Check out the new design

Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler fihristi


Anlam tercümesi Ayet: (14) Sure: Sûratu Âl-i İmrân
زُیِّنَ لِلنَّاسِ حُبُّ الشَّهَوٰتِ مِنَ النِّسَآءِ وَالْبَنِیْنَ وَالْقَنَاطِیْرِ الْمُقَنْطَرَةِ مِنَ الذَّهَبِ وَالْفِضَّةِ وَالْخَیْلِ الْمُسَوَّمَةِ وَالْاَنْعَامِ وَالْحَرْثِ ؕ— ذٰلِكَ مَتَاعُ الْحَیٰوةِ الدُّنْیَا ۚ— وَاللّٰهُ عِنْدَهٗ حُسْنُ الْمَاٰبِ ۟
আল্লাহে জনাই দিছে যে, তেওঁ মানুহক পৰীক্ষা কৰিবলৈ পৃথিৱীৰ মনোমোহা বস্তুবোৰৰ মুহাব্বতক সৌন্দৰ্যময় কৰি দিছে। যেনে- নাৰী, সন্তান-সন্ততি, সোণ-ৰূপৰ স্তুপ, উত্কৃষ্ট চিহ্নিত ঘোড়া তথা উট, গৰু আৰু ছাগলীৰ দৰে জন্তু লগতে শস্য-খেতি। এই সকলোবোৰ পাৰ্থিৱ জীৱনৰ বস্তু. যিবোৰৰ দ্বাৰা খন্তেক সময়ৰ বাবে উপকৃত হোৱা যায়, তাৰ পিছত নিঃশেষ হৈ যায়। সেয়ে মুমিনসকলৰ বাবে ইয়াৰ লগত অসীম আন্তৰিকতা সমীচিন নহয়। উত্তম আৱাস একমাত্ৰ আল্লাহৰ ওচৰত, আৰু সেয়া হৈছে জান্নাত। যাৰ প্ৰশস্ততা আকাশমণ্ডল আৰু পৃথিৱীৰ সমান।
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• أن غرور الكفار بأموالهم وأولادهم لن يغنيهم يوم القيامة من عذاب الله تعالى إذا نزل بهم.
কাফিৰসকলৰ নিজৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ অহংকাৰে সিহঁতক ক্বিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ পৰা কেতিয়াও ৰক্ষা কৰিব নোৱাৰিব।

• النصر حقيقة لا يتعلق بمجرد العدد والعُدة، وانما بتأييد الله تعالى وعونه.
প্ৰকৃততে বিজয় কেৱল সংখ্যা শক্তি অথবা অস্ত্ৰৰ ফলতে নহয়, বৰং আল্লাহৰ সমৰ্থন আৰু তেওঁৰ সহায়ৰ দ্বাৰাহে সম্ভৱ।

• زَيَّن الله تعالى للناس أنواعًا من شهوات الدنيا ليبتليهم، وليعلم تعالى من يقف عند حدوده ممن يتعداها.
আল্লাহে মানুহৰ বাবে বিভিন্ন প্ৰকাৰৰ আকৰ্ষিত পাৰ্থিৱ বস্তুসমূহক সুন্দৰ কৰি দিছে। যাতে পৰীক্ষা কৰিব পাৰে আৰু প্ৰকাশ কৰিব পাৰে যে, কোনে তেওঁৰ সীমা অতিক্ৰম নকৰে আৰু কোনে সীমালঙ্ঘন কৰে।

• كل نعيم الدنيا ولذاتها قليل زائل، لا يقاس بما في الآخرة من النعيم العظيم الذي لا يزول.
পৃথিৱীৰ সকলো সূখ আৰু আনন্দ সীমিত, এয়া ধ্বংসশীল। ইয়াক আখিৰাতত পোৱা অসীম আৰু চিৰস্থায়ী নিয়ামতৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰি।

 
Anlam tercümesi Ayet: (14) Sure: Sûratu Âl-i İmrân
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat