Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman * - Indise ng mga Salin

PDF XML CSV Excel API
Please review the Terms and Policies

Salin ng mga Kahulugan Surah: Az-Zukhruf   Ayah:

আঝ-ঝুখৰূফ

حٰمٓ ۟ۚۛ
হা-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Ang mga Tafsir na Arabe:
وَالْكِتٰبِ الْمُبِیْنِ ۟ۙۛ
শপত সুস্পষ্ট কিতাবৰ!
Ang mga Tafsir na Arabe:
اِنَّا جَعَلْنٰهُ قُرْءٰنًا عَرَبِیًّا لَّعَلَّكُمْ تَعْقِلُوْنَ ۟ۚ
নিশ্চয় আমি ইয়াক কোৰআন হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।
Ang mga Tafsir na Arabe:
وَاِنَّهٗ فِیْۤ اُمِّ الْكِتٰبِ لَدَیْنَا لَعَلِیٌّ حَكِیْمٌ ۟ؕ
নিশ্চয় এইখন আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।
Ang mga Tafsir na Arabe:
اَفَنَضْرِبُ عَنْكُمُ الذِّكْرَ صَفْحًا اَنْ كُنْتُمْ قَوْمًا مُّسْرِفِیْنَ ۟
তোমালোক সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিম নেকি?
Ang mga Tafsir na Arabe:
وَكَمْ اَرْسَلْنَا مِنْ نَّبِیٍّ فِی الْاَوَّلِیْنَ ۟
আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰলৈ আমি বহুতো নবী প্ৰেৰণ কৰিছিলোঁ।
Ang mga Tafsir na Arabe:
وَمَا یَاْتِیْهِمْ مِّنْ نَّبِیٍّ اِلَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟
আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছে।
Ang mga Tafsir na Arabe:
فَاَهْلَكْنَاۤ اَشَدَّ مِنْهُمْ بَطْشًا وَّمَضٰی مَثَلُ الْاَوَّلِیْنَ ۟
ফলত যিসকল ইহঁততকৈও শক্তিত প্ৰবল আছিল, সিহঁতকো আমি ধ্বংস কৰিছিলোঁ, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।
Ang mga Tafsir na Arabe:
وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ لَیَقُوْلُنَّ خَلَقَهُنَّ الْعَزِیْزُ الْعَلِیْمُ ۟ۙ
আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে নিশ্চয় ক’ব, ‘এইবোৰক সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ(আল্লাহে)’,
Ang mga Tafsir na Arabe:
الَّذِیْ جَعَلَ لَكُمُ الْاَرْضَ مَهْدًا وَّجَعَلَ لَكُمْ فِیْهَا سُبُلًا لَّعَلَّكُمْ تَهْتَدُوْنَ ۟ۚ
তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে, যাতে তোমালোকে সঠিক পথ পাব পাৰা;
Ang mga Tafsir na Arabe:
وَالَّذِیْ نَزَّلَ مِنَ السَّمَآءِ مَآءً بِقَدَرٍ ۚ— فَاَنْشَرْنَا بِهٖ بَلْدَةً مَّیْتًا ۚ— كَذٰلِكَ تُخْرَجُوْنَ ۟
আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰোঁ নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই অনা হ’ব।
Ang mga Tafsir na Arabe:
وَالَّذِیْ خَلَقَ الْاَزْوَاجَ كُلَّهَا وَجَعَلَ لَكُمْ مِّنَ الْفُلْكِ وَالْاَنْعَامِ مَا تَرْكَبُوْنَ ۟ۙ
আৰু তেৱেঁই সকলোকে যোৰা যোৰাকৈ সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰা;
Ang mga Tafsir na Arabe:
لِتَسْتَوٗا عَلٰی ظُهُوْرِهٖ ثُمَّ تَذْكُرُوْا نِعْمَةَ رَبِّكُمْ اِذَا اسْتَوَیْتُمْ عَلَیْهِ وَتَقُوْلُوْا سُبْحٰنَ الَّذِیْ سَخَّرَ لَنَا هٰذَا وَمَا كُنَّا لَهٗ مُقْرِنِیْنَ ۟ۙ
যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, (আৰু শুনা!) তাৰ পিছত যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা তেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা আৰু ক'বা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সামৰ্থ নাছিলোঁ।
Ang mga Tafsir na Arabe:
وَاِنَّاۤ اِلٰی رَبِّنَا لَمُنْقَلِبُوْنَ ۟
‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।
Ang mga Tafsir na Arabe:
وَجَعَلُوْا لَهٗ مِنْ عِبَادِهٖ جُزْءًا ؕ— اِنَّ الْاِنْسَانَ لَكَفُوْرٌ مُّبِیْنٌ ۟ؕ۠
আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰাই তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।
Ang mga Tafsir na Arabe:
اَمِ اتَّخَذَ مِمَّا یَخْلُقُ بَنٰتٍ وَّاَصْفٰىكُمْ بِالْبَنِیْنَ ۟
তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি?
Ang mga Tafsir na Arabe:
وَاِذَا بُشِّرَ اَحَدُهُمْ بِمَا ضَرَبَ لِلرَّحْمٰنِ مَثَلًا ظَلَّ وَجْهُهٗ مُسْوَدًّا وَّهُوَ كَظِیْمٌ ۟
অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।
Ang mga Tafsir na Arabe:
اَوَمَنْ یُّنَشَّؤُا فِی الْحِلْیَةِ وَهُوَ فِی الْخِصَامِ غَیْرُ مُبِیْنٍ ۟
(সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম?
Ang mga Tafsir na Arabe:
وَجَعَلُوا الْمَلٰٓىِٕكَةَ الَّذِیْنَ هُمْ عِبٰدُ الرَّحْمٰنِ اِنَاثًا ؕ— اَشَهِدُوْا خَلْقَهُمْ ؕ— سَتُكْتَبُ شَهَادَتُهُمْ وَیُسْـَٔلُوْنَ ۟
লগতে সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে; তেওঁলোকক সৃষ্টি কৰাৰ সময়ত সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য নিশ্চয় লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।
Ang mga Tafsir na Arabe:
وَقَالُوْا لَوْ شَآءَ الرَّحْمٰنُ مَا عَبَدْنٰهُمْ ؕ— مَا لَهُمْ بِذٰلِكَ مِنْ عِلْمٍ ۗ— اِنْ هُمْ اِلَّا یَخْرُصُوْنَ ۟ؕ
সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনে সজা কথাহে কয়।
Ang mga Tafsir na Arabe:
اَمْ اٰتَیْنٰهُمْ كِتٰبًا مِّنْ قَبْلِهٖ فَهُمْ بِهٖ مُسْتَمْسِكُوْنَ ۟
আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছোঁ নেকি, যিখনক সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?
Ang mga Tafsir na Arabe:
بَلْ قَالُوْۤا اِنَّا وَجَدْنَاۤ اٰبَآءَنَا عَلٰۤی اُمَّةٍ وَّاِنَّا عَلٰۤی اٰثٰرِهِمْ مُّهْتَدُوْنَ ۟
বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছোঁ আৰু আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰিয়ে নিশ্চিতভাৱে হিদায়তপ্ৰাপ্ত হম’।
Ang mga Tafsir na Arabe:
وَكَذٰلِكَ مَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ فِیْ قَرْیَةٍ مِّنْ نَّذِیْرٍ اِلَّا قَالَ مُتْرَفُوْهَاۤ ۙ— اِنَّا وَجَدْنَاۤ اٰبَآءَنَا عَلٰۤی اُمَّةٍ وَّاِنَّا عَلٰۤی اٰثٰرِهِمْ مُّقْتَدُوْنَ ۟
আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদলৈ কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছোঁ তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় লোকসকলে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছোঁ আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।
Ang mga Tafsir na Arabe:
قٰلَ اَوَلَوْ جِئْتُكُمْ بِاَهْدٰی مِمَّا وَجَدْتُّمْ عَلَیْهِ اٰبَآءَكُمْ ؕ— قَالُوْۤا اِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟
তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতকৈও উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ’।
Ang mga Tafsir na Arabe:
فَانْتَقَمْنَا مِنْهُمْ فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِیْنَ ۟۠
ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লোঁ। এতেকে চোৱা, অস্বীকাৰকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!
Ang mga Tafsir na Arabe:
وَاِذْ قَالَ اِبْرٰهِیْمُ لِاَبِیْهِ وَقَوْمِهٖۤ اِنَّنِیْ بَرَآءٌ مِّمَّا تَعْبُدُوْنَ ۟ۙ
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত।
Ang mga Tafsir na Arabe:
اِلَّا الَّذِیْ فَطَرَنِیْ فَاِنَّهٗ سَیَهْدِیْنِ ۟
‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ শীঘ্ৰেই মোক সৎপথত পৰিচালিত কৰিব’।
Ang mga Tafsir na Arabe:
وَجَعَلَهَا كَلِمَةً بَاقِیَةً فِیْ عَقِبِهٖ لَعَلَّهُمْ یَرْجِعُوْنَ ۟
আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।
Ang mga Tafsir na Arabe:
بَلْ مَتَّعْتُ هٰۤؤُلَآءِ وَاٰبَآءَهُمْ حَتّٰی جَآءَهُمُ الْحَقُّ وَرَسُوْلٌ مُّبِیْنٌ ۟
বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলোঁ, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।
Ang mga Tafsir na Arabe:
وَلَمَّا جَآءَهُمُ الْحَقُّ قَالُوْا هٰذَا سِحْرٌ وَّاِنَّا بِهٖ كٰفِرُوْنَ ۟
আৰু সত্য যেতিয়া সিহঁতৰ ওচৰলৈ আহি পালে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখোন যাদু আৰু নিশ্চিতভাৱে আমি ইয়াক প্ৰত্যাখ্যান কৰোঁ’।
Ang mga Tafsir na Arabe:
وَقَالُوْا لَوْلَا نُزِّلَ هٰذَا الْقُرْاٰنُ عَلٰی رَجُلٍ مِّنَ الْقَرْیَتَیْنِ عَظِیْمٍ ۟
সিহঁতে আৰু ক’লে, ‘এই কোৰআনখন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’?
Ang mga Tafsir na Arabe:
اَهُمْ یَقْسِمُوْنَ رَحْمَتَ رَبِّكَ ؕ— نَحْنُ قَسَمْنَا بَیْنَهُمْ مَّعِیْشَتَهُمْ فِی الْحَیٰوةِ الدُّنْیَا وَرَفَعْنَا بَعْضَهُمْ فَوْقَ بَعْضٍ دَرَجٰتٍ لِّیَتَّخِذَ بَعْضُهُمْ بَعْضًا سُخْرِیًّا ؕ— وَرَحْمَتُ رَبِّكَ خَیْرٌ مِّمَّا یَجْمَعُوْنَ ۟
সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বণ্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ, যাতে ইজনে সিজনক অধীনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতকৈও উৎকৃষ্ট।
Ang mga Tafsir na Arabe:
وَلَوْلَاۤ اَنْ یَّكُوْنَ النَّاسُ اُمَّةً وَّاحِدَةً لَّجَعَلْنَا لِمَنْ یَّكْفُرُ بِالرَّحْمٰنِ لِبُیُوْتِهِمْ سُقُفًا مِّنْ فِضَّةٍ وَّمَعَارِجَ عَلَیْهَا یَظْهَرُوْنَ ۟ۙ
যদি সকলো মানুহ একেটা মতালম্বী হোৱাৰ আশংকা নাথাকিলহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফৰী কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰৌপ্য-নিৰ্মিত চাদ আৰু খটখটী দিলোঁহেঁতেন যাতে সিহঁতে আৰোহণ কৰে,
Ang mga Tafsir na Arabe:
وَلِبُیُوْتِهِمْ اَبْوَابًا وَّسُرُرًا عَلَیْهَا یَتَّكِـُٔوْنَ ۟ۙ
আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে,
Ang mga Tafsir na Arabe:
وَزُخْرُفًا ؕ— وَاِنْ كُلُّ ذٰلِكَ لَمَّا مَتَاعُ الْحَیٰوةِ الدُّنْیَا ؕ— وَالْاٰخِرَةُ عِنْدَ رَبِّكَ لِلْمُتَّقِیْنَ ۟۠
আৰু (অনুৰূপ দিলোঁহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। (জানি থোৱা) তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত হৈছে কেৱল মুত্তাক্বীসকলৰ বাবেহে।
Ang mga Tafsir na Arabe:
وَمَنْ یَّعْشُ عَنْ ذِكْرِ الرَّحْمٰنِ نُقَیِّضْ لَهٗ شَیْطٰنًا فَهُوَ لَهٗ قَرِیْنٌ ۟
আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয়, আমি তাৰ বাবে নিয়োজিত কৰোঁ এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।
Ang mga Tafsir na Arabe:
وَاِنَّهُمْ لَیَصُدُّوْنَهُمْ عَنِ السَّبِیْلِ وَیَحْسَبُوْنَ اَنَّهُمْ مُّهْتَدُوْنَ ۟
নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাবে।
Ang mga Tafsir na Arabe:
حَتّٰۤی اِذَا جَآءَنَا قَالَ یٰلَیْتَ بَیْنِیْ وَبَیْنَكَ بُعْدَ الْمَشْرِقَیْنِ فَبِئْسَ الْقَرِیْنُ ۟
অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহি উপস্থিত হ’ব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলহেঁতেন!’ এতেকে কিমান নিকৃষ্ট সহচৰ সি!
Ang mga Tafsir na Arabe:
وَلَنْ یَّنْفَعَكُمُ الْیَوْمَ اِذْ ظَّلَمْتُمْ اَنَّكُمْ فِی الْعَذَابِ مُشْتَرِكُوْنَ ۟
আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে সীমালংঘন কৰিছিলা; নিশ্চয় তোমালোক আটায়ে হৈছা শাস্তিৰ অংশীদাৰ।
Ang mga Tafsir na Arabe:
اَفَاَنْتَ تُسْمِعُ الصُّمَّ اَوْ تَهْدِی الْعُمْیَ وَمَنْ كَانَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟
তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে, আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক তুমি সৎপথত পৰিচালিত কৰিব পাৰিবানে?
Ang mga Tafsir na Arabe:
فَاِمَّا نَذْهَبَنَّ بِكَ فَاِنَّا مِنْهُمْ مُّنْتَقِمُوْنَ ۟ۙ
এতেকে যদি আমি তোমাক ইয়াৰ পৰা আঁতৰাই লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লমেই;
Ang mga Tafsir na Arabe:
اَوْ نُرِیَنَّكَ الَّذِیْ وَعَدْنٰهُمْ فَاِنَّا عَلَیْهِمْ مُّقْتَدِرُوْنَ ۟
অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় সিহঁতৰ ওপৰত আমি পূৰ্ণ ক্ষমতাৱান।
Ang mga Tafsir na Arabe:
فَاسْتَمْسِكْ بِالَّذِیْۤ اُوْحِیَ اِلَیْكَ ۚ— اِنَّكَ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে, সেয়া তুমি দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
Ang mga Tafsir na Arabe:
وَاِنَّهٗ لَذِكْرٌ لَّكَ وَلِقَوْمِكَ ۚ— وَسَوْفَ تُسْـَٔلُوْنَ ۟
নিশ্চয় এই কোৰআনখন হৈছে তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।
Ang mga Tafsir na Arabe:
وَسْـَٔلْ مَنْ اَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رُّسُلِنَاۤ اَجَعَلْنَا مِنْ دُوْنِ الرَّحْمٰنِ اٰلِهَةً یُّعْبَدُوْنَ ۟۠
তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ মাজৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকক সুধি চোৱা, আমি পৰম কৰুণাময় (ৰহমান)ৰ বাহিৰে ইবাদত কৰিব পৰা আন কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলোঁ নেকি?
Ang mga Tafsir na Arabe:
وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَاۤ اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَقَالَ اِنِّیْ رَسُوْلُ رَبِّ الْعٰلَمِیْنَ ۟
নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) এজন ৰাছুল’।
Ang mga Tafsir na Arabe:
فَلَمَّا جَآءَهُمْ بِاٰیٰتِنَاۤ اِذَا هُمْ مِّنْهَا یَضْحَكُوْنَ ۟
এতেকে তেওঁ যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেইবোৰক লৈ উপহাস কৰিবলৈ ধৰিলে।
Ang mga Tafsir na Arabe:
وَمَا نُرِیْهِمْ مِّنْ اٰیَةٍ اِلَّا هِیَ اَكْبَرُ مِنْ اُخْتِهَا ؗ— وَاَخَذْنٰهُمْ بِالْعَذَابِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟
আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছোঁ সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ ডাঙৰ। আমি সিহঁতক শাস্তিৰ মাধ্যমত সতৰ্ক কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।
Ang mga Tafsir na Arabe:
وَقَالُوْا یٰۤاَیُّهَ السّٰحِرُ ادْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِنْدَكَ ۚ— اِنَّنَا لَمُهْتَدُوْنَ ۟
সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তোমাৰ প্ৰতিপালকে তোমাৰ লগত যিটো অংগীকাৰ কৰিছে, (সেইটো যদি পূৰণ হয় তেন্তে) নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।
Ang mga Tafsir na Arabe:
فَلَمَّا كَشَفْنَا عَنْهُمُ الْعَذَابَ اِذَا هُمْ یَنْكُثُوْنَ ۟
তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা সেই শাস্তি আঁতৰাই নিলোঁ, তেতিয়াই সিহঁতে অংগীকাৰ ভংগ কৰিলে।
Ang mga Tafsir na Arabe:
وَنَادٰی فِرْعَوْنُ فِیْ قَوْمِهٖ قَالَ یٰقَوْمِ اَلَیْسَ لِیْ مُلْكُ مِصْرَ وَهٰذِهِ الْاَنْهٰرُ تَجْرِیْ مِنْ تَحْتِیْ ۚ— اَفَلَا تُبْصِرُوْنَ ۟ؕ
আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয়নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে নেদেখা নেকি?
Ang mga Tafsir na Arabe:
اَمْ اَنَا خَیْرٌ مِّنْ هٰذَا الَّذِیْ هُوَ مَهِیْنٌ ۙ۬— وَّلَا یَكَادُ یُبِیْنُ ۟
‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয়নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈও প্ৰায় অক্ষম!
Ang mga Tafsir na Arabe:
فَلَوْلَاۤ اُلْقِیَ عَلَیْهِ اَسْوِرَةٌ مِّنْ ذَهَبٍ اَوْ جَآءَ مَعَهُ الْمَلٰٓىِٕكَةُ مُقْتَرِنِیْنَ ۟
‘(তেওঁ যদি সঁচাই নবী) তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহ'ল কিয়, অথবা তেওঁৰ সৈতে ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’?
Ang mga Tafsir na Arabe:
فَاسْتَخَفَّ قَوْمَهٗ فَاَطَاعُوْهُ ؕ— اِنَّهُمْ كَانُوْا قَوْمًا فٰسِقِیْنَ ۟
এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথাকে মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।
Ang mga Tafsir na Arabe:
فَلَمَّاۤ اٰسَفُوْنَا انْتَقَمْنَا مِنْهُمْ فَاَغْرَقْنٰهُمْ اَجْمَعِیْنَ ۟ۙ
তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলোঁ আৰু সিহঁত আটাইকে ডুবাই মাৰিলোঁ।
Ang mga Tafsir na Arabe:
فَجَعَلْنٰهُمْ سَلَفًا وَّمَثَلًا لِّلْاٰخِرِیْنَ ۟۠
ফলত আমি সিহঁতক পৰৱৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলোঁ।
Ang mga Tafsir na Arabe:
وَلَمَّا ضُرِبَ ابْنُ مَرْیَمَ مَثَلًا اِذَا قَوْمُكَ مِنْهُ یَصِدُّوْنَ ۟
আৰু যেতিয়াই মাৰয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকসকলে চিঞৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।
Ang mga Tafsir na Arabe:
وَقَالُوْۤا ءَاٰلِهَتُنَا خَیْرٌ اَمْ هُوَ ؕ— مَا ضَرَبُوْهُ لَكَ اِلَّا جَدَلًا ؕ— بَلْ هُمْ قَوْمٌ خَصِمُوْنَ ۟
আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত হৈছে এটা কলহপ্ৰিয় সম্প্ৰদায়।
Ang mga Tafsir na Arabe:
اِنْ هُوَ اِلَّا عَبْدٌ اَنْعَمْنَا عَلَیْهِ وَجَعَلْنٰهُ مَثَلًا لِّبَنِیْۤ اِسْرَآءِیْلَ ۟ؕ
তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলোঁ আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে নিদৰ্শন বনাইছিলোঁ।
Ang mga Tafsir na Arabe:
وَلَوْ نَشَآءُ لَجَعَلْنَا مِنْكُمْ مَّلٰٓىِٕكَةً فِی الْاَرْضِ یَخْلُفُوْنَ ۟
আৰু আমি যদি ইচ্ছা কৰিলোঁহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোঁহেঁতেন, যিসকলে পৃথিৱীৰ উত্তৰাধিকাৰী হ’লহেঁতেন।
Ang mga Tafsir na Arabe:
وَاِنَّهٗ لَعِلْمٌ لِّلسَّاعَةِ فَلَا تَمْتَرُنَّ بِهَا وَاتَّبِعُوْنِ ؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟
আৰু নিশ্চয় ঈছা হৈছে কিয়ামতৰ এটা নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই হৈছে সৰল পথ।
Ang mga Tafsir na Arabe:
وَلَا یَصُدَّنَّكُمُ الشَّیْطٰنُ ۚ— اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟
চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
Ang mga Tafsir na Arabe:
وَلَمَّا جَآءَ عِیْسٰی بِالْبَیِّنٰتِ قَالَ قَدْ جِئْتُكُمْ بِالْحِكْمَةِ وَلِاُبَیِّنَ لَكُمْ بَعْضَ الَّذِیْ تَخْتَلِفُوْنَ فِیْهِ ۚ— فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟
আৰু ঈছাই যেতিয়া স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ ওচৰলৈ হিকমত লৈ আহিছোঁ আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছিলা সেইবোৰ বিষয়ক স্পষ্ট কৰিবলৈ আহিছোঁ। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
Ang mga Tafsir na Arabe:
اِنَّ اللّٰهَ هُوَ رَبِّیْ وَرَبُّكُمْ فَاعْبُدُوْهُ ؕ— هٰذَا صِرَاطٌ مُّسْتَقِیْمٌ ۟
‘নিশ্চয় আল্লাহ, তেৱেঁই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই হৈছে সৰল পথ’।
Ang mga Tafsir na Arabe:
فَاخْتَلَفَ الْاَحْزَابُ مِنْ بَیْنِهِمْ ۚ— فَوَیْلٌ لِّلَّذِیْنَ ظَلَمُوْا مِنْ عَذَابِ یَوْمٍ اَلِیْمٍ ۟
তথাপিও সিহঁতৰ মাজৰ বিভিন্ন দলে মতানৈক্য সৃষ্টি কৰিছিল, সেয়ে যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ দুৰ্ভোগ!
Ang mga Tafsir na Arabe:
هَلْ یَنْظُرُوْنَ اِلَّا السَّاعَةَ اَنْ تَاْتِیَهُمْ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟
সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।
Ang mga Tafsir na Arabe:
اَلْاَخِلَّآءُ یَوْمَىِٕذٍ بَعْضُهُمْ لِبَعْضٍ عَدُوٌّ اِلَّا الْمُتَّقِیْنَ ۟ؕ۠
সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।
Ang mga Tafsir na Arabe:
یٰعِبَادِ لَا خَوْفٌ عَلَیْكُمُ الْیَوْمَ وَلَاۤ اَنْتُمْ تَحْزَنُوْنَ ۟ۚ
হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।
Ang mga Tafsir na Arabe:
اَلَّذِیْنَ اٰمَنُوْا بِاٰیٰتِنَا وَكَانُوْا مُسْلِمِیْنَ ۟ۚ
যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম,
Ang mga Tafsir na Arabe:
اُدْخُلُوا الْجَنَّةَ اَنْتُمْ وَاَزْوَاجُكُمْ تُحْبَرُوْنَ ۟
(তেওঁলোকক কোৱা হ'ব) তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকলে আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।
Ang mga Tafsir na Arabe:
یُطَافُ عَلَیْهِمْ بِصِحَافٍ مِّنْ ذَهَبٍ وَّاَكْوَابٍ ۚ— وَفِیْهَا مَا تَشْتَهِیْهِ الْاَنْفُسُ وَتَلَذُّ الْاَعْیُنُ ۚ— وَاَنْتُمْ فِیْهَا خٰلِدُوْنَ ۟ۚ
সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত সেই সকলো বস্তু উপলব্ধ থাকিব যিবোৰ মনে বিচাৰে আৰু যিবোৰ দেখিলে চকু তৃপ্ত হয়, আৰু তাত তোমালোকে স্থায়ী হ’বা।
Ang mga Tafsir na Arabe:
وَتِلْكَ الْجَنَّةُ الَّتِیْۤ اُوْرِثْتُمُوْهَا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
এইটোৱেই হৈছে জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, কাৰণ তোমালোকে আমল কৰিছিলা।
Ang mga Tafsir na Arabe:
لَكُمْ فِیْهَا فَاكِهَةٌ كَثِیْرَةٌ مِّنْهَا تَاْكُلُوْنَ ۟
তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে আহাৰ কৰিবা।
Ang mga Tafsir na Arabe:
اِنَّ الْمُجْرِمِیْنَ فِیْ عَذَابِ جَهَنَّمَ خٰلِدُوْنَ ۟ۚ
নিশ্চয় অপৰাধীবিলাকে স্থায়ীভাৱে জাহান্নামৰ শাস্তি ভোগ কৰিব;
Ang mga Tafsir na Arabe:
لَا یُفَتَّرُ عَنْهُمْ وَهُمْ فِیْهِ مُبْلِسُوْنَ ۟ۚ
সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।
Ang mga Tafsir na Arabe:
وَمَا ظَلَمْنٰهُمْ وَلٰكِنْ كَانُوْا هُمُ الظّٰلِمِیْنَ ۟
আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলোঁ, বৰং সিহঁত নিজেই আছিল যালিম।
Ang mga Tafsir na Arabe:
وَنَادَوْا یٰمٰلِكُ لِیَقْضِ عَلَیْنَا رَبُّكَ ؕ— قَالَ اِنَّكُمْ مّٰكِثُوْنَ ۟
সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে মালিক (জাহান্নামৰ প্ৰহৰী ফিৰিস্তা)! (আপুনি আমাৰ ফালৰ পৰা আবেদন কৰকচোন) আপোনাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে (চিৰকাল) থাকিব লাগিব’।
Ang mga Tafsir na Arabe:
لَقَدْ جِئْنٰكُمْ بِالْحَقِّ وَلٰكِنَّ اَكْثَرَكُمْ لِلْحَقِّ كٰرِهُوْنَ ۟
(আল্লাহে ক’ব,) ‘নিশ্চয় আমি তোমালোকক সত্য অৱগত কৰোৱাইছিলোঁ, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।
Ang mga Tafsir na Arabe:
اَمْ اَبْرَمُوْۤا اَمْرًا فَاِنَّا مُبْرِمُوْنَ ۟ۚ
সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।
Ang mga Tafsir na Arabe:
اَمْ یَحْسَبُوْنَ اَنَّا لَا نَسْمَعُ سِرَّهُمْ وَنَجْوٰىهُمْ ؕ— بَلٰی وَرُسُلُنَا لَدَیْهِمْ یَكْتُبُوْنَ ۟
অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু গোপন পৰামৰ্শ শুনিবলৈ নাপাওঁ? নিশ্চয় শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকলে দেখোন সিহঁতৰ ওচৰতে থাকি লিখে।
Ang mga Tafsir na Arabe:
قُلْ اِنْ كَانَ لِلرَّحْمٰنِ وَلَدٌ ۖۗ— فَاَنَا اَوَّلُ الْعٰبِدِیْنَ ۟
কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতকাৰী হ’লোঁহেঁতেন;
Ang mga Tafsir na Arabe:
سُبْحٰنَ رَبِّ السَّمٰوٰتِ وَالْاَرْضِ رَبِّ الْعَرْشِ عَمَّا یَصِفُوْنَ ۟
সিহঁতে যিবোৰ বিষয় আৰোপ কৰে সেইবোৰৰ পৰা আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক তথা মহা আৰছৰ অধিপতি (মহান আল্লাহ) অতি পৱিত্ৰ-মহান।
Ang mga Tafsir na Arabe:
فَذَرْهُمْ یَخُوْضُوْا وَیَلْعَبُوْا حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ یُوْعَدُوْنَ ۟
এতেকে সিহঁতক যিটো দিৱসৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া।
Ang mga Tafsir na Arabe:
وَهُوَ الَّذِیْ فِی السَّمَآءِ اِلٰهٌ وَّفِی الْاَرْضِ اِلٰهٌ ؕ— وَهُوَ الْحَكِیْمُ الْعَلِیْمُ ۟
তেৱেঁই সত্য ইলাহ আকাশত, আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Ang mga Tafsir na Arabe:
وَتَبٰرَكَ الَّذِیْ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ۚ— وَعِنْدَهٗ عِلْمُ السَّاعَةِ ۚ— وَاِلَیْهِ تُرْجَعُوْنَ ۟
আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু। কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই আছে, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।
Ang mga Tafsir na Arabe:
وَلَا یَمْلِكُ الَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِهِ الشَّفَاعَةَ اِلَّا مَنْ شَهِدَ بِالْحَقِّ وَهُمْ یَعْلَمُوْنَ ۟
আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও চুপাৰিছৰ অধিকাৰী হ’ব নোৱাৰে, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।
Ang mga Tafsir na Arabe:
وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَهُمْ لَیَقُوْلُنَّ اللّٰهُ فَاَنّٰی یُؤْفَكُوْنَ ۟ۙ
আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’?তেন্তে সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?
Ang mga Tafsir na Arabe:
وَقِیْلِهٖ یٰرَبِّ اِنَّ هٰۤؤُلَآءِ قَوْمٌ لَّا یُؤْمِنُوْنَ ۟ۘ
আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে ঈমান পোষণ নকৰিব’।
Ang mga Tafsir na Arabe:
فَاصْفَحْ عَنْهُمْ وَقُلْ سَلٰمٌ ؕ— فَسَوْفَ یَعْلَمُوْنَ ۟۠
এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।
Ang mga Tafsir na Arabe:
 
Salin ng mga Kahulugan Surah: Az-Zukhruf
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman - Indise ng mga Salin

Isinalin ito ni Rafiq Al-Islam Ḥabīburraḥmān.

Isara