Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman * - Indise ng mga Salin

PDF XML CSV Excel API
Please review the Terms and Policies

Salin ng mga Kahulugan Surah: An-Noor   Ayah:
یُقَلِّبُ اللّٰهُ الَّیْلَ وَالنَّهَارَ ؕ— اِنَّ فِیْ ذٰلِكَ لَعِبْرَةً لِّاُولِی الْاَبْصَارِ ۟
আল্লাহেই ৰাতি আৰু দিনৰ আৱৰ্তন ঘটায়, নিশ্চয় ইয়াত অন্তৰ্দৃষ্টিসম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা।
Ang mga Tafsir na Arabe:
وَاللّٰهُ خَلَقَ كُلَّ دَآبَّةٍ مِّنْ مَّآءٍ ۚ— فَمِنْهُمْ مَّنْ یَّمْشِیْ عَلٰی بَطْنِهٖ ۚ— وَمِنْهُمْ مَّنْ یَّمْشِیْ عَلٰی رِجْلَیْنِ ۚ— وَمِنْهُمْ مَّنْ یَّمْشِیْ عَلٰۤی اَرْبَعٍ ؕ— یَخْلُقُ اللّٰهُ مَا یَشَآءُ ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
আৰু আল্লাহে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে পানীৰ পৰা, তাৰে কিছুমান পেটত ভৰ দি চুঁচৰি যায়, আন কিছুমানে দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমানে খোজকাঢ়ে চাৰি ঠেঙৰ সহায়ত। আল্লাহে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Ang mga Tafsir na Arabe:
لَقَدْ اَنْزَلْنَاۤ اٰیٰتٍ مُّبَیِّنٰتٍ ؕ— وَاللّٰهُ یَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
নিশ্চয় আমিয়েই সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ, আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল-সঠিক পথত পৰিচালিত কৰে।
Ang mga Tafsir na Arabe:
وَیَقُوْلُوْنَ اٰمَنَّا بِاللّٰهِ وَبِالرَّسُوْلِ وَاَطَعْنَا ثُمَّ یَتَوَلّٰی فَرِیْقٌ مِّنْهُمْ مِّنْ بَعْدِ ذٰلِكَ ؕ— وَمَاۤ اُولٰٓىِٕكَ بِالْمُؤْمِنِیْنَ ۟
সিহঁতে কয়, ‘আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছোঁ আৰু আমি আনুগত্য কৰিছোঁ’। ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়; প্ৰকৃততে সিহঁত মুমিন নহয়।
Ang mga Tafsir na Arabe:
وَاِذَا دُعُوْۤا اِلَی اللّٰهِ وَرَسُوْلِهٖ لِیَحْكُمَ بَیْنَهُمْ اِذَا فَرِیْقٌ مِّنْهُمْ مُّعْرِضُوْنَ ۟
আৰু যেতিয়া সিহঁতক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি এই মৰ্মে আহ্বান কৰা হয় যে, যাতে তেওঁ সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিয়ে, তেতিয়া সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়।
Ang mga Tafsir na Arabe:
وَاِنْ یَّكُنْ لَّهُمُ الْحَقُّ یَاْتُوْۤا اِلَیْهِ مُذْعِنِیْنَ ۟ؕ
মীমাংসা সিহঁতৰ সপক্ষে হ’ব বুলি উমান পালে, সিহঁতে বিনীতভাৱে ৰাছুলৰ ওচৰলৈ দৌৰি আহে।
Ang mga Tafsir na Arabe:
اَفِیْ قُلُوْبِهِمْ مَّرَضٌ اَمِ ارْتَابُوْۤا اَمْ یَخَافُوْنَ اَنْ یَّحِیْفَ اللّٰهُ عَلَیْهِمْ وَرَسُوْلُهٗ ؕ— بَلْ اُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟۠
সিহঁতৰ অন্তৰত ব্যাধি আছে নেকি, নে সিহঁতে সন্দেহ পোষণ কৰে? নে সিহঁতে ভয় কৰে যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁতেই হৈছে যালিম।
Ang mga Tafsir na Arabe:
اِنَّمَا كَانَ قَوْلَ الْمُؤْمِنِیْنَ اِذَا دُعُوْۤا اِلَی اللّٰهِ وَرَسُوْلِهٖ لِیَحْكُمَ بَیْنَهُمْ اَنْ یَّقُوْلُوْا سَمِعْنَا وَاَطَعْنَا ؕ— وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
মুমিনসকলক যেতিয়া তেওঁলোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কেৱল এই কথাকে কয় যে, ‘আমি শুনিলোঁ আৰু আনুগত্য কৰিলোঁ’। তেওঁলোকেই হৈছে সফলকাম।
Ang mga Tafsir na Arabe:
وَمَنْ یُّطِعِ اللّٰهَ وَرَسُوْلَهٗ وَیَخْشَ اللّٰهَ وَیَتَّقْهِ فَاُولٰٓىِٕكَ هُمُ الْفَآىِٕزُوْنَ ۟
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, আৰু আল্লাহক ভয় কৰে লগতে তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকেই হৈছে কৃতকাৰ্য্য।
Ang mga Tafsir na Arabe:
وَاَقْسَمُوْا بِاللّٰهِ جَهْدَ اَیْمَانِهِمْ لَىِٕنْ اَمَرْتَهُمْ لَیَخْرُجُنَّ ؕ— قُلْ لَّا تُقْسِمُوْا ۚ— طَاعَةٌ مَّعْرُوْفَةٌ ؕ— اِنَّ اللّٰهَ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟
আৰু সিহঁতে দৃঢ়ভাৱে আল্লাহৰ শপত খাই কয় যে, তুমি যদি সিহঁতক আদেশ কৰা তেন্তে সিহঁতে নিশ্চয় ওলাই আহিব। তুমি কোৱা, ‘শপত নাখাবা, (তোমালোকৰ) আনুগত্য সম্পৰ্কে ভালকৈয়ে জনা আছে। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱহিত’।
Ang mga Tafsir na Arabe:
 
Salin ng mga Kahulugan Surah: An-Noor
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman - Indise ng mga Salin

Isinalin ito ni Rafiq Al-Islam Ḥabīburraḥmān.

Isara