Check out the new design

Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler fihristi


Anlam tercümesi Ayet: (27) Sure: Sûratu'n-Nûr
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَدْخُلُوْا بُیُوْتًا غَیْرَ بُیُوْتِكُمْ حَتّٰی تَسْتَاْنِسُوْا وَتُسَلِّمُوْا عَلٰۤی اَهْلِهَا ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ لَعَلَّكُمْ تَذَكَّرُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰী লোকসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আনৰ ঘৰত তেওঁলোকৰ অনুমতি নোলোৱালৈকে আৰু তেওঁলোকক ছালাম নকৰালৈকে তেওঁলোকৰ ঘৰত প্ৰৱেশ নকৰিবা। ছালাম আৰু অনুমতি লোৱাৰ সময়ত এনেকৈ ক'বাঃ "আচ্ছালামু আলাইকুম, মই ঘৰত প্ৰৱেশ কৰিব পাৰিমনে"?, হঠাৎ প্ৰৱেশ কৰাতকৈ অনুমতিলৈ প্ৰৱেশ কৰাটো তোমালোকৰ বাবে উত্তম, যিটো তোমালোকক আদেশ দিয়া হৈছে। আশা কৰিব পাৰি তোমালোকে এই নিৰ্দেশ মনত ৰাখিবা আৰু সেইমতে আমল কৰিবা।
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• إغراءات الشيطان ووساوسه داعية إلى ارتكاب المعاصي، فليحذرها المؤمن.
চয়তানে মানুহক সদায় গুনাহৰ কামত প্ৰৰোচনা দিয়ে আৰু সিহঁতৰ অন্তৰত কুমন্ত্ৰণা দিয়ে। সেয়ে মুমিনসকলে তাৰ পৰা সাৱধান হোৱা উচিত।

• التوفيق للتوبة والعمل الصالح من الله لا من العبد.
তাওবা আৰু নেক আমলৰ তাওফীক আল্লাহেই প্ৰদান কৰে। বান্দাৰ মাজত ইয়াৰ কোনো শক্তি নাই।

• العفو والصفح عن المسيء سبب لغفران الذنوب.
ভুল কৰা ব্যক্তিক ক্ষমা কৰি দিয়াটো গুনাহ মাফ হোৱাৰ অন্যতম কাৰণ।

• قذف العفائف من كبائر الذنوب.
পৱিত্ৰ নাৰীৰ প্ৰতি মিছাতে ব্যাভিচাৰৰ আৰোপ কৰা মহাপাপ।

• مشروعية الاستئذان لحماية النظر، والحفاظ على حرمة البيوت.
ঘৰৰ সন্মান ৰক্ষা কৰিবলৈ আৰু দৃষ্টিক গুনাহৰ পৰা সুৰক্ষিত কৰিবলৈ অনুমতি লোৱাৰ বিধান বলৱৎ কৰা হৈছে।

 
Anlam tercümesi Ayet: (27) Sure: Sûratu'n-Nûr
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat