক্ষেত্ৰত হওঁক।

• حَفِظَ الشرع للأم حق الرضاع، وإن كانت مطلقة من زوجها، وعليه أن ينفق عليها ما دامت ترضع ولده.
চৰীয়তে মাকৰ বাবে স্তন্য পান কৰোৱাৰ অধিকাৰ সুৰক্ষিত কৰিছে। যদিও তাই তালাকপ্ৰাপ্তা নহওঁক কিয়। স্তন্যপান সময়ছোৱাৰ সকলো খৰচ শিশুৰ পিতৃয়ে বহন কৰিব।

• نهى الله تعالى الزوجين عن اتخاذ الأولاد وسيلة يقصد بها أحدهما الإضرار بالآخر.
আল্লাহে স্বামী স্ত্ৰীক নিষেধ কৰিছে যে, সিহঁতে যেন ইজনে সিজনক ক্ষতি কৰাৰ উদ্দেশ্যে শিশুক মাধ্যম হিচাপে ব্যৱহাৰ নকৰে।

• الحث على أن تكون كل الشؤون المتعلقة بالحياة الزوجية مبنية على التشاور والتراضي بين الزوجين.
দাম্পত্তি জীৱনৰ সকলো বিষয় পৰস্পৰ পৰামৰ্শ আৰু সহমতৰ মাধ্যমত মীমাংসা কৰিবলৈ উদ্বুদ্ধ কৰিছে।

 
Ý nghĩa nội dung Câu: (233) Chương: Al-Baqarah
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an - Mục lục các bản dịch

Do Trung tâm Diễn giải Nghiên cứu Kinh Qur'an phát hành.

Đóng lại