Check out the new design

Kur'an-ı Kerim Meal Tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler Fihristi


Meal Tercümesi Ayet: (19) Sure: Sûratu'l-En'âm
قُلْ اَیُّ شَیْءٍ اَكْبَرُ شَهَادَةً ؕ— قُلِ اللّٰهُ ۫— شَهِیْدٌۢ بَیْنِیْ وَبَیْنَكُمْ ۫— وَاُوْحِیَ اِلَیَّ هٰذَا الْقُرْاٰنُ لِاُنْذِرَكُمْ بِهٖ وَمَنْ بَلَغَ ؕ— اَىِٕنَّكُمْ لَتَشْهَدُوْنَ اَنَّ مَعَ اللّٰهِ اٰلِهَةً اُخْرٰی ؕ— قُلْ لَّاۤ اَشْهَدُ ۚ— قُلْ اِنَّمَا هُوَ اِلٰهٌ وَّاحِدٌ وَّاِنَّنِیْ بَرِیْٓءٌ مِّمَّا تُشْرِكُوْنَ ۟ۘ
হে ৰাছুল! সেই সকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাক অস্বীকাৰ কৰেঃ মোৰ সত্যতাৰ আটাইতকৈ ডাঙৰ সাক্ষ্যজন কোন জানানে, আপুনিয়ে কৈ দিয়ক যে, তোমালোকৰ আৰু মোৰ মাজত আটাইতকৈ ডাঙৰ সাক্ষ্যজন হৈছে আল্লাহ তাআলা। মই তোমালোকৰ ওচৰত কি লৈ আহিছো সেয়া তেওঁ জানে, আৰু তোমালোকে কি দৰে সঁহাৰি জনাবা সেইটোও তেওঁ জানে। আল্লাহে অহীৰ দ্বাৰা মোক এই কোৰআন প্ৰদান কৰিছে, যাতে মই ইয়াৰ দ্বাৰা তোমালোকক আৰু সেই সকলো মানৱ আৰু জিনক সতৰ্ক কৰি দিব পাৰো, যাৰ ওচৰত এই কোৰআন গৈ পাব। হে মুশ্বৰিকসকল! তোমালোকে বিশ্বাস পোষণ কৰা নেকি যে, আল্লাহৰ বাহিৰেও কোনোবা উপাস্য আছে? হে ৰাছুল! আপুনি কৈ দিয়ক, তোমালোকে যিটো বিশ্বাস কৰা সেইটোক মই বিশ্বাস নকৰো, কাৰণ সেয়া হৈছে বাতিল। উপাস্য একমাত্ৰ আল্লাহ, তেওঁৰ কোনো অংশীদাৰ নাই। লগতে মই সেই সকলোবোৰ প্ৰত্যাখ্যান কৰো যিবোৰক তোমালোকে তেওঁৰ লগত অংশী কৰা।
Arapça Tefsirler:
Bu Sayfadaki Ayetlerden Çıkarılan Faydalar:
• بيان الحكمة في إرسال النبي عليه الصلاة والسلام بالقرآن، من أجل البلاغ والبيان، وأعظم ذلك الدعوة لتوحيد الله.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৰআন প্ৰদান কৰি প্ৰেৰণ কৰাৰ উদ্দেশ্য ব্যাখ্যা। উদ্দেশ্য হৈছে তেওঁ যেন স্পষ্টভাৱে ইছলাম প্ৰচাৰ কৰে, আৰু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে তেওঁ যেন মানুহক তাওহীদৰ পিনে আহ্বান কৰে।

• نفي الشريك عن الله تعالى، ودحض افتراءات المشركين في هذا الخصوص.
আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰাক খণ্ডন কৰা, লগতে মুশ্বৰিকসকলৰ যুক্তিক নসাৎ কৰা।

• بيان معرفة اليهود والنصارى للنبي عليه الصلاة والسلام، برغم جحودهم وكفرهم.
এই কথাৰ বৰ্ণনা যে, ইয়াহুদী তথা ঈছাই সকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক চিনি পোৱাৰ পিছতো তেখেতৰ প্ৰতি ঈমান পোষণ কৰা নাই।

 
Meal Tercümesi Ayet: (19) Sure: Sûratu'l-En'âm
Sureler Fihristi Sayfa numarası
 
Kur'an-ı Kerim Meal Tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler Fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat