Check out the new design

Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler fihristi


Anlam tercümesi Ayet: (110) Sure: Sûratu'n-Nahl
ثُمَّ اِنَّ رَبَّكَ لِلَّذِیْنَ هَاجَرُوْا مِنْ بَعْدِ مَا فُتِنُوْا ثُمَّ جٰهَدُوْا وَصَبَرُوْۤا ۙ— اِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُوْرٌ رَّحِیْمٌ ۟۠
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক সেইসকল দুৰ্বল মুমিনৰ প্ৰতি ক্ষমাশীল তথা তেওঁলোকৰ প্ৰতি দয়াৱান যিসকলে মক্কাৰ মুশ্বৰিকসকলৰ শাস্তি আৰু দ্বীন সম্পৰ্কীয় বিভিন্ন নিৰ্যাতন সহ্য কৰাৰ পিছত মদীনালৈ হিজৰত কৰিছে, আনকি তেওঁলোকে ঈমানৰ প্ৰতি সন্তুষ্ট থকাৰ পিছতো বাধ্য হৈ কুফৰী বাক্য উচ্চাৰণ কৰিবলগীয়া হৈছিল। তাৰ পিছত তেওঁলোকে আল্লাহৰ পথত জিহাদ কৰিলে যাতে আল্লাহৰ বাক্য সুউচ্চ থাকে আৰু কাফিৰসকলৰ বাক্য নিম্নগামী হয়। লগতে তেওঁলোকে সকলো ধৰণৰ কঠিন পৰিস্থিতিত ধৈৰ্য ধাৰণ কৰিছিল। তেওঁলোকে এই পৰীক্ষাৰে পৰীক্ষিত হোৱাৰ পিছত আৰু বিভিন্ন শাস্তিৰ সন্মুখীন হোৱাৰ পিছত, আনকি মুখেৰে কুফৰী বাক্য উচ্চাৰণ কৰাৰ পিছতো নিশ্চয় আপোনাৰ প্ৰতিপালক তেওঁলোকৰ প্ৰতি ক্ষমাশীল আৰু দয়াৱান, কাৰণ তেওঁলোকে বাধ্যত পৰিহে এনেকুৱা কুফৰী বাক্য উচ্চাৰণ কৰিছে।
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• الترخيص للمُكرَه بالنطق بالكفر ظاهرًا مع اطمئنان القلب بالإيمان.
বাধ্যত পৰি কুফৰী বাক্য উচ্চাৰণ কৰাত কোনো অসুবিধা নাই, কিন্তু চৰ্ত হ'ল ব্যক্তিজনৰ অন্তৰ ঈমানৰ প্ৰতি সন্তুষ্ট থাকিব লাগিব।

• المرتدون استوجبوا غضب الله وعذابه؛ لأنهم استحبوا الحياة الدنيا على الآخرة، وحرموا من هداية الله، وطبع الله على قلوبهم وسمعهم وأبصارهم، وجعلوا من الغافلين عما يراد بهم من العذاب الشديد يوم القيامة.
ইছলামৰ পৰা আঁতৰি যোৱা ব্যক্তি আল্লাহৰ ক্ৰোধ তথা শাস্তিৰ উপযুক্ত। কিয়নো সিহঁতে আখিৰাতৰ ওপৰত পাৰ্থিৱ জীৱনক প্ৰাধান্য দিয়ে। ফলত সিহঁত আল্লাহৰ হিদায়তৰ পৰা বঞ্চিত। আৰু আল্লাহে সিহঁতৰ অন্তৰত, সিহঁতৰ কাণত আৰু সিহঁতৰ চকুত মোহৰ মাৰি দিছে। লগতে কিয়ামতৰ দিনা সিহঁতে যি শাস্তি ভোগ কৰিব তাৰ পৰা সিহঁত অমনোযোগী কৰি দিয়া হয়।

• كَتَبَ الله المغفرة والرحمة للذين آمنوا، وهاجروا من بعد ما فتنوا، وصبروا على الجهاد.
আল্লাহে সেইসকল লোকৰ ভাগ্যত ক্ষমা আৰু দয়া লিখি দিছে যিসকলে ঈমান পোষণ কৰিছে, নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছত হিজৰত কৰিছে আৰু জিহাদৰ ময়দানত ধৈৰ্য ধাৰণ কৰিছে।

 
Anlam tercümesi Ayet: (110) Sure: Sûratu'n-Nahl
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat