Check out the new design

Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an * - Mục lục các bản dịch


Ý nghĩa nội dung Câu: (41) Chương: Al-Isra'
وَلَقَدْ صَرَّفْنَا فِیْ هٰذَا الْقُرْاٰنِ لِیَذَّكَّرُوْا ؕ— وَمَا یَزِیْدُهُمْ اِلَّا نُفُوْرًا ۟
নিশ্চয় আমি এই কোৰআনত আহকাম, উপদেশ আৰু বিভিন্ন উপমা-উদাহৰণ স্পষ্টৰূপে বৰ্ণনা কৰি দিছো। যাতে মানুহে ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰিব পাৰে আৰু সেই পথত পৰিচালিত হ'ব পাৰে, যি পথ সিহঁতৰ বাবে উপকাৰী। লগতে সেইবোৰ যাতে পৰিত্যাগ কৰে যিবোৰ সিহঁতৰ বাবে ক্ষতিকাৰক। প্ৰকৃততে যিসকলৰ স্বভাৱত বক্ৰতা আছে সিহঁতে ইয়াৰ পৰা আৰু সত্যৰ পৰা আঁতৰি যায়, লগতে ঘৃণা কৰিবলৈ ধৰে।
Các Tafsir tiếng Ả-rập:
Trong những bài học trích được của các câu Kinh trên trang này:
• الزعم بأن الملائكة بنات الله افتراء كبير، وقول عظيم الإثم عند الله عز وجل.
ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি ধাৰণা কৰাটো হৈছে এটা মহা অপবাদ। আৰু আল্লাহৰ ওচৰত এইটো এটা মহাপাপ।

• أكثر الناس لا تزيدهم آيات الله إلا نفورًا؛ لبغضهم للحق ومحبتهم ما كانوا عليه من الباطل.
আল্লাহৰ আয়াতৰ দ্বাৰা অধিকাংশ মানুহৰ ঘৃণাহে বৃদ্ধি পায়, কিয়নো সিহঁতে সত্যক অপছন্দ কৰে আৰু বাতিল তথা অসত্যক ভালপায়।

• ما من مخلوق في السماوات والأرض إلا يسبح بحمد الله تعالى فينبغي للعبد ألا تسبقه المخلوقات بالتسبيح.
আকাশমণ্ডল আৰু পৃথিৱীত যিবোৰ সৃষ্টি আছে সেই সকলোবোৰে আল্লাহৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতাৰ গুণ গান কৰে। এতেকে তাছবীহ কৰাৰ ক্ষেত্ৰত আন আন মাখলুকে যাতে বান্দাসকলক পিচ পেলাব নোৱাৰে সেই বিষয়টোক বান্দাসকলে গুৰুত্ব দিয়া উচিত।

• من حلم الله على عباده أنه لا يعاجلهم بالعقوبة على غفلتهم وسوء صنيعهم، فرحمته سبقت غضبه.
আল্লাহৰ সহনশীলতাৰ অন্যতম পৰিচয় এই যে, বান্দাসকলৰ বেয়া কৰ্ম আৰু অমনোযোগিতাৰ পিছতো সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰে। সদায় তেওঁৰ ৰহমত ক্ৰোধতকৈ আগত থাকে।

 
Ý nghĩa nội dung Câu: (41) Chương: Al-Isra'
Mục lục các chương Kinh Số trang
 
Bản dịch ý nghĩa nội dung Qur'an - Bản dịch tiếng Asami về diễn giải ngắn gọn Kinh Qur'an - Mục lục các bản dịch

Do Trung tâm Diễn giải Nghiên cứu Kinh Qur'an phát hành.

Đóng lại