Check out the new design

แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (152) สูเราะฮ์: Al-An‘ām
وَلَا تَقْرَبُوْا مَالَ الْیَتِیْمِ اِلَّا بِالَّتِیْ هِیَ اَحْسَنُ حَتّٰی یَبْلُغَ اَشُدَّهٗ ۚ— وَاَوْفُوا الْكَیْلَ وَالْمِیْزَانَ بِالْقِسْطِ ۚ— لَا نُكَلِّفُ نَفْسًا اِلَّا وُسْعَهَا ۚ— وَاِذَا قُلْتُمْ فَاعْدِلُوْا وَلَوْ كَانَ ذَا قُرْبٰی ۚ— وَبِعَهْدِ اللّٰهِ اَوْفُوْا ؕ— ذٰلِكُمْ وَصّٰىكُمْ بِهٖ لَعَلَّكُمْ تَذَكَّرُوْنَ ۟ۙ
তেওঁ এতীমৰ (শৈশৱত যিয়ে পিতৃহাৰা হয়) সম্পদ ব্যৱহাৰ কৰিবলৈ হাৰাম কৰিছে। হয়, যদি কল্যাণ কৰাৰ বাবে তথা বৃদ্ধি কৰাৰ উদ্দেশ্যে হয় তেন্তে সেয়া সুকীয়া কথা। এই নিষেধাজ্ঞা তেতিয়ালৈকে প্ৰযোজ্য হব যেতিয়ালৈকে সি প্ৰাপ্তবয়স্ক তথা পৰিপক্ক নহয়। লগতে তেওঁ ওজনত কম কৰাও হাৰাম কৰিছে। এতেকে লেন-দেন তথা ক্ৰয়-বিক্ৰয়ত সদায় ন্যায়পৰায়ণ হ'ব লাগে। আমি কাকো সাধ্যাতীত কোনো কামৰ বোজা নিদিওঁ। এতেকে ওজনত অলপ কম বেছি হ'লে যিটোৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ নহয়, কোনো নহয়। লগতে সাক্ষ্য দিয়াৰ সময়ত তথা কোনো সংবাদ দিয়াৰ সময়ত মিছাৰ আশ্ৰয় লোৱাকো তেওঁ হাৰাম কৰিছে। সেয়ে সাক্ষ্য প্ৰদানৰ সময়ত কোনো বন্ধু তথা আত্মীয়ৰ পক্ষ লোৱা উচিত নহয়। লগতে আল্লাহৰ লগত তথা আল্লাহৰ নামত কোনো প্ৰতিশ্ৰুতি কৰিলে সেয়া ভঙ্গ কৰাটোও তোমালোকৰ ওপৰত হাৰাম কৰিছে। এতেকে এনেকুৱা প্ৰতিশ্ৰুতি তোমালোকে পুৰণ কৰা অনিবাৰ্য। আল্লাহে তোমালোকক উক্ত বিষয়বোৰৰ গুৰুত্ব সহকাৰে আদেশ দিছে, যাতে তোমালোকে নিজৰ পৰিণাম স্মৰণ কৰা।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• لا يجوز التصرف في مال اليتيم إلّا في حدود مصلحته، ولا يُسلَّم ماله إلّا بعد بلوغه الرُّشْد.
এতীমৰ সম্পদ কেৱল সেইসমূহ কামত ব্যৱহাৰ কৰা বৈধ, যত ব্যৱহাৰ কৰিলে তাৰ উপকাৰ হ'ব, আৰু তাৰ সম্পদ তেতিয়াহে তাক হস্তান্তৰ কৰা হ'ব যেতিয়া সি পৰিপক্কতাৰ আয়ুত উপনীত হ'ব।

• سبل الضلال كثيرة، وسبيل الله وحده هو المؤدي إلى النجاة من العذاب.
ভ্ৰান্ত পথ অসংখ্য, আৰু আল্লাহৰ পথ হৈছে কেৱল এটা। কেৱল সেই পথৰ পথিক হৈ শাস্তিৰ পৰা মুক্তি পোৱা সম্ভৱ।

• اتباع هذا الكتاب علمًا وعملًا من أعظم أسباب نيل رحمة الله.
এই পুথিৰ জ্ঞান অৰ্জন কৰা আৰু সেই অনুসাৰে আমল কৰা, আল্লাহৰ কৃপা লাভ কৰাৰ এটা ডাঙৰ মাধ্যম।

 
แปลความหมาย​ อายะฮ์: (152) สูเราะฮ์: Al-An‘ām
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) - สารบัญ​คำแปล

โดย ศูนย์ตัฟซีรเพื่อการศึกษาอัลกุรอาน

ปิด