Check out the new design

แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (152) สูเราะฮ์: Āl-‘Imrān
وَلَقَدْ صَدَقَكُمُ اللّٰهُ وَعْدَهٗۤ اِذْ تَحُسُّوْنَهُمْ بِاِذْنِهٖ ۚ— حَتّٰۤی اِذَا فَشِلْتُمْ وَتَنَازَعْتُمْ فِی الْاَمْرِ وَعَصَیْتُمْ مِّنْ بَعْدِ مَاۤ اَرٰىكُمْ مَّا تُحِبُّوْنَ ؕ— مِنْكُمْ مَّنْ یُّرِیْدُ الدُّنْیَا وَمِنْكُمْ مَّنْ یُّرِیْدُ الْاٰخِرَةَ ۚ— ثُمَّ صَرَفَكُمْ عَنْهُمْ لِیَبْتَلِیَكُمْ ۚ— وَلَقَدْ عَفَا عَنْكُمْ ؕ— وَاللّٰهُ ذُوْ فَضْلٍ عَلَی الْمُؤْمِنِیْنَ ۟
নিশ্চয় আল্লাহে উহুদৰ দিনা শত্ৰুসকলৰ বিৰুদ্ধে তোমালোকক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি আছিল সেয়া পূৰণ কৰি দেখুৱালে, যেতিয়া তোমালোকে তেওঁৰ অনুমতিত সিহঁতক শিৰচ্ছেদ কৰি আছিলা। অৱশেষত যেতিয়া তোমালোকে কাপুৰষত্ব দেখুৱালা আৰু ৰাছুলৰ আদেশৰ ওপৰত অটল থকাৰ পৰিবৰ্তে দুৰ্বল হৈ গ'লা আৰু এই কথাত মতানৈক্য কৰিবলৈ ধৰিলা যে, নিজ নিজ স্থানত দৃঢ় হৈ থাকিবা নে স্থান ত্যাগ কৰি যুদ্ধলব্ধ সম্পদ গোটাবা, ফলত তোমালোকে ৰাছুলৰ সেই আদেশ অমান্য কৰিলা য’ত তেখেতে কৈছিল যে, তোমালোকে কোনো অৱস্থাতেই স্থান ত্যাগ নকৰিবা। আৰু এই ঘটনা সংঘটিত হৈছিল আমি তোমালোকক শত্ৰুৰ ওপৰত বিজয় দৃশ্য দেখুৱাৰ পিছত, যিটো তোমালোকে কামনা কৰিছিলা। তোমালোকৰ মাজৰ কিছুমানৰ পাৰ্থিৱ জীৱনৰ সম্পদৰ প্ৰতি লোভ আছিল। সেইসকলেই নিজৰ স্থান ত্যাগ কৰিছিল। আৰু আন কিছুমানে আখিৰাতৰ প্ৰতিদান কামনা কৰিছিল, আৰু তেওঁলোকে ৰাছুলৰ কথা অনুসাৰে নিজৰ স্থানত অটল আছিল। তাৰ পিছত আল্লাহে তোমালোকক সিহঁতৰ পৰা ঘূৰাই দিলে, আৰু সিহঁতক তোমালোকৰ ওপৰত আচ্ছাদিত কৰি দিলে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, বিপদৰ সময়ত কোনে ধৈৰ্য্য ধাৰণ কৰে আৰু কাৰ ভৰি পিচলে আৰু কাৰ অন্তৰ দুৰ্বল হয়। আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ উলংঘা কৰি তোমালোকে যি পাপ কৰিছিলা আল্লাহে সেয়া ক্ষমা কৰি দিছে। আৰু আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল, সেয়ে তেওঁ তেওঁলোকক ঈমানৰ পথ দেখুৱাইছে, তেওঁলোকৰ পাপসমূহ মাৰ্জনা কৰিছে আৰু তেওঁলোকক বিপদৰ বিনিময়ত প্ৰতিদান দিছে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• التحذير من طاعة الكفار والسير في أهوائهم، فعاقبة ذلك الخسران في الدنيا والآخرة.
কাফিৰসকলৰ অনুসৰণ তথা সিহঁতৰ আকাংক্ষা অনুসাৰে পৰিচালিত হোৱাৰ পৰা সাৱধান কৰা হৈছে। কিয়নো ইয়াৰ পৰিণাম হৈ পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্ততা।

• إلقاء الرعب في قلوب أعداء الله صورةٌ من صور نصر الله لأوليائه المؤمنين.
আল্লাহৰ শত্ৰুসকলৰ অন্তৰত ভয়-ভীতি সঞ্চাৰ কৰাটোও আল্লাহৰ ফালৰ পৰা তেওঁৰ মুমিন বান্দাসকলৰ প্ৰতি সহায়ৰ এটা ৰূপ।

• من أعظم أسباب الهزيمة في المعركة التعلق بالدنيا والطمع في مغانمها، ومخالفة أمر قائد الجيش.
যুদ্ধৰ ময়দানত পৰাজয় বৰণৰ কিছুমান কাৰণ হৈছে এই ধৰণৰঃ পাৰ্থিৱ জীৱনৰ লোভ, ধন-সম্পত্তিৰ লালসা আৰু সেনাপতিৰ আদেশ উলংঘন।

• من دلائل فضل الصحابة أن الله يعقب بالمغفرة بعد ذكر خطئهم.
ছাহাবাসকলৰ শ্ৰেষ্ঠতাৰ নিদৰ্শন এই যে, আল্লাহে তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই দিয়াৰ লগতে ভুলবোৰ ক্ষমা কৰি দিয়ে।

 
แปลความหมาย​ อายะฮ์: (152) สูเราะฮ์: Āl-‘Imrān
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) - สารบัญ​คำแปล

โดย ศูนย์ตัฟซีรเพื่อการศึกษาอัลกุรอาน

ปิด