Check out the new design

แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) * - สารบัญ​คำแปล


แปลความหมาย​ ซูเราะฮ์: Al-An‘ām   อายะฮ์:
وَلَوْ اَنَّنَا نَزَّلْنَاۤ اِلَیْهِمُ الْمَلٰٓىِٕكَةَ وَكَلَّمَهُمُ الْمَوْتٰی وَحَشَرْنَا عَلَیْهِمْ كُلَّ شَیْءٍ قُبُلًا مَّا كَانُوْا لِیُؤْمِنُوْۤا اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ وَلٰكِنَّ اَكْثَرَهُمْ یَجْهَلُوْنَ ۟
যদি আমি সিহঁতৰ প্ৰস্তাৱ মতে ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, আৰু সিহঁতে তেওঁলোকক দেখিলেহেঁতেন লগতে মৃত ব্যক্তিয়েও সিহঁতৰ লগত কথা কলেহেঁতেন আৰু আপুনি যি লৈ আহিছে তাৰো সত্য বুলি স্বীকৃতি দিলেহেঁতেন আৰু আমি সিহঁতৰ বাবে সেই সকলো বস্তু একত্ৰিত কৰি দিলোহেঁতেন যিবোৰ সিহঁতে বিচাৰিছে, এই সকলোবোৰ সিহঁতে নিজ চকুৰে দেখিলেও আপুনি লৈ অহা দ্বীনৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন। কিন্তু সিহঁতৰ মাজৰ যাক স্বয়ং আল্লাহে হিদায়ত দিব বিচাৰে তাৰ কথা সুকীয়া। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এইটো নাজানে। সেই কাৰণেই সিহঁতে আল্লাহৰ শৰণত আহি তেওঁৰ ওচৰত হিদায়ত প্ৰাৰ্থনা নকৰে।
ตัฟซีรต่างๆด้วย​ภาษาอาหรับ:
وَكَذٰلِكَ جَعَلْنَا لِكُلِّ نَبِیٍّ عَدُوًّا شَیٰطِیْنَ الْاِنْسِ وَالْجِنِّ یُوْحِیْ بَعْضُهُمْ اِلٰی بَعْضٍ زُخْرُفَ الْقَوْلِ غُرُوْرًا ؕ— وَلَوْ شَآءَ رَبُّكَ مَا فَعَلُوْهُ فَذَرْهُمْ وَمَا یَفْتَرُوْنَ ۟
এই মুশ্বৰিকসকলৰ শত্ৰুতাৰ জৰিয়তে আমি যিদৰে আপোনাক পৰীক্ষা কৰিলো, সেইদৰে আপোনাৰ পূৰ্বে আন আন নবী সকলকো পৰীক্ষা কৰিছিলো। প্ৰত্যেক নবীৰ বাবে আমি কিছুমান বিদ্ৰোহী মানুহ আৰু কিছুমান বিদ্ৰোহী জ্বিন শত্ৰু হিচাপে নিৰ্ধাৰণ কৰিছিলো, যিসকলে ইজনে সিজনৰ অন্তৰত কুমন্ত্ৰণা দিছিল আৰু পাপ কৰ্মক সৌন্দৰ্যৰে প্ৰস্তুত কৰিছিল, যাতে সিহঁতক প্ৰতাৰণা কৰিব পাৰে। অথচ আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ কৰিব নোৱাৰিলেহেঁতেন। কিন্তু আল্লাহে এইটো বিচাৰিছিল, যাতে তেওঁলোকক পৰীক্ষা কৰা যায়। এতেকে আপুনি সিহঁতক আৰু সিহঁতৰ কুফুৰীক লগতে বাতিল পন্থাক পৰিত্যাগ কৰক, সিপিনে মনোযোগ দিয়াৰ কোনো প্ৰয়োজন নাই।
ตัฟซีรต่างๆด้วย​ภาษาอาหรับ:
وَلِتَصْغٰۤی اِلَیْهِ اَفْـِٕدَةُ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ وَلِیَرْضَوْهُ وَلِیَقْتَرِفُوْا مَا هُمْ مُّقْتَرِفُوْنَ ۟
যাতে পৰস্পৰে পৰস্পৰৰ প্ৰতি কৰা সিহঁতৰ কুমন্ত্ৰণাত সেইসকল লোকো পতিত হয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে, লগতে যাতে সিহঁতে ইয়াক নিজৰ বাবে স্বীকাৰ কৰে আৰু পছন্দ কৰে আৰু সেই গুনাহৰ মাজতেই যেন পতিত থাকে যিটোৰ মাজত পতিত আছে।
ตัฟซีรต่างๆด้วย​ภาษาอาหรับ:
اَفَغَیْرَ اللّٰهِ اَبْتَغِیْ حَكَمًا وَّهُوَ الَّذِیْۤ اَنْزَلَ اِلَیْكُمُ الْكِتٰبَ مُفَصَّلًا ؕ— وَالَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یَعْلَمُوْنَ اَنَّهٗ مُنَزَّلٌ مِّنْ رَّبِّكَ بِالْحَقِّ فَلَا تَكُوْنَنَّ مِنَ الْمُمْتَرِیْنَ ۟
হে ৰাছুল! আপুনি এইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আল্লাহৰ লগতে আন আন উপাস্যৰো উপাসনা কৰে, এইটো যুক্তি সংগত হ'ব পাৰেনে যে, আল্লাহৰ বাহিৰে আন কাৰোবাক মোৰ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰক হিচাপে গ্ৰহণ কৰিম, অথচ আল্লাহেই তোমালোকৰ প্ৰতি সকলো বিষয় পূৰ্ণৰূপে বৰ্ণনাকাৰী পুথি (কোৰআন) অৱতীৰ্ণ কৰিছে। ইয়াহুদীসকলক প্ৰদান কৰিছিল তাওৰাত আৰু খৃষ্টানসকলক প্ৰদান কৰিছিল ইঞ্জীল, সিহঁতে জানে যে, আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এই পুথিৰ সত্যতাৰ প্ৰমাণ সিহঁতৰ পুথিতে লিপিবদ্ধ আছে। এতেকে আমি আপোনাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছো, সেই বিষয়ে আপুনি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ'ব।
ตัฟซีรต่างๆด้วย​ภาษาอาหรับ:
وَتَمَّتْ كَلِمَتُ رَبِّكَ صِدْقًا وَّعَدْلًا ؕ— لَا مُبَدِّلَ لِكَلِمٰتِهٖ ۚ— وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟
কোৰআন, বৰ্ণনা তথা সূচনাৰ ক্ষেত্ৰত সত্যতাৰ সৰ্বোচ্চ শৃঙ্গত উপনীত হৈছে। তেওঁৰ কথাক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। তেওঁ বান্দাৰ কথা শ্ৰৱণকাৰী আৰু সেই সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ শীঘ্ৰেই সেই সকল লোকক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব যিসকলে তেওঁৰ শব্দ পৰিবৰ্তন কৰাৰ প্ৰয়াস কৰে।
ตัฟซีรต่างๆด้วย​ภาษาอาหรับ:
وَاِنْ تُطِعْ اَكْثَرَ مَنْ فِی الْاَرْضِ یُضِلُّوْكَ عَنْ سَبِیْلِ اللّٰهِ ؕ— اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَاِنْ هُمْ اِلَّا یَخْرُصُوْنَ ۟
ধৰি লোৱা হ'ল হে ৰাছুল! আপুনি পৃথিৱীৰ অধিকাংশ লোকক অনুসৰণ কৰা আৰম্ভ কৰিলে, তেন্তে জানি থওঁক, সিহঁতেই আপোনাক আল্লাহৰ দ্বীনৰ পথভ্ৰষ্ট কৰিব। কাৰণ আগৰ পৰাই আল্লাহৰ এই ৰীতি চলি আহিছে যে, সত্য কেৱল সংখ্যালঘুৰ ওচৰত থাকে। অধিকাংশ লোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰে, যাৰ কোনো ভিত্তি নাই। সিহঁতে ভাৱে যে, সিহঁতৰ উপাস্যবোৰে সিহঁতক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। অথচ এই বিষয়ত সিহঁতে মিছাৰ আশ্ৰয় লৈছে।
ตัฟซีรต่างๆด้วย​ภาษาอาหรับ:
اِنَّ رَبَّكَ هُوَ اَعْلَمُ مَنْ یَّضِلُّ عَنْ سَبِیْلِهٖ ۚ— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে কোন তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে আৰু কোন হিদায়ত প্ৰাপ্ত হৈছে। এই বিষয়ে তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
ตัฟซีรต่างๆด้วย​ภาษาอาหรับ:
فَكُلُوْا مِمَّا ذُكِرَ اسْمُ اللّٰهِ عَلَیْهِ اِنْ كُنْتُمْ بِاٰیٰتِهٖ مُؤْمِنِیْنَ ۟
এতেকে হে মানৱজাতি! যদিহে তোমালোকে স্পষ্ট প্ৰমাণসমূহৰ প্ৰতি সঁচাই ঈমান পোষণ কৰিছা তেন্তে সেই মাংস ভক্ষণ কৰা যিটোক যবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছিল।
ตัฟซีรต่างๆด้วย​ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​จากโองการต่างๆ ในหน้านี้:
• يجب أن يكون الهدف الأعظم للعبد اتباع الحق، ويطلبه بالطرق التي بيَّنها الله، ويعمل بذلك، ويرجو عَوْن ربه في اتباعه، ولا يتكل على نفسه وحوله وقوته.
সত্যক অনুসৰণ কৰাটো বান্দাৰ বাবে আটাইতকৈ মহত্বপূৰ্ণ উদ্দেশ্য হিচাপে লোৱা অনিবাৰ্য। সেই পথেৰেই ইয়াক পাবলৈ চেষ্টা কৰা উচিত যিটো আল্লাহে বৰ্ণনা কৰিছে। তাৰ ওপৰত আমল কৰা উচিত, লগতে সত্য অনুসৰণৰ জৰিয়তেই প্ৰতিপালকৰ সহায় আশা কৰা উচিত আৰু নিজৰ শক্তি তথা সামৰ্থৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়।

• من إنصاف القرآن للقلة المؤمنة العالمة إسناده الجهل والضلال إلى أكثر الخلق.
সংখ্যালঘু জ্ঞানী মুমিনসকলৰ লগত কোৰআনৰ ন্যায়ৰ এটা উদাহৰণ এই যে, কোৰআনে অধিকাংশ লোকৰ লগত পথভ্ৰষ্টতা আৰু অজ্ঞতাক সম্পৃক্ত কৰিছে।

• من سنّته تعالى في الخلق ظهور أعداء من الإنس والجنّ للأنبياء وأتباعهم؛ لأنّ الحقّ يعرف بضدّه من الباطل.
আল্লাহৰ এটা প্ৰচলিত ৰীতি এই যে, তেওঁ নবী তথা তেওঁৰ অনুসাৰী সকলৰ বাবে মানৱ আৰু জিনৰ মাজৰ পৰা কিছুমানক শত্ৰু বনাই দিয়ে। কিয়নো সত্য বিপৰীত দিশৰ পৰা অৰ্থাৎ অসত্যৰ দ্বাৰাই চিহ্নিত হয়।

• القرآن صادق في أخباره، عادل في أحكامه،لا يُعْثَر في أخباره على ما يخالف الواقع، ولا في أحكامه على ما يخالف الحق.
কোৰআন সংবাদ দিয়াৰ ক্ষেত্ৰত সত্যবাদী আৰু বিধি-বিধানৰ ক্ষেত্ৰত ন্যায়পৰায়ণ। ইয়াৰ মাজত এনেকুৱা কোনো সংবাদ নাই যিটো বাস্তৱিকতাৰ বিপৰীত আৰু এনেকুৱা কোনো বিধানো নাই যিটো সত্যৰ বিপৰীত।

 
แปลความหมาย​ ซูเราะฮ์: Al-An‘ām
สารบัญซูเราะฮ์ หมายเลขหน้า
 
แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) - สารบัญ​คำแปล

โดย ศูนย์ตัฟซีรเพื่อการศึกษาอัลกุรอาน

ปิด