Check out the new design

Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler fihristi


Anlam tercümesi Ayet: (20) Sure: Sûratu Âl-i İmrân
فَاِنْ حَآجُّوْكَ فَقُلْ اَسْلَمْتُ وَجْهِیَ لِلّٰهِ وَمَنِ اتَّبَعَنِ ؕ— وَقُلْ لِّلَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْاُمِّیّٖنَ ءَاَسْلَمْتُمْ ؕ— فَاِنْ اَسْلَمُوْا فَقَدِ اهْتَدَوْا ۚ— وَاِنْ تَوَلَّوْا فَاِنَّمَا عَلَیْكَ الْبَلٰغُ ؕ— وَاللّٰهُ بَصِیْرٌ بِالْعِبَادِ ۟۠
হে ৰাছুল! সিহঁতে যদি আপোনাৰ লগত সেই সত্য সম্পৰ্কে বিতৰ্ক কৰে যিটো আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ মই তথা মোৰ অনুসাৰী মুমিনসকল আল্লাহৰ অনুগত। আৰু হে ৰাছুল! ঐশী পুথি প্ৰাপ্তসকলক আৰু মুশ্বৰিকসকলক সোধক! তোমালোকে একনিষ্ঠতাৰে আল্লাহৰ আনুগত্য কৰিবানে আৰু মই যি লৈ আহিছো তাৰ অনুসৰণ কৰিবানে? যদি সিহঁতে আল্লাহৰ আনুগত্যকাৰী হৈ যায় আৰু আপোনাৰ চৰীয়ত মতে আমল কৰে তেন্তে সিহঁত সঠিক পথ প্ৰাপ্ত। আনহাতে যদি সিহঁতে ইছলামৰ পৰা মুখ ঘূৰাই লয় তেন্তে আপোনাৰ কৰ্তব্য কেৱল আপোনাৰ কথা সিহঁতক জনাই দিয়া। আৰু সিহঁতৰ বিষয়টো আল্লাহৰ অধীনত। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱগত। আৰু তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ ফলাফল দান কৰিব।
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• من أعظم ما يُكفِّر الذنوب ويقي عذاب النار الإيمان بالله تعالى واتباع ما جاء به الرسول صلى الله عليه وسلم.
গুনাহৰ পৰা ক্ষমা পোৱাৰ আৰু জাহান্নামৰ পৰা ৰক্ষা পোৱাৰ আটাইতকৈ ডাঙৰ উপায়টো হৈছে আল্লাহৰ প্ৰতি ঈমান আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশৰ অনুসৰণ।

• أعظم شهادة وحقيقة هي ألوهية الله تعالى ولهذا شهد الله بها لنفسه، وشهد بها ملائكته، وشهد بها أولو العلم ممن خلق.
আটাইতকৈ ডাঙৰ সাক্ষ্য আৰু বাস্তাৱতা এইটো যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। সেয়ে স্বয়ং আল্লাহেও ইয়াৰ সাক্ষ্য প্ৰদান কৰিছে লগতে ফিৰিস্তা আৰু জ্ঞানৱান লোক সকলেও ইয়াৰ সাক্ষ্য দিছে।

• البغي والحسد من أعظم أسباب النزاع والصرف عن الحق.
অন্যায়-অত্যাচাৰ আৰু ঈৰ্ষা, সত্যৰ পৰা আঁতৰ হোৱাৰ আৰু বিবাদৰ কাৰণ।

 
Anlam tercümesi Ayet: (20) Sure: Sûratu Âl-i İmrân
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat